ফটাঢোল

আমাৰ সময়ৰ বিয়া – অসীমা শইকীয়া দত্ত

জোৰোণত যদি কইনাই কান্দিলেও আনৰ বাবে হঁহাৰ কাৰণ হয় তেনেহলে তেনে কলিজা কৃত্ৰিমতাত বন্ধকত দিয়াসকলক এককেজি সমবেদনা। ফেচবুকত ভাইৰেল হোৱা কন্দা কইনা এজনীৰ ভিদিঅ’ এটা লৈ ক’লোঁ কথাষাৰ।

আমাৰ বাইদেউৰ বিয়াৰ জোৰোণ যেতিয়া পদূলিমুখত, পৰিয়ালৰ দহোটা ডিঙি তাইৰ টেটুত ওলমি দিছিল বিছনাত। “মুন ঐ জোৰোন পালেহি কি হ’ব এতিয়া।” মই জেলেপীৰ পাকটোত কাৰো ডিঙি নেপাই ওলমিবলৈ চাইদ কাটি চাইছিলোঁঁ৷ ইমান ভয়ঙ্কৰ বস্তুনে বিয়া। মামাৰ জিয়েকে কাম কৰাৰ মাজতে শেহতীয়াকৈ গম পায় দৌৰি আহি কান্দি থকা ডিঙি দহটাৰ মাজত স্থান নাপায় বিছনাৰ চাইদত নিৰলে উচুপি থকা মোৰ শান্ত ডিঙিটোতে ওলমি “পাপু ঐ মুনৰ কি হ’ব” বুলি বিছনাত বগৰাই পেলাইছিল। হুৰুসকৈ ভাগি বিছনাখনৰ তক্তাবোৰ তললৈ সোমাই গৈছিল।বাইদেউক মাজত লৈ কন্দা ডিঙিবোৰ, ভৰিবোৰ ওপৰলৈ দি মূৰ তললৈ সোমাই পৰি গৈছিল। কন্দা পৰিৱেশটো হাঁহিৰে ভৰি পৰিছিল। ভাগ্য ভাল ফটো গ্ৰাফাৰৰ ঢৌ তেতিয়া অহাই নাছিল মাৰ্কেটত। নহলে ওপৰলৈ ভৰি দাঙি ৰামদেৱৰ আসনত বিছনাৰ তলত কন্দা ডিঙিবোৰ আজি ফেচবুকত ভাইৰেল হৈ ছবি ঘৰৰ ডাঙৰ পৰ্দাতো ৰিলিজ হ’লহেঁতেন। সেই ডিঙিবোৰৰ সকলো ওপৰলে উঠিল। মামাৰ জীয়েকে মাথো বিছনাৰ তলত তেতিয়াও মোৰ ডিঙিতে ধৰি ৰাও চিঞৰ জুৰিয়েই আছিল “পাপু ঐ মুনৰ কি হ’ব।” মই টেটু ফালিছিলোঁ “মোক বচা কোন ক’ত আছ।” কইনাই ঘৰ এৰি যোৱালৈকে যদি এই এনেকে কান্দে মোক টেটু চেপি বিছনাৰ তলত, মই অসমীয়া বিয়াৰ প্ৰথম শ্বহীদটো হ’ম। বৰ্তাৰ জীয়েকে, “মুনৰ একো নহয়, আপুনি ডিঙি নেৰিলে পাপুৰহে কিবা হ’ব উঠক” বুলি দুইজনীকে উঠাই আনিছিল। বিয়াখনত কইনা হৈ থাকোঁতেও লগৰবোৰ আহিলেও বায়ে কান্দিছিল৷ সিহঁতেও কান্দিছিল। মামায়ে ৰভাতলতে কান্দি তাইক গবামাৰি ধৰিছিল “কইনাৰ সাজত তই।” হঁহাৰ সুৰুঙা পালেও কইনাৰ বুকুৰ পৰা মুখলৈ বিয়পি আছিল এক চেপি ৰখা দুখৰ ৰঙ। দেউতা-মা মুখামুখী হ’বই নোৱাৰে।

দাদাই মোক বিয়া নিদিওঁ বুলি বিয়াৰ ৰভা দিওঁতেই ঘোষণা কৰিছিল। সবৰে গতিমতি চাই ময়ো সিদ্ধান্ত লৈছিলোঁ, বৰ খটৰনাক বস্তু দেই, বিয়া হ’ব নেপায়। নিশা দৰা অহাৰ পিছত বিছনাত গেজেপ মাৰি শুৱা এখিনি আপোন মানুহৰ মাজত ঠাই এডোখৰ উলিয়াই শুলোঁঁ; দীঘল চুলি মেলা মামাৰ জিয়েকজনীৰ কাষতে৷ অলপ পিছত, “কৃষ্ণ কৃষ্ণ! দেশখাটীয়ে মোক চফা পৰাচিত কৰালে” বুলি কোনোবাই মোক গালি দিছে। “ঐ মৰতী শুবলে জেগা নাপালি শগুনেখাইটী” বুলি ক’লত চাওঁ সত্ৰত থকা পেহীৰ পুতেকৰ সখীয়েকটো।

আয়ৌ আতৈ চুলিকোচা মেলি তলমূৰকে শুলে চিনি পামনি মই। সিফালে চুৰিয়াখনো মেৰিয়াই লৈছে গাত শাড়ীৰ দৰে। মাদাৰ টেৰেচাৰ দিজাইনত ঢাপ্লাঙ দি পৰি থাকিলে কোনে চিনি পাব টোপনিৰ ভৰত৷ সৈজনে মোক ভোৰভোৰাই গা ধুবলে গ’ল। ঈস ভগৱানবোৰেই বিয়া পতা তাৰহে ছোৱালীয়ে চুলেও জাত যায়৷ কোনটো বৰলা ভগৱানৰ ভক্ত বা। চিলমিল টোপনিত পুৱতি নিশা গগনফলা চিঞৰত ৰূমটোত জাপমাৰি উঠিলোঁঁ৷ ক’ত কি হ’ল। বিয়া বুলি পাহৰি গৈছিলোঁ। বাইদেউক ধৰি কোনেও উলিয়াব পৰা নাই তাই যাবৰ হ’ল। ভিনদেউৰ লগত নেগুৰৰ দৰে জোঁট কৰি বান্ধি থোৱা অৱস্থাত ভিনদেউৰ জীৱ যাওঁ যাওঁ। তাই যেনি যেনি দৌৰি কান্দি ফুৰিছে মানুহটো তেনি তেনি দৌৰি ফুৰিছে। মনৰ বান্ধোনতকৈ সেই বান্ধোনডালত জোৰটো বেছি পৰে যেন আমাৰ। মামাৰ জীয়েকে কাৰো ডিঙি নেপাই দুৱাৰৰ পৰ্দাতে তিনিপাক খাই ওলমি কান্দি আছিল, “মুন ঐ তোৰ কি হ’ব।” মই তাইৰ পৰা ডিঙি বচাই বেজাৰতে পিছফালে আচুতীয়া ঠাইখনলৈ আহিলোঁ। মোতকৈও আগত দাদা আহি তাতে বহি কান্দি আছিল। তাক দেখিহে মোৰ শোকে খুন্দা মাৰি ধৰিলে। সি মোৰ আগত লাজ কৰি আঁতৰি গ’ল। মৌন হৈ বহি ৰ’লোঁ মই। আমাৰ মেকুৰীটোও তেনেতে ভিতৰৰ হুলস্থূলত তৎ নেপাই সেইখিনিলৈ দৌৰি আহিছিল৷ মই ভাবিলোঁ মামাৰ জীয়েকে কাৰো ডিঙি নেপাই ইয়াৰ ডিঙিত ওলমিল চাগে, হুলস্থুলত তাৰ চকুটো ফুটি উঠিছিল, মা কচম ব্বে জীন্দেগীত বিয়া নাপাতোঁ বুলি ঠিক কৰিলছিল মোৰ দৰে।

বাইদেউহঁতৰ বিয়াৰ সময়ত কইনাই যিমান কান্দিছিল আমাৰ দিনলৈ চোকটো সামান্য কমিছিল তাৰ। বাইদেউ কইনা হৈ বিদায় হোৱাৰ সময়ত টানিও এম্বেচাদৰত উঠাব পৰা নাছিল৷ তিনিজনীয়ে চোঁচোৰাই নিছে। পিছে পিছে ভিনদেউ মৌন হৈ বনবাস এক্সপ্ৰেশ্যন মুখত, কি ঝামেলাত সোমালোহি নিওঁ নে নিনিওঁ এইজনীক। এম্বেচাদৰৰ দুৱাৰ খুলি খুৰা ভেঁএএএ ভেঁ কৈ আনাকোণ্ডাৰ দৰে মুখখন মেলিছে৷ পৰ্দাত তিনিপাক খাই কান্দি থকা মামাৰ জীয়েক কোনোবা এপাকত পৰ্দাৰ সৈতে ধানবস্তাত আঁউজি কান্দি থকা সত্ৰত থকা পেহীৰ পুতেকৰ সখীয়েকতোৰ গাত পৰিল। সি, “মাউৰত মৰাটী জনী অথনি এজনী শুই গা ধুৱালে এতিয়া আকৌ তই” বুলি গা ধুবলৈ দৌৰিল। মামাৰ জীয়েকে, “এনেকুৱা ভকতীয়া জীৱ বিয়া খাবলে কেলে আহ অ, খৰি থোৱা হেঁদালিখনত উঠি থাকগৈ” বুলি তাই কান্দি থকা মুনৰ কি হ’ব টিউনটোত সংযোগ কৰিলে। বিয়া ঘৰখনত তাইৰ পৰা সকলোৱে ডিঙি বচাই কান্দি ফুৰিছে। তাই বাইদেউক চাই চাই কান্দি পদূলিমুখৰ গাড়ীৰ ওচৰ পালেহি অৱশেষত। বাইদেউকো তিনিজনীয়ে ধৰি সিমানতে পদূলি পোৱাইছিলহি। মামাৰ জীয়েকে সেইকোবত ভিনদেউৰ ডিঙিত ডুগডুগীৰ দৰে ওলমি হিপ্প’পটেমাছটোৰ দৰে মুখমেলি চিঞৰিবলৈ লাগিল৷ “হায়ৌ জোঁৱাই মুনৰ কি হ’ব৷”

হতভম্ব ভিনদেউ, বাইদেউৰ লগত বান্ধি থৈছে দৌৰিবও নোৱাৰে তেখেতে৷ “চাওঁ এৰক মোৰ ডিঙিত কিহলে ওলমিছে। মুনৰ ডিঙিত ধৰক তাইহে যাবগৈ একেবাৰে।”

“অ জোঁৱাই সউ ছোৱালী চাবা অ’ একো নেজানে।”

দুৱাৰ খুলি দিয়া গাড়ীখনত বাইদেৱে, “খুৰা মই নাযাওঁ দুৱাৰ নুখুলিবি” বুলি টনা আঁজোৰা কৰিবলৈ লাগিল। সি খোলে তাই মাৰে৷ এপাকত হেণ্ডেলডাল তাইৰ হাততে সুলকি তাই কৰ্ফাল খাই পৰিল। লগতে পিছফালে থকা ভিনদেউ, মামাৰ জীয়েক, ধৰা কেইজনীও সাঙুৰ খাই, ধেপেচ ধেপেচ পৰিল৷ ভেকুলা বেঙৰ দৰে গাতে পৰা মামাৰ জীয়েক এক্কেলৰে নিৰাপদ ঠাইলৈ আহিল ভিনদেউৰ গালিত৷

“ওৱ এইডালৰ বৰ খঙ মুনৰ কি হ’ব সঁচাকে” বুলি তাই কান্দিয়েই আঁতৰি আহিল৷

বা গ’লগৈ শেষত। সময়বোৰ খৰখেদাকৈ গ’লগৈ। মোৰ বিয়াৰ বিদায়ৰ সময়তো একেই চিঞৰ মই নাযাওঁ। শেষত পৰিয়ালৰ কোনোবা এটাই গাড়ীৰ দুৱাৰ মাৰি জোঁৱাই হ’ব তুমি যোৱা এই থাকক। নেলাগে যাব বুলি মোক ভিতৰলে টানিলে।

মই ঈস বুলি ভিতৰলে টনাটোৰ হাত এৰি চুপ চাপ গাড়ীত বহিলোহি। ধৰাজনীলৈও নৰলোঁ আনকি।

☆★☆★☆

17 Comments

  • হেমন্ত কাকতি

    হাঁহি হাঁহি পাগল হৈ গলো অসীমা৷ ইউ আৰ অ’চাম৷

    Reply
  • ৰিণ্টু

    বিদ্যা মা কালী, কি লিখিছে অ’। পেটৰ নাড়ী ডাল ডাল হৈ গ’ল

    Reply
  • নিভা

    বা হাঁহি হাঁহি চকুপানী বৈ আহিছে। লাভ ইউ

    Reply
  • কমলা দাস

    হাহি হাহি পেটৰ নাড়ী ডাল ডাল হল ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হাঁহি মৰিছো। মাহীহঁতৰ বিয়ালৈ মনত পৰি গ’ল।

    Reply
  • Mridula

    হে ভগৱান । হাহি মৰিছো । বঢ়িয়া লাগিল ।

    Reply
  • মন্দিৰা শৰ্মা

    কন্দা সময়ৰ ঘটনাৰ এনে ৰসাল বৰ্ণনা অ’ । ভাল হাঁহিলো দেই। বঢ়িয়া।

    Reply
  • Pankaja sonowal

    পঢ়ি আছো অকলে অকলে হাঁহি আছো,সন্মুখত যে মানুহ বহি আছে পাহৰিলো,মুঠতে কালৈও চাবলৈ নাই,মন খুলি হাঁহিছো দেই৷

    Reply
    • Shariful Islam

      বৰ ভাল লাগিল। সচাঁকৈয়ে কি যে দিন আছিল সেইবোৰ। বৰ সুন্দৰকৈ উপস্থাপন কৰিলে।

      Reply
  • Anurup Mahanta

    বহুত বাৰ পঢ়িছোঁ, আকৌ পঢ়িলোঁ। যদিও ৰস কমা নাই, আৰু নকমেও। বৰ হাঁহিলো অসীমা বা।

    Reply
  • উৎপলা ভূঞা

    উফ ।পেট বিষাই গল দেই।

    Reply
  • চন্দন গগৈ

    বাইদেউ তামাম…

    Reply
  • Anonymous

    বহুতদিনৰ মুৰত তামাম হাঁহিলো৷

    Reply
  • দিপ্তী বীণা

    হাঁহি হাঁহি পাগল হৈ যায় দেই

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply
  • Anonymous

    সকলোকে বহুত বহুত ধন্যবাদ

    Reply
  • Rashmirekha Goswami

    শব্দৰ কি যে যাদু । হাস্যৰসৰ সমাহাৰ ।চিৰাচৰিত ঘটনাবোৰক সজাইপৰাই ইমান সুন্দৰ ৰূপ দিব পৰাটো আপোনাৰ ভগবান প্ৰদত্ত কলা।।এটি সুন্দৰ মনৰ অধিকাৰী আপুনি।

    Reply

Leave a Reply

Your email address will not be published.