ফটাঢোল

আমি অসমীয়া – ডাঃপাৰ্থ সাৰথি ভূঞা

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য্য উঠা দেশ! আমাৰ এই সুন্দৰ অসমখনত মাজে মাজে দুই এটা অনাকাংক্ষিত ঘটনা ঘটে আৰু তাৰ পিছতেই আমি নিজেই, অসম সঁচাই জংঘলী ঠাই, বাহিৰৰ মানুহ অসমলৈ নাহিব আদি বহু মন্তব্য আগবঢ়াওঁ৷ অৱশ্যে এয়া এনে অনাকাংক্ষিত ঘটনাত ক্ষোভিত লোকৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ! পিছে মই ভাবোঁ অসমীয়া বুলি আমি গৌৰৱান্বিত হোৱা উচিত৷ বিশ্বৰ বুকুত আমি এমুঠি মানুহ হ’লেও, নানা জাতি উপজাতিৰ সমষ্টি আমাৰ অসমীয়া জাতিৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে৷ আমাৰ মাজত নাই ধৰ্মান্ধতা, বাল্য বিবাহ, যৌতুক প্ৰথাৰ দৰে কিছুমান অপসংস্কৃতি৷ মই সদায় নিজকে অসমীয়া বুলি গৌৰৱ কৰোঁ৷

চনটো আছিল দুহেজাৰ, মাহটো এই আগষ্ট মাহেই৷  এম বি বি এছ পাছ কৰি ইণ্টাৰনশ্বিপ, তাৰ পিছত হাউচমেনশ্বিপ কৰি আছিলোঁ ডিব্ৰুগড়ত, পিছে আমাৰ পিজিৰ কাৰণে প্ৰৱেশিকা পৰীক্ষা কেতিয়া হ’ব তাৰ কোনো খবৰেই নাছিল৷ ইতিমধ্যে আমাৰ লগৰ বহুতো দিল্লীত কাম কৰিবলৈ গৈছিল, আমিও (মই আৰু ৰূমমেট ৰাজা) তালৈকে যাওঁ বুলি ভাবিলোঁ, আমাৰ লগৰ নিৰ্মল তাত আছিলেই আৰু তেওঁ থকা ঘৰটোত আমি দুজনো থাকিব পাৰিম বুলি তেওঁ জনালে৷

ৰাজাই ১২ আগষ্টৰ টিকেট কৰিলে ডিব্ৰুগড় দিল্লী ৰাজধানীত৷ এই সময়ত যাবলৈ দিবলৈ ঘৰত টান পাইছিল কাৰণ ৰাজ্যৰ পৰিবেশ বৰ ভাল নাছিল, কিন্তু পিছত আকৌ বহুদিনলৈ টিকেট নাই আৰু নিৰ্মলে এখন হস্পিটেলত ইণ্টাৰভিউ আছে বুলি খবৰ দিছিল, ১৮ তাৰিখে৷ পিছে লাগিল নহয় লেঠা, ডিব্ৰুগড় গুৱাহাটীৰ মাজৰ ৰে’ল লাইনত ক’ৰবাত ব’ম ফুটিল, গতিকে সেইছোৱাৰ ট্ৰেইনবিলাক বাতিল হ’ল, সেয়ে আকৌ লৰালৰিকৈ গুৱাহাটীলৈ বাছত গৈ ৰাজধানী এক্সপ্ৰেছখন গুৱাহাটীৰ পৰা ধৰিব লগা হ’ল৷

তেতিয়া মোবাইল ফোনৰ কাৰবাৰ নাছিল, গতিকে ঠিকনাটো লিখি নিয়াৰ লগতে মুখস্থ কৰি পেলাইছিলোঁ, হৰি নগৰ ঘণ্টা ঘৰ, চি চি ছওটিছ এফ৷ মনতে ভাবিছিলোঁ, সিনো ক’ৰ এই ঘণ্টা-ঘৰত থাকে! পিছত গৈ পাইহে দেখিলোঁ, অ, ঘণ্টা-ঘৰ মানে ক্লক টাৱাৰ, দূৰৰ পৰাই দেখা পোৱা মস্ত ঘড়ী এটা ওলোমাই থোৱা এটা ওখ ঘৰ, তাৰ ওচৰতে ফ্লেটটো৷

ফ্লেটটো ভাল, আহল বহল, ওপৰত মালিক থাকে, মস্ত শকত ঘৈণীয়েক, তিনিটা ল’ৰা-ছোৱালী আৰু হাঁড়ে-ছালে লগা মাক এজনী৷ ঘৰৰ বাকী পাঁচোটাৰ ওজন চাগে মানুহজনীৰ ওজনৰ সমান হ’ব৷ ৰাজাৰ নামটো লৈ অসুবিধা নাপালে, মোৰটোহে পাৰ্থ বুলি কওঁতে প্ৰথম ক’লে পাথৰ, তাৰ পিছত নহয় পাৰ্থ বুলি আকৌ কওঁতে বোলে, অ’ পৰঠা৷ গতিকে দুবছৰ পৰঠা হয়ে থাকিলোঁ৷ পিছে বেলেগক কওঁতে পিছত শিকিলোঁ, মহাভাৰতত যে কৃষ্ণই অৰ্জুনক “হে পাৰথ“ বুলি কয়, মইয়ো সেইটো ষ্টাইলত নামটো কওঁ৷

পিছদিনা ওচৰৰে দোকান এখনৰ পৰা লাগতিয়াল বস্তু দুটামান কিনিবলৈ গ’লো৷ দোকানীজনে হিন্দীতে সুধিলে নতুন আহিছোঁ নেকি, ক’ত থাকোঁ৷ মই ক’লো, তেওঁ বোলে অ, সিং চাহাবৰ ঘৰ, জিছকা “জনানী” বহুত মোতী হেই? মই বোলো নেহী, জনানী টু একেবাৰে পাতলা হে, বিবি হে বহুত মোতী হে…দোকানীজনে হা হা কৈ হাঁহি বোলে ঠিক হে ঠিক হে বুলি বস্তু দি বিদায় দিলে৷ পিছতহে গম পালোঁ, জনানী মানেও ঘৈণীয়েক৷ মই আকৌ মাক বুলিহে ভাবিছিলোঁ৷ জননী জনমভূমিস্ব….

নিৰ্মলৰ পৰা গম পালোঁ, আমাৰ ফ্লেটৰ পৰা খোজকাঢ়ি যোৱাৰ দূৰত্বত ডি. ডি. উ. হস্পিটেল৷ তাতে চাকৰি ওলাইছে৷ অধীক্ষকজন অসমৰে, ডাঃ সোণাৰ, নেপালী মানুহ৷ গতিকে অসমৰ ল’ৰা-ছোৱালীক তেওঁ অগ্ৰাধিকাৰ দিয়ে৷ জীৱনৰ প্ৰথম ইণ্টাৰভিউৰ দিনা ভালদৰে ওলাই মেলি গৈ দেখিলো, দীনদয়াল উপাধ্যায় হস্পিটেল বুলি লিখা ডাঙৰ হস্পিটেলখন৷ তেতিয়াহে “ডিডিউ“ৰ অৰ্থ বুজিলোঁ৷ মই আকৌ ডি ফৰ দিল্লী জাতীয় কিবা ভাবি আছিলোঁ৷ আমাৰ মেডিকেলত উপাধ্যায় উপাধিৰ নেপালী ছাৰ এগৰাকী আছিল, এইখনৰো অধীক্ষক নেপালী, গতিকে মনতে এই “ডিডিউ” জনো চাগৈ কোনোবা বিখ্যাত নেপালী সম্প্ৰদায়ৰ মানুহ আছিল বুলিয়ে ভাবি থাকিলোঁ৷ আজি কিছুদিনৰ আগতে দীনদয়ালে অসমত কিছু বিতৰ্কৰ সৃষ্টি কৰাতহে তেওঁৰ বিষয়ে ভালকৈ জানিলো৷

দিল্লীত কাম বিচাৰি ফুৰোতে গম পালোঁ তেতিয়া দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগৰ মুৰব্বী আমাৰ অসমৰে৷ বৰ ভাল লাগিছিল, তাৰ পিছত দেখোঁ এইমছৰ পৰা লৈ আন বহুতো হস্পিটেলত অসমীয়া চিকিৎসকে সুখ্যাতিৰে কাম কৰি আছে৷ চিনাকি হ’লো হাৰিয়ানাৰ এজন চিনিয়ৰৰ লগত, অসমৰ পৰা আহিছোঁ বুলি শুনিয়েই ক’লে, অসমৰ ল’ৰা-ছোৱালীয়ে ইয়াত কাম পায়েই কাৰণ কৰ্তব্যপৰায়ণ বুলি নাম আছে৷ শুনিয়েই বুকু ফুলি গৈছিল আৰু কাম পালোঁও লগে লগে “ডিডিউ” হস্পিটেলত৷

চাকৰি পালোঁ, এনেছথেছিয়া বিভাগত৷ ফ্লেটৰ পৰা খোজকাঢ়ি যাব পাৰি, গতিকে আৰামেই, বিভাগৰ হেডজনৰ নাম আকৌ ডঃ ডেং৷ মনতে ভাবিলো, কৃষ্ণ, কৰ্মা চিনেমাৰ অনুপম খেৰৰ বাহিৰে আজিলৈকে কোনো ডেঙৰ নাম শুনা নাই, এখেত বা কেনেকুৱা! পিছে বৰ মৰমিয়াল আছিল, ছাৰক দেখিলেই পিছে মোৰ “ডঃ ডেং কো আজ তক কিচিনে থাপ্পৰ নেহী মাৰা” ডাইলগটো মনত পৰে৷ এদিন সকলোৱে চাহ খাই থকা সময়ত চাৰে কৈছিল“তুমি অসমৰ ন? অসমৰ চাহপাত বেষ্ট ইন ডা ৱৰ্ল্ড৷“ মনটো বৰ ভাল লাগিছিল৷

দিল্লীত আমাৰ অসমৰ পৰা যোৱা সকলৰ অলপ হিন্দী ভাষাৰ বাবে অসুবিধা হৈছিল৷ মোৰ অসুবিধা লাগিছিল “স” “চ” “ছ” এইবিলাকত বেছিকৈ৷ আমাৰ মাজে মাজে নাইট ডিউটি থাকে, নাইট ডিউটিৰ পিছদিনা বন্ধ পাওঁ৷ তেনেকুৱা এদিন দিনটো শুই শুয়েই কটালো৷ সন্ধিয়া ফ্লেটৰ মালিকনীয়ে বোলে..“পৰঠা আজ কা দিন কেইছে গেয়া?” মই বোলো “আণ্টি, শ্বটে শ্বটে কাট গয়া৷” আণ্টিয়ে হা হা কৈ হাঁহি বোলে, “অহঃ,বৰা বৰা নেহি কাটা, শ্বটা শ্বটা কাটা৷” মই বেঙা হাঁহি এটা মাৰি ফালৰি কাটিলো, পিছত হে অনুমান কৰিলোঁ মোৰ উচ্চাৰণ ভুল হৈছিল!

আকৌ এবাৰ এজন চিনিয়ৰে আমাৰ লগৰে এজনক অসমৰ আন এজন ল’ৰাৰ কথা কওঁতে “বন্দা” বহুত অতছা থা, এনেকৈ কিবা কৈ আছিল, আমাৰ জনৰ বিৰাট খং বোলে ভাল বুলিও কৈছে আকৌ আমাৰ অসমৰ ল’ৰাক বান্দৰ বুলি কৈছে৷

ৰোগী সকলক চাওঁতেও এই ভাষাৰ বাবে অলপ অসুবিধা হয়, এবাৰ এজন ৰোগীয়ে আমাৰ অসমৰ ডাক্তৰ এজনক ক’লে বোলে ছাৰ, দুদিনৰ পৰা বহুত “টক্তি” হৈ আছে৷ আমাৰজনে একো বুজি নাপায় বোলে ঠিক আছে বাৰু চিন্তা নকৰিব,  ঔৰ পেচাব পায়খানা ঠিক হে না? পিছতহে তেওঁ বুজিলে টক্তি ৰ অৰ্থ যে তাত পায়খানা৷

মই কাম কৰা বিভাগৰ ডাক্তৰৰ কমন ৰূমত এদিন বাইদেউ এগৰাকীয়ে এটা গান গুণগুণাই আছিল৷ মই গানটো চিনি পাই ক’লো, বাইদেউ এইটো আমাৰ ভূপেন হাজৰিকাৰ গান৷ বাইদেৱে ইমান ফুৰ্তি পালে, বোলে অ তুমিও অসমৰ ন, আমাৰ কথা শুনি আমাৰ হেড ছাৰৰ লগতে আৰু দুজনমান কাষ চাপি আহিল আৰু তাৰ পিছত আৰম্ভ হ’ল ভূপেনদাৰ অপূৰ্ব সৃষ্টিসমূহৰ ওপৰত চৰ্চা৷ ভূপেনদাৰ দুই এটা হিন্দী গীত অসমীয়াত কেনেকৈ গায়, মই অলপ অলপ গাই শুনালোঁ৷  সেইদিনা আমাৰ ভূপেনদা যে কিমান প্ৰতিভাৱান তাৰ ওপৰতেই আলোচনা চলিল৷ সঁচাই কৈছোঁ সেইদিনা “মই অসমীয়া” বুলি ৰাজ্যৰ বাহিৰত মোৰ বুকু ফুলি গৈছিল৷ তেনেতে আন এজন ছাৰে কলে, “তুমল’গ খুবচুৰত লৰকী ক’ চেনিমাই কহতে হ’ না?” মোৰ হাঁহি উঠি গ’ল, ছাৰক বোলো, “আপ ক’ কিছনে কাহা?” তেখেতৰ পৰা গম পালোঁ কিছুবছৰ আগতে তেখেতে সপৰিয়ালে কাজিৰঙালৈ আহিছিল, তেওঁলোক থকা হোটেলখনত ৰাতি এটা দলে বিহু মাৰিছিল, চেনিমাই চেনিমাই কৈ বিহু গোৱা শুনি এজনক তেখেতে তাৰ অৰ্থ সোধোঁতে হেনো ক’লে “ চেনিমাই মতলব চুন্দৰ লৰকী৷“ যি কি নহওক, এশিঙীয়া গঁড় বিশ্বৰ ভিতৰত অকল আমাৰ অসমৰ কাজিৰঙাতহে যে আছে সেই বিষয়ে চাৰে বাকীবোৰক অলপ জ্ঞান দিলে৷

গতিকে অশিক্ষিত বা শিক্ষিত হৈও দেশ দুনীয়াৰ খবৰ নৰখা কিছুমানে যি ভাবিলেও, আন বহুতে অসমৰ কথা জানে৷ পৃথিৱীৰ প্ৰতিটো প্ৰান্ততে লগতে ভাৰতৰ আন আন ৰাজ্যত ৰাজনৈতিক, ধৰ্মীয়, জাত-পাত বা প্ৰেম সংক্ৰান্তীয় বহু কাৰণত যিদৰে নিৰ্বিচাৰ হত্যা কিছুমানৰ খবৰ পাওঁ, তাৰ তুলনাত অসম বহু সভ্য৷ জঘন্য, ঘৃণনীয় কাণ্ড একোটা সংঘটিত কৰা কেইটামান অসভ্য, বৰ্বৰ দুস্কৃতিকাৰীয়ে সমগ্ৰ অসমবাসীক প্ৰতিনিধিত্ব নকৰে।

☆★☆★☆

14 Comments

  • অনুৰূপ মহন্ত

    সুন্দৰ আৰু সময়োপযোগী লেখা, ভাল লাগিল।

    Reply
  • ৰাজদ্বীপ বৰা

    সুন্দৰ ! বহুত ভাল লাগিল !

    Reply
  • Mitali saharia

    পাৰথ ছাৰ। বহুত ভাল লাগিল পঢ়ি।

    Reply
  • ৰাস্না বৰা

    অসমীয়া বুলি গৌৰৱ কৰিবলৈ লাজ পোৱা এচাম লোকক এই লিখণি টোৱে নিশ্চয় কিছু উপলদ্ধি কৰাব। ভাল লাগিল পঢ়ি।

    Reply
  • উৎপলা

    ভাল লাগিল

    Reply
  • পৰঠা ছাৰ, বৰ ভাল লাগিল।

    Reply
  • মৃদুল শইকীয়া

    ভাল লাগিল৷

    Reply
  • মন্দিৰা শৰ্ম্মা

    সুন্দৰ আৰু সৰস অভিজ্ঞতা । ভাল লাগিল পঢ়ি।

    Reply
  • Jahnovi

    খু্ব সুন্দৰ

    Reply
  • সুন্দৰ লিখনিl পঢ়ি ভাল লাগিলl

    Reply
  • Ritumoni Saikia

    সুন্দৰ৷

    Reply
  • Anima Das

    ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.