ফটাঢোল

আলুৰ_ৰেচিপি– পৰিস্মিতা বৰদলৈ

সেইকেইদিনৰ নেটটোৰ অৱস্থা বৰ পুতৌলগা আছিল। কেলঢোপকেলঢোপকৈ যিহে ঘূৰি থাকে৷ মই আৰু জিউকণক কওঁ, “ঐ তোৰ নাম এনেই জিঅ’ দিলে ঔ৷ কিমাননো ঘূৰ ঔ৷ হেৰৌ তোৰ মূৰ নুঘূৰাইনে বোলো।” তথাপিও মুখৰ মাত নাইকিয়া জীউকণ। কিনো কৰিম আৰু? সেয়েহে মৰমতে আৰু একো নকৈ “জিঅ’ মেৰি লাল” বুলি ইণ্টাৰনেটটো অন কৰিলোঁ‌। তেনেতে টিলিংকৈ মেছেজ এটা আহিলেই নহয়। মই বোলো আহিল আৰু সময় নাই অসময় নাই চোবাবলৈ অহাকেইটা চাগে৷ পাছে নহয়চোন। সৌৱা কেইবাবাৰো এখন হাতে নাচি আছে। মই বোলো হাতকেইখনে কিহৰ কাৰণে জোকাই আছে আকৌ৷ তেনেতেই আমাৰ চম্পামণি ভণ্টীৰ মেছেজ বোলে “বা ঔ চাপৰ এটা দিয়ক ফটাঢোলতে। মই এইবাৰ উঠিছোঁ‌ নহয় চম্পামণি হৈ।” মই বোলো “দেহিঐ ভালেটিহে ছোৱালীকণে হাত জোকাৰি আছে মেছেজ বাকচৰ ভিতৰতে।” পাছে হ’লে কিডাল হ’ব৷ ভালজনীকে হাত জোকাৰিছে৷ মই যে একেবাৰেই আলুগুটি ব্যংগ ৰচনাত। ক’লোও কথাটো তাইক। পাছে তাই কি ক’লে জানে? নাজানে? ক’ৰপৰা জানিব? মই কৈছোঁ‌নে কিবা? আপুনিতো সৰবজানো নহয় যে নোকোৱাকৈয়ে সব কথা বুজি পাব। ৰ’ব কওঁ।

মই আলুগুটি বুলি ক’বলৈহে পালোঁ‌। তাই এক্কেবাৰে মুখতেই ধৰিলেই নহয়। বোলে “ইস্ বা কি কয় আপুনি? আপুনি নাজানেনে কত নামী দামী ৰেষ্টুৰেণ্ট, ফাষ্টফুডৰ দোকান এই আলুৰ কৃপাতে চলি আছে?” মই বোলো কথা কি? কি কয় এই? নে দায়িত্বই মূৰতেই ধৰিলে নেকি আকৌ তাইৰ। পাছে কথা সেইটো নহয়। তাই যি কৈছিল এক্কেবাৰে কাৰেক্ট কথাই কৈছিল। তাই এফালৰপৰা আলুৰে তৈয়াৰ কৰিব পৰা যিমানবোৰহে খোৱাবস্তুৰ নাম ক’লে ঐ, মইতো ঠাইতে থৰ লাগিলোঁ‌৷ আলু টিক্কাৰপৰা আৰম্ভ কৰি পৰঠা, চপ, কাটলেট আইজ্জৌ নকৈছোনে মই? তাই কৈ থাকিল ইফালে মোৰ আকৌ মুখৰপৰা লিটাৰৰ হিচাপত পানীও পৰিবলৈ ধৰিলে। এপাকত চাদৰৰ আগেৰে মোবাইলৰ স্ক্ৰীণখন মচি তাইক কথা দিলোঁ‌ বোলো মই যেনেতেনে আলুগুটিৰে কিবা এটা তৈয়াৰ কৰি দিম আৰু৷ পিটিকা হ’লেও হ’বনে নাই বুলি সুধিলোঁ‌ও। তাই ক’লে, “হ’ব বা এতিয়া ধনীয়াৰ ছিজন নহয়৷ অকণমান টেষ্ট লগাকৈ কৰিব আৰু পিটিকাটো।” মই বোলো হ’ব দে৷ এতিয়া কথাটো দিয়া হৈ গ’ল৷ পিটিকা বনোৱাৰহে কাম৷ হওঁতে কেইটামান ৰেচিপি আছিল আলুগুটিৰ৷ পাছে হাততচোন নুঠেহে নুঠে। শেষত সব কাম বাদ দি পিটিকাকে কৰিবলৈ লাগি গ’লো৷ তাৰে কেইটামান তলতে দিছোঁ‌ দেই। চাকি চাই ক’ব টেষ্টটো ঠিকেই আছেনে নাই?

চুৰটৰ কাহিনী

মই তেতিয়া দ্বিতীয় নে তৃতীয় শ্ৰেণীত পঢ়োঁ‌৷ বছৰেকীয়া পৰীক্ষা শেষ হ’লেই মামাহঁতৰ ঘৰলৈ যাওঁ৷ ইয়াত ‘মামাঘৰ’ বুলি লিখিছোঁ‌ যদিও মই মামা ঘৰখনক বেলেগ এটা নামহে দি লৈছিলোঁ‌৷ আমাৰ মাহঁতে মাকক মানে আমাৰ আইতাক ‘বৌতি’ বুলি মাতে৷ কিন্তু ‘বৌতি’ শব্দটো জিভা পিছলি ‘ব’তি’ হৈ থাকে৷ মই সেয়েহে মামাঘৰৰ আইতাক ‘ব’তি আইতা’ বুলি মাতো আৰু সেই অনুসৰি মামাঘৰক মই ‘ব’তি আইতাহঁতৰ ঘৰ’ বুলি নামাকৰণ কৰি ল’লোঁ‌ নিজে নিজে৷

অঁ এতিয়া মূল কথালৈ আহোঁ‌৷ বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছদিনাই টালি টোপোলা বান্ধি মাৰ লগত ‘ব’তি আইতাহঁতৰ ঘৰ’লৈ ৰাওনা হ’লো সেইবাৰো৷ ‘ব’তি আইতাহঁ‌তৰ ঘৰ’ যোৰহাটৰে গৰখীয়া দৌলৰ ওচৰৰ কমলাবৰীয়া নামে গাঁৱত৷ ভিতৰুৱা অঞ্চল বাবে ঠাণ্ডাটোও অলপ বেছি টাউন অঞ্চলতকৈ৷ গধূলি পৰত জুহালৰ ওচৰতে কাঠৰ গড় এডালত ককাই মিহি মিহিকৈ ধপাতবোৰ কুটে আৰু বগা সৰু সৰু কাগজত মেৰিয়াই ‘চুৰট’ বা ‘বিড়ি’ তৈয়াৰ কৰে৷ সেই ঘৰত তৈয়াৰী চুৰটবোৰ সেই গধূলি পৰত ব’তি আইতাহঁতৰ ঘৰলৈ অহা বয়সীয়াল সকলোৱেই পুৰুষ মহিলা নিৰ্বিশেষে হোঁ‌পে৷ চুৰট হোঁ‌পাৰ কায়দাটো একেবাৰে ব্যতিক্ৰমী৷ সাধাৰণতে চিগাৰেট হোঁপাৰ দৰে তৰ্জনী আৰু মধ্যমা আঙুলিৰ ফাঁকত সুমুৱাই নোহোঁপে৷ তাৰ সলনি বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে ধৰি চুৰটত টান মাৰে আৰু এক বিশেষ ভংগীমাৰে ধোঁৱাখিনি উলিয়াই পঠিয়ায়৷ ধোঁৱাখিনি উলিয়াই দিওঁতে চকুটো এই ধৰণেৰে মুদে যেন সৰগীয় সুখৰ সম্ভাৰ যেন ইয়াতেই লুকাই আছে৷ মোৰ সেইবোৰ দেখি দেখি চুৰট এটা হোঁপাৰ প্ৰৱল হেপাঁহ যাগে৷ একোবত ককাই বহি থকা পীৰাখনৰ পাছফালে আধা হোঁপা চুৰটটো থৈ সৰুপানী চুবলৈ বুলি বাহিৰলৈ যায় আৰু মই সেই ছেগতে চিলনীটো যোৱাদি গৈ থপিয়াই আনি দিও একটান ককাৰ আধাহোঁপা চুৰটত৷ আৰু লগে লগেই কাঁহি কাঁহি মই ত্ৰাহি মধুসূদন সোঁৱৰো আৰু মাহীহঁত লৰি আহি মোক পানী, কল, গাখীৰ যি পাই তাকে খুৱাই মোক প্ৰকৃতিষ্ঠ কৰি তোলাৰ চেষ্টা কৰে আৰু ককাকো মাহীহঁতে সেইবোৰ খোৱাৰ বাবে ককৰ্থনা কৰে৷ মোৰ চুৰট হোঁপাৰ বীৰদৰ্প কাহিনীৰো সিমানতেই ইতি পৰে ৷

গোপন অভিসাৰ

মানুহজন ট্যুৰত গৈছে। ঘৰত অকলে মই। কিয় জানো আজি মনে প্ৰাণে আশা কৰিছোঁ‌ যেন সি আহক, ৰাতিটোৰ বাবে মোক সংগ দিয়ক। মানুহজন যোৱা বাৰ মুচৌৰীলৈ যাওঁতেও সি আহিছিল। মই তালৈ বুলি থোৱা ফ্ৰাই মাছ দুপিচ পৰম তৃপ্তিৰে খাইছিল। কেনেকৈনো গম পাই গৈছিল জানো এওঁ ঘৰত নথকাৰ কথা।আজিও এয়া বেলকনিতে থিয় হৈ অপেক্ষা কৰিছোঁ‌ তালৈ। নাই সি অহাৰ কোনো উমঘামেই নাই।বৰষুণজাকো আহিব ধৰিছে। দুৱাৰখন বন্ধ কৰি বেডৰুমলৈ আহিলোঁ‌। বেডৰুমৰ খিৰিকিখন খোলা ৰাখিলোঁ‌ ইচ্ছা কৰিয়ে। সি আহিব বুলি এতিয়াও ক্ষীণ আশা। মাজৰাতি কিবা এক খচখচনিত সাৰ পাই গ’লো। ঠিকেই সি আহিছে। এইবাৰ সন্তৰ্পণে মোৰ বিচনালৈ উঠি আহিছে, এইবাৰ সোমাই পৰিছে ব্লেংকেটৰ তলত। ময়ো নিৰ্ভয়ে ৰাতিটো নিৰ্ভয়ে তাৰ সংগ উপভোগ কৰিছোঁ‌। ঢলি পৰিছোঁ‌ নিদ্ৰাদেৱীৰ কোলাত। ৰাতিপুৱাইছে, দেখিছোঁ‌ সি নাই। গম পাইছোঁ‌ পোহৰ হোৱাৰ আগে আগেই গুচি গৈছে সি আগৰ বাৰৰ দৰেই। কিন্তু … এয়া কি? মোৰ ভৰি পথানতচোন গোটেইখন হাগি মুটি একাকাৰ কৰি গৈছে মোৰ ‘পুচি’টোৱে। চেহ্…!

শ্বিলং, ফ্ল’ৰেল প্ৰিন্টৰ গাউন, চেলফি আদি…

অৱশেষত সেই দিনটো আহিল। বহুতদিনৰ পৰা ভাবি আছিলোঁ‌ শ্বিলং ফুৰিম ফুৰিম বুলি। ‘পোহৰ’ৰ দুবছৰ হ’লেই নিম বুলি কোৱা মানুহজনে এয়া তাৰ জন্মদিনৰ পাছতে শ্বিলঙলৈ ফুৰাবলৈ আনিছে। মোৰ যে তামাম ফূৰ্তি। কিমান দিনৰ পৰা যে ভাবি আছিলোঁ‌ ফ্ল’ৰেল প্ৰিন্টৰ গাউন এটা পিন্ধি বিভিন্ন প’জত ফ’টো মাৰিম আৰু ফেচবুকত দিম। এতিয়া ইমান দিনৰ আশা এটা পূৰণ হ’বলৈ যোৱা বাবে মনে মনে ভগৱানক ধন্যবাদ জনালোঁ‌। এক্কেবাৰে চিট পখিলীজনীৰ দৰে দেও দি দি ‘পোহৰ’ৰ সৈতে বিভিন্ন প’জত ফ’টো মাৰিছোঁ‌।মানুহজনক যে একেবাৰে ফটোগ্ৰাফাৰ বনাই দিছোঁ‌।পিছে মানুহজনৰ লগত যে একপিও ফ’টো মৰা নাই।একপি ৰোমাণ্টিক কাপল টাইপ ফ’টো মাৰিবলৈ যে ইম্মান মন গৈছে।…সৌৱা দূৰৈত just married type কাপল এটা দেখিছোঁ‌, তেওঁলোককে কওঁ ফ’টো এখন মাৰি দিবলৈ। হৈ গ’ল এইটো ড্ৰিমো ফুলফিল হৈ গ’ল।পিছে মানুহজনৰ মুখখন যে ফুলা লুচি টাইপ হৈ থাকিল। no problem ফ’টো এডিটৰ জিন্দাবাদ।আপলোড কৰাৰ আগতে এডিটাই ল’লেই হ’ল। অহ আচল ফ’টোখনচোন মৰাই নহ’ল। চেলফি? উৎপতীয়া পোহৰক এহাতে জোৰকৈ ধৰি মানুহজনকো ওচৰত ৰাখি বত্ৰিশটা দাঁত নিকতাই চেলফি মাৰিবলৈ সোঁহাতখন দাঙিছোঁ‌হে …অাৰৰে কি হ’ল কোনোবাইচোন হাতখন টানি থকাৰ দৰে লাগিছে আৰৰে…কি হৈছে। তেনেতে মানুহজনৰ মাত “পম্পি নুঠা নেকি, মোৰ অফিচ যাবৰ হ’ল নহয় চাহ তাহ বনোৱাগৈ আকৌ আৰু মুখেৰে কি চেলফি চেলফি বলকি আছা”…এনেকৈ কৈ কৈ মানুহজনে মোৰ সোঁহাতখন ধৰি জোকাৰি আছে। অহ্ ধেৎ তেৰিকা ইমানপৰে তেন্তে মই সপোনহে দেখি আছিলোঁ‌।

এয়াই আছিল আপোনালোকৰ আগত মোৰ আলুৰ ৰেচিপি৷ নিশ্চয় জুতি লৈ ভালেই লাগিছে। নহয় জানো৷ বেয়া লাগিলেও থোৰে না ক’ব মোক। হয়নে নহয় বাৰু? এৰা দেও নেওচাকেওচা দিবলৈ বহি…

☆★☆★☆

2 Comments

  • বঢ়িয়া লাগিল আলু পিটিকা খাই। আগলৈও খাবলৈ আশা কৰিলোঁ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আলুপিটিকা খন বৰ সোৱাদ হৈছে দেই।

    Reply

Leave a Reply

Your email address will not be published.