ফটাঢোল

আহক, লো’ন লৈ লওক লো’ন (মুল হিন্দী – সঞ্জয় পুৰোহিত), ভাবানুবাদ – ৰিণ্টুমনি দত্ত

আজিকালি কেওফালে ফাইনেন্স কোম্পানী, বেংক অথবা চৰকাৰৰ আটাহ শুনা যায় – আহক খুড়া, আহক খুড়ী, আহক দাদা, আহাঁ‌ ভাইটি – আমাৰ পৰা লো’ন লৈ যাওক৷ চাকৰি কৰে যদি চেলাৰী চাৰ্টিফিকেট লৈ আহক, ব্যবসায়ী যদি ইনকাম টেক্স ৰিটাৰ্নৰ কপি লৈ আহক, অৱসৰপ্ৰাপ্ত মানুহ যদি প্ৰভিডেণ্ড ফাণ্ডৰ কাগজ লৈ আনক, গৃহিণী যদি পতিদেৱে আপোনাক মৰমত দিয়া মাটি, ঘৰ বা গহণাৰ কাগজ লৈ আনক৷ মুঠতে কিবা-কিবি কাগজ দুখনমান লৈ আনক আৰু আমাৰ পৰা লো’ন লৈ যাওক৷ ইনষ্টলমেণ্ট দিয়াৰ চিন্তা আপোনালোকে কৰিব নালাগে, সেইয়া আমি আপোনালোকৰ পৰা উলিয়াইয়েই ল’ম, চলে-বলে বা কিম্বা কৌশলে৷

অমৃত-মন্থনৰ পিছত যিদৰে ভগৱান বিষ্ণুৱে মোহিনীৰ ৰূপ লৈ অসুৰক ঠগিছিল, ঠিক সেইদৰেই এই লো’ন দিয়া কোম্পানীবোৰেও মোহিনীৰ ৰূপ লৈ আপোনাক “সপোনৰ ঘৰ”, “ৰিটায়াৰমেণ্টৰ ভয়” বা “ল’ৰাক ডাক্তৰ-ইঞ্জিনিয়াৰ-বিজ্ঞানী-ক্ৰিকেটাৰ বনোৱা” আদি বিভিন্ন ধৰণৰ সপোন দেখাই তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰে৷ স্কুটাৰ এখন কিনিবলৈ সামৰ্থ্য নথকা মানুহক চেডান গাড়ীৰ সপোন দেখাই৷

তেওঁলোকক যদি আপুনি প্ৰশ্ন কৰে, আগতে ঋণ বিচাৰি হাবাথুৰি খালেও ঋণ নোপোৱা সাধাৰণ জনগণৰ প্ৰতি তেওঁলোক হঠাৎ কিয় ইমান দয়াশীল হৈ পৰিছে, তাৰ উত্তৰ তেওঁলোকে আপোনাক নিদিব বা দিব নোৱাৰিব৷ কিন্তু মই আপোনালোকক তাৰ উত্তৰ দিব পাৰিম৷

সেইয়া আমাৰ মৌন প্ৰধানমন্ত্ৰীজন বিত্ত মন্ত্ৰী হৈ থকা দিনৰ কথা৷ তেওঁ সেই সময়তে আমাৰ দেশৰ সাধাৰণ জনতাৰ মন ভালদৰে বুজি পাইছিল৷ সকলো শুনি-বুজি তেওঁ আৰম্ভ কৰিলে লিবাৰেলাইজেচন নামৰ এক প্ৰক্ৰিয়া, যি আমাৰ দেশৰ সাধাৰণ নাগৰিকক সেই “ৰুটী-কাপোৰ-ঘৰ” পাহৰাই “মহল-গাড়ী-ৱাশ্বিং মেচিন-ফ্ৰীজ” আদিৰ প্ৰতি আকৰ্ষিত কৰিলে৷

লো’নৰ মহিমা অপাৰ৷ কুকূৰমূতাৰ দৰে বাঢ়ি অহা ফাইনেন্স কোম্পানীবোৰৰ মানুহ, চহৰৰ সকলো ডাঙৰ শ্ব’-ৰূমত আপোনাৰ-মোৰ দৰে সাধাৰণ মানুহৰ ওপৰত এফ বি আইৰ দৰে চকু দি অতন্দ্ৰ প্ৰহৰী হৈ থাকিব৷ যেতিয়াই কোনোবা ‘চিকাৰ’ তেওঁলোকৰ চকুত পৰে, হিংস্ৰ বাঘিণীৰ দৰে তেওঁলোক চিকাৰৰ ওপৰত জপিঁ‌য়াই পৰে৷ মানুহ দেখিলেই তেওঁলোকে চিনি পাই যায় যে এইজন ঘৰত পত্নী-সন্তানৰ গালি খাই শ্ব’-ৰূমত ভূমুকি মৰা মানুহ৷ আৰু লগে লগে তেওঁলোকৰ চাৰ্জিকেল ষ্ট্ৰাইক আৰম্ভ হৈ যায়, মিঠা মিঠা প্ৰলোভনেৰে৷ তাৰপিছত এক দিস্তামান কাগজত আপোনাৰ চহী আৰু নিজৰ চেক-বুকখনৰ কেইটামান পৃষ্ঠাত আপোনাৰ অট’গ্ৰাফ৷ হৈ গ’ল আপুনি কেইবছৰমানলৈ ধৰুৱা৷ এইফালে আপুনি চিন্তা কৰি পাৰ নাপাব, সম্পত্তি এটাৰ অধিকাৰী হৈ আপুনি সুখী হ’ব নে দীঘলীয়া সময় এটাৰ বাবে ধৰুৱা হৈ আপুনি দুখী হ’ব, সেইফালে আপোনাৰ ওপৰত ইনষ্টলমেণ্টৰ বোজা আৰম্ভ৷ চেক-বুকখনত “অট’গ্ৰাফ” দিয়াৰ লগে লগে অলপ আগলৈকে আপোনাক মিঠা-মিঠা কথাৰে শুশ্ৰুষা কৰি থকা ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীজনৰো ব্যৱহাৰ আচৰিতভাৱে বদলি হৈ যাব৷ অকণমান সময় আগলৈ আপোনাক ভগৱানৰ দৰে ব্যৱহাৰ কৰি থকা কৰ্মচাৰীজন হঠাৎ ৰূক্ষ হৈ উঠি আপোনাক কিস্তিৰ বাবে তাগিদা দিয়া আৰম্ভ কৰিব৷

লো’নৰ দুটা বা তিনিটা কিস্তি আদায় দিয়াৰ পিছতে আপোনাৰ-মোৰ দৰে মধ্যবিত্তীয়সকলে লো’ন লোৱাৰ সেই কুক্ষণটোক গালি দিবলৈ আৰম্ভ কৰো৷ সপোনৰ গাড়ীখন লাহে লাহে দুস্বপ্নত পৰিণত হয়, মৰমৰ বাইকখন লাহে লাহে এটা দীঘলীয়া কিস্তিলৈ ৰূপান্তৰিত হয়, সন্ধিয়া চাকৰিৰ পৰা ঘূৰি আহি আপোনাৰ “সপোনৰ মহল”টোত পদাৰ্পণ কৰাৰ লগে তাত ইতিমধ্যে কিস্তি আদায় কৰিবলৈ উপস্থিত থকা ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক দেখি আপোনাৰ দিনটোৰ ভাগৰ দুগুণে বাঢ়ি যায়৷ কিবা অসুবিধাবশত আপোনাৰ এখন বা দুখন চেক বাউন্স হ’লে আপোনাৰ সপোনৰ সম্পত্তিবোৰ পুনৰ তেওঁলোকৰ হৈ যায় আৰু তাতেই পৰিসমাপ্তি ঘটে আপোনাৰ সপোনবোৰৰ৷

সেইয়ে কওঁ, আমাৰ দৰে সাধাৰণ মানুহৰ সপোন দেখাৰ অধিকাৰ আছে, কিন্তু সপোনবোৰ দিঠকত পৰিণত কৰাৰ কোনো অধিকাৰ নাই৷ কিয়নো আমাৰ সপোনবোৰ আৰম্ভ হয়, কোনোবা ফাইনেন্স কোম্পানীৰ এজেণ্টৰ পৰা আৰু শেষ হয় বছৰ বছৰ ধৰি বৰ্দ্ধিত হাৰ সুতত তেওঁলোকৰ কিস্তি আদায় কৰোঁতে৷

এনেদিন দেখিবলৈ বেছি সময় নাই, যেতিয়া আপোনাৰ ঘৰৰ সন্মুখত ঠেলা এখন লৈ কোনোবাই চিঞৰি থাকিব – লো’ন লৈ লওক, লো’ন৷ গাড়ীৰ লো’ন, ঘৰৰ লো’ন, বাইকৰ লো’ন, পঢ়াৰ লো’ন – হৰেক ৰকমৰ লো’ন, মাত্ৰ দুই মিনিটত৷

☆★☆★☆

4 Comments

  • মূৰ্গী-হাঁহ পুহিবলৈও লো’ন দিয়া কৰিছে। সময়োপোযোগী লিখনি।

    Reply
  • ৰাস্না বৰা

    সুন্দৰ ও সময়োপযোগী হৈছে লিখণি টো। সচাই আজি মানুহ বোৰ একোজন ধৰুৱালৈ ৰূপান্তৰ হৈছে। ভাল লাগিল পঢ়ি।

    Reply
    • Rintumoni Dutta

      অশেষ ধন্যবাদ বাইদেউ

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *