ফটাঢোল

আহক, হাঁহক আৰু লাইক এটা দিয়ক – ভাস্কৰজ্যোতি বৰুৱা

ৰাহুল বাবাই যদি ৰাজনীতি নেৰে মই কিয় হতাশ হৈ ব্যংগ-চৰ্চা এৰি দিম? বিগত নিৰ্বাচনৰ ফলাফলে যেন আকৌ মোক দুপেগমান প্ৰেৰণা দি থৈ গ’ল। ৰাহুলৰ বাঢ়িছে নে নাই মই ক’ব নোৱাৰিম, মোৰ কিন্তু পৰিপক্কতা আগতকৈ ভালেখিনি বাঢ়িল। মন কৰক – মই ৰাহুলক লৈহে ব্যংগ কৰিছোঁ, মোডীক লৈ ট্ৰাই কৰা নাই কিন্তু। কিয় বাৰু কওঁ‌কচোন। খিক খিক খিক…. এই সময়ত মোডীক লৈ এইটো গ্ৰুপত ব্যংগ লিখি খেদা খাবলৈ এতিয়া আৰু মই সেই আগৰ বুৰ্বকটো হৈ থকা নাই। মোডী আমাৰ দেশৰ প্ৰধান মন্ত্ৰী, সেয়ে নাপায়। ৰাহুলতো প্ৰধান মন্ত্ৰী নহয়, সেয়ে পাৰি। যুক্তিটো মই গ্ৰহণ কৰিছো এই ব্যংগ লেখাটো প্ৰকাশৰ মুখ দেখাৰ স্বাৰ্থত। কি সুধিলে? মনমোহন সিং কি আছিল? সেইবোৰ থাকক দিয়ক। বাকী ঘৰত ভাল নহয়?

ৰাহুলৰ এটা ডাঙৰ সমস্যা – ভাল উপদেশবোৰলৈ গুৰুত্ব নিদিয়ে। কেলৈ আমাৰ হিমন্তদাই কোৱা নাছিল জানো – কুকুৰ – বিস্কুত – চ’ হোৱাট ? নাই, মই একেই ভুল নকৰো। ভাল উপদেশ নিশ্চয় মই গ্ৰহণ কৰিম। তেনে এক উপদেশমৰ্মে আজিৰ লেখাটোত মাজে-মাজে ক’ত হাঁহিব লাগিব সেইটো আপোনাক কৈ যাম। ঠিকেইতো, এইটোতো কিবা লাফিং থেৰাপীৰ ক্লাছ নহয় যে আপুনি হাত ওপৰলৈ তুলি, হাত চাপৰি বজায় এনেই-এনেই হাঁহি থাকিব। তাততো আনৰ মুখত হাঁহি দেখি আপোনাৰ মুখলৈ সেই হাঁহি সোঁচৰাৰ সুবিধাটোৱেই আছে। ইয়াত সেইটোও নাই। সেয়ে মই কৈ যাম ক’ত আপুনি হাঁহিব লাগিব।

ত’ শুনক আন এক বিজয় উপাখ্যান। ( এইখিনিতে আপুনি হঁহা উচিত। বিজয়ৰ নাম দেখিব আৰু আপুনি নাহাঁহিব এইটো কেনে কথা?)

কি ক’লে? বিজয়ক বাদ দি আনৰ বিষয়ে লিখি হঁ‌হোৱাবলৈ মোৰ মছলা নাই? অকে, চেলেঞ্জটো মই গ্ৰহণ কৰিছো। বিজয় মহন্তৰ কথা নিলিখো। আজি অজয় মহন্তৰ কথা লিখিম। তিতাবৰৰ ফালে ঘৰ। যোৰহাটত থাকে। পত্নী স্কুল এখনত শিক্ষয়িত্ৰী। ল’ৰা এই স্কুললৈ গৈছে। (এইখিনিতে মিচিকিয়া হাঁহি এটা খাপ খায়। আপুনি নাহাঁহিলেও ময়েই অলপ হাঁহি লওঁ ৰ’ব। খুক খুক খুক)

অ’ কি কৈ আছিলো? অজয় মহন্তৰ কথা ন? ঠিক আছে। আমাৰ অজয়ে নিজে সত্ৰ এখন খোলাৰ কথা পাঙিলে। যোৰহাটতে। জিন্টুমণি নামৰ এজন এন.আৰ.আই.ৰ ঘৰৰ ওচৰতে। ভাৰাঘৰ জিণ্টুমণিয়েই ঠিক কৰি দিছে। পত্নী স্কুললৈ ওলাই যোৱাৰ পাছত সন্তানক স্কুলত থৈ বাহিৰে বাহিৰে সত্ৰলৈ আহে। তলা খুলি সোমাই। কি সুধিলে? শিষ্য? নাই, এতিয়ালৈকে নাই। সেয়ে সত্ৰ চলে ছেল্ফ ছাৰ্ভিছ ষ্টাইলত।
(অলপ হাঁহিব দেই এইখিনিত)

ঠিক শিষ্য নহ’লেও ৩৭ শতাংশ শিষ্য হোৱাৰ সম্ভাৱনা থকা ডেকা এজন অজয়ৰ সত্ৰলৈ প্ৰায়ে আহে জাঁজীৰ ফালৰ পৰা। জোনটু নিৰঞ্জন। চাপৰকৈ। ইলেকট্ৰিকৰ প’ষ্ট এটাতকৈ প্ৰায় এহাত মানেই চাপৰ হ’ব। দুয়ো অতি দৰকাৰী কথা পাতে। কথাবোৰে নিৰ্দেশনা দিয়ে অজয় মহন্তই কিমান উচ্চ পৰ্যায়ৰ চিন্তা-চৰ্চাৰ থলি কৰিব বিচাৰে সত্ৰখন। কিছু কথাৰ কিয়দাংশ তলত উল্লেখ কৰিলো

: দিগু দাক চিনি পাই নি অজয় দা?

: কোন? দিগেন মহন্ত? নলবাৰীৰ যে? পুনেত থাকে?

: অ’ অ’ অ’।

: আমাৰেই মানুহ। মোৰ তাৱৈৰ ল’ৰা। বিৰাট ভাল। কোনো নিচাসক্তি নাই।

: ধেই, খাই বুলি শুনিছোঁ‌।

: এপেগ দুপেগ কেতিয়াবা খাব পাৰে।

: নাই নাই, মই বেছি খাই বুলিয়েইতো শুনিছোঁ।

: খাব পাৰে। কিন্তু দামী মদহে খাই দেই। সস্তীয়াৰ কাষেৰেও নাযায়।

: ইঞ্জিনিয়াৰিঙত একেলগে পঢ়া ল’ৰাই কৈছে ‘ডি এছ’ও খাই বোলে।

: খাব পাৰে। কিন্তু ৰঙাৰ তলত নানামে, সেইটো চিয়ৰ।

: ধেই, ঘৰুৱাটোও খাই হেনো।

: খাব পাৰে। কিন্তু সেইবোৰ খাই কেতিয়াও বাইক নচলায়। বৰ নিয়মানুৱৰ্তীতা মানি চলা ল’ৰা আমাৰ দিগুদা।

: কি ফাল্টু কথা কৈছে অজয়দা? একেলগে খাই ৰাইডিঙত যোৱা ল’ৰাই কৈছে মোক।

: যাব পাৰে। কিন্তু ক’ণ্ট্ৰল সাংঘাতিক। তুমি পাত্তা নাপাবা।

: বাদ দিয়কহে অজয় দা। দিগুদাহঁত বোলে এবাৰ কচুৱনীত সোমাইছিলেগৈ।

: সোমাব পাৰে। বাটৰ মানুহক খুন্দিয়াই ফুৰা নাই নহয়। সেইবোৰ বাদ দিয়া। কিবা নতুন স্ক্ৰীনশ্বট আছে যদি মোক দিয়াচোন। কোনোবাই মোক ব্লক কৰি গালি পাৰি আছে নেকি?
(অলপ হাঁহক)

কি ক’লে হাঁহি উঠা নাই? হামি এটাহে ওলাল নেকি আপোনাৰ? ৰ’ব ৰ’ব। মই উপায় এটা দিছোঁ। আপুনি যে হঁহাটো মোৰ বাবে অতীব প্ৰয়োজন। এইফালে চাওক – বাওঁহাতখনৰ আঙুলিকেইটা এনেদৰে জোঙা কৰক যেন আপুনি চাহৰ দাগ লাগি থকা এটা সৰু কাপৰ ভিতৰখন ধুবলৈ ওলাইছে। এতিয়া সেইখন সোঁহাতৰ কাষলটিৰ তললৈ নি ছালত স্পৰ্শ কৰক। এতিয়া ঘঁহি ঘঁহি চাহৰ দাগ এৰোৱাবলৈ যত্ন কৰাৰ দৰে পকাই থাকক। ঘড়ীৰ কাটাৰ দিশত এবাৰ, বিপৰীত দিশত এবাৰ। হয় তেনেকৈয়ে। কৰি থাকক, কৰি থাকক। হাঃ হাঃ হাঃ, হিঃ হিঃ হিঃ, নিশ্চয় খুউব হাঁহি উঠিছে ন এইবাৰ? কি ক’লে, এতিয়াও নাই উঠা?

আপোনাৰ স্কীনৰ চেনচিটিভিটি একেবাৰেই বেয়া দেখোন। সোনকালে কোনোবা ভাল ডাক্তৰৰ পৰামৰ্শ লওঁ‌কহে।

ঠিক আছে, নাহাঁহিলে নাই বাৰু, যোৱাৰ আগতে অন্ততঃ এটা লাইক দি যাওক, প্লিজ।

☆★☆★☆

Leave a Reply

Your email address will not be published.