ফটাঢোল

আহুকাল – নীলাক্ষী কাকতি

বিয়াৰ পিছৰে ঘটনা৷ এদিন সন্ধিয়া মোৰ মানুহজনে অফিচৰ পৰা আহি খুচুৰা এটকীয়া দুটকাবোৰ অ’ত ত’ত জমা হৈ থকা দেখি মোক ক’লে,

: নিক্ষী, এটা কাম কৰিম দিয়া৷ খুচুৰা পইচাবিলাক জমা কৰিম দিয়া৷ কেতিয়াবা কামতো আহিব৷ তুমিও থ’বাচোন৷ পাঁচ টকীয়া দহ টকীয়া থাকিলেও থৈ দিবা৷

ময়ো একে আষাৰতে হ’ব বুলি কলোঁ৷ এটা ডিঙিটো অলপ বহল মাটিৰ কলহ এটাত খুচুৰা টকা পইচাখিনি থোৱাৰ সিদ্ধান্ত কৰিলোঁ৷ এওঁ অফিচৰ পৰা আহি সদায় কিবা অলপ জমা কৰে তাত৷ মোৰ কেতিয়াবা মনত পৰিলেহে থওঁ৷ এওঁ মোক মাজে মাজে সোধে,

: হেৰা তুমি জমা কৰিছানে নাই? তুমিও থ’বা৷ বছৰৰ মূৰত সৰু সুৰা কিবা কামত খৰচ কৰিব পৰা যাব৷

মই বোলো,

: খবৰদাৰ তুমি কিবা ইয়াৰ পৰা খৰচ কৰাৰ কথা নামেই নল’বা৷ মই কিবা চিন্তা কৰি থৈছোঁ৷

: বাৰু বাৰু হ’ব৷ ইমান খং কৰিব নালাগে৷ স্মল চেভিংচ কৰাটো ভাল৷ কেতিয়াবা নভবাকৈয়ে কামত আহে৷ এনেয়ে য’ত ত’ত খৰচ কৰাটো কমাই ইয়াতে থ’বা৷

পিচে মই নথওঁ বুলি কলেও ভুল নহ’ব৷ অহ্‌ ক’বলৈ পাহৰিছিলোঁ মোৰ হাতখন অনায়াসে কলহটোত সোমায় আৰু মোৰ কিবা দৰকাৰ হ’লেই তাৰ পৰা মই কিবা অলপ লৈ লওঁ৷ কিন্তু কথাটো তেওঁ নাজানিছিলে৷ মানে মই খাল কাটি ঘৰিয়াল চপোৱা বিধৰ নহয়েই৷ মই বিৰাট স্মাৰ্ট যদিও কোনোবাই ক’ব পাৰিবনে মোৰ অহংকাৰ আছে বুলি!

যি নহওঁক এনেদৰেই চলি আছিল৷ প্ৰায় নমাহ মান পিছত এদিন এওঁ ক’লে,

: নিক্ষী, কলহটোত কিমান জমা হৈছে চাওঁ দিয়া৷ এইবাৰৰ পৰা বিশ টকা পঞ্চাছ টকাও জমা থ’ম বুলি ভাবিছোঁ৷ মই এতিয়া বিবুদ্ধিত পৰিলোঁ৷ কাৰণ স্মল চেভিংচৰ নামত মই কি ঘোটালা কৰি আছোঁ সেয়া মইহে জানো৷ তেওঁতো জমা কৰি আছে৷ পিচে মই যে তাৰ পৰা সৰকাই আছোঁ তেওঁতো নাজানে৷ জনাৰ পিছত যে গালিৰ ঢল বব সেয়া ধুৰূপ৷ বোলেতো বুকু ধিপিং ধিপিং৷ কি কৰিম এতিয়া? উপাই নাই৷ হয়ভৰেই দিলোঁ৷ এওঁ কলহটো উবুৰিয়াই দিলে৷ গন্তি কৰি মাত্ৰ সত্তৰ টকাহে পোৱা গ’ল৷ কলহটো দুবাৰ মান আৰু জোকাৰিলে৷ নাই ক’ত ওলাব? ওলাব লগাখিনি যে হজম হৈছে তেওঁতো নাজানে৷ লগে লগে সন্দেহৰ দৃষ্টি মোৰ ফালে৷

: সদায়ে মই জমা কৰিছোঁ৷ নমাহত মাত্ৰ সত্তৰ টকা!কেনেকৈ সম্ভৱ! তুমি ইয়াৰ পৰা লৈছা নেকি?

মই কামত বিৰাট ব্যস্ততা দেখুৱাই ক’লোঁ,

: দুই এদিন বৰ দৰকাৰত লৈছিলোঁ৷ পিচে ময়ো জমা কৰিছোঁ দেই৷

কিছুসময় তলকা মাৰি থাকি তেওঁ কোঠাতোৰ পৰা ওলাই গ’ল৷ বুজিলোঁ এয়া ধুমুহাৰ আগৰ নিস্তব্ধতা!

পিছদিনাই দেখিলোঁ অফিচৰ পৰা এওঁ আহিছে লগত এটা প্ৰকাণ্ড মাটিৰ ৰঙালাও লৈ৷ মাত্ৰ সৰু ফুটা এটা থকা! এনেকৈয়ে মোৰ উপাৰ্জনৰ পথ চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল৷ কাক ক’ম কোনে শুনিব মোৰ দুখভৰি দাস্তান!!
☆★☆★☆

10 Comments

  • সান্দহ খোৱা বালি তল গ’ল ন!ভাল লাগিল বাই।

    Reply
  • সৌৰভ শৰ্মা

    ধেই, ভাল হাঁঁহিলো। 😜😜😜😁😁😁😁😁😁

    Reply
  • ৰিণ্টু

    চিধাই তেখেতৰ মানিবেগত হাত দিব লাগে, খুচুৰা পইচা বুটলি কি লাভ, ঘোটালা কৰিলে ডাঙৰ ঘোটালা কৰিব লাগে।

    ভাল লাগিল পঢ়ি নীলাক্ষি

    Reply
  • Mridula

    ভাল হ’ল । পালা মজা ।
    ধুনীয়া লিখিছা

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ! মজা

    Reply
  • Anima Das

    ভাল লাগিল।

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল ৷

    Reply
  • ধন্যবাদ সকলোকে

    Reply
  • কমলা দাস

    খুচুৰা পইচা কিয় বুটলিব লাগে । চিধাই নোটত হাত দিব লাগে😁😁

    Reply
  • মাধু

    পূৰা ঘোটালা চলিছে। মজা। ধুনীয়া লিখিছে।

    Reply

Leave a Reply

Your email address will not be published.