ফটাঢোল

আহ, সোণৰ অসম গঢ়োঁ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

: নাই, এনেকৈ নহ’ব। কিবা এটা কৰিব লাগিব

অলকে টেবুলখনত ঢকিয়াই কোৱা কথাখিনি শুনি ৰবীনে তাৰ মুখলৈ চাই ৰ’ল অলপ দেৰি। হঠাতে অলকৰ কি হ’ল একো ধৰিব নোৱাৰিলে সি।

কিছুপৰ মৌনতা….

: বুজিছনে, মন যায়। সাংঘাটিক কিবাকিবি কৰিবলৈ মন যায়। অসমখন সোণৰ কৰি পেলাবলৈ মন মোৰ। আজিলৈকে মনতে ভাবিছিলোঁ কিবা কৰিম। আজি…এতিয়াই ডিচাইড কৰি দিলোঁ, হাতে-কামে কৰিম।

ৰবীনে এতিয়াও একো বুজা নাই।

: জ্বলিছে বুজিছ জ্বলিছে। দেখা নাই? এনেকৈয়ে অসমৰ ৰেহ-ৰূপ সলনি কৰিব লাগিব।

: হয়, দেখিছোঁ। টায়াৰ জ্বলা ফ’টো আজি পেপাৰত দেখিছোঁ। টায়াৰ জ্বলিলে সোণৰ দৰে উজ্বলিব?

ৰবীনৰ ভাবলেশহীন প্ৰশ্ন।

: ঘে.. টায়াৰ। টায়াৰ কিয় জ্বলিল? আচলতে অসমখন জ্বলিছে। মানুহৰ খং-ক্ষোভত। খং-ক্ষোভৰ জুই দেখা নাপায় যে, ফ’টোত নাহিব, সেয়েহে মানুহে টায়াৰ-গাড়ী জ্বলাই বুজাই দিয়ে যে সেই জুই আচলতে মানুহৰ ভিতৰৰ জুই, মনৰ জুই। বুজিলি?

অলকৰ চকু দুটা ঈষৎ ৰঙা পৰিছে।

: বুজিলোঁ অলপ।

: বাংলাদেশী মানে বাংলাদেশীয়েই। হিন্দু-মুছলমান বুলি কথা নাই। সব বাহিৰৰ মানুহ। কিয় পুহিম?

অলকে আৰম্ভ কৰিলে।

: তাকেইতো

কিছুপৰ নীৰৱতা…
: বাঙালী আনিব বুলি শুনিছোঁ বাংলাদেশৰ পৰা। বেছি হৈছে। দুদিনমান পাছত আমিয়েই অসমীয়া পাহৰিম। অসমীয়া পাঠশালা নোহোৱা হ’ব। বাঙালী শিক্ষা আৰম্ভ হ’ব। চাই থাক৷

: এহ, ইমান ইজি নে? অসমীয়া মানুহ আমি, চাই থাকিম? বাঙালীয়ে শিকিব না অসমীয়া স্কুলত অসমীয়া ভাষা

: চায়েইতো আছ, চায়েইতো আছে সকলোৱে। প্ৰিয়ংকা চোপ্ৰা বাহিৰৰ নহয়? তাই দেখোন অসমলৈ আহি মানুহক অসমখন চাবলৈ এডভাৰ্টেইজত হাঁহি মাৰি প’জ দিছে। প্ৰস্তুতি নাছিল? বৰষাৰাণী নাছিল? সিহঁতক এড’ত ল’লে আপত্তি কৰিলোঁ হয়?

: তাইক চিনি পায় না ৰাষ্ট্ৰীয় স্তৰত। সেয়েহে অসমক ফেমাচ কৰিবলৈ লৈছিল কিজানি তাইক৷

: হৈছে! প্ৰস্তুতিহঁতক দেখিলে দহজন বেছি বাহিৰৰ মানুহ অসমলৈ আহিল হয়। অসমীয়া বিউটি চাবলৈ। লিখি দিলোঁ৷

অলকে টেবুলতে আঙুলিটোৰে আঁক-বাঁক কৰিলে।

অলপপৰ আকৌ নীৰৱতা….
: প্ৰস্তুতিৰ কথা শুনি মৌচুমীলৈ মনত পৰিল। তাইৰ বিয়াৰ যো-জা চলিছে হেনো৷

: সেইটোৱেই প্ৰ’ব্লেম আমাৰ। আমাৰ দৰে থলুৱাবোৰ থাকোঁতে দুশমাইল দূৰৈৰ এজনে আহি ঘৰতে কইনা চাবলৈ সাহস ক’ত পালে? আমি চাই থাকোঁ মাত্ৰ। কিবা কৰিম বুলিও নোৱাৰোঁ।

অলকৰ আকৌ গৰম কণ্ঠস্বৰ!

: সেইজনো থলুৱা। নাম- অমৰেন্দ্ৰ গগৈ।

: হ’লেও আমাৰ অঞ্চলটোত আমি বেছি থলুৱা। আমাৰবোৰে ফাৰ্ষ্ট প্ৰিফৰেন্স পাব নালাগে? একেই কথা চাকৰিতো হৈ আছে। সবতে বাহিৰৰ ল’ৰাই চাকৰি কৰিবলৈ আহি আছে অসমলৈ। আমাৰ যতীনহঁত কি বেয়া? কৰিব পাৰে তিনিবাৰত বি এচ ছি পাছ, কিন্তু থলুৱাতো হয় না। সি পাবই লাগিব চাকৰি। এইবোৰত আমি মাত নামাতিলে কোনে মাতিব?

: অসমৰ ল’ৰাইওতো বাহিৰৰ ৰাজ্যত চাকৰি কৰি আছে৷

: সেইবোৰ ৰাজ্যৰ মানুহ উদাৰ

: অসমীয়াহে বেছি উদাৰ

: নহয় আমি আৱেগিক। আৱেগেৰে আছে বুকু ভৰি। মাথা খাৰাপ হৈ যায় এইবোৰ ভাবিলে। সেয়েহে আমি ওলাবই লাগিব। বহি থাকিলে নহ’ব। চা, আগতে কৃষকে নাখাই মৰিলেও গম পোৱা নাছিল। আজিকালি সলনি হ’বলৈ ধৰিছে সকলো। দেখা নাই? কৃষকৰ কাৰণে সমদল, সেই সমদলৰ কাৰণে ৰাস্তা বন্ধ। ট্ৰেফিক জাম। হিলি যায় না সকলো। এইবোৰো পৰিৱৰ্তন৷

অলকৰ মাত যেন থমকি নৰ’বই আজি!

: দেখিছোঁ।

: আৰু দেখিবি যেতিয়া আমি হাতে-কামে লাগিম। আমিবোৰে ফাল্টু কামত ব্যস্ত থাকোঁ। এই চা..ফেচবুকৰ ফ’টো। আজি নৱমীৰ দিনা কিমান বলি হৈ গ’ল। বলি-বিধান মানিলে এতিয়াও আমাৰ উন্নতি হঠাতে হৈ যাব বুলি ভাবে মানুহে। বহি বহি সেৱা কৰি, দোৱা কৰি..

: ধৰ্ম মানি চলা মানুহে কিছুমান কাম কৰেই আৰু। আজি আমাৰ মাহঁতেও নৱমী পূজাত বলি দিছে। পঠা ছাগলী এটা। মইনো কেনেকৈ নালাগে, নহ’ব ক’ম?

: ক’ব লাগিব। আমি সলনি হ’ব লাগিব। ঘৰৰ মানুহ, ওচৰ-চুবুৰীয়া সকলোকে সলনি কৰিব পাৰিব লাগিব। তেতিয়াহে সকলোতে সলনি হোৱা দেখিবি।

দীঘলীয়া নীৰৱতা…..
: শেষেই নেকি ঔ?

: শেষ

: ‘ফুল’ এটা দুঘণ্টাতে শেষ কৰিলোঁ নে আজি?

: কেতিয়াবা জল্দি শেষ হয়। আমি কিন্তু দহটাত বহিছিলোঁ। এতিয়া এক বাজিবৰ হ’ল৷

ৰবীনে বটলটো বেঁকাকৈ ধৰি এটোপালো যে বাকী নাই, দেখুৱালে। ‘সাহা ৰেষ্টুৰেন্ট’ৰ একেবাৰে ভিতৰৰ তৰ্জাৰ বেৰৰ কোঠাটোত অলক আৰু ৰবীন বহি আছে। অলকে কাষৰ টেবুল এখনত আঁঠুৱা টানি শুই থকা হোটেলত কাম কৰা ‘পোৱালি’ সুকুমাৰলৈ চালে।

: ঐ চুকুমাৰ, কি ৰে শুই গ’লি নেকি….ভাত কোথায়? তুমি কি ঘুমাচ্ছ? ঐ চুকুমাৰ…

: দাদা, দিনটো পূজাৰ থলীত মিঠাই বিকিছোঁ। অলপ আগেয়ে আহি পৰিছোঁ। ভাত নাই আজি হোটেলত। বেলেগত খাওকগৈ। মই আকৌ চাৰিটাত উঠি মিঠাই কৰা কামত লাগিবৰে হ’ল। কাইলৈ বিজয়া দশমী আছে না

: কে..বাঙাল…ভাত দুটাও ৰাখিব নোৱাৰিলি। ধুৰৰৰ…. খাতিৰ নকৰোঁ তহঁতক। বেলেগত খাম।

দুয়ো বাহিৰলৈ ওলাল। কদমতল গাঁৱৰ চাৰিআলিত এতিয়া কোনো নাই। কুকুৰ দুটামানে ভূকিছে সিহঁতক দেখি।

: চিগাৰেট এটা খাবলৈ মন গৈছে। আজি ৰামু বিহাৰীৰ দোকানখন সোনকালে বন্ধ নেকি ৰে?

: এতিয়া সোনকালে হৈ আছে? এক বাজি গৈছে।

: ৰাতিৰ বাছৰ গ্ৰাহক পাবলৈ সি কেতিয়াবা গোটেই ৰাতিটো বহি থাকেতো দোকান খুলি। আজি নাই। পূজালৈ গৈছে কিজানি ক’ৰবাত

: সৌ ৰাস্তাৰ সিপাৰে মাৰোৱাৰী দোকানী শৰ্মাই যে বিল্ডিং বনাই আছে…চা, লাইট জ্বলি আছে৷

ৰবীনৰ কথাত অলকে ঘূৰি চালে।

: লেবাৰবোৰে কাম কৰিয়েই আছে তাত। বাংলাদেশী মিঞা হ’ব সব। গোটেই ৰাতি কাম চলিব যেন পাইছোঁ। চাঁদ ঢালাই বোধহয়। যাবি তালৈ?

: কিয়?

: সিহঁতৰ হাতত বিড়ি-চিড়ি থাকিবই। ব’ল লৈ আহিম। চিগাৰেট নাপালে কি হ’ল, বিড়িৰেই চলাওঁ আজি…ব’ল৷

দুয়ো আগবাঢ়িল। এনেতে পিছৰপৰা কোনোবা এজন আহি থকা যেন দেখি দুয়ো ঘূৰিলে।

: হৌৰা নৰহৰি কাই। এই মাজৰাতি ক’লৈ যোৱা হে এই বুঢ়া মানুহটোৱে?

অলকে চিঞৰিলে।

: আমাৰ দিন-ৰাতি কি নো? সৌ সেইখন পথাৰৰ মূৰত যে মোৰ দুকঠা মাটি আছে, তাত যোৱাবছৰৰপৰা পাচলিৰ খেতি কৰিছোঁ। আলু-কবি-বিলাহী সকলো। সেইখিনি কৰিয়েই পেট-ভাতে খাই আছোঁ নহয়…

: বুজিছোঁ, কিন্তু এই ৰাতি যোৱা ক’লৈ?

: খেতিৰ মাজত বহি পহৰা দিম, নহ’লে পুৱালৈ একো নাথাকিব। সন্ধিয়াৰপৰা আপাটো আছিল তাতে। এতিয়া তাক ঘৰলৈ পঠিয়াই মই পহৰা দিম ৰাতিপুৱালৈ। উপায় নাই।

: ভালেই হৈছে দিয়া। আজিকালি খেতি কৰি লাভ ভালেই হয়, ন? তাতে তোমালোকৰ সন্থা-সমিতিও আছে তোমালোকৰ সুখ-দুখ বুজিবলৈ। বৰ ভাল হৈছে। আমিও আহি আছোঁ। কৃষকৰ উন্নতি নোহোৱাকৈ সোণৰ অসম কৰিম কেনেকৈ হে?

অলকে সান্ত্বনাৰ সুৰত কথাখিনি কৈ নৰহৰি বুঢ়াৰ কান্ধত হাতখন থ’ম বুলি ভাবিছিল কিন্তু হাতখন দাঙিবলৈ মন নগ’ল তাৰ।

: কি ভাল হৈছে নাজানোঁ। আমাৰ সদা মহৰীৰ বেকাৰ পুতেকটো আহি কিবাকিবি কয় মাজে মাজে। বুজিকে নাপাওঁ। সপ্তাহে-পষেকে এশ-দুশ টকা লৈয়ো যায়। কিবা বোলে আমাৰ হৈ আন্দোলনো কৰে। বাইক নিব লাগে হেনো। তেল ভৰাবলৈ নিয়ে তেনেকৈ এশ-দুশ। ভাল কিবা অলপ হ’ব বুলি আমিও দি থাকোঁ। …আহোঁ দিয়া, দেৰিয়েই হ’ল।

নৰহৰি বুঢ়া গ’লগৈ।

: ঐ, মই ঘৰলৈ যাওঁগৈ। ভোক লাগিছে৷

ৰবীনে মাত লগালে।

: কুত্তা, মই ক’ত খাম? ঘৰত ভাত খুজিলে খেদিব এতিয়া৷

অলকৰ টেনছন হ’ল।

: মোৰ লগতে ব’ল। বৌৱে সদায় ভাত সাজি মোৰ ৰুমতে থৈ দিয়ে। মোৰ ৰুমটো বাহিৰত। থাকি যাবি তাতেই ৰাতিটো।

: দুজনৰ হৈ যাব?

: আৰামত পাৰিম। বেছিকৈয়ে থৈ দিয়ে ভাত। সদায় বাটৰ কুকুৰক দিওঁ মই। আজি কুকুৰক দিয়াখিনি তই খাবি। তাতে দিনৰ বলি দিয়া পঠাৰ মাংস ৰান্ধিছে বোধহয়।

: মজ্জা! এটা কথা ঠিক কিন্তু বলিৰ মাংসৰ সোৱাদৰ জৱাব নাই! …..ব’ল খাই-বই আৰামত এঘাৰটালৈ মস্তিত শুই থাকিম। আমাৰ বুঢ়াটোৱেও কেং কেং কৰি জগাব নোৱাৰিব..হেঃ হেঃ!

অলকে হাঁহিলে সজোৰে।
দুয়ো ধীৰ গতিৰ খোজ ল’লে ৰবীনৰ ঘৰলৈ!

☆★☆★☆

6 Comments

  • অভিজিত কলিতা

    সঠিক চিত্ৰ এখন। কেৱল হুজুগ, নিজক কোনেও নেদেখে

    Reply
  • হেমন্ত কাকতি

    এজ ইউজুৱেল দিগন্ত, মানে তামাম ভাল লাগিল৷ সচা চিত্ৰ এখন ফুটি উঠিল চকুৰ আগত৷ জয় আই অসম৷

    Reply
  • ৱাহ..বঢ়িয়া

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল দিগন্ত, দ্য ইউনিক দিগন্ত ষ্টাইল

    Reply
  • কমলা দাস

    খুব ভাল লাগিল

    Reply
  • Mitali Saharia

    বৰ ধুনীয়া লাগিল।

    Reply

Leave a Reply

Your email address will not be published.