ফটাঢোল

আয়কৰ (মূল লেখকঃ গুৰমীট বেদী) – অনুবাদঃ কৃষ্ণকান্ত দাস

খাকসাৰৰ পত্নী আজি অত্যন্ত সুখী, কিয়নো দেশৰ বিত্তমন্ত্ৰীজনে মহিলাৰ সপক্ষে বাজেট দাখিল কৰিছে। মানে কথাটো এনেকুৱা যে আজিৰ বাজেটৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল মন্ত্ৰী মহোদয় মহিলাসকলৰ প্ৰতি খুব বেছিয়েই “ফিদা” আৰু সেয়ে চাগৈ তেওঁ বৰ সহৃদয়তাৰে মহিলা সকলৰ আয়কৰ এক লাখ আশী হাজাৰ টকালৈকে ৰেহাই দি দিলে।

‘ৰেহাই’- সাধাৰণতে এই শব্দটোৱে আমাৰ মহিলাসকলক সদায় বাৰুকৈয়ে আকৃষ্ট কৰি আহিছে। এই শব্দটোৰ গোন্ধ অকন পালেও আমাৰ মহিলাসকলৰ মন থৌকি বাথৌ হ’বলৈ ধৰে। মূঠতে আয়কৰেই হওক বা ‘শ্বপিং’, ‘কিটী পাৰ্টি এৰেঞ্জমেণ্ট’তেই হওক নতুবা “মাৰ ঘৰলৈ যাওঁ” বুলি ওলাওঁতেই হওক, মহিলাসকলে এই শব্দটোৰ উমান পালেই মতলীয়া হৈ পৰা দেখা যায়।
বিত্তমন্ত্ৰীয়ে দেখোন আচল ঠাইতে ৰেহাই দিছে, গতিকে খাকসাৰৰ পত্নীৰ গা সাতখন আঠখন কৰি উঠাটো স্বাভাৱিকেই নহয়, একেবাৰে ‘উনৈশত বা বলা’ ৰ দৰেই অৱস্থা আজি। এই আনন্দৰ ভাগ ল’বলৈ তেওঁ ইতিমধ্যে লগৰ কেইবাগৰাকী মহিলাক ৰাতিৰ সাজ, মানে ‘ডিনাৰ’লৈ নিমন্ত্ৰণেই দি দিলে। ‘অফ দা ৰেকৰ্ড’ কৈ থওঁ, খাকসাৰৰ পত্নীয়ে নিজে কিন্তু চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্য একো নকৰে। খাকসাৰৰ দৰমহাৰ টকা কেইটাই পৰিয়ালটোৰ প্ৰতি পালনৰ একমাত্ৰ পথ। ছাৰৰ দৰমহাৰপৰা এইমাহৰ কৰ পৰিশোধ কৰি যি কেইটা বাচিলগৈ সেইকেইটাৰ ওপৰতে খাকসাৰৰ পত্নীৰ এই নতুন আৰু আজৱ ধৰণৰ ফুৰ্ত্তিকণ কৰিবলৈ মন মেলা দেখি খাকসাৰে শিল পৰা কপৌৰ দৰে সেইফালে তাপ মাৰিলে। তাৰ বাহিৰে তেখেতৰ কৰিব লগাও আন একোয়েই নাছিল।

যিদৰে পানীত থাকি ঘঁৰিয়ালৰ লগত চুপতি মাৰিব পৰা নাযায় সেইদৰে চৰকাৰী বেতন খাই ‘চৰকাৰ বাহাদুৰ’ৰ লগতো ‘পাংগা’ ল’ব পৰা নাযায় ৷ একেদৰেই, যেনেকৈ ব্যৱসায় বাণিজ্য কৰি থাকিলে আবকাৰী বিভাগক ৰঙা চকু দেখুৱাব পৰা নাযায়, ঠিক সেইদৰে গৃহস্থীৰ সমস্ত বোজা কঢ়িয়াই থকা গৃহলক্ষ্মীকো ‘নাৰাজ’ কৰাৰ দৰে ইমান ‘ডাঙৰ ৰিস্ক’ কি দৰে ল’ব পাৰে খাকসাৰে!!

অগত্যা, তেখেতে পত্নীৰ সুখৰ অংশীদাৰ হোৱাৰ নিয়মকণ পালন কৰিবলৈ নিজকে মানসিকভাৱে প্ৰস্তুত কৰি লোৱাৰ বাদে গত্যন্তৰ নথকাটোয়েই স্বাভাৱিক দিয়কছোন! সাতে-পাঁচে মিলি বহু গুণা গঁথা কৰাৰ অন্তত তেওঁ বিত্তমন্ত্ৰী মহোদয়লৈ আৰু এনে কেইটামান নতুন কৰ আৰোপ কৰিবলৈ পৰামৰ্শ দিব বুলি মন বান্ধিলে যাৰ কাৰণে আমাৰ দেশখন পৃথিৱীৰ সমস্ত দেশৰ বাবেই এক উদাহৰণ হৈ পৰিব পাৰে আৰু লগতে চৰকাৰৰো আয় বৃদ্ধি হৈ গৈ থাকিব পাৰে।

খাকসাৰে অনেক চিন্তা-চৰ্চাৰ অন্তত উদ্ভাৱন কৰি উলিওৱা কৰসমূহৰ ‘পেশ-এ-খিদমত’ কিছু মৌলিক, কিছু অপ্ৰকাশিত আৰু কিছু অপ্ৰচাৰিত, চৰকাৰী আয় বৃদ্ধি কৰাৰ আজৱ পৰামৰ্শবোৰ এনেধৰণৰ –

১) বিৰোধ কৰঃ এই কৰ আৰোপ কৰিলে চৰকাৰী আয়ৰ যি অভাৱনীয় বৃদ্ধি ঘটিব সেয়া নুসুধিবই! বিৰোধ কৰৰ চৰ্ত হ’ল- এই মুলুকত যদি কোনোবাই কাৰোবাৰ কিবা কথাত বিৰোধিতা কৰে, তেন্তে বিৰোধকাৰীয়ে সেই মতে কৰ প্ৰদান কৰিব লাগিব। অৰ্থাৎ, কৰদাতাই কৰ পৰিশোধ কৰোঁতে এইক্ষেত্ৰত তেখেতে কাৰ বিৰোধ কৰিলে, কিমান বিৰোধ কৰিলে, আৰু কিয় কৰিলে সম্পূৰ্ণ তথ্যসহকাৰে চৰকাৰ বাহাদুৰক জনাব লাগিব। এই কৰৰ ‘শ্লেৱ’বোৰ নিৰ্ধাৰণ হ’ব বিৰুদ্ধাচৰণৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি। যদি বিৰুদ্ধাচৰণ মাত্ৰ টেলিভিছন, বাতৰিকাকত বা ছ’ছিয়েল মিডিয়াৰ ‘বয়ানবাজী’ত সীমাবদ্ধ হয়, তেন্তে কৰৰ পৰিমাণ কম হ’ব। বিৰোধিতা কৰোঁতে ধৰ্ণা-প্ৰদৰ্শন, শ্ল’গান বা ‘নাৰেবাজী’ কৰিলে কৰ পৰিশোধৰ পৰিমাণ প্ৰথমটোতকৈ কিছু অধিক হ’ব। আকৌ, বিৰোধিতা যদি ইয়াতকৈও ওপৰ স্তৰলৈ কিবালৈ গতি কৰে তেন্তে সমপৰিমাণে কৰৰ পৰিমাণো বৃদ্ধি হ’ব। এই হিচাবে চাবলৈ গ’লে এই মুলুকত আমাৰ ৰাজনৈতিক নেতা সকলেই আটাইতকৈ বেছি কৰ পৰিশোধ কৰিব লাগিব। কিয়নো বিৰোধিতাৰ যি প্ৰৱণতা সেয়া ৰাজনৈতিক নেতাসকলৰ মাজতেই আটাইতকৈ বেছি থকা দেখা যায়। লাগিলে সেই কৰ তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিয়েই গোটাওক, নহ’লে কোনো ঠিকাদাৰ বা উদ্যোগপতিৰ পকেটৰ পৰাই মিতিৰালি কৰি নানক কিয় ৷ মুঠতে কৰ পৰিশোধ কৰিবই লাগিব। ইয়াৰ বাদেও বিভিন্ন দল সংগঠন বা সমাজৰ আন সমূহ প্ৰজাতি, যিসকল “বিৰোধিতা” নামৰ এই খজুৱতি বেমাৰত আক্ৰান্ত সেই সকলেও নিজৰ নিজৰ খজুৱতিৰ সুখ ল’বলৈ কৰ পৰিশোধ কৰাটো অৱশ্যম্ভাৱী হৈ পৰিব আৰু চৰকাৰৰ আয় হৈ পৰিব… “ব’ল্লে ব’ল্লে’!

২)আশ্বাস কৰঃ এইকৰ সেইসকলে পৰিশোধ কৰিব লাগিব যিসকলে মাত্ৰ আশ্বাস দিয়েই নিজৰ নিজৰ ভাত আৰু বাট মোকলাই আছে। সহজকৈ বুজাবলৈ হ’লে আমি আমাৰ DRDA নামৰ বিভাগটোৰ কথাকে ক’ব পাৰোঁ, যাৰ অসমীয়া ভাঙনি হয় ‘দিম (D) ৰ’হ (R) দি(D) আছোঁ (A)’ (মাত্ৰ আশ্বাস বুলিয়েই ভাবি লওক। যি কি নহওক, এই কৰ পৰিশোধকাৰীৰ ভিতৰতো কিন্তু সংখ্যাধিক্য হিচাপে আমাৰ মহান নেতা, মন্ত্ৰীসকলেই আগত থাকিব। লাগিলে সেয়া হাই লেভেলৰেই হওক কিম্বা কোনোবা ধেমা ধৰা লেভেলৰেই হওক। এওঁলোকৰ বাদেও চৰকাৰী কাৰ্যালয়ৰ সেই ‘বাবু’সকলেও তেতিয়া কৰ পৰিশোধ কৰিবলৈ বাধ্য হ’ব যিসকলে “হৈ যাব”, “কৰি দিম” বুলি আশ্বাস দিও বছৰৰ পিছত বছৰ ধৰি একো একোটা ফাইল ইখন টেবুলৰ পৰা সিখন টেবুললৈ পঠিয়াই নিদিয়ে। এই কৰ আৰোপ কৰিলে আনকি সেই সকল দূধৰ্ষ প্ৰেমিকেও কৰ দিবলৈ বাধ্য হ’ব যি কেৱল প্ৰেমিকাক সদায় বিয়া পাতিম বুলি কেৱল মাত্ৰ আশ্বাস দি থাকে, এক অৰ্থত অকল লিলিমাইহে কৰি থাকিব বিচাৰে।

৩)ভাষণ কৰঃ এইবিধ কৰ ৰাজনৈতিক নেতাসকলৰ লগতে কৰ্মচাৰী আৰু মজদুৰ ইউনিয়ন, বিভিন্ন সংগ্ৰামী সংগঠনৰ নেতাসকলেও পৰিশোধ কৰিব লাগিব। যিহেতু এখেতসকলৰ কামেই হ’ল ভাষণ দিয়া। অৱশ্যে এই ‘কেটেগৰী’তো কিছুমান ভাগ থাকিব। যেনে- দীঘল আৰু চাপ সৃষ্টি কৰিবলৈ দিয়া ভাষণৰ ক্ষেত্ৰত বেছি কৰৰ বিপৰীতে ভাষণৰ নামত ‘চলি যোৱা’ ধৰণৰ ভাষণ হ’লে কৰ কিছু পৰিমাণে কম হ’ব। উচতনিমূলক ভাষণ দিলে কৰ পৰিশোধ কৰাৰ উপৰিও জৰিমনাৰো ব্যৱস্থা থাকিব। যিহেতু এই মুলুকত বহুত মানুহে কেৱল মাত্ৰ ভাষণ দিয়েই কাম চলাই আছে সেয়েহে এই কৰৰ যোগেদি চৰকাৰী ভড়াল টনকিয়াল হোৱাটো সুনিশ্চিত।

৪)তৈলমৰ্দন কৰঃ আমাৰ দেশৰ মহান পৰম্পৰা সমূহৰ ভিতৰত অন্যতম এক পৰম্পৰা হৈছে তৈলমৰ্দন। চাকৰিয়ালসকলে নিজৰ ওপৰৰ ‘বছ’ সকলক তৈলমৰ্দন কৰে! বছসকলে তেওঁলোকৰ ‘চুপাৰ বছ’সকলৰ তৈলমৰ্দনক সদায় আগস্থান দিয়ে! আনহাতেদি চুপাৰ বছসকল নেতাসকলৰ ওচৰত সদায় নতমস্তক হৈ থাকে। নেতা সকলে আকৌ নিজ নিজ দলৰ ‘পাৰ্টী হাইকমাণ্ড’ক তৈলমৰ্দন কৰি কৰিয়েই ৰাজনীতি কৰি থাকে। ইয়াৰ অৰ্থ এইটোয়েই যে ‘সত্যমেৱ জয়তে’ৰ ঠাইত আচলতে ‘তৈলমৰ্দন মেৱ জয়তে’হে হ’ব লাগিছিল। চৰকাৰ বাহাদুৰে এইহেন তৈলমৰ্দনৰ দৰে পৰম্পৰাক আচলতে ‘কেট্চ্ কৰকে এচ্’ কৰি থাকিব পাৰে, মাত্ৰ তৈলমৰ্দনৰ ওপৰত ‘কৰ আৰোপ’ৰ দৰে সহজ কাম এটাহে কৰিব লাগে!
ইয়াৰ বাদেও কৰ আৰোপৰ বিভিন্ন পন্থাৰ বিষয়ে পৰামৰ্শ দিব পৰাকৈ খাকসাৰৰ হাতত আজি অনেক আইডিয়া আছে, কিন্তু গোটেইবোৰ আগবঢ়াবলৈ ছাৰৰ আকৌ ভয় লাগে, কাৰণ ‘পৰামৰ্শ’ আৰু ‘আইডিয়া’ৰ ওপৰতো যদি বিত্তমন্ত্ৰীয়ে কৰ আৰোপ কৰি দিয়ে, তেতিয়া খাকসাৰৰ অৱস্থা কি হ’ব বাৰু!! বিত্তমন্ত্ৰী মহোদয়েনো কি কৰিব নোৱাৰে?

যিয়েই নহওক, মুঠতে আজি ৰাতিলৈ খাকসাৰৰ ঘৰত জবৰদস্ত খানা হব আৰু ইয়াৰ মূলতেই হ’ল ‘আয়কৰ’।

☆★☆★☆

16 Comments

Leave a Reply

Your email address will not be published.