ফটাঢোল

আৰক্ষী থানাত এটা গধূলী – দেৱজিত নাথ

বহুদিনৰ আগৰ কথা৷ বহুদিন মানে প্ৰায় এটা দশক মানেই হ’ব! সেই সময়ত কামাখ্যা গেটত মেচ কৰি আছিলো৷ পঢ়া শুনা শেষ কৰি চাকৰিৰ সন্ধানত গুৱাহাটীত সংগ্ৰাম কৰি থকাৰ সময় আছিল সেয়া৷ যদিও ভাড়াঘৰ আছিল সেয়া এক প্ৰকাৰৰ হোষ্টেলৰ নিচিনাই আছিল৷ গোটেই বিল্ডিংটোত কেৱল বিয়া বাৰু নপতা ল’ৰাবোৰে মেচ কৰি আছিল৷ নিবনুৱা আছিলো যদিও ফূৰ্তিৰে ভৰা জীৱন আছিল৷ মেচ কৰি থকা বেছিভাগ ল’ৰা আছিল ছাত্ৰ৷ মোৰ লগতে ধ্ৰুৱ আৰু সিদ্ধাৰ্থই আছিলো গোটেই বিল্ডিংটোত চিনিয়ৰ৷ ধ্ৰুৱ আৰু সিদ্ধাৰ্থই ইতিমধ্যে প্ৰাইভেট কোম্পানী দুটাত জইন কৰিছিল আৰু মই প্ৰতিযোগীতামূলক পৰীক্ষা কিছুমানৰ বাবে প্ৰস্তুতি চলাই আছিলো৷ দিনবোৰ পাৰ হৈ গৈ আছিল তেনেকৈয়ে৷

এদিন ৰাতিপুৱা শুই উঠিছোঁহে মাত্ৰ৷ গোটেই বিল্ডিংটোতে হাঁহাকাৰ লাগিল৷ সিদ্ধাৰ্থৰ বাইকখন চুৰ হ’ল৷ নতুনকৈ কিনিছিলহে মাথোন হিৰোহোণ্ডাৰ পেছন প্ৰ’ বাইক এখন৷ এমাহমান হৈছিল৷ এজাহাৰ এখন লগে লগে মালিগাঁও থানাত দিয়া হ’ল৷ কিছুসময়ৰ পিছত পুলিচ আহিল৷ বাইকখন থকা ঠাইডোখৰ চালে ভালকৈ৷ গেৰেজৰ গ্ৰিল কাটি লৈ গৈছিল বাইকখন৷ সেই সময়ত কামাখ্যা গেট অঞ্চলত বাইক, কাৰ আদি প্ৰায়েই চুৰ হৈ আছিল৷ মনবোৰ বেয়া লাগি আছিল সবৰে৷ বাইকখন যে ঘূৰাই পোৱা যাব তাৰ আশা খুবেই ক্ষীণ আছিল, তথাপি কিবা এটা হয়েই নেকি তাৰেই আশাত আছিলো আমি৷ সিদ্ধাৰ্থৰ অৱস্থাটো বেয়া হৈ গৈছিল৷ বেচেৰাই দিনটো গুৱাহাটীখন ঘূৰি ফুৰিব লাগে, সেয়ে টকা পইচা অলপ গোটাই বাইকখন লৈছিলহে মাত্ৰ৷

পিছদিনা থানাৰপৰা তাক অ’চিয়ে মাতি পঠিয়ালে৷ এজাহাৰখনত “উইটনেছ”ৰ নাম, ঠিকনা ইত্যাদিৰ প্ৰয়োজন হৈছিল৷ অগত্যা “ৱালমেট” হিচাপে ময়েই যাব লগা হ’ল৷

গ’লো দুয়োটাই পিছদিনা৷ তাকো ৰাতি৷ দিনত অ’চি ছাৰ কিবা কামত বাহিৰলৈ যাব লগা হোৱাৰ কাৰণে আমাক ৰাতি ৯ মান বজাত থানালৈ যাবলৈ কৈছিল৷

প্ৰায় ৮.৩০ মান বজাত আমি মালিগাঁও থানাত গৈ উপস্থিত হ’লোগৈ৷ ইয়াৰ আগতে মোৰ থানালৈ যোৱাৰ অভিজ্ঞতা একেবাৰেই নাছিল৷ তাতে ৰাতি-বিয়লি কোনোবা পুলিচ থানালৈ সপোনতো যোৱা নাছিলো৷

অ’চি ছাৰ আহি পোৱা নাছিল৷ তাত উপস্থিত থকা বেলেগ পুলিচ বিষয়া এজনক অ’চি ছাৰৰ কথা সোধাত আমাক বাৰাণ্ডাত থকা বেঞ্চ এখনত বহিবলৈ দি অপেক্ষা কৰিবলৈ ক’লে৷

বহি থাকিলো দুয়োটাই৷ বেৰত থকা ন’টিচ ব’ৰ্ড কিছুমানত ক্ৰিমিনেল কিছুমানৰ ফটো আৰু নাম-ধামবোৰ লিখি ফটো মাৰি থৈ দিয়া আছিল৷ সেইবোৰতে চকু ফুৰালো৷ পৰেশ বৰুৱাৰপৰা গৰু চোৰলৈকে ফটো লগাই থোৱা আছিল তাত৷ সময়বোৰ লাহে লাহে গৈ থাকিল৷ মনত ভাবি গৈছিলো থানালৈ গৈ খুব সোনকালে ঘূৰি আহিব পাৰিম৷ যিহেতু উইটনেচৰ নাম ঠিকনা আদিৰ কাৰণেহে মাতিছে, অ’চি ছাৰক লগ কৰিয়েই ঘূৰিব পাৰিম৷

বহি থাকিলো৷ থানাৰ ভিতৰত মানুহবোৰৰ ৰেহ ৰূপবোৰ চাই থাকিলো৷ কিছুমান মানুহ আহিছে, কিছুমান ঘূৰি গৈছে৷ কিছুমানে কোনোবা পুলিছ বিষয়াক লগ কৰিবলৈ আহিছে, কিছুমানে গোচৰ দিবলৈ আহিছে আৰু কিছুমানক পুলিছে ধৰি আনিছে৷ মুঠৰ ওপৰত আহিছে মানুহ, গৈছে মানুহ! কিন্তু প্ৰায়ে শুনা এটা কথা মনত পৰিবলৈ ধৰিলে, ৰাতি বিয়লি ভাল মানুহ পুলিছ থানালৈ নাযায়! কিবা নহয় কিবা অপৰাধৰ লগত জড়িত মানুহহে থানাত উপস্থিত হ’ব লাগে!

লাহে লাহে পৰিবেশটো দুয়োটাৰে আচহুৱা লাগি আহিবলৈ ধৰিলে৷ বাৰাণ্ডাতে দুজন পহৰা দি থকা পুলিচে ইফাল সিফাল কৰি আছিল৷ অলপ বয়সিয়াল৷ আমি দুয়োটাই অলপ সৰু সৰুকৈ নিজৰ মাজতে কিবা কিবি কথা পাতি থাকিলো কিন্তু ৰাতি হৈ গৈ থকাৰ বাবে থানাৰ ভিতৰৰ পৰিবেশটো অাৰু অস্বস্তিকৰ হৈ উঠিবলৈ ধৰিলে৷
অলপ পিছত দুটামান চোৰক ধৰি লৈ অনা দেখিলো৷ পুলিচকেইজনৰ মুখত অশ্ৰাব্য গালি গালাজ৷ বেছিভাগেই মাতাল হৈ আছে! দুজনমানে আকৌ এক্সিডেণ্ট কেছক লৈ হাঁহাকাৰ কৰি আছিল সিফালে থকা ট্ৰেফিক পুলিছৰ ৰুমকেইটাত!

মনে মনে ভাবিলো, “ক’তনো আহি পালোহি আজি!”

অলপ পিছত ছাব-ইন্সপেক্টৰৰ নিছিনা পুলিচ বিষয়া এজন সোমাই আহিল৷ আমাৰ পিনে এবাৰ কেৰাহিকৈ চালে আৰু পহৰা দি থকা পুলিচজনলৈ চাই ক’লে, “ঐ ক’ৰপৰা ধৰি লৈ আনিলি ঐ এইকেইটাক?”
দুয়োটাই চক খাই উঠিলো!

“অ’ ছাৰ, অ’চি ছাৰক লগ কৰিবলৈ আহিছে৷ ছাৰ আহি পোৱা নাই কাৰণে ৰৈ আছে৷” কান্ধত থকা থ্ৰি নট থ্ৰি ৰাইফলটো ঠিক ঠাক কৰি লৈ পুলিচজনে উত্তৰ দিলে৷

তেওঁ তীক্ষ্ণ দৃষ্টিৰে আমাৰ ফালে এবাৰ চালে! অগত্যা একো নকৈ পুলিচ বিষয়াজন গপগপাই ৰুমলৈ সোমাই গ’ল৷ দুয়োটাই সেমেনা সেমেনি কৰি ইফালে সিফালে চালো৷

“চাল্লা ক’লৈ আহিলো এই ৰাতিখন! দিনত অহা হ’লেই হ’লহেঁতেন৷” সিদ্ধাৰ্থৰ পিনে চাই ক’লো ৷

“আমাকো এতিয়া ক্ৰিমিনেল বুলিহে ভাবিব ইয়াত!” সি ফুচফুচাই ক’লে৷

বহু সময় এনেকৈ পাৰ হৈ গৈ থাকিল৷ অ’চি ছাৰ আহি নাপাইহে নাপায়! বহি থাকিলো দুয়োটাই বাৰাণ্ডাৰ বেঞ্চখনতে৷ গৰম দিন৷ মহে ডাঁহে ভালকৈ বহি থাকিবলৈও দিয়া নাই দুয়োটাকে৷ ঘড়ীটোলৈ চাই আছোঁ মাজে মাজে৷ প্ৰায় ১০.৩০ মান পাৰ হৈ গৈছে৷ গৰম দিন কাৰণে সিমান ৰাতি হোৱা যেন অনুভৱ নহয়৷ তাতে মালিগাওঁ চাৰিআলি ঠাইখনত বহুত ৰাতিলৈকে জনাসমাগম হৈ থাকে৷ ৰাতি বহু দেৰীলৈকে সাৰে থাকে মানুহবোৰ৷

হঠাৎ থানাখনৰ সন্মুখৰ ঘৰটোত অলপ হৈ হাল্লা শুনিলো৷ ডিঙি মেলি চাই কি হৈছে গম ল’বলৈ চেষ্টা কৰিলো৷ কোনোবা দুটামানক ধৰি আনিছে৷ এক্সিডেণ্ট কেচ৷ অলপ ডাঙৰ ডাঙৰকৈ কোৱা পুলিচ কেইজনমানৰ কথা শুনি গম পালো, কোনোবা ট্ৰেকাৰ দ্ৰাইভাৰে পাৰ্কিং কৰি থোৱা গাড়ীত খুন্দিয়াইছে৷ হাল্লা হৈছে৷ পোন্ধৰ বিশজনমান মানুহৰ সমাগম হৈছে৷

আমনি লাগিবলৈ ধৰিছিল বহি বহি৷ ইফালে ভোক লাগিবলৈ ধৰিছিল৷

“চাল্লা ভাত কেইটামান খাই অহা হ’লেই ভাল আছিল! এতিয়া এই ৰাতিখন ৰুমলৈ গৈ ভাত ৰান্ধি থাকিবলৈ শক্তি নাই আৰু!”

ভাতৰ কথা মনলৈ অহাৰ লগে লগে আৰু দেৰী কৰি নাথাকিলো৷ পকেটৰপৰা মোবাইলটো উলিয়াই জুনিয়ৰ ল’ৰা এজনলৈ ফোন লগালো আৰু দুজনৰ কাৰণে ভাত বেছিকৈ ৰান্ধি থ’বলৈ ক’লো৷ থানাত কিমান দেৰি হয় ক’ব নোৱাৰো! অচি ছাৰ আহি পালেই যেন মুক্তি পাওঁ৷

“আৰু কিমান ৰ’ব লাগিব বে?” তাৰ পিনে চাই ক’লো৷
“তাকেইতো! অলপ সময় থাকো৷ আহি নাপালে ঘূৰি যাম৷ যি হয় দেখা যাব, কাইলৈ আহিম৷”
‘উম”!

সিদিনা আছিল বিশ্বকৰ্মা পূজাৰ আগদিনা৷ ১৬ চেপ্তেম্বৰ৷ মালিগাওঁ চাৰিআলিৰ থানাৰ ওচৰৰ সেইখিনি ঠাইত পূজাৰ মূৰ্তি, সামগ্ৰী আদিৰ ডাঙৰ বজাৰ বহে৷ মানুহবোৰ পূজাৰ বজাৰ কৰাত ব্যস্ত৷
“চাল্লা বাইকখন কিনি বিশ্বকৰ্মাৰ নামত পূজা এভাগো কৰিব নাপালো বে!” কিবা এটা ভাবি থকাৰপৰা সাৰ পাই হঠাতে সিদ্ধাৰ্থই মোৰ পিনে চাই কৈ উঠিল৷
কথাটো শুনি বেয়া লাগিল৷ হাজাৰ হওক, নিজৰ উপাৰ্জনৰ টকাৰে লোৱা প্ৰথম বস্তু আছিল তাৰ!

প্ৰায় আধা ঘণ্টামানৰ পিছত “ছেকেণ্ড ইন চাৰ্জ”ৰ নিচিনা (ভাবি লৈছোঁ) পুলিচ বিষয়া এজন আহি ওলাল৷ ঢলং পলং খোজ৷ দেখিলেই গম পাই যে টেঁটুলৈকে গিলি আহিছে৷ ওপৰৰ খাকী চোলাটোত বুটামকেইটাৰ শেষৰটো লাগি আছে যেনে তেনে! খাকী চোলাৰ তলত পিন্ধি থকা বগা গেঞ্জিটো ধুনীয়াকৈ ওলাই আছে৷ দুয়ো হাতত দুটা প্ৰকাণ্ড প্ৰকাণ্ড মোনা৷ বাহিৰৰপৰাই গম পাই বহুত কিবাকিবি বজাৰ সমাৰ কৰি আনিছে৷ মদ-পানী টুপিও অলপ বেছিকৈয়েই ধৰি আহিছে৷ তেওঁক দেখি লৰালৰিকৈ পহৰা দি থকা পুলিচ দুজন আগবাঢ়ি গ’ল৷ বিষয়াজনৰ খোজৰ কোনো স্থিতিয়েই নাই! একেবাৰে ঢলং পলং! তাতে পিন্ধি থকা পেণ্টটোও উৰুৰপৰা গোটেইটো ভিজি আছিল৷ পহৰা দিয়া পুলিছ এজনে আগবাঢ়ি গৈ মোনা এটা দাঙি লৈ সহায় কৰি দিলে৷

অলপ বয়সীয়াল যেন লগা আনজন পুলিচে সসন্মানে চেলুট দি সুধিলে, “ছাৰ বহুত বজাৰ কৰিলে নেকি?”
“এহ, কাইলৈৰ পূজাৰ কাৰণে বজাৰ অলপ কৰিছোঁ৷ বাইদেউৰাই ফোন কৰি বজাৰ সমাৰ কৰি নিবলৈ দিছে নহয়৷ একেবাৰে মূৰ গৰম কৰি দিছে হে!” ছাৰে কোনোমতে পাক খাই যাব খোজা জিভাৰেই কথাকেইটা কৈ কৈ নিজৰ ৰুমত সোমালগৈ৷ গোটেইখন ভেঁকেটা ভেঁকেটা গোন্ধ বিয়পি গ’ল!

আমি দুয়োটাই মনে মনে ঘটনাবোৰ চাই থাকিলো!

ইফালে “ছাৰে” নিজৰ ৰুমত সোমাল কি নোসোমাল আমাৰ সন্মুখত পহৰা দি থকা বয়সীয়াল পুলিচজনে মুখৰ ভিতৰতে ভোৰভোৰাই কৈ উঠিল, “ইচ কে.. বেটাই ক’ত টেঁটুলৈকে গিলি আহিল! কে… পেণ্টতে মুতিলে নেকি!”

কথা শুনি চক খাই উঠিলো! ঠিকেই শুনিছোঁনে! অলপ অাগতে চেলুট দি সসন্মানে মাত দিছিলহে!

তৎক্ষণাত দুয়ো দুয়োৰে মুখৰ পিনে চালো আৰু পুলিচজনৰ পিনে মুখ ঘূৰালো৷ আমাৰ পিনে চাই পুলিচজনে চকুৰে ইচাৰা কৰি ক’লে, “দেখা নাই?”

বেঙাৰ দৰে মুখখন মেলি দুয়োটাই মূৰ দুপিয়ালো, “ অঁ অঁ!”

☆★☆★☆

2 Comments

  • মানসী বৰা

    পৰিবেশটো চকুৰ আগত দেখি গ’লোগে..পঢ়ি ভাল লাগিল…

    Reply
  • Anonymous

    ভাল লাগিল দেই…👍👍

    Reply

Leave a Reply

Your email address will not be published.