ফটাঢোল

ইংৰাজী ব্যংগ সাহিত্য: এক চমু অৱলোকন – মৌচুমী বৰুৱা

ব্যংগ সাহিত্য(Satire) সাহিত্যৰে এক ধাৰা৷ ব্যংগ সাহিত্যই সাহিত্যৰ জগতখনত এক বিশেষ স্থান অতীজৰে পৰা অধিকাৰ কৰি আহিছে৷ ব্যংগ সাহিত্য মানেই স্থূল হাস্যৰস নহয়৷ এনে সাহিত্য সৃষ্টিৰ অন্তৰালত থাকে পাঠকক হাঁহিৰ চলেৰে কিছুমান কথা ভাবিবলৈ বাধ্য কৰা৷ ওপৰুৱাকৈ চালে এনে ব্যংগৰচনা বোৰ কেৱল পাঠকক হহুৱাবলৈকে ৰচনা কৰা যেন লাগিব৷ কিন্তু গভীৰভাৱে ভাবি চালেহে তাৰ অন্তৰালত থকা মূল কথাখিনি বুজিব পাৰি৷ বুদ্ধিদীপ্ত হাস্যৰস(wit), ব্যংগ, শব্দৰ কৌশলপূৰ্ণ প্ৰয়োগ আদিৰে এজন ব্যংগ লেখকে পাঠকক হাস্যৰসৰ লগতে চিন্তাৰ খোৰাকো যোগায়৷ প্ৰচলিত সামাজিক ভণ্ডামি, শোষণ, দুৰ্নীতি, কুটিল ৰাজনীতি আদি ব্যংগৰ চলেৰে লেখকসকলে দাঙি ধৰা দেখা যায়৷

প্ৰাচীন গ্ৰীচত এৰিষ্টফিনচে প্ৰথম ব্যংগ সাহিত্যৰ জন্ম দিছিল৷ সেইসময়ৰ কিছুমান ৰাজনীতিকৰ কৰ্ম কাণ্ড তেওঁ ব্যংগ নাটকৰ জৰিয়তে উদঙাই দিছিল৷ এৰিষ্টফিনচৰ পূৰ্বে গ্ৰীচত ঈচপৰ দ্বাৰা ৰচিত কিছুমান সাধু প্ৰচলিত আছিল৷ সেইবোৰো কিছুপৰিমাণে ব্যংগ সাহিত্যতে পৰে বুলি সমালোচকসকলে ক’ব বিচাৰে৷ কাৰণ ঈচপৰ সাধুবোৰৰ মূল উদ্দেশ্য আছিল সাধুকথাৰ চলেৰে মানুহক সজাগ কৰা৷

এৰিষ্টফিনচে আৰম্ভ কৰা ব্যংগ সাহিত্যৰ ধাৰাটো আগবঢ়াই নিছিল হ’ৰাচ, চচ্চাৰ, চেমুৱেল বাটলাৰ, ড্ৰাইদেন, শ্বেক্সপীয়েৰ, জনাথন চুইফট, আলেকজেণ্ডাৰ পোপ, ভলটেয়াৰ, জেন অষ্টেন, নিক’লাই গ’গল, এডগাৰ এলেন প’, চাৰ্লচ ডিকেন্স, লুই কেৰল, মাৰ্ক টুৱেইন, অস্কাৰ ৱাইল্ড, জৰ্জ বাৰ্ণাড শ্ব, এণ্টন শ্বেখভ, অ’ হেনৰী, গুণ্টাৰ গ্ৰাছ আদি বিখ্যাত লেখকসকলে৷ বৰ্তমানেও বিভিন্ন জনে বিভিন্ন মাধ্যমত এই ধাৰা অব্যাহত ৰাখিছে৷

ইংৰাজী ব্যংগ সাহিত্যৰ পৰিসৰ ইমানেই ব্যাপক যে সকলো দিশ সামৰি লোৱা এই আলোচনাত সম্ভৱ নহয়৷ সাহিত্যৰ এগৰাকী সাধাৰণ ছাত্ৰী হিচাপে কেইখন মান বিখ্যাত আৰু কালজয়ী ব্যংগ গ্ৰন্থৰ বিষয়ে ইয়াত চমুকৈ আলোকপাত কৰাৰ প্ৰয়াস কৰিছো৷

’ দ্যা কেণ্টাৰবেৰী টেলচ’( The Canterbury Tales )
জিঅ’ফ্ৰী চচ্চাৰৰ ’কেণ্টাৰবেৰী টেলচ’ খন ইংৰাজী ভাষাত ৰচিত ব্যংগধৰ্মী এখন কালজয়ী গ্ৰন্থ৷ আধুনিক ইংৰাজী সাহিত্যৰ পথপ্ৰদৰ্শক চচ্চাৰৰ এইখন ২৪ টা গল্পৰ এখন সংকলন৷ ১৩৮৭- ১৪০০ চনৰ ভিতৰত তেওঁ এই গল্প কেইটা লিখি ওলিয়াইছিল৷ চচ্চাৰৰ সেই সময়খিনিৰ যেন জীৱন্ত দলিল এই ’কেণ্টাৰবেৰী টেলচ’৷ কিতাপখনৰ পাতনিটোত (prologue) তেওঁ সেইসময়ৰ গীৰ্জাত প্ৰচলিত দুৰ্নীতি আৰু ভণ্ডামীবোৰ ব্যংগৰ মাজেৰে উদঙাই দিছে৷ প্ৰকাশৰ ৬০০ বছৰ পাছতো এইখন এখন বহুল পঠিত গ্ৰন্থ৷
’দ্য ৰেপ অব দ্য লক’ (The Rape of the Lock ১৭১২) ইংৰাজী সাহিত্যৰ আন এখন উল্লেখনীয় ব্যংগ পুথি৷ আলেকজেণ্ডাৰ পোপে ৰচনা কৰা এই সুদীৰ্ঘ কাব্যখনক মক-এপিক (Mock epic) বুলি কোৱা হয়৷ পোপে এই গ্ৰন্থখনত সেইসময়ৰ অভিজাত লোকসকলৰ খেয়ালী জীৱন, ফোপোলা চিন্তা চৰ্চা, মহিলাসকলৰ ধুন পেচ আদিক তীব্ৰভাৱে ব্যংগ কৰিছে৷
নায়িকা বেলিন্দাৰ চুলিৰ অলকা (Lock )এডালক লৈ সমগ্ৰ কাহিনী আগবাঢ়িছে৷ এজন বেৰনে সুন্দৰী বেলিন্দাক প্ৰেমৰ প্ৰস্তাব দিছিল৷ কিন্তু সেই প্ৰস্তাৱত বেলিন্দাই সঁহাৰি নিদিয়াত তেওঁ প্ৰতিশোধৰ সংকল্প লয়৷ সেই উদ্দেশ্যৰেই এটা পাৰ্টিত বেলিন্দাৰ চুলিৰ অলকা একোচা কেঁচিৰে কাটি পেলায়৷ এই সাধাৰণ কাজিয়াখনকে লেখকে ব্যংগ কৰি মহাকাব্যিক যুদ্ধ এখনৰ ৰূপ দিছে৷ কেনেকৈ এচাম অভিজাত মানুহে সাধাৰণ মানুহৰ দুখ দুৰ্দশাক গুৰুত্ব নিদি সাধাৰণ চুলিএকোচাক লৈ কাজিয়া কৰি সময় কটাইছে সেয়াই কাব্যখনত অন্তনিৰ্হিত হৈ থকা মূল ব্যংগ৷

মেক ফ্লেকন’ ( Mac Flecknoe 1682 ):
জন ড্ৰাইদেনৰ ’মেক ফ্লেকন’ আছিল তেওঁৰ সমসাময়িক কবি থমাচ শ্বেডৱেলক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি লিখা এখন মক-এপিক৷ কোনো এজন লোকক মূৰ্খ বুলি প্ৰমাণ কৰিবলৈ যাওঁতে ড্ৰাইদেনে যি উচ্চমানৰ ব্যংগ আৰু শব্দৰ ব্যৱহাৰ কৰিছে পঢ়িলে বুজিব পাৰি৷ সেইবাবেই এইখনক ইংৰাজী ভাষাৰ এখন উল্লেখনীয় ব্যংগ কাব্য আখ্যা দিয়া হয়৷

চনেট ১৩০ (Sonnet 130 ):
শ্বেক্সপীয়েৰে চনেট ১৩০ লিখিছিল সেইসময়ৰ একঘেয়ামী ৰোমাণ্টিক চনেটবোৰৰ ভাব -ভাষাক ব্যংগ কৰি৷ তেওঁৰ সমসাময়িক কবিসকলে নিজৰ প্ৰেয়সীৰ কথা কবিতাত ইমানেই অতিৰঞ্জিত কৰি লিখিছিল যে বাস্তৱৰ লগত একেবাৰেই খাপ নাখাইছিল৷ প্ৰেয়সীক জোন, বেলি, তৰা আদিৰ লগত তুলনা কৰি লিখা কবিতাৰে ভৰি পৰিছিল৷ শ্বেক্সপীয়েৰে ইয়াৰ বিপৰীতে লিখিছিল
My mistress’ eyes are nothing like the sun
Coral is far more red than her lip’s red
সেইসময়ৰ কবি সকলে প্ৰেয়সীৰ চকুযুৰিক ৰঙা বেলিটোৰ লগত তুলনা কৰি চনেট লিখিছিল৷ কিন্তু শ্বেক্সপীয়েৰে লিখিছিল মোৰ প্ৰেয়সীৰ চকুযুৰিচোন বেলিটোৰ দৰে নহয়৷

গালিভাৰচ ট্ৰেভেলচ (Gulliver’s Travels ):
গালিভাৰচ ট্ৰেভেলচৰ নাম নুশুনা মানুহ খুৱ কম আছে৷ বিশ্বৰ প্ৰায়ভাগ ভাষালৈ অনুদিত হৈছে জনাথন ছুইফটৰ এই সামাজিক ব্যংগ উপন্যাস খন৷ সেইসময়ৰ ইংলেণ্ডত চলি থকা ধৰ্ম, পৰম্পৰা, আচাৰ অনুষ্ঠান, ৰীতি নীতি, ৰাজনীতি আদিয়ে লেখক ছুইফটক ইমানেই হতাশ কৰিছিল প্ৰতিবাদ হিচাপে তেওঁ এই উপন্যাস খন লিখি উলিয়াইছিল৷ এই সকলোবোৰকে তেওঁ তীব্ৰ ভাষাৰে ব্যংগ কৰিছে ’গালিভাৰচ ট্ৰেভেলচ’ত৷ গালিভাৰে ভ্ৰমণ কৰি ঘূৰি ফুৰোতে লগ পোৱা মানুহ আৰু বিভিন্ন ঘটনাৰ মাজেৰে ছুইফটে সেইসময়ৰ সমাজখনৰ স্বৰুপটো উদঙাই দেখুৱাইছে৷ উপন্যাসখনত ‘লিলিপুট’ আৰু ‘ব্লেফাচকু’ নামৰ দুখন কাল্পনিক দ্বীপ ৰাষ্ট্ৰৰ কথা আছে৷ গালিভাৰে ফুৰি ফুৰোতে এবাৰ লিলিপুটৰ দেশত উপস্থিত হয়গৈ৷ তাতগৈ গালিভাৰে দুখনমান আচহুৱা কাজিয়াৰ কথা গম পায়৷ লিলিপুটবিলাকে কণীৰ সৰুফালে ভাঙি খোৱাটো সমৰ্থন কৰে৷ ব্লেফুচকানচখিনিয়ে আকৌ কণীটোৰ ডাঙৰফালে ভাঙি খোৱাটো সমৰ্থন কৰে৷ এই কথাটোক লৈয়ে দুয়োখন দেশৰ মাজত কটাকটি মৰামৰি৷ ছুইফটে এই কাজিয়াখনৰ দ্বাৰা ফ্ৰান্সৰ কেথলিক আৰু ইংলেণ্ডৰ প্ৰটেষ্টাণ্ট খিনিৰ মাজত চলি থকা তৰ্ক বিতৰ্কবোৰক ব্যংগ কৰিছে৷

লিলিপুটৰ দেশত আৰু দুটা দল আছে যি অনবৰতে যুদ্ধ কৰি থাকে৷ তেওঁলোকৰ কাজিয়াৰ কাৰণটোও হাঁহি উঠা৷ এটা দলে ওখ গোৰোহাৰ(High Heels) জোতা পিন্ধে আৰু আনটো দলে চাপৰ গোৰোহাৰ(Low Heels ) জোতা পিন্ধে৷ এইটো কথাতে দুয়ো দলৰ মাজত সাংঘাতিক যুদ্ধ৷ আচলতে ছুইফটে হাঁহিৰ চলেৰে সেইসময়ৰ ৰাজনৈতিক দন-খৰিয়াল বোৰক ব্যংগ কৰিছিল৷ তেওঁ ইংলেণ্ডৰ দুটা ৰাজনৈতিক দলক ইয়াত ব্যংগ কৰিছে৷ওখ হিলৰ জোতা পিন্ধা দলটোহ’ল সেইসময়ৰ ইংলেণ্ডৰ ‘টৰী’ দল আৰু চাপৰ হিলৰ জোতা পিন্ধা দ’লটো ‘হুইগ’ দল৷ গালিভাৰচ ট্ৰেভেলচৰ প্ৰতিটো কাহিনী উপকাহিনীৰ দ্বাৰা আচলতে সেইসময়ৰ সমাজখনক ছুইফটে তীব্ৰভাবে ব্যংগ কৰিছে৷ সেইবাবেই এইখনক ইংৰাজী সাহিত্যৰ এখন “মাষ্টাৰ-পীচ” বুলি কোৱা হয়৷

5 Comments

Leave a Reply

Your email address will not be published.