ফটাঢোল

ইঔ ইঔ – প্ৰণব জ্যোতি দত্ত

গুৱাহাটীৰ ৰেল ষ্টেচনত ট্ৰেইনৰ বাবে অপেক্ষা কৰি কৰি ভাৰতীয় ৰেইলউৱেৰ পোহনীয়া ম’হ কেইটা বধি আছো৷ এফালে গেলা গৰমৰ মৰমৰ অত্যাচাৰ৷ তেনেতে সন্মুখত ইঔ এটাৰ আবিৰ্ভাৱ৷ মূৰত বাতি এটা ভৰাই কটা চুলি, কপালত মামৰে ধৰা দুদালমান পৰি আছে৷ পিন্ধনত পঞ্জাৱী চাৰ্ট এটা তলৰ ডুখৰ কাটি পিন্ধী লৈছে ( তেনে কিবা নতুন ফেচনৰ চুলা উলাইছে যদিও নাজানো দেই)৷ আঁঠুৰ ওপৰৰ পৰা ফুলি থকা তলৰখিনি চেপ খোৱা(আগতে চিনেমাত প্ৰাণে ৰজা দিনৰ ভিলেইন ল’লে তেনেকুৱা পেণ্ট জাতীয় কিবা পিন্ধা দেখিছিলো) পেণ্ট জাতীয় কিবা আৰু অদ্ভুত কাপোৰৰ জোতা৷ কাণ দুখনত প্ৰকাণ্ড (পাইলটে ৱ্যবহাৰ কৰা ধৰণৰ) এটা হেডফ’ন৷ ওচৰে পাজৰে থকা মানৱ সকললৈ তেৰাৰ ভ্ৰূক্ষেপ নাই৷ মাথোঁ গান শুনি শুনি চাকিৰা নৃত্যত লাগিল, মাজে মাজে আঙুলি দুটা দেখুৱাই বহি দিয়ে আৰু মুখেৰে এটা মন্ত্ৰ মাতে “ইঔ”
মোৰ কাষতে বহি থকা যাত্ৰী এজনে নৃত্যত অতিষ্ঠ হৈ মুখেৰে ভুৰ ভুৰালে “হাও বেটাই কি এনে হেন গান হোনছা কবাই নাৰে৷”
মই মি. ইঔক শুধিলো “ভাইটি ক’ত যাবা?”
ইঔয়ৰ উত্তৰ “ইঔ ই৷”

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.