ফটাঢোল

ইচ্‌কুল আৰু বিদ্যালয়ৰ বিষয়ে গৱেষণামূলক ৰচনা (গৰমে গৰমে পৰিৱেশন) – বাসৱদত্ত দাস

দ°™ (ডুপ্লিকেট) মাননীয় বাসৱদত্ত দাস ডাঙৰীয়া

(চুৱা)পাতনি : যিসকল ধুম্‌ৰা পণ্ডিতে ‘ইচ্‌কুল’ আৰু ‘বিদ্যালয়’ এই দুই পৃথক অনুষ্ঠানক একেটিয়ে বুলি জ্ঞান কৰি আহিছে, মোৰ এই গৱেষণামূলক লেখাটোৱে তেওঁলোকৰ ভ্ৰান্তি আঁতৰ কৰিব; মানিবেক গ্যাৰাণ্টিৰে ১০০ শতাংশ নিশ্চিতি দি কৈছোঁ। মাথো এই অত্যন্ত গহীন বিষয়ৰ লেখাটো অখণ্ড মনোযোগ প্ৰদান কৰি ধৈৰ্য্যসহকাৰে অধ্যয়ন কৰক; কাৰণ এই লেখাটোৱে দেশ-বিদেশত সমাদৃত হৈ বহুতো বঁটা আঁজুৰি ছিঙি আনিবলৈ সক্ষম হৈছে । ধিক্কাৰ™ বঁটা (বুকাৰৰ বাপেক), লেবেল™ বঁটা (নোবেলৰ আতাক), মাৰপিট™ বঁটা (জ্ঞানপীঠৰ আজো আতাক), সাহিত্যনো কেনি™ বঁটা (সাহিত্য অকাডেমীৰ আদিপুৰুষ) আদি পুৰস্কাৰসমূহ প্ৰাপ্যজনৰ পৰা কাঢ়ি-কুঢ়ি কোনোমতে আনি লগত ৰাখি থৈ দিয়া হৈছে, মূল প্ৰাপকসকলে এতিয়াও বঁটাচোৰ ক’ত বুলি ‘চি বি আই’ত গোচৰ তৰি সন্ধান‌ চলাই আছে। বঁটাৰ লেবেল এটা গাত মৰা থাকিলে যিকোনো লেখাই কালজয় কৰিব পাৰে জানি ডকা-হকা দি হ’লেও পুৰস্কাৰকেইটা নিজৰ দখলত আনি ৰাখি থোৱা হৈছে; গতিকে প্ৰাপ্যজনে পুৰস্কাৰকেইটাৰ ওপৰত হক আদায় নৌকৰোঁতেই ফটাফট লেখাটো পঢ়ি সমাপ্ত কৰক, আৰু বঁটাৰ বাণত ভেলেঙি হৈ লেখাটোক ‘ক্লাছিকতা’ প্ৰদান কৰক।

বিদ্যালয় শব্দটোৰ ব্যুৎপত্তিগত ইতিহাস :

এসময়ত আমাৰ মুলুকত বিদ্যালয় নাছিল; আছিল টোল। আজিৰ পৰা ‘কিবা এটা শ’ বছৰ আগৰ কথা, কোন জানো এজন বিদ্বান লোকে নিজৰ টোলটোকে অলপ ‘মোডিফাই’ কৰিবলৈ ইচ্ছা কৰিলে। তেতিয়া টোলৰ শিক্ষকজনক পণ্ডিত কোৱাৰ চল্‌তি হোৱা নাছিল, কিন্তু এই লোকজনে নিজৰ টোলটোক আধুনিক কৰিবলৈ গৈ তাৰ অৱস্থা যিখন কৰিলে, টোলহেন পৱিত্ৰ অনুষ্ঠান এটাৰ পৰিৱেশ সোপাই বিনষ্ট কৰি সৱ পণ্ড কৰি দিয়া হেতুকে তেওঁক সকলোৱে ‘পণ্ডিত’ বুলি জোকাবলৈ ল’লে, আৰু তেতিয়াৰে পৰা ‘মৰ্ডান’ (mordan!) টোলবিলাকৰ শিক্ষকগৰাকীক পণ্ডিত বোলাৰ ট্ৰেণ্ড এটা চেট হ’ল৷ জনশ্ৰুতি আছে যে, কোনো এজন পুতেকৰ বাপেকে হেনো সেইজন পণ্ডিতৰ টোললৈ নিজৰ পুতেকক নাম লগাই দিব নিবিচাৰি এটা কালজয়ী (পুৰস্কাৰ নোপোৱাকৈয়ে) ‘ডায়লগ’ মাৰিছিল, যিটো ঠিক এনেকুৱাধৰণৰ : “তাৰ (পণ্ডিতৰ) টোলত পঢ়াই ‘কিড্ডাল’ হ’ব এ, ছলিৰ জীৱন পণ্ড হ’ব ।” [উৎস : ইবিলাক চিক্ৰেট, কৈ-মেলি তথ্যবোৰ ইমান সহজলভ্য নকৰোঁ; নহ’লে একেধৰণৰ তথ্যৰে একেজাতীয় লেখাৰ পয়োভৰ ঘটি মোৰ লেখাটোৰ কালজয়ী মহিমা হ্ৰাস কৰিব ]

কালক্ৰমত মোৰ দৰেই, দুষ্প্ৰাপ্য তথ্যবোৰ অতি কষ্টেৰে সংগ্ৰহ কৰি কালোত্তীৰ্ণ লেখা ৰচনা কৰা কোনো লেখকৰ (সেই সময়ত আজিৰ দৰে লেখকৰ নাম চাই লেখা পঢ়াৰ চল্‌তি নাছিল, গতিকে লেখকৰ পৰিচয় বহু সময়ত হেৰাই গৈ লেখাটোহে অক্ষত ৰৈছিলগৈ) কোনো এটা লেখাত এই ‘ডায়লগ’টোত অসাৱধানবশতঃ ছপাশালৰ ভূতে লম্ভি তাত থকা ‘কিড্ডাল’টো ‘বিড্ডাল’ কৰি দিলেহি। সেই সময়ত সেই লেখাটোৱে হেনো খুবেই খ্যাতি অৰ্জন কৰিছিল, আৰু সেয়ে তদানীন্তন টোলবোৰত এই লেখাটো ছপা ভুলেই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। এতিয়া, কণ কণ ‘টুলীয়া’সকলে যেতিয়া পাঠটো সমস্বৰে পঢ়িছিল, ডায়লগটো মাতোঁতে বাহিৰৰ পৰা ঠিক এনেকুৱাকৈ শুনা গৈছিল : “…টোলৰ পৰাই বিড্ডালয় ব” । বাটৰ বাটৰুৱাবিলাকৰ কাণত যেতিয়া এনে ৰূপত ডোখৰা-ডুখৰিকৈ ডায়লগটো আহি পৰিছিলহি, তেওঁলোকে তাৰ অৰ্থ কৰিছিল এনেকৈ, যে টোলবোৰৰ ‘মৰ্ডানাইজেশ্‌ন’ৰ (mordanisation) দ্বিতীয় বতাহজাক বলিছে; এইবাৰ টোলৰ নামেই বদলি ‘বিড্ডালয়’ হ’ব। নামটো কোনেও বেয়া পোৱা নাছিল; গতিকে টোল-কৰ্তৃপক্ষই খোদ জনাওক বা নজনাওক, ৰাইজে কিন্তু নামটোত উছাহেৰে অনুমোদন জনাইছিল। উপায়বিহীন হৈ পণ্ডিতসকলেও নামটো আঁকোৱালি ল’বলৈ বাধ্য হৈ তাক এটা সংস্কৃত ৰূপ দি আখৰ-জোঁটনি ‘বিড্ডালয়’ সলাই ‘বিদ্যালয়’ কৰি ‘টোল’ক বিদায় দিছিল। থোৰতে, ‘বিদ্যালয়’ৰ ব্যুৎপত্তিগত ইতিহাস এয়াই। এই গৱেষণামূলক ৰচনাটোৰ এইখিনিতে ‘বিদ্যালয়’ অনুষ্ঠানটো যে থলুৱা, এই মুলুকৰে সৃষ্টি, সেইটো সিদ্ধ কৰা হ’ল ।

‘ইচ্‌কুল’ শব্দটোৰ ব্যুৎপত্তি বিচাৰ :

বিদ্যালয়ৰ যেতিয়া সোণালী যুগ, তেতিয়া ভৱা হৈছিল যে শিক্ষাৰ এই অনুষ্ঠানটোৰ ‘মৰ্ডানাইজেশ্‌ন’ প্ৰক্ৰিয়াই পূৰ্ণতা পাইছে, কিন্তু সেয়া যে ভুল ধাৰণাহে আছিল তাক প্ৰমাণ কৰিবলৈ এইবাৰ আধুনিকীকৰণৰ তৃতীয়জাক বতাহে আগতকৈয়ো কোবেৰে বলি থলুৱা শিক্ষাব্যৱস্থাৰ ভেটিকণেই থৰক-বৰক কৰি পেলালেহি। বিলাতত পঢ়ি অশুচি হৈ অহা কোনোবা ক’লা চাহাব এজনে আমাৰ ‘বিদ্যালয়’-ব্যৱস্থাৰে চলা শিক্ষাদান পদ্ধতিটোত একুৰি এটা আসোঁৱাহ দেখিলে। গতিকে বিলাতৰ শিক্ষা পদ্ধতিটোক আমাৰ মুলুকত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰিবলৈ গৈ তেও‌ঁ ব্যক্তিগত উদ্যোগত এখন শিক্ষানুষ্ঠানৰ গঢ় দিলে। নিজে অৰ্জা, পিতৃপুৰুষে জমোৱা লক্ষ-অৰ্বুদ ধন সেই অনুষ্ঠানটোত খটাই, পৈতৃক ভেটিত প্ৰাসাদোপম গৃহ সাজি তেওঁ নিজৰ স্বপ্নৰ শিক্ষানুষ্ঠানটোক গঢ় দিলে। বাটৰ বাটৰুৱাই আগেৰে অহা-যোৱা কৰোঁতে চালে চকুৰোৱা, দেৱগৃহ যেন ঘৰটোলৈ চাই “ৱাও, ইট্‌চ্‌ কূউল” বুলি কৰা মন্তব্যই শেষলৈ অট্টালিকাটোৰ পৰিচয়সূচক টাৰ্ম হৈ পৰিল, আৰু কালক্ৰমত ইয়েই অনুষ্ঠানটোক আজিৰ ‘ইচ্‌কুল’ নামটো প্ৰদান কৰিলে। ক’লা চাহাবে বাটৰুৱাসকলক অট্টালিকাটোৰ ভিতৰভাগ দেখুওৱাৰ নামত ৰূপ কুৰিকৈ খৰছ কৰাই টিকট দিয়াৰ চিষ্টেম কৰিছিল, আৰু পেন্দুকোনাবিলাকৰ কাৰণে ফ্ৰীতে চোৱাৰ ব্যৱস্থা কৰিছিল। অতীজৰে পৰা লাভতে চলিব খোজাৰ দুৰ্নাম পিঠিত ফলক কৰি কঢ়িয়াই লৈ ফুৰা আমাৰ মুলুকীয়াসকলে তেতিয়া চান্স পাই ডান্স কৰি স-সন্ততিয়ে অট্টালিকাটোত সোমাই ওভোতাৰ পৰত বাপেকে পুতেকক, মাকে জীয়েকক বিভিন্নটা বাহানা দেখুৱাই দিনটোলৈ তাতে এৰি থৈ অহাৰ ফন্দি কৰিলে। গতিকে উপায় নোপোৱা হৈ ক’লা চাহাবেও ক’লী মেম্‌নীৰে লগ লাগি পৰৰ ছলিক “এ ফৰ এপুল, বি ফৰ বিপুল” আদি বিলতীয়া গিয়ান দিবলৈ বাধ্যত পৰিল। এনেদৰেই ‘ইচ্‌কুলীয়া’ শিক্ষা ব্যৱস্থাটোৰ এই মুলুকত হেনো আৰম্ভণি। ই এক প্ৰমাদসিদ্ধ তথ্য (ছপাশালৰ ভূতে আমাৰ দৰে যশস্বী লেখকসকলক বৰকৈ নগুৰ-নাকতি কৰে; গতিকে ক’ৰবাত যদি কিবা ছপা ভুল দেখিছে, ইগ্নোৰ কৰক) ।

‘বিদ্যালয়’ আৰু ‘ইচ্‌কুল’ৰ মাজৰ পাৰ্থক্য :

এতিয়া আমি এই গুৰুত্বপূৰ্ণ, নৱযুগসৃষ্টিকৰ লেঠাটোৰ (ছপাৰ ভুলক আওকাণ কৰিব) মূল বিষয়বস্তুলৈ আগবাঢ়োঁ । (চুৱা)পাতনিতেই কৈ অহা হৈছে যে ‘বিদ্যালয়’ আৰু ‘ইচ্‌কুল’ দুটা পৃথক অনুষ্ঠান। এতিয়া তাকে ব্যাখ্যা কৰা যাওক ।

মোৰ ঐতিহাসিক তথ্যখিনিৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই আপোনালোকৰ জ্ঞাত হৈছে যে ‘বিদ্যালয়’ এক থলুৱা সৃষ্টি। টোলৰেই বিৱৰ্তিত ৰূপ এই বিদ্যালয়৷ আনহাতে, ‘ইচ্‌কুল’ৰ ধাৰণাটো আমদানীকৃত, এক বিজতৰীয়া সৃষ্টি।

দ্বিতীয়তে, ‘বিদ্যালয়’ অনুষ্ঠানবোৰ সদায়ে চৰকাৰী; প্ৰাগৈতিহাসিক কালৰে পৰা, আনকি ডায়নোচৰবিলাকেও হেনো এই অনুষ্ঠানটোক চৰকাৰী বুলি মান্যতা দি আহিছিল (উৎস চিক্ৰেট)। ইয়াৰ বিপৰীতে, ‘ইচ্‌কুল’ ইজ অলৱেজ প্ৰাইভেট; এই ধাৰণাটো সৃষ্টিৰ মূলটোৱেই হ’ল প্ৰাইভেট। আৰু সেয়েহে, সৰ্বসাধাৰণৰ দৃষ্টিত “ইট্‌চ্‌ কূউল”! উচ্চশিক্ষিত কৰোৱাৰ সপোন দেখি প্ৰাথমিক শিক্ষাতেই লাওলোৱা হোৱাকৈ বিত ভৰি, ক’ব নোৱৰাকৈয়ে নিজৰ জেপৰ ধনেৰেই “কূউল” কৰি তোলা অনুষ্ঠান এটাৰ বিল্ডিঙৰ ওপৰ মহলাবোৰত পঢ়ুৱায়ে উচ্চশিক্ষাৰ বাবে পো-জীহঁতক মেণ্টেলী সাজু কৰিছোঁ বুলি ভ্ৰম দেখা ‘গাৰ্জেণ্ট’ (gaargent)ৰ চকুতো সেই একেই তাহানিৰ ক’লা চাহাবে টিকট চিষ্টেমত খোলা অট্টালিকাৰ ‘ইচ্‌কুল’ দেখি মোহাচ্ছন্ন হোৱা উপৰিপুৰুষৰ দৃষ্টি।

তৃতীয়টো পাৰ্থক্য ‘প্ৰেষ্টিজগত’ (prestigeগত)। প্ৰেষ্টিজবোধ নাই যদি সন্তানক ‘বিদ্যালয়’ত দি তাহানিৰ পুতেকৰ বাপেকডালৰ ভাষাত ‘জীৱন পণ্ড’ কৰক, অথবা ‘প্ৰেষ্টিজ’ অক্ষুণ্ণ ৰাখি ‘ইচ্‌কুল’ত উচ্চশিক্ষাৰ আখৰিক অনুশীলন কৰাওক।

পাৰ্থক্য নম্বৰ চাৰি, বিনামূলীয়া বনাম এক্সপেন্সিভ। যাচি দিলে সোণৰো মূল্য নাই- এই কথা আমাৰ ‘অহমীয়া’সকলে হাড়ে-হিমজুৱে বুজে। গতিকে, ‘ইচ্‌কুল’ৰ শিক্ষকজন যিমান অযোগ্য হ’লেও, দৰকাৰ হ’লে ‘কো-গাৰ্জেণ্ট’ৰ লগত ছলিৰ ছুটী হোৱালৈ স্কুলৰ আগত এঘণ্টামান আগৰে পৰাই কাম-বন খতি কৰি বোন্দাপৰ দি থাকি বিষয়টো লৈ শিক্ষকজনক গোৱাল গালিয়েই পাৰিব, তাতো একো ফল নধৰিলে বিনামূলীয়া ‘বিদ্যালয়’ৰ পণ্ডিতজনক (অভিধাটো এতিয়াও সলনি হোৱা নাই) ঘৰলৈ মতাই নি টিউশ্‌ন দিয়াবলৈয়ো চাব, তথাপি বিনামূল্যৰ এটা অনুষ্ঠানত পো-জীৰ নামভৰ্তিৰ দুঃস্বপ্ন তেওঁলোকে দিনৰ ভাত-ঘুমটিতো দেখিবলৈ ভয় কৰে।

তাৰ উপৰি, আৰু দুই-এটা সৰু-সুৰা পাৰ্থক্য চকুত পৰে। যেনে- ভেবেলা এটাকো ‘স্মাৰ্ট’ শিৰোনাম প্ৰদান কৰিব পৰা ক’লা যাদু (এই যাদুটো ক’লা চাহাবে উদ্ভাৱন কৰা হেতুকে এই নাম) আছে ‘ইচ্‌কুল’বিলাকত, অথচ ‘বিদ্যালয়’ৰ ছাত্ৰসকল যিমান প্ৰখৰ-মেধাৰেই নহওক কিয়, ‘স্মাৰ্ট’ শিৰোনামটো একমাত্ৰ বিনামূলীয়া বেকগ্ৰাউণ্ডৰ হোৱা বাবেই লাভ কৰিব নোৱাৰে৷ তেওঁলোকৰ বাবে অইন এটা সন্মানহে ‘ইচ্‌কুল’বিলাকৰ ‘স্মাৰ্ট গায়’বিলাকে আছুতীয়াকৈ ৰাখিছে, আৰু সেইটো হ’ল ‘ঢেকেৰা’ সন্মান। আন এটা পাৰ্থক্য হৈছে ‘টিপ্-টপতা’ৰ পাৰ্থক্য৷ কোট-টাই, জোতা-মোজা মাৰি ‘ইচ্‌কুলীয়া’বিলাকৰ বাহাদুৰী মৰাৰ যিটো এক বিশেষাধিকাৰ আছে, ‘বিদ্যালয়’গামীসকলৰ সেই বিলাসিতাটো কপালত ষড়যান্ত্ৰিকভাৱে নাই। কিয় নাই, খেনোৱে বাৰু হাই-কমাণ্ডক সুধি নেতিবাচক কাৰণ হ’লে তাক তাপ মৰাই থ’ব৷ ‘টিফিন’ নামৰ এটা লাগ্‌ঝুৰিয়াছ ফেচিলিটীৰ বিপৰীতে দৈনিক চাৰিটকীয়া সাহায্যত লাভ কৰা মধ্যাহ্ন-ভোজনৰ সুবিধাৰ পাৰ্থক্যটোও আন এটা উল্লেখিবলগীয়া পাৰ্থক্য।

সামৰণি: মোৰ এই বিশ্বসমাদৃত, ৰসোত্তীৰ্ণ, তথ্যমূলক লেখাটো পঢ়ি ধুম্‌ৰা পণ্ডিতবিলাকৰ ভ্ৰান্ত ধাৰণা আঁতৰ হৈ তেওঁলোকৰ জ্ঞানচক্ষু মেল খালে বুলি মই এতিয়া নিশ্চয় ধৰি ল’ব পাৰোঁ। কৃতজ্ঞতা বাৰু মোক পিছে-পৰেও জনাব পাৰিব; ইমান বিখ্যাত হৈ উঠাৰ পিছতো কিন্তু মই ভেম নেদেখুৱাও, সেই কাৰ্য্যৰ বাবে আছুতীয়াকৈ এপইণ্টমেণ্টৰ দিন এটা নিশ্চয় ঠিক কৰি ৰাখিম। কিন্তু, এই লেখাটো পঢ়ি উঠি আপোনালোক পাঠক সমাজৰ ফালৰ পৰা আদৰতে মোক ‘তথ্যৰাজ’, ‘বুৰঞ্জীকোঁৱৰ’জাতীয়, অন্য মোতকৈ কম বিখ্যাত লোকসকলক দিয়াৰ লেখীয়াকৈ, উপাধি-চুপাধি দিবলৈ পিছে নাপাহৰিব। মোৰ তাত সাধ্যে যিকেইটা বঁটা জব্দ হৈ আছে, তাৰ হকদাৰসকলে অতিশীঘ্ৰে সেইবোৰ উদ্ধাৰ কৰি নিবলৈ আহি আছে, জি পি এছ ট্ৰেক কৰোঁতে আজিয়েই তেওঁলোক আহি পাবহি যেন লাগিছে। গতিকে, মই বৰ্তমান বঁটা-সংকটত ভুগি আছোঁ। সকলোৱে জানে, বঁটাৰ ছায়া নাথাকিলে সেই লেখকৰ সকলো লেখা বৃথা। গতিকে, লেখাটো পঢ়ি অঁতায়ে ইউনিক বঁটা এটা নিজৰ জেপ খালি কৰি হ’লেও (যিহেতু আপোনালোক ‘গাৰ্জেণ্ট’সকলৰ এইটো পিতৃত্ব বা মাতৃত্বগত স্বভাৱ বা অভ্যাসেই) সৃষ্টি কৰি যেনেতেনে মোক সন্মানিত কৰি ধন্য কৰক নামেৰেই খাই থকাৰ এক অদম্য হেঁপাহ মোৰো আছে। মোৰ নাম চায়ে মোৰ লেখাবোৰো (তাহানি ক’লা চাহাবৰ দেৱগৃহহেন অট্টালিকাটো আপোনাৰ পূৰ্বপুৰুষসকলে ভেলেঙি-দৃষ্টিৰে চোৱা দি) পঢ়ি আপোনালোকে সুউচ্চ প্ৰশংসা কৰিব- সেয়া ময়ো বাঞ্ছা কৰোঁ। গতিকে, প্ৰথমে মোৰ এই লেখাটোক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰি ‘ক্লাছিকতা’ প্ৰদান কৰক, আৰু তাৰ পিছৰ পৰা বঁটাৰ দয়াত আৰু নামৰ ছায়াত ৰচা মোৰ পৰৱৰ্তী লেখাবোৰ বাণ মৰা পাঠক হৈ উপভোগ কৰক। এইটো এক উচ্চাকাংক্ষা মনতে সাঁচি থৈ মোৰ এই গৱেষণামূলক, তত্ত্বগধুৰ লেখাটিৰ মই ইমানতে মোখনি মাৰিলোঁ।

☆★☆★☆

5 Comments

  • ৰিণ্টু

    ক্ষুৰধাৰ, এটাই শব্দ

    Reply
  • হেমন্ত কাকতি

    লেখাটিৰ ‘টিপ টপতা’ ৰ ওপৰত মন্ত্যব্য দিবলৈ ৷

    ফালি দিছে৷

    Reply
  • বাসৱদত্ত দাস

    মোৰ এই লেখাটো আলোচনীখনত প্ৰকাশ কৰাৰ বাবে “ফটাঢোল”ৰ সম্পাদনামণ্ডলীক অশেষ ধন্যবাদ জনালোঁ ।

    Reply
  • চন্দন

    চমৎকাৰ…..

    Reply
  • Anurup Mahanta

    বঢ়িয়া লিখিছিল দেই। ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.