ফটাঢোল

ইঞ্জিনটোৰ বাবে হোৱা সমস্যা – মূল: আৰ কে নাৰায়ণ অনুবাদ – অনুৰূপ মহন্ত

মহাবাতুনিয়ে কৈছিল,

আজি বহু বছৰ আগতে আমাৰ ঠাইখনলৈ ‘গেটলেণ্ড’ নামৰ মেলা এখন আহিছিল। ৰাতিৰ ভিতৰতে জিমখানা ক্লাবৰ ফিল্ডখন বিভিন্ন ৰঙৰ পতাকা, লাইটৰ বাল্ব আৰু পোষ্টাৰেৰে সজাই পৰাই তোলা হ’ল। মেলা চাবলৈ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিবলৈ ধৰিলে। মেলা আৰম্ভ হোৱাৰ এসপ্তাহৰ পৰাই প্ৰতি দিনে মেলাৰ মালিকৰ উপাৰ্জন পাঁচশ টকা পৰ্যন্ত হ’বলৈ ধৰিলে। মেলাত বিভিন্ন ধৰণৰ খেল, যাদু, নৃত্য আদিৰ প্ৰদৰ্শন হ’বলৈ ধৰিলে। মাত্ৰ দুইঅনা পইচাৰে মেলাত সোমোৱাৰ টিকট কিনি ভাটৌবিলাকে প্ৰদৰ্শন কৰা সৰু সৰু খেলৰপৰা আৰম্ভ কৰি ‘মৌত কা কুঁৱা’ত গোল গোল কৈ তীব্ৰ গতিত মটৰ চাইকেল চলোৱাৰ শিহৰণকাৰী প্ৰদৰ্শনলৈকে সকলো চোৱাৰ ব্যৱস্থা আছিল।

এই বিলাকৰ উপৰিও মেলাখনৰ মুখ্য আকৰ্ষণ আছিল বিভিন্নধৰণৰ লটাৰী খেলৰ দোকান কেইখন। তাত একঅনাৰ পৰা টিকট লোৱাৰ ব্যৱস্থা আছিল, য’ত এশ টকালৈকে জিকাৰ সুবিধা আছিল।

সেই লটাৰী বিক্ৰী কৰা দোকান কেইখনৰ মাজৰে এখন বিশেষ দোকানত বহুত ভীৰ হৈছিল। তাত আঠঅনা দামৰ টিকট বিক্ৰী কৰিছিল আৰু পুৰস্কাৰ বিলাকো দামী দামী আছিল যেনে- ডালনব চোফা, চিলাই কৰা মেচিন, কেমেৰা ইত্যাদি৷ তাত আনকি ‘ৰ’ড ৰ’লাৰ’ এখনো পুৰস্কাৰ ৰূপে আছিল।

এদিন খেলৰ ফলাফল ঘোষণা কৰিলে। প্ৰথম পুৰস্কাৰ পোৱা নম্বৰটো আছিল ১০০৫, মোৰ টিকটটো চাই দেখোঁ, সেইটোচোন মোৰেই নম্বৰ। টিকটটো হাতত লৈ মই খেল খেলোৱা মানুহজনৰ ফালে আগুৱাই গ’লোঁ। মানুহজনে মোৰ হাতৰ পৰা টিকটটো লৈ মোৰ ফালে চাই ক’লে যে মই প্ৰথম পুৰস্কাৰ হিচাপে এখন ‘ৰ’ড ৰ’লাৰ’ পাইছোঁ। এতিয়া মোক যদি আপুনি সোধে লটাৰী খেলত ‘ৰ’ড ৰ’লাৰ’নো পুৰস্কাৰ হিচাপে থাকে নে, তেতিয়া কথাটো বুজাবলৈ মই যথেষ্ট কষ্ট কৰিব লাগিব।

বাৰু যা হওক, মই সেইখন পুৰস্কাৰ পোৱা বুলি শুনি কি কৰোঁ কি নকৰোঁ ভাবি ঠাইতেই থৰ লাগিলোঁ। সকলোৱে মোক এনেদৰে ঘূৰি ঘূৰি চাইছিল যেন মই চিৰিয়াখানাৰ কিবা আচৰিত জন্তুহে। বহুতেই হাঁহি হাঁহি আহি মোক সেইখন কি কৰিব বুলি সুধিবলৈ ধৰিলে।

মই পোৱা এইটো পুৰস্কাৰ এনেকুৱাও নাছিল যে মই নিজেই উঠাই তাক ঘৰলৈ লৈ যাব পাৰোঁ। সেয়ে মই লটাৰী খেলোৱা মানুহজনক সুধিলোঁ যে এইখন ইয়াৰ পৰা ঘৰলৈ নিবলৈ তেওঁ মোক কিবা সহায় কৰি দিব পাৰিবনে? পিচে তেওঁ মোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বেৰত আঁৰি থোৱা জাননী এখনহে দেখুৱাই দিলে, য’ত লিখা আছিল- পুৰস্কাৰ পোৱাজনে নিজেই নিজৰ পুৰস্কাৰ পোৱা সামগ্ৰী লৈ যাব লাগিব। মোৰ ক্ষেত্ৰত পিচে তেওঁ অকণমান নৰম হ’ল আৰু অকণমান সুবিধা দিবলৈ ৰাজী হ’ল। যেতিয়া লৈকে মেলাখন জিমখানা ক্লাবৰ ফিল্ডখনত চলি থাকিব, তেতিয়ালৈকে ৰ’লাৰখন তাতেই ৰাখিব পৰা হ’ব। কিন্তু মেলা শেষ হ’লে তেওঁ সেইখনৰ দায়িত্ব নলয়, তেতিয়া মই যি কৰোঁ কৰিব লাগিব।

মই মানুহজনক সুধিলোঁ,

: সেইখন চলাব পৰা কোনোবা ড্ৰাইভাৰ আপোনালোকৰ লগত নাই নে?

মানুহজনে হাঁহি হাঁহি ক’লে,

: এইখন যিটো ড্ৰাইভাৰে চলাই আনিছিল তাক মই এশ টকা ভাড়া দি আনিছিলোঁ। তাৰ উপৰিও মেলা চলি থকা কেইদিন তাক এনেই বহাই থোৱাৰ বাবেও দিনে পাঁচ টকাকৈ দিব লগা হৈছিল। সেই বাবে মই তাক ইয়াৰ পৰাই দুদিনমান আগতে ঘূৰাই পঠালোঁ আৰু মনতে ভাবিছিলোঁ সেইখন যদি এইবাৰো মেলাত কোনেও পুৰস্কাৰ ৰূপে নাপাই, তেন্তে সেইখনক আৰু আগলৈ নিনিও। সেইখনক মই সেইখনৰ ভাগ্যৰ ওপৰতেই এৰি দিম। পুৰস্কাৰ হিচাপে এইটো একেবাৰেই ডাঙৰ আৰু নতুন বস্তু, সেই বাবেহে মই সেইখন আনিছিলোঁ। কিন্তু মইহে জানো সেইখনৰ বাবে মই কিমান কষ্ট ভুগিবলগীয়া হ’ল।

: এইখন মই ‘মিউনিচিপালিটি’ক বেচিব নোৱাৰোঁনে?

মই সুধিলোঁ।

: মেলাৰ মানুহ হিচাপে আমি সদায় ‘মিউনিচিপালিটি’ৰ মানুহৰ পৰা গালি শপনিয়েই শুনিব লগা হয়। সেই বাবে মই তেওঁলোকৰ পৰা দূৰতে থাকি ভাল পাওঁ। বাকী আপোনাৰ ইচ্ছা।

মানুহজনে ক’লে।

ইতিমধ্যে মই পুৰস্কাৰ পোৱাৰ খবৰটো সকলো ফালে বিয়পি পৰাত মোৰ বন্ধুসকলে মোক শুভেচ্ছা জনাবলৈ আহিবলৈ ধৰিলে। কোনোৱে সেইখনৰ সঠিক মূল্য কিমান হ’ব নাজানিছিল যদিও সকলোৱেই মোক কৈছিল, “এইখনৰতো মূল্য বহুত বেছি হ’ব লাগে, এইখন বিক্ৰী কৰি তুমি বহুত টকা উপাৰ্জন কৰিব পাৰিবা। আনকি এইখনত ব্যৱহৃত লোহাখিনিৰেই মূল্য কেইবা হাজাৰ টকা হ’ব।”

মই সেই দিনাৰ পৰা প্ৰতি দিনেই জিমখানা ক্লাবৰ ফালে এপাক মাৰি মোৰ ‘ৰ’লাৰ’ খন এবাৰ চাই যাবলৈ ধৰিলোঁ। এই কামটো কৰি মই পৰম সন্তুষ্টি লাভ কৰিছিলোঁ। ইয়াত লগাই থোৱা তাম আৰু ষ্টীলৰ অংশ বিলাক লাইটৰ পোহৰত বৰকৈ জিলিকিছিল। মই সদায় সন্ধিয়া ইঞ্জিনটোৰ চাৰিওফালে এপাক ঘূৰি চাওঁ। কেতিয়াবা তাৰ গাত মৰমেৰে হাত ফুৰায়ো দিওঁ আৰু ৰাতি মেলা সামৰিলে মই তাক তাতেই এৰি ঘৰলৈ ঘূৰি আহোঁ। সেই সময়ত মই যথেষ্ট দুখীয়া আছিলোঁ, গতিকে মই ভাবিছিলোঁ এতিয়াৰ পৰা মোৰ ভাগ্য ভাললৈ আহিছে আৰু সেইখনেই মোৰ সকলো দুখ দূৰ কৰিব। মই তেতিয়া বৰ সৰল মনৰ আছিলোঁ, মই বুজিয়েই পোৱা নাছিলোঁ সেইখন মোৰ বাবে কিমান সমস্যাৰ কাৰণ হৈ পৰিব।

এদিন মেলাখন শেষ হ’ল। মেলাৰ গৰাকীয়ে তেওঁলোকৰ সকলো সম্পত্তি লৈ গ’ল। মাত্ৰ মোৰ ৰ’লাৰখনহে একে ঠাইতেই ঠিয় হৈ থাকিল। অৱশ্যে অকলে থাকিলেও সেইখন সুৰক্ষিতেই আছিল, কিয়নো সেইখন কাৰো বাবে চুৰি কৰা সম্ভৱ নাছিল।
এদিন ‘মিউনিচিপালিটি’ৰ পৰা মোলৈ চিঠি এখন আহিল, য’ত লিখা আছিল- “আপুনি আপোনাৰ ইঞ্জিনটো এই ঠাইৰ পৰা লৈ যাওক আৰু ঠাইখিনি খালী কৰি দিয়ক।

মই ভাবি পোৱা নাছিলোঁ, সেইখন মই কি কৰোঁ, সেয়ে বহুদিনলৈ মই সেইখন সেই ঠাইতেই থাকিবলৈ দিলোঁ। কিন্তু এদিন মোলৈ মিউনিচিপালিটিৰ পৰা নটিছ আহিল যে, যদি মই সেইখন সেই ঠাইৰ পৰা আঁতৰাই নিনিও, তেন্তে মিউনিচিপালিটিক ভাড়া দিব লাগিব।

বহুত ভাবি গুণী মই ভাড়া দিয়াটোকে ঠিক কৰিলোঁ আৰু সেইখন সেই ঠাইতে ৰাখি মাহে দহ টকা হিচাপত তিনি মাহলৈ ভাড়া ভৰি থাকিলোঁ। মোৰ ধন সম্পত্তিও বৰ বেছি নাছিল, আনকি মই মোৰ পত্নীৰ সৈতেও মাহে চাৰি টকা ভাড়া দি ভাড়া ঘৰতহে থাকিছিলোঁ। গতিকে মাহে দহ টকা অতিৰিক্ত ভাবে খৰছ কৰিব লগা হোৱাৰ বাবে মোৰ মাহটোৰ হিচাব মিলোৱাই বৰ কঠিন হৈ পৰিছিল। প্ৰতি মাহৰ খৰছ কমাবলৈ গৈ শেষত পত্নীৰ দুই এপদ গহণাও বন্ধকত থ’ব লগা হ’ল। মোৰ পত্নীয়ে সদায় সোধে, মই সেইখনৰ কি কৰিম বুলি, কিন্তু মোৰ ওচৰত সেই প্ৰশ্নৰ উত্তৰ নাছিল বাবে মই প্ৰায়েই মনে মনেই থাকোঁ। মই বজাৰৰ ফালে গ’লেই যাকেই লগ পাওঁ তেওঁৰ আগতেই সেইখন বেছিবলৈ লোৱাৰ কথা উলিয়াওঁ।

কোনোবাই মোক ক’লে, ‘কচম্ পলিটান’ ক্লাৱৰ চেক্ৰেটাৰীজনে হয়তো এইখন কিনিবলৈ বিচাৰিবও পাৰে। মই তেখেতকো লগ ধৰিলোঁ। তেখেতে হাঁহি মাৰি মোক সুধিলে যে সেইখন তেওঁৰ কি কামৰ?
মই তেখেতক বুজাবলৈ ক’লোঁ,

: এইখনেৰে আপুনি আপোনালোকৰ টেনিছ কোৰ্টখন সদায় সমান কৰাব পাৰিব। মই যথেষ্ট কম দামতেই এইখন বিক্ৰী কৰি দিম।

কম মূল্যত বিক্ৰী কৰিম বুলি কৈ মই মূৰ্খামি হে কৰিলোঁ নেকি!- মই মনতে ভাবিলোঁ! তেওঁ ক’লে,

: আপুনি মিউনিচিপালিটিৰ চেয়াৰমেনক লগ কৰক। তেখেতৰহে এইখন কামত আহিব পাৰে।

মই বহুত ভাবি গুণী চেয়াৰমেনৰ ওচৰ পালোঁগৈ। যাওঁতে ছুট বুট পিন্ধি সাজি কাচিও গৈছিলোঁ, যাতে তেখেতে মোক ধনী মানুহ বুলিয়েই ভাবে আৰু মোৰ প্ৰতি তেখেতৰ ভাল ‘ইমপ্রেশ্যন’ এটা আহে, পিচে একো লাভ ন’হল! মই একেবাৰে কম দামতেই সেইখন দিবলৈ ৰাজী আছিলোঁ, কিন্তু তেখেত মান্তি নহ’ল। মই চহৰখনৰ প্ৰতি থকা তেওঁৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত সৰু সুৰা কৈ ভাষণ এটাই শুনাই দিলোঁ যদিও তেখেতৰ ওপৰত ভাষণৰ কোনো প্ৰভাৱ নপৰিল। তেখেত কোনো মতেই মান্তি নহ’ল সেইখন কিনি চৰকাৰী ধন খৰছ কৰিবলৈ। ময়ো ভালকৈ বুজিলোঁ, সেইখন তেওঁক দিয়াতকৈ কোনোবা সৰু ল’ৰা ছোৱালীক খেলিবলৈ দিয়াহে বেছি ভাল হ’ব।

জিমখানা ক্লাৱৰ ফিল্ডত সেইখন থোৱাৰ বাবে ভাড়া ভৰি ভৰি মোৰ দেউলীয়া অৱস্থা হৈছিল। তথাপি মই আশা কৰি আছিলোঁ এদিন সেইখন বেচি মই ইমানখিনি টকা উপাৰ্জন কৰিম যে মোৰ ইমান দিনে খৰছ হোৱা সকলো ধন ঘূৰাই পাম আৰু মোৰ আৰ্থিক অৱস্থা আকৌ ভাল হ’ব।

এইবাৰ সেইখন ফিল্ডত পশু প্ৰদৰ্শনী এখন আৰম্ভ হ’ব বুলি ঘোষণা কৰিলে আৰু মোক চৌবিশ ঘণ্টাৰ ভিতৰত সেইখন সেই ঠাইৰ পৰা আঁতৰাই নিবলৈ জাননী দিলে। প্ৰদৰ্শনী যদিও এসপ্তাহৰ পাছতহে আৰম্ভ হ’ব, তথাপি প্ৰদৰ্শনী পাতিবলৈ ৰভা দিয়া মানুহবিলাক আগতীয়াকৈ আহিছিল আৰু সিহঁতেই ফিল্ডৰ মাজতেই থকা ৰ’লাৰখন সোনকালে সেই স্থানৰ পৰা আঁতৰাবলৈ মিউনিচিপালিটিৰ আগত জোৰ দিছিল।

মই এইবাৰ বৰ সমস্যাত পৰিলোঁ। পঞ্চাশ মাইল পৰ্যন্ত খবৰ লৈ মই ইতিমধ্যেই গম পাইছিলোঁৱেই আমাৰ এই অঞ্চলত সেইখন চলাব জনা মানুহ কোনো নাই। প্ৰতিখন বাছ ৰখাই ড্ৰাইভাৰবিলাকক সুধিলোঁ কোনোবাই সেইখন চলাব পাৰিব নেকি বুলি, কিন্তু সকলোৱে মোক নিৰাশ কৰিলে। ৰেল ষ্টেচনলৈ গৈয়ো খবৰ ললোঁ, কোনোবা ৰেলৰ ড্ৰাইভাৰে সহায় কৰিব পাৰিব নেকি, কিন্তু কোনো মান্তি নহ’ল৷ ইফালে মিউনিচিপালিটিয়েও মোক হেঁচা দিয়েই আছে সেইখন আঁতৰাবলৈ।

বহুত চিন্তা কৰি শেষত মই মন্দিৰৰ পূজাৰীজনৰ ওচৰ পালোঁগৈ। তেখেতক খাটনি ধৰিলোঁ যাতে তেখেতে মন্দিৰৰ হাতীটো লগাই সেইখন সেই ঠাইৰ পৰা টনাই আঁতৰাই দিয়ে। তেখেত মোৰ কথাত মান্তি হ’ল। মই পঞ্চাশটা কুলিৰো যোগাৰ কৰিলোঁ, যি ইঞ্জিনটো পাছফালৰ পৰা ঠেলিব। আপুনি ভাৱক এইবিলাক যোগাৰ কৰোঁতে মোৰ কিমান খৰছ হৈছিল। প্ৰতিটো কুলিৰ বাবদ দৈনিক আঠ অনা হাজিৰা আৰু হাতীটোৰ বাবে দিনে সাত টকা দিয়াৰ উপৰিও তাৰ খোৱাৰো ব্যৱস্থা কৰি দিবলগীয়া হৈছিল।

মই মনতে ভাবিছিলোঁ ইঞ্জিনটো জিমখানা ক্লাৱৰ ফিল্ডখনৰ পৰা উঠাই আনি মূল পথেৰে অলপ দূৰ আগুৱাই আনি এডোখৰ মুকলি ঠাইত ৰাখিম। সেই ঠাইখিনি মোৰ বন্ধু এজনৰ আছিল। তাত মই দুমাহ মানলৈকে সেইখন ৰাখিব পাৰিম আৰু সেই সময়ৰ ভিতৰতে মই মাদ্ৰাজ চহৰলৈ গৈ তাতেই কাৰোবাৰ লগত সেইখন বিক্ৰী কৰাৰ বন্দোবস্ত কৰিম।

ইয়াৰ মাজতে মই জোচেফ নামৰ চাকৰিৰ পৰা খেদা খোৱা বাছ ড্ৰাইভাৰ এটাৰো সহায় ল’লোঁ। সি ক’লে যে- সি সেইখন চলাব নাজানে কিন্তু হাতীয়ে টানি নিলে ষ্টিয়েৰিং পোনাই সি সেইখন মই বিচৰা ঠাইলৈকে নিব পাৰিব।

এইটো মজাৰ দৃশ্য আছিল-যেতিয়া প্ৰকাণ্ড ৰচীৰে বন্ধা হাতীটোৱে ৰ’লাৰখন সন্মুখলৈ টানিছিল আৰু পাছফালৰ পৰা পঞ্চাশটা পালোৱান কুলিয়ে সেইখন ঠেলিছিল আৰু ইঞ্জিনৰ ওপৰত বহি থকা জোচেফে ষ্টিয়েৰিং পোনাই আছিল। সেই দৃশ্য চাবলৈ তাত মেলাৰ সমানেই ভিৰ জমা হৈছিল। ফিল্ডখনত সকলো ঠিকেই আছিল, কিন্তু যেতিয়াই ৰ’লাৰখন ফিল্ডৰ পৰা ৰাস্তালৈ উঠিলে, তেতিয়াই গণ্ডগোল আৰম্ভ হ’ল… হাতীয়ে টানে এফালে, কুলি বিলাকে ঠেলে এফালে আৰু মাজত জোচেফে কি কৰিম নকৰিম কৈ যেনি তেনি ষ্টেয়াৰিং কাটে। ফলত যিফালে ৰ’লাৰখন নিব লাগিছিল সেই ফালে নগৈ তাৰ বিপৰীত দিশে গৈ সেইখনে মানুহ এঘৰৰ পকাৰ সীমাৰ ৱালত খুন্দা মাৰিলে আৰু ৱালখনৰ বহু অংশ বেয়াকৈ ভাগি গ’ল। ইয়াকে দেখি তাত জমা হোৱা ভীৰৰ মানুহবিলাকে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে, আৰু হাতীটোৱে ভয় খাই ৰচী ছিঙি দৌৰি গৈ দেৱালখনৰ আনটো অংশত খুন্দা মাৰিলে আৰু সেইখনো ভাঙি পেলালে। কুলিবিলাকো ভয়ত যেনি তেনি পলাবলৈ ধৰিলে। মানুহৰ হুলস্থূলৰ মাজত কাৰো মাত কোনেও নুশুনা অৱস্থাৰ সৃষ্টি হ’ল। মই কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতেই কোনোবাই ঠাঁচ কৈ মোৰ গালত এটা পূৰ্ণহতীয়া চৰ মাৰিলে। তেতিয়াহে মোৰ সম্বিত ঘূৰি আহিল। চৰ মৰাজন দেৱালখনৰ গৰাকী আছিল। অলপ সময় পাছতেই পুলিচ আহি পালেহি আৰু মোক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গ’ল।

মই থানাৰ পৰা ওলাই আহিলোঁ। মোৰ হাতত চৰ্তৰ লিষ্ট এখন দি পঠোৱা হৈছিল। তাত কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত লিখি দিছিল, যি কেইটা নকৰিলে মোক জেইললৈ পঠোৱা হ’ব বুলি থানাত ধমকি দি পঠাইছিল। লিষ্টখনত আছিল-

১/ দেৱালখনৰ যি অংশ ভাগিছিল সেই অংশ সম্পূৰ্ণ নিজৰ খৰছত বনাই দিব লাগিব।
২/ যি পঞ্চাশটা কুলি পলাই গৈছিল সিহঁতৰ হাজিৰা দিয়া, যদিও সিহঁতে কাম সম্পূৰ্ণ কৰা নাছিল তথাপিও হাজিৰা দিবই লাগিব বুলি লিখা আছিল।
৩/ ইঞ্জিনটো চলাই নিয়াৰ বাবে জোচেফকো তাৰ ‘ফিজ’ দিয়া৷
৪/ দেৱালখনত খুন্দা মৰাৰ বাবে হাতীটোৰ যি আঘাত লাগিছিল, তাৰ চিকিৎসা কৰিবলৈ পইচা দিয়া।

(মই পূজাৰীজনক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে হাতীটো মই ৱাল ভাঙিবলৈ নিয়া নাছিলোঁ, তথাপি তেওঁ মোৰ কোনো কথা শুনিবলৈ বিচৰা নাছিল।)

৫/ ইঞ্জিনটো সেই ঠাইৰ পৰা আঁতৰাই তাৰ সঠিক ঠাইত ৰখা।

মই সঁচাই বৰ দুখীয়া আছিলোঁ, মই ভাবি পোৱা নাছিলোঁ ইমানবিলাক খৰছ মই ক’ৰ পৰা কৰোঁ! যেতিয়া মই মোৰ দুখৰ কথা ক’বলৈ পত্নীৰ ওচৰলৈ গ’লোঁ, তেওঁ চিঞৰি চিঞৰি কান্দিবলৈহে ধৰিলে আৰু দেউতাকলৈ চিঠি লিখি তেখেতক মাতি, তেওঁ দেউতাকৰ ঘৰলৈ গুচি যাম বুলি ক’বলৈ ধৰিলে। পত্নীৰ হয়তো চিন্তা হৈছিল, মোৰ লগত থাকিলে মই তেওঁৰ বাছি থকা গহণা কেইপদো বিক্ৰী কৰি দিম! মই বৰ বেয়াকৈ বিপদত পৰিছিলোঁ। কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাছিলোঁ। যিয়েই মোক লগ পাই মোলৈ চাই ঠাট্টা কৰাৰ দৰে হাঁহি মাৰিছিল। মই বিষয়টো গভীৰ ভাৱে চিন্তা কৰিবলৈ ধৰিলোঁ। মনতে ভাবিছিলোঁ এইবিলাক সকলো এৰি মই মোৰ নিজৰ গাঁৱলৈকে পলাই যাওঁ। পত্নীয়েও মোক এৰি দেউতাকৰ ঘৰলৈ যাবলৈ ওলোৱাৰ বাবে মই মনে মনে ভালেই পাইছিলোঁ। মোৰো তেতিয়া পলাবলৈ সহজ হ’ব। মোৰ গাঁও ক’ত ঘৰ ক’ত কোনেও চিনি নাপায়। গতিকে মই মনে মনে পলাই গ’লে মোকনো কোনে বিচাৰি পাব!

তেনেকুৱাতে এজন স্বামীজীৰ পৰা মই সহায় পোৱাৰ আশা দেখিলোঁ। জিমখানা ক্লাৱৰ মিউনিচিপালিটিৰ সৰু টাউন হলটোত স্বামীজীৰ অনুষ্ঠান আছিল। তেখেতে যোগ বলৰ প্ৰদৰ্শন কৰিছিল, তেওঁৰ প্ৰদৰ্শন দেখি সকলোলোকে তবধ মানিছিল। ময়ো গেলাৰীৰ পৰা তেওঁৰ প্ৰদৰ্শনী চাই আছিলোঁ। তেওঁ কাঁচৰ পাত্ৰ এটা ভাঙি টুকুৰাবিলাক চোবাই খাইছিল। দীঘল দীঘল গজাল মৰা তক্তা এখনত দীঘল দি শুই দেখুৱাইছিল। ৰঙা কৈ গৰম কৰা লোহাৰ শলা এডাল জিভাৰে চেলেকি দেখুৱাইছিল, গজাল কিছুমান দাঁতেৰে চোবাই গিলি দিছিল। বিভিন্ন ধৰণৰ বিষ পান কৰিছিল। আনকি মাটিত গাঁত খান্দি তাত নিজে বহি দিছিল আৰু ওপৰৰ পৰা মাটি ঢালি গাঁতটো পুতি দিয়া হৈছিল। বহু সময় পাছত তেখেতক তাৰ পৰা বাহিৰ কৰিছিল যদিও তেখেতৰ কিন্তু একোৱেই হোৱা নাছিল। আমি কেৱল চকুৰ পলক নেপেলোৱা কৈ তধা লাগি তেখেতৰ প্ৰদৰ্শনবিলাক চাইছিলোঁ।

ইয়াৰ পাছত তেখেতে ভাষণ এটা দিলে আৰু ক’লে যে, তেখেতে কেৱল নিজৰ গুৰুৰ আজ্ঞা পালন কৰিছে আৰু এইবিলাক প্ৰদৰ্শন কৰি গুৰুৰ মহৎ বাণী ৰাইজৰ আগত প্ৰকাশ কৰিছে। এইবিলাকে তেখেতক আত্ম সন্তুষ্টি দিয়ে, তাৰ বাহিৰে আৰু একো নাই।

ইমান খিনি কোৱাৰ পাছত তেখেতে ক’লে যে, তেখেতে এতিয়া সকলোতকৈ ডাঙৰ প্ৰদৰ্শনীটো দেখুৱাব। তেখেতে চেয়াৰমেনৰ ফালে চাই সুধিলে,

: আপোনাৰ ওচৰত ৰোড ৰ’লাৰ আছেনে? মই সেইখন মোৰ বুকুৰ ওপৰেৰে চলোৱাম।

চেয়াৰমেনজনে লাজ লাজ কৈ ক’লে,

: নাই আমাৰ ওচৰত তেনে ৰ’লাৰ নাই৷

স্বামীজীক কিবাকৈ হ’লেও ৰোড ৰ’লাৰ এখন লাগেই। চেয়াৰমেনজনে ৰ’লাৰ চলোৱা ড্ৰাইভাৰেই পাবলৈ নাই বুলি কৈ কথাটো সলাবলৈ বিচাৰিছিল, কিন্তু স্বামীজীয়ে ক’লে যে তেওঁৰ সহকাৰীজনে সকলো ধৰণৰ ইঞ্জিনেই চলাব পাৰে। এইটো শুনি মই জাঁপ মাৰি উঠিলোঁ, মই চিঞৰিলোঁ,

: ‘ৰোড ৰ’লাৰ’ তেওঁক নিবিচাৰিব, মোক বিচাৰক।

আৰু এনেকৈ কৈয়েই মই মুহূৰ্ততে বাবাজীৰ ওচৰত মঞ্চত উপস্থিত হ’লোঁ। সকলোৱে হাত চাপৰি বজাবলৈ ধৰিলে, ময়ো বৰ গৰ্বিত অনুভৱ কৰিলোঁ কাৰণ সেই সময়ত মই চেয়াৰমেনজনতকৈও গুৰুত্বপূৰ্ণ মানুহ হৈ পৰিছিলোঁ। বন্দোবস্ত হ’ল যে সহকাৰীজনে স্বামীজীৰ কামটো হোৱাৰ পাছত মই বিচৰা ঠাইত ইঞ্জিনটো থৈ আহিব। এবাৰ ভাবিলোঁ এইটো সুবিধাতে দুপইচা অৰ্জন কৰিব পাৰিলে বেয়া নাছিল, কিন্তু পাছ মুহূৰ্ততে ভাবিলোঁ যিজনে বিনা পইচাৰে মোৰ ইঞ্জিনটো মই বিচৰা ঠাইলৈ নি দিব, তেওঁৰ পৰা পইচা বিচৰা উচিত নহ’ব৷

অতি সোনকালেই হল ঘৰৰ পৰা মানুহবিলাক ওলাই আহি ফিল্ডত জমা হ’ল। স্বামীজীৰ সহকাৰীজন সঁচাই সকলো ধৰণৰ ইঞ্জিন চলোৱাত পাৰ্গত আছিল। অতি সোনকালেই মোৰ ‘ৰোড ৰ’লাৰ’খন ঘেৰ ঘেৰ শব্দ কৰি চলাই আহি তেওঁ ফিল্ডত উপস্থিত হ’ল। এই সকলোবোৰ দৃশ্য চাব লগীয়া হৈছিল।

এইবাৰ স্বামীজীয়ে দুটা গাৰু অনালে। এটা মূৰৰ ফালে ৰাখিলে আৰু আনটো ভৰিৰ ফালে। মাটিৰে পেটত দাগ এটাও দিলে আৰু সহকাৰীজনক ক’লে যে ৰ’লাৰখন যাতে তেওঁ দিয়া দাগটোৰ ওপৰেৰে পাৰ হৈ যায়, এক ইঞ্চিও যাতে ইফাল সিফাল নহয়।
ইঞ্জিনটোৱে ফিছ ফিছ কৈ শব্দ কৰি আগ বাঢ়িবলৈ সাজু হোৱাৰ ইংগিত দি আছিল। স্বামীজীয়ে কৈছিল-

: মই ঔম বুলি কৈ দীঘল কৈ উশাহ লোৱাৰ লগে লগে মই কোৱাৰ দৰে দাগটোৰ ওপৰেৰে ৰ’লাৰখন চলাই নিবা।

এইবুলি কৈ তেখেতে শুই থকা অৱস্থাতেই চকু বন্ধ কৰি ধ্যান কৰিবলৈ ধৰিলে। সকলো লোকে উৎকণ্ঠাৰে তেওঁলৈ চাই আছিল। সকলোৰে মনবোৰ দুচিন্তাৰে ভৰি পৰিছিল। ময়ো বৰ ধ্যানেৰে চাই আছিলোঁ মোৰ ইঞ্জিনটো চলিবলৈ লোৱা।

তেনেতে হাতত খাকী লেফাফা এটা লৈ ভিৰ ফালি এজন পুলিচ ইন্সপেক্টৰ তাত উপস্থিত হ’ল। তেওঁ হাত ডাঙি স্বামীজীৰ সহকাৰীজনক ৰ’বলৈ আদেশ দিলে। আৰু স্বামীজীক ক’লে,

মই দুঃখিত, কিন্তু আপুনি এই প্ৰদৰ্শন বন্ধ কৰিব লাগিব। মেজিষ্ট্ৰেটে আদেশ দিছে যে আপুনি বুকুৰ ওপৰেৰে ৰ’লাৰ চলোৱা আৰু পটেছিয়াম চায়েনাইদ খোৱাৰ প্ৰদৰ্শনী আমাৰ চহৰৰ ভিতৰত কৰিব নোৱাৰিব।

এই কথা শুনি স্বামীজী খঙত জ্বলি পকি উঠিল। তেখেতে যুক্তি দিলে যে তেখেতে তেখেতৰ গুৰুৰ আজ্ঞা পালন কৰি সমগ্ৰ দেশৰে হাজাৰ ঠাইত যোগ অভ্যাসৰ বলত কৰিব পৰা আচৰিত কাম বিলাকৰ প্ৰদৰ্শন কৰিছে। কোনেও তেওঁক কেতিয়াও বাধা দিয়া নাই। কিন্তু ইয়াত কিয় তেওঁক বাধা দিয়া হৈছে! মই কোনো মতেই মেজিষ্ট্ৰেটৰ আদেশ নামানো!

পুলিচ ইন্সপেক্টৰজনেও কোনো মতেই স্বামীজীক সেই দুঃসাহসিক ক্ৰিয়া প্ৰদৰ্শন কৰিবলৈ নিদিবলৈ দৃঢ় প্ৰতিজ্ঞ। অৱশেষত স্বামীজীয়ে হাৰ মানিব লগা হ’ল আৰু খঙত ক’বলৈ ধৰিলে-

: মোক এই চহৰত ইমান অপমান কৰা হৈছে, মই কোনো মতেই এই পাপী চহৰখনত আৰু অলপ সময়ো থাকিব নোৱাৰোঁ। এতিয়া এই মুহূৰ্ততে মই এই চহৰ এৰি গুচি যাম।

স্বামীজীৰ পাছে পাছে তেওঁৰ সহকাৰীজনো যাবলৈ ধৰাত মই তেওঁৰ হাতত ঠাপ মাৰি ধৰি ক’লোঁ যে-
অন্ততঃ মোৰ ইঞ্জিনটো নিজৰ ঠাইত থৈ যাওক, কিন্তু সহকাৰীজনে মোৰ কোনো কথাত গুৰুত্ব নিদিলে। তেওঁৰ গুৰুক অপমান কৰা হৈছে, গতিকে তেঁৱো গুৰুৰ লগত যাবই।

মইও খঙতে ক’লোঁ,

: তই এইটো অকল তোৰ গুৰুৰ বুকুৰ ওপৰতহে চলাব পাৰ!

তেতিয়াৰ পৰা মই ইঞ্জিনটোক তাৰ নিজৰ ভাগ্যৰ ওপৰতে এৰি ৰাতি মনে মনে চহৰ এৰি পেলোৱাৰ কথা চিন্তা কৰিলোঁ। প্ৰকৃতিয়েও যেন মোক সহায় কৰিবলৈ বিচাৰিছিল।

আপোনালোকৰ হয়তো মনত আছে সেই বছৰ প্ৰবল ভূমিকম্পৰ বাবে উত্তৰ ভাৰতৰ কেইবাখনো চহৰ বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। সেই ভূমিকম্পৰ প্ৰভাৱ আমাৰ চহৰতো পৰিছিল। সেইদিনা ৰাতি ভূমিকম্পৰ কঁপনিৰ বাবে মই বিচনাত শুই থকাৰ পৰা তললৈ সৰি পৰিছিলোঁ। দৰ্জা খিৰিকীবিলাকে বহু সময়লৈ শব্দ কৰি কঁপি আছিল।

তাৰ পাছদিনা মই চহৰ এৰি যোৱাৰ আগতে শেষ বাৰৰ বাবে ইঞ্জিনটো এবাৰ চাই আহিবলৈ বুলি জিমখানা ক্লাৱৰ ফিল্ডখনৰ ফালে গ’লোঁ। মই নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিলোঁ যেতিয়া মোৰ ইঞ্জিনটো থোৱা স্থানৰ পৰা অদৃশ্য হৈ গৈছিল। মই চিঞৰি হুলস্থুল লগাই দিলোঁ, মোৰ লগতে ওচৰ পাঁজৰৰ মানুহেও সেইখন বিচাৰিবলৈ ধৰিলে। অৱশেষত সেইখন এটা কুঁৱাত উদ্ধাৰ হ’ল!

মই পুনৰ দুঃচিন্তাত পৰিলোঁ, এতিয়া আৰু বা কি বিপদ হ’ব বুলি৷ কিন্তু ঘৰৰ মালিক ওলাই আহি সেই দৃশ্য দেখি দুখ বা খং কৰাৰ সলনি হাঁহিবলৈহে ধৰিলে।
তেওঁ ক’লে,

: তুমি মোৰ বৰ ডাঙৰ উপকাৰ কৰিলা। এই কুঁৱাটোত বহুত দিনৰ পৰা বৰ লেতেৰা পানী জমা হৈ আছিল। মিউনিচিপালিটিয়ে প্ৰতি সপ্তাহতে মোলৈ জাননী দিছিল এইটো পুতিবলৈ। কিন্তু এইটো পুতিবলৈ বহুত মাটি লাগিলহেঁতেন বাবে খৰছৰ চিন্তা কৰিয়েই মই এইটো পুতিবলৈ সাহস কৰিব পৰা নাছিলোঁ। কিন্তু তোমাৰ ইঞ্জিনটো ইয়াত সোমাই ইয়াক সম্পূৰ্ণকৈ পুতি পেলালে। তুমি এইখন ইয়াৰ পৰা উলিয়াব নালাগে, ইয়াতেই থাকিবলৈ দিয়া।

: কিন্তু…কিন্তু…

: কোনো কিন্তু নাই। মই তোমাৰ ওপৰত থানাত দিয়া গোচৰটোও উঠাই ল’ম৷ তোমাৰ ইঞ্জিন আৰু হাতীয়ে ভঙা মোৰ দেৱালখনো মই সম্পূৰ্ণ নিজৰ খৰছৰ বনোৱাই ল’ম।

: কিন্তু সেয়াইতো যথেষ্ট নহ’ব।

মই ইতিমধ্যেই ইঞ্জিনটোৰ বাবে হোৱা মোৰ সকলো খৰছ তেওঁৰ আগত দাঙি ধৰিলোঁ। তেওঁ সকলোখিনি খৰছ বহন কৰাৰ প্ৰতিশ্ৰুতি দিলে। কেইমাহ মান পাছত মই যেতিয়া সেই ফালেৰে গৈছিলোঁ, মই সেই কুঁৱাটোৰ ফালে চালোঁ। কুঁৱাটোৰ মুখখন চিমেণ্টেৰে বন্ধ কৰাৰ দৰে বন্ধ হৈ আছিল। মই সন্তোষৰ হাঁহি এটা মাৰি আগুৱাই গ’লোঁ।

☆★☆★☆

13 Comments

  • চিদানন্দ বৰা

    খেনোৰ বাবে যি সোনৰ পানচৈ
    খেনোৰ বাবে সিয়েই আকৌ
    হয়গৈ গলাৰ ফৈ !!

    সুন্দৰ !!

    Reply
    • অনুৰূপ মহন্ত

      হয় হয়, সেইটোৱেই কথা।
      ধন্যবাদ জনালোঁ।

      Reply
  • ৰিণ্টু

    বৰ সুন্দৰ আৰু সাৱলীল হৈছে অনুবাদটো, ভাল লাগিল অনুৰূপ

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দাদা

      Reply
  • Mridula

    ভাল লাগিল ।

    Reply
    • ৰাজশ্ৰী শৰ্মা

      খুব ভাল লাগিল পঢ়ি অনুৰূপ। আৰু কৰিবাচোন।

      Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ জনালোঁ

      Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল ৷ অক্ষয় কুমাৰৰ চিনেমালৈ মনত পৰি গল ৷ সুন্দৰ অনুবাদ

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ, হয় তেনেকুৱাই অলপ চলপ

      Reply
  • যি নহওক স্বস্তিৰ নিশ্বাস এৰিলে মানুহজনে, ভাল লাগিল অনুৰূপ।

    Reply
    • অনুৰূপ মহন্ত

      শেষ ভালেই সকলো ভাল

      Reply
  • মাধুৰ্য্য

    ভাল লাগিল অনুৰূপদা। সুন্দৰ অনুবাদ।

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল। অনুবাদ সাৱলীল হৈছে।

    Reply

Leave a Reply

Your email address will not be published.