ফটাঢোল

ইনভিজিবল চোৰ – চবিনা ইয়াচমিন

আমি বৰ্তমান থকা ঘৰটো চতুৰ্থ মহলাত৷ একদম মাৰ্কেট প্লেচত হোৱাৰ বাবে মোৰ বহুত সুবিধা যদিও লিফ্ট নথকাৰ বাবে অলপ কষ্ট হয়৷ ৮২ টা চিৰি বগাব লাগে৷ নিতৌ উঠা-নমা দুই-চাৰিবাৰ কৰিবই লাগে৷ ফলত এই বয়সতো ফিগাৰ এটা মেইনটেইন কৰি ৰাখিব পাৰিছোঁ৷ ৫২ কেজিতকৈ শৰীৰৰ ওজন হাজাৰ চেষ্টা কৰিলেও নাবাঢ়ে৷ আইৰ ঘৰলৈ গ’লে মোৰ এটাই আপত্তি৷ মস্কুইটো ৰিপেলেণ্টৰ গোন্ধ সহ্য নহয় মোৰ৷ আইহঁতে আকৌ সেইটো ব্যৱহাৰ নকৰিলেই নোৱাৰে৷ দেউতাই বোলে,

: তহঁতে এইবোৰ ব্যৱহাৰ নকৰিলেও হয়৷ কিন্তু আমাৰ ঘৰত মহ আছে৷

কথাটো নোহোৱাও নহয়৷ আমাৰ ঘৰৰ ইমান ওপৰলৈ মহবোৰ উৰি আহিবনো কেনেকৈ! নিচেই কণমানি পাখি৷ তেনেই বিষাবচোন৷ ঘৰটোৰ প্ৰবেশদ্বাৰৰ পৰা পোনে পোনে কৰিডৰ এটা৷ কৰিডৰৰ একাষে পুত্ৰকণৰ কোঠা৷ কোঠাটোৰ সমুখতে কৰিডৰত মই টিউচন কৰিবলৈ সুবিধা মতে টেবুল এখন থৈছোঁ৷ কাষতে দুযোৰ ডেস্ক-বেঞ্চ আছে৷ আমাৰ ঘৰটোৰ বাকী মহলাবোৰত একো একোটা অফিচঘৰহে ভাড়া লৈ আছে৷ একেবাৰে তলৰ মহলাত মালিকৰ নিজা হাৰ্ডৱেৰৰ দোকান আছে৷ গতিকে সন্ধিয়া অফিচবোৰ বন্ধ হৈ যায়৷ আৰু ৰাতি ৮ মান বজাত মালিকে দোকান বন্ধ কৰি মুখ্যদ্বাৰৰ গ্ৰীল চাটাৰ বন্ধ কৰি গুছি যায়৷ মুঠতে বিলডিংটোত থকাঘৰ কেৱল আমাৰটোহে৷ আমাৰ সুবিধাৰ বাবে মূল তলাৰ এটা চাবি আমাক দিছে৷ সেইটো সদায় এওঁৰ হাতত থাকে৷

কালি ৰাতিৰ কথা৷ এওঁ তেতিয়াও কামৰ পৰা আহি পোৱাহি নাই৷ ৮.২৫ মান বাজিছে৷ মোৰ এখন টেলিকনফাৰেন্স চলি আছে৷ অলপ সময়ৰ আগতে তলৰ গ্ৰীল চাটাৰ বন্ধ কৰা শব্দও শুনিলোঁ৷ মানে মালিক গ’ল৷ পুত্ৰই আকৌ টিভিত কাৰ্টুন চাই আছে৷ তেনেতে হঠাতে এটা সাংঘাতিক ডাঙৰ শব্দ বাহিৰৰ চিৰিত শুনিবলৈ পালোঁ৷ মই ভয় খাই ফোনৰ লাইনটো কাটি ল’ৰাক ক’লোঁ,

: গ্ৰীল বন্ধ আছে৷ অথচ বাহিৰত কোন!

এওঁ বুলি ভাবিবলৈকো চাটাৰ গ্ৰীল খোলা শুনাই নাই৷ তথাপিও এওঁলৈ ফোন লগালোঁ৷ বোলো,

: তুমি আহিছা নেকি ঘৰলৈ?

এওঁ বোলে
:আধা ঘণ্টামান পিছত পাম গৈ আৰু৷

কথাষাৰ শুনিয়েই বুকুখন ঢিপিং কৰি গ’ল৷ মানে বাহিৰত কোনোবা আছে যে খাটাং৷ মই ভয় খোৱা দেখি শুৱা কোঠাৰ পৰা আমাৰ ল’ৰাকণ কোঁকোঁৱাই নিজৰ কোঠাৰ ফালে পোনালে৷ ময়ো ভয়তে তাৰ পিছে পিছে পোনালোঁ৷ তাৰ কোঠাৰ সমুখ পাওঁতেই সি হাতত ক্ৰিকেট বেটখন লৈ ওলাই আহিছে৷ সি আকৌ মই তাৰ পিছে পিছে আহিম বুলি ভবাই নাই৷ আমাৰ দুয়োৰে লাগিল নহয় মুখামুখি সংঘৰ্ষ৷ এনে এটা সি মোক প্ৰচণ্ড খুন্দা মাৰি পঠিয়ালে যে মই চিটিকি গৈ একেচাতে তাৰ কোঠাৰ সমুখত থকা টিউচনৰ ল’ৰা ছোৱালীক পঢ়োৱা টেবুলখনৰ তলত পৰিলোঁগৈ৷ পৰিলৈ উঠিব নোৱৰা হ’লোঁ৷ সি যেনে তেনে ডাঙি আনি বিছনাত শুৱালেহি মোক৷ মই কঁকালৰ বিষত থাকিব পৰা নাই৷ সি আকৌ বেটখন লৈ ওলাই যাব খুজিছে৷ মই তাক দুৱাৰ খুলিবলৈ বাধা দি এওঁলৈ পুনৰ ফোন লগালোঁ৷ কথাবোৰ ক’লোঁ৷ এওঁ ক’লে,

: লাইটবোৰ জ্বলাই কোন হয় চোৱা৷ মই পাঁচ মিনিটত গৈ পাম৷

মই বোলো,
: দুৱাৰ নুখুলোঁ দেই৷ বাহিৰত কিমান মানুহ আছে বা! যদি কিবা দা-কটাৰীলৈ আনিছে লগত!

এওঁ বোলে,
: বাৰু হ’ব মই গৈ আছোঁ৷

ফোনটো থৈয়ে আকৌ মনলৈ বেয়া চিন্তা এটা আহিল৷ এওঁ অকলে ওপৰলৈ উঠি আহিলে বিপদ হ’ব৷ চিৰিত যদি দুই তিনিটা মানুহ আছে! লগে লেগে আকৌ ফোন কৰি এওঁক তলতেই ৰ’বলৈ কৈ ভাইটিক ফোন কৰি কথাখিনি ক’লোঁ৷ ভাইটি আকৌ আমাৰ ঘৰৰ ওচৰে-পাঁজৰেই আছিল তেতিয়া৷ লগৰ আৰু দুটাক লগতে লৈ তৎক্ষণাত ঘৰৰ তল পালেহি৷ ইতিমধ্যে এওঁ আহিও পাইছেহি৷ গ্ৰীল খুলি গোটেইকেইটা ওপৰলৈ আহিল৷ মোক চিঞৰি মাতিলত দুৱাৰ খুলিলোঁ৷ বাহিৰৰ লাইট জ্বলাই চালোঁ; কাষতে থকা পানী টেংকিটোৰ ওপৰত তুলি থোৱা এ.চি.ৰ খালী কাৰ্টুন এটা আৰু দুই এটা কিবা কিবি বস্তু আহি তলত পৰি আছে৷ হয়তো মেকুৰীয়ে পেলালে৷ ভাইটি আৰু লগৰকেইটাই গোটেইখন চোৰ বিচাৰি চলাথ কৰিলে৷ চোৰ নাই যি নাই মেকুৰী বা আন একো এটাও নেদেখিলে৷ ভাইটি বোলে তোৰ ইনভিজিবল চোৰক ধৰা পেলাব নোৱাৰি আমাৰ মনহে বেয়া লাগিছে ঐ৷ লগৰ দুটায়ো হাঁহি হাঁহি বৰ আমেজ পালে৷ ইমানখন হুলস্থূল কৰিলোঁ চোৰ আছে বুলি৷ শেষত গৈ কাৰ্টুন এটা পৰাৰ শব্দটোহে উদ্ধাৰ হ’ল গৈ৷ এতিয়া ভাইটি আৰু লগৰ দুটাই যেতিয়াই তেতিয়াই ফোন কৰি খবৰ লৈ আছে আকৌ কৰবাত কাৰ্টুন চাৰ্টুন পৰিছে নে নাই বুলি৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.