ফটাঢোল

ইমান সহজ এই প্ৰেম – নয়নমণি হালৈ

বিনন্দ শইকীয়া চৰুক সুধি চাউল বহুওৱা মানুহ নহয়। সেয়ে তেওঁ বীৰদৰ্পে হুংকাৰ দিলে- ‘এই বিয়া কেতিয়াও হ’ব নোৱাৰে’।

দেউতাকৰ বজ্ৰকঠিন ঘোষণাত জীয়েক অৰ্চনাৰ মুখৰ মাত হেৰাল। কেৱল চকুৰে ধাৰাষাৰ বাৰিষাৰ ঢল নামি আহিল। সাজ নালাগোতেই অৰ্চনা কুমাৰীয়ে সেইদিনা ৰোহঘৰত পৰিল। পৰিল যি পৰিলেই, মাকৰ কাকূতি-মিনতিয়েও তাইক সেইদিনা ভাতৰ পাতত বহুৱাব নোৱাৰিলে। অৱশ্যে মাকে তাইক আশ্বাস দিলে, ‘মাজনী, ইমান ভাঙি পৰিব নালাগে। নাৰিকলৰ দৰে দেউতাৰৰ বাহিৰখনহে টান, ভিতৰখন একেবাৰে কোমল। তেওঁ জানো তোৰ অহিত চিন্তা কৰিব! কথাবোৰ ওলাইছেহে, সিদ্ধান্ত হোৱা নাই নহয়।’ মাকৰ কথাত তাইৰ চকুপানীৰ ধাৰ কিছু কমিল যদিও ভাতৰ পাতত বহাৰ সাহস তাই গোটাব নোৱাৰিলে। কিবা এটা অনামী লাজ, সংকোচে তাইক সেইখিনি সময়ত হেঁচা মাৰি ধৰিলে। তাইৰ ভালপোৱা, বিয়া এইবোৰ কথাৰে ঘৰখন তল-ওপৰ হৈ থকা দিনত তাই এদিনো দেউতাকৰ মুখামুখি হব পৰা নাই। আৰু আজিতো সম্ভৱেই নহয়। তাই গাৰুটো বুকুৰ মাজত লৈ বিচনাখনতে লেতুসেতু হৈ পৰি থাকিল। টোপনি অহা বুলি ভাবি মাকে এপাকত আঠুৱাখন তৰি দি গ’লহি। মবাইলটো তাইৰ কাষতে পৰি আছিল, তাই সেইটো অন কৰিব খুজিলে, কিন্তু কিবা এটা ভাবি পুনৰ সেইটো তেনেকৈয়ে থৈ দিলে। অৰ্ণৱে কিজানি ইমান সময়ে দহবাৰৰ ওপৰত ফোন কৰি কৰি ভাগৰি গৈছে।

অৰ্ণৱ। জাতীয় বিদ্যালয়ৰ অংকৰ মাষ্টৰ অৰ্ণৱ। বিজ্ঞান আৰু অংকৰ ঘৰুৱা টিউছন কৰিছিল। আজিকালি ঘৰতে দুযোৰ ডেক্স-বেঞ্চ যোগাৰ কৰি লৈছে। তাৰপিছতো হেনো ৰাতিপুৱা আৰু আবেলি সময়ত টিউছনৰ ল’ৰা-ছোৱালীক বহিবলৈ জেগা দিব নোৱাৰে। অৰ্চনাক সি কৈছে, আৰু অলপ পইচা-পাতি হাতলৈ আহিলে ৰুমটো অলপ ডাঙৰ কৰিব, যাতে আৰু দুযোৰ ডেক্স-বেঞ্চ সুমুৱাবহি পাৰে। পিছলৈ সি আৰু এটা ৰুম বঢ়াব, সেইটো অৰ্চনাৰ বাবে। তাই তাত ল’ৰা-ছোৱালীক ইংৰাজী শিকাব। অৰ্চনাই তপককৈ মাত দিছিল, ‘অৰ্ণৱ, যিবোৰ দুখীয়া মানুহে ল’ৰা-ছোৱালীক টিউছন দিব নোৱাৰে, তেওঁলোকক মই বিনা পইচাত পঢ়ুৱাম। তুমি তেওঁলোকৰ বাবেও এখন ডেক্স বনাই দিবা’। সুযোগ পালেই অৰ্চনাৰ সমাজ-সেৱা কৰাৰ বেমাৰটোৱে উক দি উঠে। তাইৰ কথাত তাৰেই ৰেশ অকণমান ফুটি উঠিল। অৰ্ণৱে তাইৰ চকুৰ ফালে একেথৰে চাই আছিল। পাৰ্কখনৰ সিটোপাৰে ৰান্ধনি বেলিয়ে মেঘৰ আঁৰত মুখ লুকুওৱাৰ যো-জা চলাইছিল। তাৰ শেষ ৰশ্মিবোৰ অৰ্চনাৰ চকুৱে মুখে বিয়পি পৰিছিল। অৰ্ণৱৰ চকুলৈ চাই তাইৰ যেন লাজ লাগিল। বহুত লাজ।

অৰ্চনা ইংৰাজীৰ ছাত্ৰ। গ্ৰেজুৱেচন কৰি কি কৰিব, কি পঢ়িব সেইটো ভবা-চিন্তা কৰি থাকোতেই তাইৰ দুবছৰ গ’ল। কিবা এটা সিদ্ধান্তলৈ অহাৰ আগতেই ক’ৰ পৰা জানো ধুমুহাৰ দৰে ওলালহি হেৰম্ব। জনস্বাস্থ্য বিভাগৰ চাকৰিয়াল হেৰম্ব কুমাৰ নাথ। বিনন্দ শইকীয়াই জীৱনত সময়ৰ শৰ সময়ত মাৰি আহিছে। সেইবাবেই হয়তো খুউব কষ্টকৰ অতীত এটাৰ পৰা আহি আহি আজি তেওঁ সমাজত মূৰ তুলি কথা কব পৰা অৱস্থা এটা পাইছেহি। শূন্যৰ পৰা আৰম্ভ কৰি আজি তেওঁ চহৰৰ বুকুত নিজাকৈ এডোখৰ মাটি কৰিছে, প্ৰাসাদ নহলেও চাৰিটা কোঠালিৰ এটা ধুনীয়া ঘৰ সাজিছে, একমাত্ৰ ল’ৰাক বাংগালোৰত পঢুৱাই এতিয়া চাকৰি কৰিবলৈ শিলচৰলৈ পঠিয়াই দিছে, একেবাৰে চাকৰিৰ অন্তিম সময়ত গাড়ী বুলিবলৈও এখন ছেকেণ্ড-হেণ্ড মাৰুটি ৮০০ লৈ বহুদিনীয়া চখ পূৰণ কৰিছে। এতিয়া ছোৱালীজনীৰ বাবে সুপাত্ৰ আহিছে, এইফেৰা দায়িত্ব পালন কৰিব পাৰিলে বিনন্দ শইকীয়াৰ আৰু একো কৰিবলগীয়া নাই। ভাবিছে চাকৰি শেষ হলেই মৰমৰ পত্নীক লৈ এবাৰ কাশ্মীৰ ভ্ৰমণলৈ যাব। চাকৰিটো থাকোতেই অৰ্চনাৰ বাবে ভাল সম্বন্ধ আহিছে, গতিকে পলম কৰিব নোৱাৰি। তেওঁ ল’ৰাজনৰ বিষয়ে সকলোধৰণৰ অনুসন্ধান সম্পূৰ্ণ কৰি অৰ্চনাৰ মোমায়েকৰ লগত বিয়া একপ্ৰকাৰ খাটাঙেই কৰি পেলালে।

এইপিনে হৰিমন্দিৰৰ চ’কত অৰ্চনাই অৰ্ণৱৰ লগত পানীপুৰী খাই থাকে। পুৰণি স্পেন্ডাৰ বাইকখন লৈ অৰ্ণৱ হৰিমন্দিৰ চ’কলৈ প্ৰায়ে আহে। অৰ্চনাই গালি পাৰে ‘এইখনত মই আৰু নুঠো, আধাঘন্টামান কিক মাৰিলেও ষ্টাৰ্ট নহয়, মানুহৰ আগত মোৰ লাজ লাগে’। কিন্তু তাই উঠে। অৰ্ণৱৰ বাহুত খামোচ মাৰিও ধৰে। চহৰখনৰ পৰা বাহিৰ ওলোৱা ৰাস্তাটো পোৱাৰ পিছতেই দুয়ো যেন পখিলা হৈ পৰে। কেতিয়াবা পাগলাদিয়া নদীৰ পাৰৰ মথাউৰিটোতে দুয়ো বহি থাকে। অৰ্ণৱে খৰ-ধৰ লগায়, ‘ব’লা মানুহবোৰে বৰ বেয়াকৈ চায়’। অৰ্চনাৰ খং উঠে, ‘বেয়াকৈ চালে তোমাৰ একো ক্ষয় নাযায়। ছোৱালী মানুহটো হৈ মই ভয়-ভীত নকৰাকৈ বহি আছো, তুমিও থাকা।’ অৰ্ণৱ বহি থাকে। পাগলাদিয়াৰ পানীৰ দৰে অৰ্চনাৰ মুখৰ কথাই কল-কল-কল-কল শব্দ কৰি ক’ৰ পৰা ক’ৰ ঘাটলৈ যে গতি কৰে হিচাপ নাথাকে। কথা ক’ব পালে তাইক আৰু একো নালাগে। অৰ্ণৱে একোবাৰ ধমক মাৰি উঠে, ‘বাপৰে ইমান যে কথা ক’ব পাৰা নহয় তুমি’।

কিন্তু সেই অৰ্চনাৰ মুখৰ মাত এইবাৰ বন্ধ হৈ গ’ল। দেউতাকে ইতিমধ্যে বিয়াৰ মূল পেণ্ডেলটো কোনখিনিত হ’লে ভাল হ’ব, বাটৰ মূৰত আমলখিডাল কটা যাব নে নকটাকৈও ৰাখিব পাৰি, খুওৱা-ধুওৱা জেগা কোনখিনিত কৰা ভাল হব, বজাৰৰ মাংসক বিশ্বাস কৰিব নোৱাৰি, তাতীগাৱৰ বলোৰামকে মাংসৰ দায়িত্ব দিয়াটো ভাল হবনে কি.. এইবোৰ কথা লৈ মোমায়েকৰ লগত সদায়ে একোখনকৈ মিটিং পাতিবলৈ আৰম্ভ কৰিলেই। মাকৰ চাহৰ কেটেলী এই চৌকাত উঠে, এই নামে। ইফালে অৰ্চনাৰ মূৰটো চাহৰ কেটেলীটোৰ দৰেই ভকভকাই উতলি থকা হ’ল। অৰ্ণৱৰ লগত বহু আলোচনা কৰিও একো সিদ্ধান্তলৈ তাই আহিব পৰা নাই। প্ৰেমৰ মধুৰ গুঞ্জণ এইবাৰ বিৰহৰ কাতৰ চকুপানীলৈ ৰূপান্তৰিত হ’ল। অৰ্ণবে শেষত এটা কথাই ক’লে যে, ‘তুমি যি সিদ্ধান্ত লোৱা সেয়াই হব। মই জোৰকৈ বিয়া কৰাই আনি গোটেই জীৱন তোমাৰ দেউতাৰাৰ গৰিহণাৰ পাত্ৰ হব নোৱাৰো।’ অৰ্চনাৰ চকুপানীৰে যেন পাগলাদিয়া ভৰি গ’ল এইবাৰ। অৱশেষত তাই বুজিলে যে এগৰাকী মানুহেই তাইক এই বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিব। সেইগৰাকী তাইৰ মাক।

মাকক বেছি বুজাই ক’ব লগা নহলেই। সিদিনালৈ ভাতৰ পাতত মাছৰ কাঁইট বাচি ভাত খুৱাই দিয়া ছোৱালীজনীয়ে কি ক’ব বিচাৰিছে মাকে মুখ খোলোতেই বুজি পালে। এনে কথাত বেছি পলম কৰা উচিত নহয়। মাকে যিমান পাৰে কোমলকৈ সেইদিনাই দেউতাকক কথাখিনি ক’লে। আৰু লগে-লগে দেউতাকৰ আশা-আকাংক্ষা, বিয়াৰ পেণ্ডেল, বলোৰামে দিয়া মাংস সকলো পানী হৈ উটি যোৱাৰ উপক্ৰম দেখি বীৰদৰ্পে হুংকাৰ দিলে- ‘এই বিয়া কেতিয়াও হ’ব নোৱাৰে। অমুকা চৰুক সুধি চাউল বহুওৱা মানুহ নহয়।’

কিন্তু ধৰ্মৰ গ্লানি হলে ধৰাধামলৈ ভগৱান নামি অহাদি সেইদিনাই ঘৰখনলৈ মোমায়েকৰ ৰূপ ধৰি ভগৱান নামি আহিল। আহি দেখে ঘৰখনত মোটামুটি এখন শীতল যুদ্ধ আৰম্ভ হৈছেই। কুৰুক্ষেত্ৰ যুদ্ধৰ আগত শ্ৰীকৃষ্ণই কৌৰৱপক্ষক বুজোৱাদি মোমায়েকে গোটেইকেইটাকে সন্মুখত বহুৱাই লৈ বুজালে- ‘চাওক ভিনদেউ, ছোৱালীৰ বিয়াৰ ক্ষেত্ৰত আকোৰগোজ হ’ব নাপায়। তাইৰোতো এটা মন আছে। তাৰোপৰি তাই এতিয়া মেচিয়ৰড ছোৱালী।’

‘থৈ দিয়াহে তাইৰ মেচিয়ৰড। বজাৰৰ পৰা এপদ বস্তু কিনি আনিব নোৱাৰে তাই। তাইৰ গা ধোৱা কাপোৰ বাথৰুমতে পৰি থাকে। মাকে সময় নাপালে এতিয়াও ময়ে থেকেচি-থেকেচি ধুব লাগে। আৰু তুমি কৈছা তাই মেচিয়ৰড।’ হাৱৰীয়া বৰলৰ দৰে দেউতাকে গুজৰি-গুমৰি উঠিল।

‘তেনেহলে আপুনি তাইক বিয়া দিব ওলাইছে কিয়’। মোমায়েকে এইষাৰ একেবাৰে জেগাত দিছে। অৰ্চনাই তেতিয়াহে মূৰটো দাঙি কিবাকৈ দেউতাকৰ মুখলৈ চালে। দেউতাকে অলপ কোঁচ-মোচ খাই উঠিল।

‘শুনক ভিনদেউ, তাতকৈ এটা কাম কৰো বলক। এই অৰ্ণৱ নে কি, ল’ৰাটোৰ ঘৰখন, সি কি কৰে, এদিন গৈ চাই আহো বলক।’ শান্তিসভা চলি থাকোতেই হঠাত্‍ দুৰ্যোধনে সভাস্থলী ত্যাগ কৰাৰ দৰে দেউতাকেও ৰূমৰ পৰা ওলাই একেচাতে বাৰাণ্ডা পালেগৈ। কিন্তু মোমায়েক শান্তিদূত কৃষ্ণৰ দৰে ধীৰ-স্থিৰ ভাৱেৰেই ক’লে- ‘চিন্তা নকৰিবি মাজনী। তই অৰ্ণৱক ফোন কৰি ক, এইটো ৰবিবাৰেই আমি তেওঁলোকৰ ঘৰলৈ যাম।’

ৰবিবাৰলৈ কিমান দিন! লগে-লগে অৰ্চনাই আঙুলিৰ মূৰত হিচাপ কৰিলে। যেতিয়া গম পালে আৰু মাত্ৰ চাৰিদিনহে আছে ৰবিবাৰলৈ, লগে-লগে তাই বাথৰুমলৈ গৈ অৰ্ণৱক এছ.এম.এছ এটা কৰি দিলে যে ৰবিবাৰে দেউতাকহঁত সিহঁতৰ ঘৰলৈ যাব। চাৰিদিন নহয় যেন চাৰিটা ঘন্টা। এই চাৰিটা ঘন্টাতে তাই জীৱনৰ এটা পৰীক্ষাত অৱতীৰ্ণ হ’ব ওলাইছে। তাইৰ হাতত আৰু সময় নাই। মেট্ৰিক পৰীক্ষাৰ সময়তো তাই ইমান ঘামি যোৱা নাছিল। তাই সেইদিনা ৰাতিয়ে দুৱাৰৰ খিলিটো লগাই অৰ্ণৱক ফোনটো লগালে আৰু কোনো কথাৰ অৱতাৰণা নকৰাকৈ চিধাই সুধিলে, “তুমি এই চাৰিদিনত ঘৰটো ৰং কৰি দিব পাৰিবা?”

অৰ্ণৱেও চিধাই উত্তৰ দিলে, “পাগল নেকি, চাৰিদিনত ঘৰ ৰং হয়নেকি?”

“তেনেহ’লে প্লিজ পৰ্দাকেইখন চেঞ্জ কৰি দিয়া। আৰু তোমালোকৰ পাকঘৰত যে ভাল কাপ-প্লেটৰ ছেট এটাও নাই। মোক ষ্টিলৰ কাপতহে চাহ দিছিলা। আৰু চোফাৰ কুচনবোৰ যে! ইচ ৰাম তুমি সেইকেইটা কালিয়েই বদলাই দিয়া। আৰু শুনানা, মাক এযোৰ ভাল কাপোৰ পিন্ধি থাকিবলৈ দিবা।”

“আৰু মই? ধূতি পাঞ্জাৱীযোৰ পিন্ধিম নে বৰমালাডালো আৰি ল’ম”- অৰ্ণৱৰ খং উঠি গ’ল। “তোমাৰ দেউতাই যদি পৰ্দা চাই, কাপপ্লেট চাই জীয়েকক বিয়া নিদিয়ে নালাগে দিয়া, মোৰ আপত্তি নাই”- কৈয়ে অৰ্ণৱে ফোনটো কাটি দিলে। এইফালে অৰ্চনাৰ চকু ভৰা পাগলাদিয়া হৈ পৰিল।

অৱশেষত ৰবিবাৰ আহিল। সময়ত মোমায়েকো আহিল। আড়লে-আড়লে অৰ্চনাই সকলো নিৰীক্ষণ কৰি থাকিল। মাজে-মাজে অৰ্ণৱৰ পৰা কাপ-প্লেট, পৰ্দাৰ ৰং, চোফাৰ কুচনৰ পৰা মিঠাইৰ আকাৰলৈ এইবোৰৰো খবৰ লৈ থাকিল। তাই জানে মুখেৰে হাজাৰ খং দেখালেও অৰ্ণৱে তাইৰ একো কথাকে নেপেলায়। এপাকত মাকক গৈ ক’লে, “দেউতাক সেইটো চাৰ্টেৰে কেনে দেখিছে চাচোন মা। চাৰ্টটো সলাই ল’বলৈ কনা।” মাকেও বোলে ‘দেউতাৰা যে যাবলৈ ওলাইছে সেয়াই বহুত। এইবোৰ চাৰ্ট-তাৰ্টৰ কথা এৰ।’ অৱশেষত দেউতাক বিনন্দ শইকীয়া গৈ মাৰুটিৰ ষ্টিয়েৰিঙত হাত থলে। কাষত শান্তিদূত ৰূপী মোমায়েক। মাক বহিল পিছফালৰ আসনত। গাড়ী গৈ দুৱাৰমুখ পাৰ হোৱাই নাই, অৰ্চনা কুমাৰীয়ে ধুমুহা গতিৰে ফোন লগালেই, গৈ পোৱাৰ লগে-লগেই যে তামোল-পাণৰ বটাখনহে আগতে দিব লাগে এই কথাটো যে কোৱাই হোৱা নাই।

এইফালে পদূলিৰ পৰা গাড়ীখন ওলায়েই দেউতাকে মোমায়েক আৰু মাকলৈ ঘোপাকৈ চাই পঠিয়ালে। বোলে, ‘তোমালোকে মৰম কৰি কৰি তাইক নষ্ট কৰি পেলালা। এই প্ৰেম-পিৰিতি কৰি বিয়া হোৱা বহুত দেখিছো বুজিছা। টকা-পইচা নাথাকিলে এই প্ৰেম কোনদিনা পলাই পত্ৰং দিয়ে তাৰ ঠিক নাই। তাৰপিছত আৰম্ভ হ’ব সদায় কাজিয়া। এই বয়সলৈ বহুত দেখিলো মই। ‘কিনো শুভ কাম এটাত ওলাই আহি অমংগলীয়া কথাবোৰ কৈ আছে’- মাকে পিছফালৰ পৰা মাত দিলে। মোমায়েকেও বোলে ‘আগতে গৈ লওঁ বলকচোন’। কিন্তু তাৰপিছতো দেউতাকে মাত দিলে, “শুনা বিজয়, মই হ’লে কেঞ্চেল কৰি থৈ অহাটো খাটাং”।

উপসংহাৰ : সন্ধিয়া লাগি ভাগিছে। অলপ আগে-আগে দেউতাকহঁত আহি ঘৰ সোমাইছেহি। অৰ্চনা তাইৰ কোঠাটোৰ পৰা মাক-দেউতাকৰ সন্মুখত ওলাবলৈ সাহস গোটাব পৰা নাই। মোমায়েকৰ সৈতে দেউতাকে বাৰাণ্ডাত কিবা গুণগুণকৈ মেল পাতিছে। তাই বুজিবলৈ অশেষ চেষ্টা কৰিছে, কিন্তু পৰা নাই। মাকেও পাকঘৰত সোমাল। ইতিমধ্যে মোমায়েকেও বিদায় ল’লে। কি কৰে বাৰু তাই! তাই কেনেকৈ জানিব অলপ আগে-আগে কি সিদ্ধান্ত লোৱা হৈ গ’ল! মাকক উপযাচি সুধিব গৈ জানো! নাই নাই। অলপ লাজ-মানৰতো কথা আছে। তাই অধীৰ অপেক্ষাৰে বাট চালে কোনোবাই তাইক মতালৈ। অৱশেষত ক্ষণ আহিল। দেউতাকে টি.ভি চাবলৈ বুলি বহিছে। এইখিনি সময়ত দেউতাকৰ সদায়ে এটা সমস্যা হয়। চেনেলৰ নম্বৰবোৰ কোনোপধ্যে দেউতাকৰ মনত নাথাকে। মনত ৰাখিবলৈ চেষ্টাও নকৰে। কাৰণ টিভিৰ গুড়িত বহি ‘মাজনী’ বুলি চিঞৰ এটা মাৰিলেই মাজনী আহি হাজিৰ হয় আৰু মাজনীয়ে হৈ পৰে ৰিমটটোৰ হৰ্তা-কৰ্তা-বিধাতা। কিন্তু আজি! দেউতাকে মাতিবনে বাৰু তাইক- ‘মাজনী নিউজ লাইভটো দি যাহি’ বুলি। তাই ছট-ফটাই বহি থাকিল।

‘মাজনী, নিউজ লাইভটো দি যাহি’- দেউতাকৰ মাত নহয়, যেন সুৰীয়া এটা গান। দেউতাকৰ মাতটো ইমান মিঠা মিঠা লাগি গ’ল তাইৰ। দৌৰ মাৰি দেউতাকৰ কাষলৈ যাবলৈ মন গ’লেও তাই সমগ্ৰ চঞ্চলতা লুকুৱাই গহীন খোজেৰে দেউতাকৰ কাষ পালে। গৈ দেখে দেউতাকৰ কাষত মাকো বহি আছে। তাইৰ মনটো কিবা লাগি গ’ল। লাহেকৈ তাই ৰিম’টটো হাতত লওঁতেই দেউতাকে মাত দিলে, ‘মাজনী, তোক মই আজি এটা কথা কওঁ, যিটো কথা মই আজিলৈ কাৰো আগত কোৱা নাই। তোৰ মাৰক বিয়া কৰোৱাৰ আগতে মোৰো ঘৰ-দুৱাৰ চাবলৈ তোৰ ককা- আইতা আহিছিল। তাৰ আগলৈ তোৰ ককাই মাৰক বহুত গালি-গালাজ কৰিছিল। কাৰণ মাৰক বিয়া কৰাবলৈ তেতিয়া যিজন পাত্ৰ আহিছিল, সেইজন আছিল হাকিম। তেতিয়া মোৰ উপাৰ্জন বুলিবলৈ বিশেষ একো নাই । কিন্তু মোৰ চকুত দৃঢ়তা আছিল, মনত আত্মবিশ্বাস আছিল আৰু মায়েৰাৰ প্ৰতি আছিল অপত্য মৰম। হয়তো সেয়া তোৰ ককাই ভালকৈ চিনি পাইছিল। আৰু আজি মই অৰ্ণৱ ল’ৰাটোৰ মুখতো সেই একেই দৃঢ়তা দেখিবলৈ পাইছো মাজনী। মই যেতিয়া গম পালোঁ যে টিউছন কৰিয়ে সি ঘৰ বান্ধিবলৈ ওলাইছে, মই নিশ্চিত যে সি ঘৰটো উলিয়াব পাৰিব। আমি চাহ খাই থাকোতে বাহিৰত যেতিয়া এজাক ল’ৰাই তাক চাৰ-চাৰকৈ মাতি আছিল, তেতিয়াই মই বুজিছিলো, যে সি চাৰ শব্দৰ মৰ্যদা ৰাখিব পাৰিব। মাজনী, তোৰ নিৰ্বাচন সঠিক। তই সঁচাই মেচিয়ৰড হৈছ।’

অৰ্চনাই আৰু তাত নৰ’ল। তাই দুৱাৰত খিলিটো লগাই দিলে। ফোনটো হাতত লৈয়ে তাই বিচনাত বাগৰি দিলে। এতিয়া অৰ্ণৱক বাৰু কথাটো কেনেকৈ কোৱা যায়… ! পাগলাদিয়াৰ পানীৰে তাইৰ চকুহাল ভৰি পৰিল।

☆★☆★☆

3 Comments

  • তৃষ্ণা সো.

    ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    বাহ, বৰ টেনচন দিলাহে নয়ন! অৰ্চনাৰ লগতে মোৰো পাগলাদিয়া নবলেও চকুহাল সেমেকালা৷

    Reply
  • প্ৰীতম

    হেমন্তদাৰ লগত একমত ।

    Reply

Leave a Reply

Your email address will not be published.