ফটাঢোল

ইলিচ ( মূল: বাংলা) – গল্পকাৰ: জ্যোতিৰ্ময় সেনগুপ্ত – অনুবাদ: অভিজিত দত্ত

দেওবাৰৰ ৰাতিপুৱাটোত বিছনাৰ পৰা অলপ এলাহ এলাহকৈ উঠিলেও একো মহাভাৰতখন অশুদ্ধ নহয়। মানসীয়ে যে একো নকয়, সেয়া জনা কথা। তাই নাইটিটো এৰি শাৰীখন গাত মেৰিয়াই লৈ চকু-মুখত অলপ পানী মাৰি ঘৰটোত ঝাড়ু মাৰি গেছটো জ্বলাই ল’ৰা-ছোৱালীহালক দিবলৈ গাখীৰ গৰম কৰি নিজৰ বাবে একাপ ফিকা চাহ বনাই ভাত বহায়। তাৰপিছত মানসী বহি যায় ফ্ৰিজৰ তৰকাৰী ভৰি থকা বাস্কেটটো লৈ।

অথচ কাষৰ ঘৰৰ সুন্দৰ দিদিৰ দৰে তাই এই সময়ত নাক বজাই শুই থাকিব পাৰে। সুন্দৰ দিদি যোৱা বাৰ বছৰ এখন মহাবিদ্যালয়ত চাকৰি কৰি বছৰেকত চৌব্বিশ হাজাৰ টকাকৈ বেঙ্কত জমা কৰি আছে। আৰু মানসী মোৰ জইনণ্ট একাউণ্টত চহীটো দি এম এ পাচ গৃহবধু হৈয়েই জীৱনপাত কৰিছে।

পিচে সেইটো একো সমস্যা নহয়। মই যদি এতিয়া বজাৰলৈ গৈ পচন্দৰ ইলিচটো পাই যাওঁ আৰু মানসীৰ হাতত তুলি দিওঁ- কোনো সমস্যা নহ’ব। বোধকৰো মানসীয়ে সুধিব- “মাছটো ভাপত দিওঁ নে মাছৰ আঞ্জা বনাওঁ।” সতেজ ইলিচৰ দুবিধ ৰন্ধন প্ৰক্ৰিয়াই মোৰ প্ৰিয়। ওপৰত টিকটিকিয়া ৰঙা জলকীয়া এটা। উস্‌, ভাবিলেই মুখৰ পানী পৰি যায়! মানসীয়ে ভাল ৰান্ধে। আচলতে তাই দেখিবলৈ ধুনীয়া। গতিকে তাইৰ সকলো ভাল। মনটোক সকলো সময়তেই ভাল লগাই থাকে।

দুপৰীয়া চাৰিজন ভাতৰ পাতত বহিলোঁ। মাছটোৰ বুকুৰ অংশৰ টুকুৰা আঞ্জাত দিয়া হৈছে। পিঠিৰ অংশৰ টুকুৰা ভাপত দিয়াৰ বাবে ৰসে চৌ চৌ হৈ গৰম ভাতৰ কাষত সেই টুকুৰাটোৱে ‘মোক খা, মোক খা’কৈ পৰি আছে। আঃ! ভাবিয়েই ভাল লাগিছে। ইলিচৰ আমেজেই বেলেগ। ৰূপোৱালী সতেজ ইলিচৰ কথা কালি ৰাতি পঢ়া গল্পটোতেই পালোঁ। পুৰণি ছবি ডুখৰি আকৌ ভাঁহি আহিল। ৰূপোৱালী ইলিচ মাছ ব্ৰহ্মপুত্ৰতো দেখিছোঁ। কিন্তু এই ইলিচ পুতল আৰু ৰূপহীন- সেই বাবেই হয়তো এই ইলিচৰ সোৱাদ নাই। আৰু বাংলাদেশৰ ইলিচ? আঃ! কেচা মাছটোৰেই কথা কম নে আঞ্জাত ভাঁহি থকা ইলিচৰ কথাই ক’ম- সৌন্দৰ্য্য একেবাৰে সৰি পৰে যেন! মনটোক ৰসে চৌ চৌ কৰে।

ইলিচটো আনি দিয়াৰ পিছত মানসীয়ে তাইৰ নৰম, মসৃণ আৰু কলডিলীয়া মাখনী হাতেৰে মাছটোক পেলাই লৈ যেনেদৰে বছা আৰম্ভ কৰিছে, সেয়া সচাকৈয়ে এক লোভনীয় দৃশ্য হৈ ধৰা দিছে। পট সৃষ্টিত তাৰাপদ পাকৈত। তেওঁৰ গল্পটোৱেই কালি পঢ়িছিলোঁ। মাছ বাছি থকা মানসীৰ এই ছবিখন তাৰাপদৰ গল্পৰ নায়িকাৰ‌। নায়কে হেঁপাহেৰে ইলিচ মাছ আনিছে , শ্ৰীমতীক সেই মাছ বঢ়িয়াকৈ বাছিবলৈ দিছে। শ্ৰীমতীয়ে মাছ বাছি আছে, কাষত বহি নায়কে সেই দৃশ্য প্ৰাণভৰি উপভোগ কৰিছে। মাছ বছাৰ লগে লগে শ্ৰীমতীৰ হাতৰ খাৰু বাজিছে ৰুনুজুনুকৈ৷ দেহ-মন যেন শাঁত পৰি যায়! সেয়া কি বৰ্ণনা, সেয়া কি ক্যাৰেকটাৰাইজেশন! শেষটো নিতান্তই মনোগ্ৰাহী। শ্ৰীমতীয়ে গোটেই দিনটো ৰান্ধি বাঢ়ি সকলোকে খুৱালে-বোৱালে, কথা নাই, বতৰা নাই সন্ধ্যাৰ পৰত ডিঙিত চিপজৰী লৈ তাই আপোনঘাতী হ’ল। কি সাংঘাতিক ব্যঞ্জনা! এনেধৰণৰ ব্যঞ্জনাময় গল্প পঢ়ি কাৰনো বেয়া লাগে? মনটো সেই তেতিয়াৰ পৰাই ফুৰফুৰীয়া হৈ আছে।

হয়, আজি মানসীৰ হাতেৰেই ইলিচ খাম- ঠিক সেই গল্পৰ নায়কৰ দৰে।

☆★☆★☆

Leave a Reply

Your email address will not be published.