ফটাঢোল

ইস্ক, মোহব্বত, ইত্যাদি… – ধ্ৰুৱজ্যোতি অৰ্জুন

প্ৰথম দৃশ্যঃ

এখন দামী গাড়ীৰ সন্মুখত এদল মস্তান যেন মানুহ দেখা যায়। মস্তান দলৰ লিডাৰ চাওমিন। কেমেৰাই লাহে লাহে মুখত জুইশলাৰ কাঠি কামুৰি চাওমিনক দেখুৱায়। কেমেৰাই চাওমিনৰ মুখৰ খঙাল ৰূপটো দেখুৱাই ভিউ ৱাইদ এংগোলত নি গাড়ীখনক দেখুৱাব লয়। লাহে লাহে গাড়ীৰ পৰা লাহে লাহে নামি আহিছে গুলপীয়া জিনচ আৰু টি চাৰ্ট পিন্ধা উত্তৰা। চহৰৰ জানি মানি “গুলাবী গেঙৰ” চদাৰৰ্ণী উত্তৰা। চানগ্লাছ খুলি দলিয়াই এক কিক মাৰে সন্মুখত ৰৈ থকা খিনিৰ এটাক। চশমা শূণ্যতে থপিয়াই ধৰি সামৰি ডিঙিৰ পাছফালে ৰাখি পুনৰ পাঞ্চ আৰু কিকৰ বৰষুণ নমাই দিয়ে গাড়ী ৰখাবলৈ সন্মুখত থিয় হৱা মস্তানৰ দলটোৰ মাজত। চাওমিনৰ জুইশলা কাঠি ঘোঁচাৰ কোবত উৰি যায়। সেই কাঠি উৰি গৈ পৰে চাইকেল লৈ আহি থকা সাধাৰণ চাৰ্ট-পেন্ট পিন্ধা অৰ্জুনৰ মুখত। অৰ্জুন থমকি ৰয়। উত্তৰাৰ যুদ্ধ কৌশলথম দেখি তবধ মানি থমকি ৰয়। যুজ এৰুৱাবলৈ আগবাঢ়ি যায় অৰ্জুন। এটা গুণ্ডা অনুৰূপৰ ঘোঁচাত তেজ ওলাই অৰ্জুনৰ মুখেৰে। অৱশ্যে উত্তৰাৰ প্ৰচণ্ড মাৰ সহিৱ নোৱাৰি পলাই যায় সকলো গুণ্ডা। অৰ্জুনৰ মুখৰ তেজ জেপৰ পৰা গুলপীয়া ৰুমাল উলিয়াই মচি দিয়ে উত্তৰাই! অৰ্জুনৰ চিকিৎসা কৰাবলৈ লৈ যায় হস্পিতেল।

দ্বিতীয় দৃশ্যঃ (১)

দোস্তি হয় অৰ্জুন আৰু উত্তৰাৰ মাজত। উত্তৰাৰ ঘৰলৈ উত্তৰাই লৈ যায় অৰ্জুনক। প্ৰকাণ্ড হাউলীটোত দেউতাক নৱজিৎ বৈশ্যৰে স’তে উত্তৰা থাকে। চহৰৰ প্ৰখ্যাত সমাজকৰ্মী তথা টিভি চেনেলৰ অধিকাৰী নৱজিৎ বৈশ্য এজন অতি ভদ্ৰলোক। তেওঁ আদৰণি জনাই অৰ্জুনক। অৰ্জুন মোহিত হয় বৈশ্যৰ আতিথ্যতাত। অৰ্জুনে জনাই যে তেওঁৰ কোনো নাই। চাকৰিৰ সন্ধানত অৰ্জুন আহিছে চহৰলৈ! বৈশ্যই নিজৰ চেনেলতে চাকৰিৰ অফাৰ দিয়ে অৰ্জুনক। অৰ্জুনেও তেওঁৰ ভৰি চুই সেৱা কৰি ধন্যবাদ দিয়ে।

দ্বিতীয় দৃশ্যঃ (২)

লাহে লাহে সময়বোৰ আগবাঢ়ে। অৰ্জুনে গম পাই উত্তৰাই চলাই চহৰৰ শক্তিশালী গেঙ “গোলাৱী গেঙ”ক। দুখীয়া গৰীৱ মানুহবোৰক ন্যায় দিয়াই গোলাবী গেঙৰ উদ্দেশ্য। উত্তৰাই এদিন লগ কৰাই দিয়ে গোলাৱী গেঙৰ বাকী সদস্য চাহিন, শিল্পা, ৰিংকুমনি, মৃদুলাহঁতক। তাঁহাতৰ প্ৰেক্টিছ গ্ৰাউণ্ডত অৰ্জুনে ভেবা লাগি চাই ইণ্ডিমা, সংগীতাহঁতৰ দৰে গোলাবী যুদ্ধাৰ আখৰা। উত্তৰাৰ উৎসাহত অৰ্জুনে আখৰাত তৃপ্তিৰ লগত যুঁজিবলৈ গৈ বৌম মাৰ খায়।

দ্বিতীয় দৃশ্যঃ (৩)

উত্তৰাৰ গাড়ীত বহি অহা অৰ্জুনৰ তৃপ্তিৰ পৰা মাৰ খাই কেকাঁই অহাৰ কেঁকনি। অৰ্জুনে মাজে মাজে তৃপ্তিৰ নামত অবাইচ গালি পাৰিও আছে, উত্তৰাৰ মুখত মিলমিলিয়া হাঁহি। খঙতে গাড়ী ৰখাবলৈ কৈ গাড়ীৰ পৰা লেঙেৰাই লেঙেৰাই নামি যায় অৰ্জুন। অলপ দুৰ গৈয়ে লুটি খাই পৰাৰ ভাও ধৰে। তাকে দেখি সঁচা বুলি ভাৱি উত্তৰাই দৌৰ মাৰি গৈ অৰ্জুনক তুলি ধৰে। তাৰ পাছত প্যাৰ মহব্বতৰ গান। পাহাৰ-পৰ্বতৰ টিং, নামনিৰ ধাননি, সেইজীয়া উপত্যকা আদিত গীত-নৃত্য কৰাৰ পাছতহে দুয়োকে হস্পিতেলত গৈ অৰ্জুনৰ আঘাতৰ চিকিত্সা কৰোৱা দেখুওৱা হয়।

তৃতীয় দুশ্যঃ (১)

উত্তৰাৰ ঘৰত ৰাতি সকলো শুৱাৰ পাছত অৰ্জুনক সাৰ পাই থকা দেখুওৱা হয়। আচৰিত ধৰণেৰে অলপ আগলৈকে লেঙেৰাই থকা অৰ্জুন এইবাৰ সম্পূৰ্ণ সুস্থ। চুপচাপ চোৰৰ দৰে অৰ্জুনে নৱজিৎ বৈশ্যৰ ব্যক্তিগত অফিচ ৰুমত সোমায়। এটা সুসজ্জিত ৰুম। ৱালৰ তিনিদিশে কিতাপৰ আলমিৰাবোৰত নানা তৰহৰ কিতাপবোৰ থাক থাককৈ সজাই থোৱা হৈছে। মাজত থকা ডাঙৰ আকাৰৰ ঘূৰণীয়া টেবুলখনৰ মাজৰ ভাঁজ থকা খিনতে স্প্ৰীং লগোৱা আৰামী চকী, যিখনত কেৱল মিষ্টাৰ বৈশ্যহে বহিব পাৰে। টেবুলৰ ওপৰত এফালে কেইবাটাও ফাইল থোৱা আছে। তাৰ লগতে পেন ষ্টেণ্ড, পেপাৰৱেইট আদি। আনফালে পুৰণি আভিজাত্যশীল দিনৰ এটা সোণালী ৰঙৰ টেলিফোন। ডায়েল টোনখনো আগৰ দিনৰ ঘূৰণীয়া খাজ কটা। মিষ্টাৰ বৈশ্যৰ প্ৰাসাদোপম ঘৰৰ ৰুচিশীল আভিজাত্যৰ পৰিচয় এই ব্যক্তিগত অফিচ ৰুমটোতো দেখা পোৱা যায়। ৰুমটোৰ চতুৰ্থখন ৱালখনত এখন বৃহদ আকাৰৰ ভগৱানৰ ছবিখন ওলোমাই থোৱা আছে।

অৰ্জুন ৰুমটোত সোমাই যোৱাৰ শ্বটটোত গোটেই ৰুমটো এবাৰ পেন কৰি দেখুওৱা হয়। তাৰপিছত কেমেৰা টেবুলখনত স্থিৰ হয়। অৰ্জুনক বৈশ্যৰ টেবুলত কিবা এটা বিছাৰি ঘুৰ্মুটিয়াই থকা দেখা যায়। টেবুলখনত থকা ফাইলবোৰৰ মাজত বিচাৰি থকাটো নাপাই কিতাপৰ থাকবোৰ এফালৰ পৰা চাই যোৱা দেখুৱায়। শেষত কিবা ভাবি ভগৱানৰ মূৰ্তিৰ ছবিখন এনেয়ে অগা-পিছা কৰিবলৈ চায়। অলপ দেৰি তেনেদৰে ছবিখনৰ বিভিন্ন ঠাইত হেঁচোতে হেঁচোতে হঠাতে ফটোখন এফালে খোল খাই যায়। আশ্বৰ্যচকিত হৈ পৰা অৰ্জুনে দেখে ফটোখনৰ আঁৰত আৰু এটা বৃহদ ৱাৰড্ৰৱ। লক কৰা আছে, সেইটো খুলিবলৈ স্পেচিয়েলী ট্ৰেইন্ড মানুহ লাগিব। তাৰপিছত হাতৰ ঘড়ীটোলৈ চাই অৰ্জুনে। সেইটো ঘড়ী নহয়। লগৰ কাৰোবাৰ সতে যোগাযোগ কৰিব পৰা যন্ত্ৰহে।
সিফালে বৈশ্যৰ প্ৰকাণ্ড হাউলিৰ বেৰ বগাই ক’লা কাপোৰ পিন্ধা এগাল মানুহ। অৰ্জুনৰ সংগী। সকলোৱে চুপ-চাপ দেৱাল পাৰ হৈ আহি অৰ্জুনৰ ইংগিতমতে বৈশ্যৰ অফিচ ৰুমত ওলাইহি! আহোঁতে তাঁহাতে দুৰৰ পৰাই ট্ৰেংকুলাইজাৰ দি অচেনত কৰি আহে দাৰোৱান কেইটাক। অৰ্জুনৰ ওচৰ পাই তাঁহাতে চেল্যুট দি মুখৰ ক’লা কাপোৰ আঁতৰাই। সেয়া প্ৰথম দিনা দেখা মস্তান চাওমিন, অনুৰূপ হঁত। দলটোৰ চাইবাৰ বিশেষজ্ঞ ৰক্তাভে খৰধৰকৈ বৈশ্যৰ বিশেষ ল’কাৰ খুলি পেলায়। তাত থকা ডকুমেন্ট সমুহৰ ফটো খৰ ধৰকৈ তুলি লয়। তাত সোমাই থকা এটা বিশেষ ফাইল অৰ্জুনক দেখায়। ফাইলটোৰ ওপৰত লিখা আছিল,- “হেকাউদ্দিন”। কেমেৰা কিছুসময় ফাইলটোত লিখা থকা এই নামটোত নিবদ্ব হয়।
ইতিমধ্যে সকলো ডকুমেন্ট কপি কৰি দলটোৱে নিশাৰ আন্ধাৰৰ সুযোগ লৈ বতাহত মিলি যায়।

তৃতীয় দৃশ্যঃ (২)

দলটো অৰ্থাৎ বিশেষ বাহিনী “শনি স্কোৱাডে” শেষ নিশাৰ অপাৰেচনত অনা ফাইলৰ ফটো সন্মুখত লৈ গম্ভীৰ মুখে বহি আছে ডিজিপি বিজয়। মাজে মাজে নাকৰ ভিতৰত আঙুলি ভৰাই বনাইছে লাড়ু। সন্মুখত বহি থকা গুপ্তচৰ বিভাগৰ চিনিয়োৰ অফিচাৰ ঝুমদাৰ প্ৰজেক্টৰ এটাত ফটোবোৰ দেখুৱাই তাৰ কাহিনীবোৰ কৈ গৈছে কিছুমান পুৰণি কাহিনীঃ
চতূৰ্থ দৃশ্যঃ ফ্লেছবেক
বহু পুৰণি কাহিনী, পাকিস্থানৰ পৰা অহা হেকাউদ্দিন সন্ত্ৰাসবাদীয়ে অশান্ত কৰিছিল অঞ্চলটো। তেওঁক ধৰিবলৈ খেদি গৈছিল সেই ঠাইৰ ইন্সপেক্টৰ সৌৰভ শৰ্মাই! হেকাউদ্দিনে সৌৰভৰ চকুত ধুলি দি বহু বেংক লুটি জমা কৰিছিল বহু টকা। তেতিয়াৰ সাধাৰণ সমাজ সেৱক নৱজিৎ বৈশ্যৰ তাত জমা কৰিছিল এই লুটি নিয়া টকা। সেই টকাৰে নৱজিৎ বৈশ্যই বাহিৰত ব্যৱসায় কৰা দেখুৱাই সেই কলা টকাবোৰ বগা কৰিছিল। এই নেক্সাচক সহযোগ কৰিছিল চহৰৰ বিখ্যাত উকীল সোনটো মহাজনে।
এদিন সৌৰভ শৰ্মাই হেকাউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল যদিও অন্য এজন কুখ্যাত মাফিয়া ৰামানুজে বাটতে এম্বুচ কৰি মোকলাই লৈ যায় হেকাউদ্দিনক। আঘাতপ্ৰাপ্ত হৈ জীৱনলৈ ঘূণীয়া হৈ যায় সৌৰভ শৰ্মা। বতাহত মিলি যায় হেকা, ৰামানুজ।
চতূৰ্থ দৃশ্যৰ ফ্লেচবেক শেষ হৈ দৃশ্য কণ্টিনিউ হয় অফিচাৰ ঝুমদাৰৰ কথোপকথনত। কেমেৰাই লাহে লাহে সন্মুখত ডিজিপি বিজয়ৰ চিন্তাক্লিষ্ট মুখত নিবদ্ধ কৰা হয়। এইবাৰ কেমেৰাই পুনৰ অফিচাৰ ঝুমদাৰৰ ডায়লগত দেখুওৱা হয়….
শেহতীয়া ভাৱে সেই নেক্সাচৰ গতি বিধি লক্ষ্য কৰি গম পোৱা গৈছিল যে তেওঁলোকে ভাৰতৰ নিউক্লিয়েৰ প্লেনিঙৰ ডিটেইলচ হস্তগত কৰাৰ প্লেন কৰিছে। গতিকে বিশেষ বাহিনি “শনি স্কোৱাড” গঠন কৰি তেওঁলোকৰ পাছত নিয়োগ কৰা হয়। শনি স্কোৱাদ চলিছে অৰ্জুনৰ নেতৃত্বত। তেওঁলোকে খবৰ দিছে যে হেকাই এইবাৰ ভেশ সলাই বাবাজীৰ ৰূপ লৈ আশ্ৰম খুলি বহিছে।

পঞ্চম দৃশ্যঃ (১)

এইবাৰ হেকাক এক বিশেষ ’গেট আপত’ দেখা যাব। পিন্ধনত থাকিব টকলা মূৰ, মাজ মূৰত সামান্য চুলিৰ পৰা দীঘল টিকনি আৰু গাত গেৰুৱা বস্ত্ৰ। ৰাতি ৰাতি গোপনে হেকাৰ আশ্ৰমলৈ আহে বহুতো ভৱ্য গব্য মানুহ। তাৰ ভিতৰত অন্যতম নৱজিত বৈশ্য, উকীল সোনটো মহাজন আদি। আশ্ৰমত ৰাতিবোৰ লেগপিচ আৰু গড়মাৰ্কাৰ নৈ বৈ যায়। হেকাউদ্দিনৰ ডায়লগত বাঙালী, অসমীয়া আৰু হিন্দীৰ মিক্সাৰ হয়।
হেকাউদ্দিনঃ আৰে বৈছ বাবু, তুই কতকটা টাকা কড়ি লেকে বিজিনেছ বানিয়ে কে ৰমক ৰইচ হৈ গেছে। আমাকে তাৰ চেয়ে কুচ তৌ মাংগতা হ্যায়…আমাকে দিয়ে দাউ…ও কত বছৰেৰ হিচাবটা কৰি নিয়ে দাউ…
নৱজিত বৈশ্যঃ হেঃ হেঃ হেকা বাবু, এই সকলো আপোনাৰেই! মই মাত্ৰ চলাইহে আছোঁ! যেতিয়াই কয় পাই যাব।
হেকাউদ্দিনঃ আমাৰ চেলে একটা আছে ছট্টগ্ৰামে… তুই তোৰ মেয়েটিকে বিয়ে দিয়ে দাউ…তাহলে আমাৰ বিজিনেছটা ফাটাফাটি হয়ে যাব…
নৱজিত বৈশ্যই অলপ ইতস্ততঃ কৰে। হাতত লৈ থকা ৰঙীন পানীয়ৰ গিলাছটো ওচৰতে থকা টেবুলখনত থৈ দিয়ে।
বৈশ্যক লক্ষ্য কৰি থকা ধুৰন্ধৰ উকীল সোনটোৱে হেকাউদ্দিনে শুনাকৈ অলপ চিঞৰিয়েই কয়,-কি হ’ল মিষ্টাৰ বৈশ্য, হেকাউদ্দিন বাবুৰ ল’ৰাটোলৈ আপোনাৰ ছোৱালীক বিয়া দিলে সকলোবোৰ আপোনাৰেই হৈ যাব। হেকাীউদ্দিন বাবুৰ বিয়ৈ বুলি আপোনাক সকলোৱে ভয় কৰিও চলিব। তথাপিও আপোনাক নাৰ্ভাছ হোৱা যেন কিয় লাগিছে… (বৈশ্যৰ হাতত হেকাউদ্দিনৰ কলা ধন ৰখা কথাটোৰ ধুৰন্ধৰ সোনটো উকীলে আগৰে পৰা ভাল পোৱা নাছিল। সেয়ে হেকাউদ্দিনে নিজৰ ল’ৰালৈ বৈশ্যৰ ছোৱালীৰ বিয়াৰ কথাটো কওঁতেই বৈশ্যৰ মুখৰ ৰিয়েকচন দেখি উকীলে বুজি পাই গৈছিল যে বৈশ্যই এই সম্বন্ধটো কৰিব খোজা নাই। অনবৰতে বৈশ্যক হেকাউদ্দিনৰ ওচৰত হেয় কৰাৰ সুবিধা বিচাৰি থকা উকীলে সুবিধাটো ঠিকেই ল’লে।
হেকাউদ্দিনঃ কি ৰে বৈছ,… কি ৰকম চিন্তাত পৰেছিচ…. আমাৰ চেলেটা কি বেয়া… (হেকাউদ্দিনৰ মুখখন খঙাল দেখা গ’ল।)
নৱজিত বৈশ্যৰ মুখখনত সেই ৰাতিখনো ঘামৰ চিন….
হঠাতে হেকাউদ্দিনৰ ফোনটো বাজি উঠে। ৰিংটোনটোত নৱজিত বৈশ্য চক খাই উঠে,- ’বেদেৰ মেয়ে জোস্না আমি কথা দি আছে, হাসে হাসে বলে জোস্নাই ফাকি দি আছে…… ’
হেকাউদ্দিনে দেখে সেইটো ডন ৰামানুজৰ কল। হেকাউদ্দিনে অলপ আঁতৰলৈ গৈ ফোন ৰিচিভ কৰে। ফোনত কথা পাতি থাকোঁতে হেকাউদ্দিনে মাজে মাজে নৱজিত বৈশ্যলৈ ঘূৰি ঘূৰি চাই থাকে। ফোনটো কাটি হেকাউদ্দিনক কিছু চিন্তিত হৈ পৰা দেখা যায়। ডন ৰামানুজে গম পাই যায় “শনি স্কোৱাড”ৰ কথা। ’ ’শনি স্কোৱাাড’’ৰ হেড অৰ্জুনে নৱজিত বৈশ্য তথা জীয়েকৰ লগত হলিগলিৰ সম্ভেদো দিয়ে ডনে। লগতে হেকাউদ্দিনৰ বিষয়ে সমস্ত খবৰ বৈশ্যয়েই অৰ্জুনক দিয়ে বুলিও ডন ৰামানুজে।
কেমেৰাই এই গোটেই সময়খিনিত চিন্তিত হেকাউদ্দিনক দেখুওৱাৰ লগতে ঘামি পৰা নৱজিত বৈশ্যকো দেখুৱাই থাকে। ইফালে ধুৰন্ধৰ উকীল সোনটোৱে বৈশ্যৰ সম্ভাৱ্য বিপদৰ কথা ভাৱি মিচিকিয়াই থকাও দেখুওৱা হয়।

পঞ্চম দৃশ্যঃ (২)

নৱজিত বৈশ্যক গদ্দাৰি কৰা বুলি নিশাৰ আন্ধাৰত গাড়ীৰ আগত পেলাই দিবলৈ আদেশ দিয়ে হেকাই! নৱজিতৰ ঘনিষ্ঠ চিকিউৰিটিৰ সহায়ত অৱশ্যে কিবা প্ৰকাৰে বাছি পলাই যায় যদিও মৃত্যু হোৱা বুলিয়েই ধুৰন্ধৰ উকীলে খবৰ চাৰ্কোলেট কৰে।

ষষ্ঠ দৃশ্যঃ (১)

নৱজিত বৈশ্যৰ দালান। চাৰিওফালে কিবা এক দুখৰ ভাৱ। কেমেৰাই প্ৰথমে বগা কাপোৰ পিন্ধি দুখ কৰি থকা উত্তৰাক দেখুওৱা হয়। বৈশ্যৰ ফটোখন চাই চাই কান্দি থকা দেখুওৱা হয়। ওচৰে-পাঁজৰে ঘৰৰ নৌকৰ-চাকৰ, চিকিউৰিটি গাৰ্ড আদি তথা চুবুৰীয়া মানুহখিনি। কোনেও সঠিককৈ নাজানে বৈশ্যৰ কি হ’ল….তেনেতে অৰ্জুনক অহা দেখুওৱা হয়। অৰ্জুনক দেখিয়েই কান্দি থকাৰ পৰা উত্তৰাই দৌৰি গৈ অৰ্জুনক সাৱটি ধৰে। কিবা প্ৰকাৰে অৰ্জুনে জানিব পাৰিছিল যে নৱজিত বৈশ্যৰ মৃত্যু হোৱা নাই। সেয়ে উত্তৰাক সকলো কথা বিৱৰি কয়….(এইখিনি দৃশ্য খৰধৰকৈ দেখুওৱা হয়।) সঁচাটো গম পাই উত্তৰাৰ মুখখন হাঁহিৰে ভৰি পৰে যদিও অৰ্জুনে হাঁহিবলৈ মানা কৰে। হেকাউদ্দিনৰ মানুহে গম পাব নালাগে যে নৱজিত বৈশ্য জীয়াই আছে। সেয়ে উত্তৰা পুনৰ গহীন হৈ পৰে।
(এইখিনিতে কাহিনীৰ ক্লাইমেক্সৰ সলনিৰ বাবে অৰ্জুন-উত্তৰাৰ প্যাৰ মোহব্বতক লৈ ৰোমাণ্টিক গান, গছৰ তলত নাচ আদি দেখুওৱা হয়।)

ষষ্ঠ দৃশ্যঃ (২)

গানৰ শেষত উত্তৰা অৰ্জুনৰ কথোপকথন দেখুওৱা হয়। দেউতাকক সোঁশৰীৰেৰে উভতাই অনাৰ লগতে হেকাউদ্দিনৰ ওপৰত প্ৰতিশোধ ল’বলৈ অৰ্জুনক শপত দিয়ে।

সপ্তম দৃশ্যঃ (১)

শনি স্কোৱাড সাজু হয় হেকাক গ্ৰেপ্তাৰ কৰিৱলৈ! কিন্তু শেষ নিশা উত্তৰাক অপহৰণ কৰে হেকা গেঙে। অৰ্জুনে উত্তৰাক বচাবলৈ সোমাই পৰে হেকাৰ আশ্ৰমত। হেকাৰ মানুহে গুলী চলায়। অৰ্জুনে গজাল এমুঠি দলিয়াই দিয়ে হেকাৰ মানুহলৈ।
গজালসোপা চকু-মুখ, ভৰিত সোমোৱাৰ ফলত হেকাৰ গুণ্ডাবাহিনী তাতেই চেটেপ হয়। সেই সময়তে হেলিকপ্টাৰৰ পৰা নামে ডন ৰামানুজ। অৰ্জুনে পৰি থকা বেলচা এখন দলিয়াই আধা উৰি থকা হেলিকপ্টাৰ গিৰাই দিয়ে। ডনো ক’ৰবাত ছিটিকি পৰেগৈ!
(মাৰপিটৰ দৃশ্য কিছুদেৰি কণ্টিনিউ থাকিব….)
ইয়াৰ মাজতে অৰ্জুনে গৈ উত্তৰাক মুকলি কৰি আনে। ফাইটত উত্তৰাকো দেখা যায়। উত্তৰাৰ এটা এটা কিকত গুণ্ডাবোৰ উফৰি উফৰিপৰে। ’ ’শনি স্কোৱাড’’ৰ বাকী ফাইটাৰবোৰেও ফাইট অব্যাহত ৰাখে। মাজতে চাওমিনে মুখত লৈ থকা জুইশলা কাঠিডালেৰে গুণ্ডাবোৰৰ কঁপালত খুচি খুচি মাৰা দেখুওৱা হয়। চাইমিনে মুখত কিয় জুইশলা কাঠি লৈ থাকে সেইটো এতিয়াহে স্পষ্ট হয়। চাওমিনৰ মুখত এটা ডায়লগ,- ’ ’এয়া চা, তহঁতে বান্দৰ ছাপ বিড়ি খাবলৈ জুইশলা কাঠি ব্যৱহাৰ কৰ, আৰু মই, মই তহঁতক জীয়াই জীয়াই মাৰিবলৈ এই কাঠি ব্যৱহাৰ কৰোঁ। তহঁতক মাৰিবলৈ পিষ্টলৰ দৰকাৰ নাই। হাঃ হাঃ হাঃ…

সপ্তম দৃশ্যঃ (২)

ডিজিপি বিজয়, অফিচাৰ ঝুমদাৰ আৰু পুলিচৰ কনভয় আহি ঘটনাস্থলীত উপস্থিত হোৱা দেখা যায়। তেনেতে হেকাউদ্দিনক আগে আগে দৌৰি যোৱা দেখা যায়, পিছে পিছে উত্তৰাই খেদি আহে। ডিজিপি বিজয়ৰ নিৰ্দেশত পুলিচে হেকাউদ্দিনক গ্ৰেপ্তাৰ কৰে। ডিজিপিয়ে নৱজিত বৈশ্যই থানাত আত্মসমৰ্পন কৰে বুলি উত্তৰাক জনায়। অৰ্জুনে সোনটো উকীলক লুকাই থকা ঠাইৰ পৰা ধৰি আনি পুলিচক গতাই দি কয়,- গুপ্তচৰ বিভাগৰ চিনিয়োৰ হেকাউদ্দিন যেনেকৈ কালপ্ৰিত তেনেকৈয়ে এই ধুৰন্ধৰ উকীলো সমানেই কালপ্ৰিত। পুলিচৰ কনভয় যোৱাৰ সময়ত ডিজিপিৰ নিৰ্দেশত ব’ম দি উৰুৱাই দিয়া হয় আশ্ৰম।

ক্লাইমেক্স চেঞ্জঃ

কিছুদিনৰ পাছত….
অৰ্জুনে পেপাৰ পঢ়ি আছে। কাষতে চাহ লৈ উত্তৰা। পেপাৰত লিখা আছে “ডন ৰামানুজৰ আক্ৰমণ হেকাবাবাৰ আশ্ৰমত। পুলিচে প্ৰতি আক্ৰমণ চলাই সকলোকে ধৰাশায়ী কৰি আশ্ৰমখন জব্দ কৰে। অৱশ্যে ডন ৰামানুজ, হেকাবাবা ওৰফে হেকাউদ্দিন আৰু সোনটো উকীলক বিচাৰি পোৱা নগ’ল।।

(সমাপ্ত)

[বিশেষ দ্ৰষ্টব্যঃ যিহেতু অৰ্জুন নিজেই হিৰো’, নিজেই কাহিনীৰ লিখক, চিত্ৰনাট্যকাৰ, সেয়েহে ডাইৰেক্টৰ বেলেগ এজনক বিচৰা হৈছে। নহ’লে চিনেমাখনত কেৱল অৰ্জুনকহে দেখা পোৱা যাব। হিৰো’ইন বুলি উত্তৰাক দুবাৰমান দেখুৱাই বাকী সকলোবোৰ চৰিত্ৰ তথা কাহিনী অৰ্জুনৰ মুখেৰেই ফ্লেছবেকত দিয়া হ’ব বুলি অৰ্জুনে ঠিৰাং কৰিছে।]

☆★☆★☆

5 Comments

  • সদানন্দ ভূঞা

    ৱাও, বঢ়িয়া চিনেমা দেই ।

    Reply
  • Rintumoni Dutta

    কি লিখিছা ৰে, ৰামগোপাল বাৰ্মা আৰু ৰামচে ব্ৰাডাৰ্চৰ মিক্স চিনেমা চাই থকা যেন লাগিল, তাৰ লগত যশ চোপ্ৰাৰ ৰোমান্স অকণো খিচিৰি কৰি দিয়া হৈছে

    Reply
  • Mridula

    এইখন চিনেমা মজ্জা .👌👌👌

    Reply
  • Mridula

    এইখন মজ্জা 👌👌👌

    Reply
  • Manash Saikia

    আগতে পঢ়িছিলোঁ৷ কমেণ্ট কৰা নহ’ল৷এতিয়া কৈছোঁ,
    বঢ়িয়া চিনেমা৷

    Reply

Leave a Reply

Your email address will not be published.