ফটাঢোল

ইয়াতকৈ বেদনা…. – বিজয় মহন্ত

কে-এ-ৰে-এ-ক। বাঁহৰ দুৱাৰখন খোলাৰ কৰ্কশ মাতটো যেতিয়াই মোৰ কাণত পৰিছিল মোৰ বুকুৰ ধপধপনি শব্দটো মই নিজেই শুনিছিলোঁ। টিপচাকিৰ ধিমিক-ধামাক পোহৰতো যিমানেই আগুৱাই আহিছিল মোৰ সপোনবোৰেও পাহি মেলি ধৰিছিল। আৰু কেইটামান মুহুৰ্ত! ইয়াৰ পিছতেই সলনি হৈ যাব জীৱন। এতিয়াৰ পৰা মই যেতিয়া ৰাতিপুৱা সাৰ পাম, মালতীয়ে সন্মুখত দিব একাপ সৰহকৈ গাখীৰ দিয়া ধোঁৱাই থকা চাহ! ৰাতি যেতিয়া শুবলৈ ল’ম, মোৰ চুলিৰ মাজে মাজে মালতীৰ কোমল আঙুলিৰ বুলনি। আৰু কি আছে ইয়াত কৈ সুখ !

মালতী মোৰ বাবে এতিয়া সপোন। চিনাকি হোৱাৰ বেছি দিন হোৱা নাই যদিও দিনে ৰাতিয়ে দেখি আহিছোঁ তাইৰ সপোন। তাইক প্ৰথম দেখিছিলোঁ গাওঁৰ কণপাই দদাইদেউৰ পুতেক হৰেশ্বৰৰ বিয়াত। কাষৰ গাওঁৰে যদিও তাই সৰুৰ পৰা মোমায়েকৰ ঘৰত থকাত দেখা নাছিলোঁ তাইক। হৰেশ্বৰৰ বিয়াত ৰভা দিয়াৰ পৰা ৰভা ভঙালৈকে সকলো কাম গাওঁৰ লৰাখিনিয়েই কৰিছিলোঁ। বিয়াৰ আগদিনা কাম কৰি থাকোঁতে তাই আহি ল’ৰাখিনিক চাহ তামোল দি আছিল আৰু তাইক কাষত পাই থাকিবলৈকে মই বাৰে বাৰে পানী বিচাৰি আহিছিলোঁ। বিয়াৰ আগদিনাৰ পৰা দৰাৰ লগত যোৱালৈকে সঘনে তাইক পোৱাৰ বাবে দুৰত্ব কমি আহিছিল আৰু সপোনবোৰ বাঢ়ি আহিছিল। তাই মই আমি হোৱাৰ সপোন।

বিয়াৰ দুদিনৰ পিছত তাই ঘূৰি গৈছিল নিজৰ গাওঁলৈ। মোৰ বুকুত এৰি গৈছিল কিছু যন্ত্ৰণা। তাইক দিনটোত এবাৰ দেখিবলৈকে উৰিয়ামঘাট গাঁ‌ওলৈ প্ৰতিদিনেই এটা পাক মাৰিছিলোঁ। কেতিয়াবা তাইক দেখিছিলোঁ কেতিয়াবা নেদেখিছিলোঁ। কিন্তু তাঁহাতৰ ঘৰটোৰ সন্মুখেৰে যাওঁতে বুকুত এক মিঠা অনুভৱে সদায় চুই গৈছিল মোক। তাইক নেদেখিলেও তাইৰ মৰমৰ চেৰেলা ঢেকুৰা কুকুৰটো দেখিলেও মনটো ভাল লাগি আহিছিল মোৰ।

নাই, এনেকৈ নোৱাৰি আৰু। তাইক একেবাৰেই বুকুৰ আপোন কৰি পেলোৱাৰ সিদ্ধান্ত লৈ তাঁহাতৰ গাঁ‌ওৰে বিপিনৰ হাতত দি পঠাইছিলোঁ এখন চিঠি। চিঠিত লিখি দিছিলোঁ মই কেনেকৈ তাইক পলুৱাই আনিম তাৰ নিৰ্দিষ্ট সময় আৰু পৰিকল্পনা। আৰু সেই পৰিকল্পনা অনুসৰিয়েই মই আজি সন্ধিয়াতে আহি মালতীহতৰ ভঁৰালৰ তলত মহৰ কামোৰ খাই সোমাই আছোঁহি। খাওঁক মহে। মালতীৰ বাবে মই শৰীৰৰ শেষ টোপাল তেজ দিবলৈও প্ৰস্তুত।

লাহে লাহে আগুৱাই আহিছিল টিপ চাকিৰ পোহৰ। আস্ মালতী! বোৱাৰী বোৱাৰী ফিলিংচ আনিবলৈ তাই চাদৰ মেখেলাই পিন্ধি আহিছে পাই! মোৰ ৰৈ থকাৰ ধৈৰ্য্য নাছিল আৰু। আগুৱাই গৈ ফুৱাই নুমাই দিলো চাকিটো। তাই কিবা ক’বলৈ বিচাৰিছিল যদিও মুখখনত সোপা দি তাইক কান্ধত উঠাই লৈ দৌৰিবলৈ আৰম্ভ কৰিলোঁ মই আৰু সিহঁতৰ বাৰী পাৰ হৈ বিপদ আঁতৰা যেন পাই তাইক কান্ধৰ পৰা নমাই দিলোঁ।

“অই জহনীতযোৱা, ছোৱালী বিয়া পাতিবলৈ লাগে তোক? দিনৰ দিনটো আৰ ঘৰে তাৰ ঘৰে কথাৰ মহলা মাৰি দিনটো কটাবি। কামৰ নামত এগছ কুটা দুগছ নকৰ। কি কৰি খুৱাবি মোৰ ছোৱালীক? ভাগ্য ভাল বিপিনৰ হাতত দিয়া চিঠিখন মই পালোঁ। নহ’লে মোৰ ছোৱালীজনীক ফুচুলাই নিলিয়েইহেঁতেন। “ককৰ্শ মাতটোত মোৰ সপোন ভাগি থানবান হৈ বাস্তৱলৈ ঘুৰি আহিছিলোঁ মই। হে হৰি! মৰমৰ মালতীৰ কুলিৰ দৰে মাতৰ ঠাইতত এয়া আকৌ কি ভঙা টিনৰ দৰে মাত!!

তাৰমানে মই মালতী বুলি মাককে পলুৱাই আনিলো নেকি! মোৰ আৰু ৰৈ থকাৰ ধৈৰ্য্য নাছিল। মই দৌৰিছোঁ দৌৰিছোঁ আৰু কেৱল দৌৰিছোঁ।

☆★☆★☆

19 Comments

  • সৌৰভ শৰ্মা

    বিজয় মহন্ত সদায় বিজয় । 😜😜😜😜😜😜😀😀😀😀😀

    Reply
  • হাঁ হাঁ৷কপালেই বেয়া৷ভাল লাগিল দেই

    Reply
  • ৰাজশ্ৰী শৰ্মা

    মালতীৰ মাকৰো যে কপাল আৰু দেই।

    Reply
  • Anjan

    শ্ৰীবিজয় শ্ৰীবিজয়
    ধুনীয়া লিখিছে দেই

    Reply
  • নিভা

    বহুত মজা লিখিছে এইটো।

    Reply
  • ডলী

    বাহ্ বাহ্! মালতীৰ মাকৰ কম কপালনে সেইখন

    Reply
  • Anonymous

    এইটো তামাম জমনি 🤣

    Reply
  • মানসী বুদ্ধ

    হাঃ হাঃ হাঃ 👌👌👌
    হাঁহিলো আৰু হাঁহিলো তামাম দেই

    Reply
  • কাবেৰী মহন্ত

    বেচেৰী মালতীৰ পিছত কাৰ লগত বিয়া হল ?

    Reply
  • মালতীৰ মাকে গোটেইখন ঘমৰঘণ্ট লগালে, বেচেৰী মালতীজনী—–
    বঢ়িয়া লাগিল।

    Reply
  • নয়নমণি দত্ত

    বিজয় অ’ এনেকৈয়ো ভাগেনে সপোন …….? খুউব ভাল লাগিল ।

    Reply
  • সোমকান্ত

    মালতীৰ ‘লতি’টো চিগি ‘মা’ হ’ল ।

    Reply
  • অৰুন বৰা

    ৰাষ্টাতে নমালে বুলিহে একেবাৰে ঘৰত নমোৱা হলে খেলাই খটম হল হয় ৷

    Reply
  • গৌৰীশংকৰ শৰ্মা

    বৰ হাঁহিলো দেই।
    আজিকালি বিয়াই সকামে আগৰ দৰে গাৱঁৰ লৰা ডেকাই কাম কৰি নিদিয়ে। আগৰ চহা জীৱনৰ এখন সুন্দৰ ছবি তুলি ধৰিছে।

    Reply
  • ৰাজীৱ শৰ্মা

    বিপিনেই সকলো পণ্ড কৰিলে।ছোৱালী পলুৱাবলৈ অহা মানুহৰ এনেও ভালদৰে চাইচিতি কাম কৰাৰ সময় নাথাকে।

    Reply
  • Mridula

    মজ্জা এইটো 👌👌👌

    Reply
  • বৰ্ণালী

    শাহুৱেকে পিঠি বখলিয়ালে তেনে? সুন্দৰ

    Reply
  • পূৰ্ণময়ী

    তোমাৰ লগতেই হ’ব আৰু এইবোৰ 😂

    Reply

Leave a Reply

Your email address will not be published.