ফটাঢোল

ইয়াতকৈ বেদনা লাগেনে অ’ জানমণি – খনীন্দ্ৰ ভূষণ মহন্ত

যোৰহাটত থকা দিনৰ কথা। নতুনকৈ ‘চিনিয়ৰ’ হৈছোঁ তেতিয়া। গতিকে ‘ফটা-লেবেল’ এটা দি ফুৰাৰ বদ-অভ্যাসটো মোৰো গাতো লম্ভিছিল। সম্ভৱতঃ ক্লাচ আৰম্ভ হোৱাৰ সেইটো দ্বিতীয় দিন আছিল। আমি ৮-১০ জনীয়া দল এটা গঠন কৰি কেণ্টিনখনৰ সন্মুখৰ দেৱদাৰুজোপাৰ তলত ‘জুনিয়ৰ’বোৰৰ তথাকথিত পৰিচয় সোধাত ব্যস্ত আছিলোঁ (পৰিচয়ৰ গইনা লৈ কোনে কি প্রশ্ন সোধে সেইটো কিজানি কাকো নতুনকৈ বর্ণোৱাৰ প্রয়োজন নাই!)। সন্মুখেৰে পাৰ হৈ যোৱা ছোৱালীৰ জুমটোক উদেশ্যি লগৰ এজনৰ কঠোৰ বাক্যবাণ-“ঐ জুনিয়ৰ, এইফালে আহা।” গালে-মুখে ভয় আৰু কৌতুহলৰ আবিৰ সানি আমাৰ ফালে আহি থকা ছোৱালীজাকৰ মাজতেই তাই আছিল। “নমস্কাৰ। মোৰ নাম ……। মোৰ ঘৰ সৰিয়হজান, কার্বি-আংলঙত। ইয়াত Electronics and Telecommunicationত এডমিচন লৈছোঁ।” এনেদৰে তাই অনর্গল কৈ গৈছিল প্রিয় অভিনেতা কোন, আজৰি সময়ত কি কৰি ভালপায় ইত্যাদি ইত্যাদি…।
হঠাৎ এদিন লাইব্রেৰীলৈ যোৱা বাটত তাইক লগ পালোঁ। স্বভাৱসিদ্ধ হাঁহি এটাৰে তাই মোক অভিবাদন জনাই ক’লে-“লাইব্রেৰীত আমাৰ কিতাপ এখনো নাপালোঁ দেখোন? আপোনালোকে ক’ৰ পৰা লৈছিল?” মোৰ যেন কপাল ফুলিল! “প্রথম বর্ষৰ কিতাপ লাইব্রেৰীত নোপোৱা। মোৰ লগত কেইখনমান আছে। দেওবাৰে ‘আশীর্বাদ’লৈ আহিবা (আশীর্বাদ এখন দোকানৰ নাম)। ফোন নাম্বাৰটো লৈ লোৱা- 96781*****।” দেওবাৰে দিনৰ এঘাৰমান বজাত এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। সিপাৰৰ পৰা ভাঁহি আহিল চিনাকি কণ্ঠস্বৰ-“মই …… কৈছোঁ। কিতাপৰ কথা যে কৈছিলোঁ…!” এনেকৈয়ে আমি ইজন-সিজনৰ ওচৰ চাপি আহিছিলোঁ।
ক্রমাৎ মোৰ বুকুত তাইৰ প্রতি প্রেম ভাব জাগিবলৈ লৈছিল। কিজানি তাইৰো মোৰ প্রতি কিবা দুর্বলতা এটাই গা কৰি উঠিছিল। কিন্তু মুখ ফালি কোৱাৰ সাহস আমাৰ এটাৰো হোৱা নাছিল। আমি প্রায়েই ক্লাচ শেষ হোৱাৰ পাছত লগ পাবলৈ ল’লোঁ। কেতিয়াবা যদি চটাইৰ ধূলিয়ৰি বাটত অনাই-বনাই ঘূৰি ফুৰিছিলোঁ, কেতিয়াবা শাৰী-শাৰী বকুল গছে আৱৰি ৰখা সেউজীয়া বাটটোত আমাৰ কথাবোৰ বতাহত উৰোৱাইছিলোঁ। ‘অফ-টাইম’ত ‘কেম্পাচ’তে ঘূৰি ফুৰাৰ কথা নক’লোৱেইবা! “অকল ল’ৰাবোৰেই সদায় কিয় প্রেমৰ প্রস্তাৱ আগবঢ়াব লাগে? ছোৱালীয়ে প্রথমে ক’লে কি মহাভাৰতখন অশুদ্ধ হ’ব?”-এনেকুৱা কথা এটাই মোৰ মনত সঘন আহ-যাহ কৰি কিমানটা ৰাতিৰ টোপনি কাঢ়ি নিলে সেই হিচাপ আজি মোৰ হাততো নাই।
সময়বোৰ আগুৱাই গৈ থাকিল। কত বসন্তই ‘ব’টানিকেল গার্ডেন’খন সেউজীয়া কৰিলে, কত ফাগুনে ঢৌ খেলি খেলি চটাইৰ বাটত ধূলি উৰুৱালে…মোৰহে প্রেমৰ পাপৰিয়ে প্ৰস্ফুটিত হ’বলৈ নিশিকিলে! সুবিধা পালেই তাই প্রায়েই সুধিছিল, “তোমাৰ কবিতাৰ ‘অনামিকা’ কেৱল কল্পনা নে বাস্তৱ?” (সেই সময়ত ফেচবুকত অনামিকাক উদ্দেশ্যি দেধাৰ পেন-পেনীয়া প্রেমৰ কবিতা(?) লিখি মোৰ ৱাল গেলাই থৈছিলোঁ। এতিয়া সেইবোৰ ‘মেম’ৰী’ হিচাপে আহিলে নিজৰে “ফাট মেলা বসুমতী পাতালে লুকাওঁ” অৱস্থা হয়!)। মই পাকে-প্রকাৰে সেইজনী যে তায়েই হয় বুজাবলৈ হাজাৰ চেষ্টা কৰিছিলোঁ যদিও মূৰকত সকলো বৃথা। তথাপিও আমাৰ লগ পোৱা চলি আছিল। সেই সময়ৰ স্মৃতি-গোপাল, ইলিত নতুন চিনেমাৰ ‘পার্মেনেণ্ট ভিৱাৰ’ৰ তালিকাত আমাৰ নাম লিখা আছেই কিজানি!
চাওঁতে চাওঁতে মোৰ বিদায় সভা আহি দুৱাৰ-ডলিত উপস্থিত হ’লহি। এফালে হেঁপাহৰ কলেজখন এৰি যোৱাৰ দুখ, আনফালে মনৰ কথাটোও খুলি ক’ব নোৱাৰাৰ বেদনা। ভাবিলোঁ, “যি হয় দেখা যাব, সেইদিনাই কৈ দিম। হয় ৰঙামাটি নহয় গুৱাহাটী!” অধীৰ অপেক্ষাৰে বিদায় সভাৰ দিনটোলৈ বাট চালোঁ।
পুৱা ১০ বজাৰ পৰা সভা আৰম্ভ হ’ব। গতিকে পুৱাই ‘ফিটিং’ হৈ ল’লোঁ। তাইক কেনেকৈ কি ক’ম সেইখিনিও মনতে এবাৰ জুকিয়াই ল’লোঁ। গার্লচ্ হোষ্টেলৰ বাটতে যিহেতু ব’টানিকেল গার্ডেনখন আছে, তাতেই লগ ধৰি কথাখিনি ক’ম বুলি থিৰাং কৰিলোঁ। যথা সময়ত সভা আৰম্ভ হ’ল। নীলা ৰঙৰ বোৱা কাপোৰযোৰেৰে তাইক একেবাৰে আকাশৰ পৰী যেনে লাগিছিল। এপাকত মোৰ কাষলৈ আহি কাণে কাণে কৈ গ’ল-“আপোনালৈ ‘চাৰপ্রাইজ’ এটা আছে।” মোৰ মনত তেতিয়া হাজাৰ ৰামধেনুৰ হেন্দোলনি। “কনিষ্ঠ ছাত্র-ছাত্রীৰ একাষাৰ” ক’বলৈ তাই উঠি গ’ল। “আপোনালোকৰ আগত জানি বা অজানিতে কিবা দোষ কৰিছিলোঁ যদি ক্ষমা কৰি দিব”-জাতীয় কথৰে ভাষণটোৰ আৰম্ভণি কৰিলে। তাৰ পাছত কৈ গ’ল-“মোৰ নিজৰ দাদা নাছিল। কিন্তু ইয়ালৈ আহি মই খনিন্দ্র দাদাক পালোঁ। বিগত তিনিটা বছৰৰ প্রতিটো খোজত তেওঁৰ মৰম আৰু সাহস মোৰ বাবে প্রেৰণাৰ উৎস হৈ আছে। আগলৈয়ো তেওঁৰ পৰা একে ধৰণৰ সহযোগিতা পাম বুলি আশা কৰিলোঁ।” গোটেই ‘অডিটৰিইয়াম’টোত হাত-চাপৰিৰ গুঞ্জন উঠিছিল আৰু সেই হাত-চাপৰিবোৰে মোৰ বুকুত শক্তি-শেলহৈ বিন্ধিছিল। “দাদা! দাদাহে হ’লোগৈ মই!”-অন্তৰত তেতিয়া ভৰ বাৰিষাৰ বান যদিও মোৰ চকুৱে-মুখ এজাক কৃত্রিম ৰ’দ, ওঁঠত এজাক ঢৌ খেলা বতাহ…।
এতিয়া মই থাকোঁ নগাঁৱত, তাই থাকে ডিব্রুগড়ত। মাহেকে-পষেকে “ভালে আছা নে?” বুলি খবৰটো লওঁ। বিহুৱে-পূজায়ে শুভেচ্ছা জনাই ককায়েকৰ ধর্ম(?) পালন কৰি আছোঁ। কথাৰ মাজতে তাই যেতিয়া সোধে-“নবৌৰ লগত কেতিয়া চিনাকি কৰাই দিব?” মা কচম “ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি
জীৱনত শান্তি নহ’বই কিজানি”-গানটো মনত পৰি যায়! উত্তৰৰ ঘৰত এটা বিৰাট ডাঙৰ শূন্য। দিনবোৰ এনেকৈয়ে গৈ আছে। নাজানো আৰু কিমান দিনলৈ গৈ থাকিব…!
☆★☆★☆

6 Comments

  • parishmita

    ছোৱালীবোৰো নহয়। ইমান হলি গলি কৰিব, লেনিয়াই ফুৰিব যেতিয়াই ল’ৰা প্ৰেমত পৰিল বোলে বচ, নাটক আৰম্ভ। আপুনি মোৰ দাদাৰ দৰে বুলি মিচিকিয়াব। খনিন বৰ ধুনীয়াকৈ লিখিলা।

    Reply
  • Suntu

    কৃষ্ণ

    Reply
  • ৰিণ্টু

    কি লিখিছা হে খনীন্দ্ৰ। সুন্দৰ

    Reply
  • অৰ্চনাময়ী বড়া

    বৰ দুখ লগা দেই.

    Reply
  • Manisha Kakati

    ক’তে মৰো মই! 😞

    Reply
  • ৰাস্না বৰা

    দুখ লাগিল দেই। ইয়াতকৈ ডাঙৰ বেদনাই নাই । বঢ়িয়া খনিন্দ্ৰ

    Reply

Leave a Reply

Your email address will not be published.