ফটাঢোল

ঈশ্বৰ কা দিয়া হুৱা সব কুছ – মণ্টু কুমাৰ ডেকা

আলহীৰ ঘৰলৈ ৰাতি থকাকৈ গ’লে গা-পা ধোঁৱাৰ পাছত বহুতৰে বাবে সঘনাই হোৱা সমস্যা এটা হ’ল কাপোৰ শুকুৱাটো। তাতে আকৌ নিচেই ব্যক্তিগত কাপোৰ যেনে গেঞ্জী, আণ্ডাৰৱেৰ এইবোৰ ধুই শুকুৱাৰ ক্ষেত্ৰত বেছিকৈয়ে সমস্যাত পৰা যেন লাগে। মানুহে সকলো কাপোৰেই সৰহকৈ কিনে কিন্তু গেঞ্জী আণ্ডাৰৱেৰ এইবোৰ কিনিবলৈ প্ৰায়েই কৃপণালি কৰে। বহুতে আকৌ মোৰ দৰে কিনিবলৈ পাহৰিয়েই থাকে। “আৰে কাপোৰ খুলি কোনেনো চাব ভিতৰত কি কোম্পানীৰ গেঞ্জী পিন্ধিছো? চোলাৰ ভিতৰৰ বস্তু গোপনে চোলাৰ ভিতৰতেই থাকিব। গতিকে ফটা-ছিগা হ’লেও কাম চলিব।”

বহুত বছৰৰ পাছত মোৰ এই ভুল ধাৰণাটো ভাগিছিল। ফটা-ছিগা দুটা আণ্ডাৰৱেৰ আৰু দুটা গেঞ্জীৰেই প্ৰায় দুটা বছৰ অতিক্ৰম কৰাৰ পাছত তৃতীয় বছৰটোত ভৰি দিছিলোগৈ। এনে নহয় যে মই বৰ দুখীয়া মানুহ। নানা পাটেকাৰৰ ভাষাত “ঈশ্বৰকা দিয়া হুৱা সব কুচ থা, ধন দৌলট, মান ইজ্জত, চিৰফ আণ্ডাৰৱেৰ তিন সাল কা পুৰণা থা।”

একেবাৰে দহটা আণ্ডাৰৱেৰ কিনি অনাৰ শক্তি আছিল। পিছে কিনিবলৈ মনত “ক্লিক” কৰা নাছিল বা প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ।

দিনবোৰ বাগৰি গৈ আছিল। আণ্ডাৰৱেৰ দুটা তিনি বছৰ পাৰ হৈ চাৰি বছৰত ভৰি দিছিলগৈ। দুটা এটা ফুটাও ওলাইছিল, ইলাষ্টিকডাল জহি-খহি গৈ একেবাৰে নাইকীয়া হৈছিলগৈ। ঘৰলৈ যোৱাত মায়ে সেই কেইটা চাই তিনি-চাৰি বাৰ দুটা নতুন আণ্ডাৰৱেৰ কিনিবলৈ সকিয়াই দিছিল যদিও বজাৰলৈ গৈ পাহৰিয়েই আছিলোঁ।

দিন আহিল ঘৰলৈ গৈ ভাৱী শহুৰৰ ঘৰলৈ যোৱাৰ। নতুন জোতা-মোজা, জিনছ-টি চাৰ্ট, ঘড়ী, চছমা, মোবাইল, বেগ সকলোৰে সুসজ্জিত হৈ ডিঙিয়ে পিঠিয়ে “বডী স্পে” মাৰি সুগন্ধিত হৈ সেই দিনা শহুৰৰ ঘৰলৈ গ’লোঁ। ৰাস্তাতে নিজৰ কাৰণে চাবোন, কলগেট এইবোৰ সৰু সুৰা বস্তুবোৰ কিনি একো বস্তুৰে অভাৱ নোহোৱাকৈ ভাৱী শহুৰৰ ঘৰ পালোঁগৈ। যিমান হ’লেও প্ৰথমবাৰ যাম।

দীঘলীয়া যাত্ৰাৰ পাছত গা-ধুৱাটো এটা বহু পুৰণা নিয়ম। সেই দিনাও সেই নিয়মটো পালন কৰিলোঁ। খুলশালীজনীয়ে চাবোন দিলে। মানা কৰিলোঁ। গামোচা দিলে, নিজে লৈ অনা বুলি ক’লোঁ। চেম্পো’  দিলে, মোৰ বেগৰ পকেটত থকা সৰু চেম্পো’ৰ পেকেটটো দেখুৱাই বুকুখন ফুলাই “মোৰ সকলোৱে আছে ” এনে ভাৱেৰে গা-ধুবলৈ সোমালোঁ।

গা-পা ধুনীয়াকৈ ধুই নিজে লৈ যোৱা সৰু আইনাখন চাই, ফনী খনেৰে চুলি ফনিয়াই বেগতে থকা মুখত লগোৱা ক্ৰীমটো লগাই বাথৰূমৰ পৰা হাতত গামোছা, গেঞ্জী আৰু আৰু চাৰি বছৰীয়া পুৰণা আণ্ডাৰৱেৰটো লৈ বাহিৰলৈ “হিৰু” হৈ ওলাই আহোঁতেই মোৰ গাত হুঁচ আহিল!!!

“আণ্ডাৰৱেৰটো মোহাৰি দিওতে ‘কেৰক’  কৰি অলপ ফাটি গৈছিল। গেঞ্জীটোৰ পেটৰ ফালে থকা ফুটাটো কেতিয়া ইমান ডাঙৰ হৈছিল গৈ মনেই দিয়া নাছিলোঁ। গামোছাখন বাৰু পুৰণা হ’লেও পৰিস্কাৰ। গামোচাখনৰ কথা নাই, পিছে এইকেইটা বাৰু কেনেকৈ মেলি দিও??”

মোৰ আটাই “ইজ্জত” দেখোন এই কেইটাই একেবাৰে মাটিত পেলাই দিব? বিপাঙত পৰি কি কৰোঁ কি নকৰোঁ বুলি ভাবি থাকোতেই খুলখালীজনীয়ে কাপোৰখিনি মেলি দিবলৈ মোৰ হাতৰ পৰা নিবলৈ আহিল।

এইটো দেখোন আৰু মহা বিপদ হে?  ঈশ্বৰক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰাৰ্থনা কৰিলোঁ। ঈশ্বৰে উপায় দিলে। নঙলাৰ জেওৰাখনত আণ্ডাৰৱেৰ আৰু গেঞ্জীটোৰ ওপৰত গামোচাখন মেলি দি ভয় ভয়কৈ ৰূমত সোমালোঁগৈ!

গামোচাখনে মোৰ “ঈশ্বৰ কা দিয়া হুৱা সব” মানে মান সন্মান ইজ্জত সকলো বচালে।

শহুৰৰ ঘৰৰ পৰা দ্বিতীয় দিনা ঘূৰি আহি আধা ৰাস্তাতে খঙতে একেবাৰে দহটা আণ্ডাৰৱেৰ আৰু গেঞ্জী কিনি ঘৰলৈ উভতিলোঁ।

০০০০০০০০০০

আজিকালি মই একো নিকিনিলেও আণ্ডাৰৱেৰ আৰু গেঞ্জী নিকিনাকৈ নাথাকো। কিনি কিনি থৈ দিও। জমা কৰোঁ। মই যেন পৰিপূৰ্ণ । নতুন নতুন কাপোৰেৰে সুসজ্জিত হৈ আলহীৰ ঘৰলৈ যোৱা মানুহবোৰ দেখিলে সেই ঘটনাটো সোৱৰণ কৰি মই নিজকে নিজে নানা পাটেকাৰৰ সেই ডাইল’গটো শুনাও,” ঈশ্বৰকা দিয়া হুৱা সবকুচ হে,মান সন্মান…ইজ্জত… দচ দচ আণ্ডাৰৱেৰ…”

☆★☆★☆

6 Comments

  • Suntu

    ধেত তেৰিকা 😂

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল দেই৷ গোটত পঢ়োতে শেষৰ ফালে ধৰা পৰি যোৱা যেনহে মনত পৰে৷ লাষ্ট চিনটো অলপ বদলি কৰা হ’ল যেন পাও৷ পিচে এনজয় কৰিলো৷

    Reply
  • গীতিকা শইকীয়া

    গতানুগতিক কথাৰে বৰ সুন্দৰ লিখনি। আগলৈও আশা কৰিছি।

    Reply
  • অবিনাশ

    বঢ়িয়া লাগিল ৷

    Reply
  • হাঃ হাঃ আগতে মইও ভিতৰত হে থাকিব কোনে দেখিব তেনেকৈ ভাবিছিলোঁ। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.