ফটাঢোল

উজনি আৰু নামনিৰ ভাষা বিভ্ৰাট – কমলা দাস

আমাৰ জোঁৱাইৰ ঘৰ হ’ল ধেমাজিত। তেওঁলোকৰ ফালে কথা বতৰা বিলাক বৰ ধুনীয়া। বৰ সুন্দৰ কৈ কথা বিলাক লাহে ধীৰে ৰস পম থকাকৈ কয়। মোৰ ছোৱালীৰ মানে আমাৰ ঘৰ হ’ল বৰপেটাত। বৰপেটাৰ ফালে আকৌ কথা বিলাক চৰ্ট কাট আৰু স্পীদত কোৱা হয়। সেই কাৰণে আমাৰ কথা বিলাক বুজি পাবলৈ জোঁৱাইৰ অলপ সময় লাগে। নাইবা তেওঁক কেতিয়াবা দুবাৰ বুজাই দিব লগা হয়।

এদিনৰ কথা! নাতিটোৰ স’তে জী-জোঁৱাই আমাৰ ঘৰলৈ আহিছিল। নাতিৰ বয়স তেতিয়া ডেৰ বছৰ মান আছিল। গধূলি সময়ত ছোৱালীজনীয়ে নাতিটোৰ কাৰণে খোৱা বস্তু বনাই আছিলে। ময়ো ৰন্ধা বঢ়াৰ যো-জা কৰি আছিলোঁ। ইফালে নাতিটোৱে আকৌ খুব আমনি কৰি আছিল। জোঁৱায়ে তাক নিচুকাব পৰা নাই। ৰূমটোৰ ভিতৰতে তাক সোনকলি, দেহাকলি, ইত্যাদি গাই গাই নিচুকাবলৈ চেষ্টা কৰি আছে। বাপেকে তাক যিমানেই কান্দোন বন্ধ কৰিবলৈ চেষ্টা কৰিছে সিও দুগুণ জোৰেৰে কান্দিছে। তেতিয়া মই জোঁৱাইক ক’লোঁ, তাক অলপ বাহিৰলৈ নি “ভাৰ্কে ভুৰ্কে” (ইটো সিটো দেখুৱাই ফুচুলাবলৈ কৈছিলোঁ) আনাছোন। ঈশ্বৰে জানে কি বা বুজিলে৷ বাহিৰলৈ ঠিকেই লৈ গ’ল, কিছু সময়ৰ পিছত ল’ৰাৰ কান্দোনো বন্ধ হ’ল। পিচে ৰাতিহেনো জোঁৱায়ে ছোৱালীৰ আগত দুখ কৰি কৈছে, তেতিয়া দেহাটোৱে এনেয়ে ইমান কান্দিছে মায়ে আকৌ তাক কিয় ভুকুৱাবলৈ কৈছে বাৰু!

হে হৰি মই ক’তে মৰোঁ মই ক’লোঁ এটা, জোঁৱায়ে বুজিলে আন এটা!

এক মিনিট মৌন প্ৰাৰ্থনাঃ

স্কুলত পঢ়ি থাকোঁতে কেতিয়াবা যে কোনোবা বিখ্যাত লোকৰ মৃত্যু হ’লে এটা ক্লাছ কৰিয়েই শোক সভা পাতি স্কুল ছুটী দিছিল, কিমান যে ভাল পাইছিলোঁ! মনত বিৰাট স্ফূৰ্তি কাৰণ সিদিনা বেছিকৈ খেলিবলৈ পাম। আমৰ তলে, জামৰ তলে ঘূৰি ফুৰিব পাৰিম। চকিদাৰে আহি নটিচখন শ্ৰেণী শিক্ষকক দিয়ে। শ্ৰেণী শিক্ষকে সেইখন পঢ়ি শুনাই দিয়াৰ লগে লগেই আমাৰ মন বিলাক নাচি উঠে। সকলো শিক্ষক আৰু ছাত্র ছাত্ৰী আহি স্কুলৰ ফিল্ডত সমবেত হওঁ। কোনোবা এজন ছাৰে মৃত্যু হোৱা লোকজনৰ বিষয়ে দুই চাৰি আষাৰ কথা কোৱাৰ পাছত এক মিনিট সময় মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে মৌন হৈ থাকিবলৈ আহ্বান জনায়। সেই এক মিনিট সময় আমাৰ কাৰণে যেন বহুত দীঘলীয়া! (সেইটো বয়সত দুখ কি বস্তু নুবুজিছিলোঁ৷) কোনোবা এটাই চকু বন্ধ কৰিয়ে কাষৰ জনক লাহেকৈ ঠেলা মাৰি দিয়ে। সেইজনৰ আকৌ প্ৰচণ্ড হাঁহি উঠে যদিও হাঁহিটো চেপি ৰখাৰ ফলত খুক কৈ ওলাই যায়। এই খুক কৈ ওলাই যোৱা হাঁহিটো ক্ৰমে ক্ৰমে বিস্তৃত হৈ গৈ থাকে। কোনোবাই যদি ছাৰহঁতৰ ভয়ত নাহাঁহো বুলি মুখখন চেপি ধৰি থাকে, তাৰ আকৌ হাঁহিটো নাকেৰে ওলাই আহে। চৰ্দি লাগি থাকিলেতো কথাই নাই! দুই ধাৰা ফৌচ কৈ ওলাই আহে৷ তাকে দেখি ছাত্ৰ ছাত্ৰীৰতো কথাই নাই ছাৰহঁতৰো কেতিয়াবা হাঁহি উঠে। মুঠতে সেই এক মিনিট সময় নাযায় হে নাযায়!

☆★☆★☆

10 Comments

  • ভাল লাগিল দেই। ভাৰ্কে ভুৰ্কেটো পঢ়ি তামাম হাঁহি উঠিল। অৰ্থটো কৈ নিদিয়া হ’লে মাইও বুজি নাপালোহেঁতেন।

    Reply
  • হেমন্ত কাকতি

    তামাম, শোকসভাটোৱে নষ্টালজিক কৰি দিলে, এবাৰ গোটেই ক্লাচ এটা কানত ধৰি বেঞ্চৰ ওপৰত উঠি আছিলো, শোকসভাত ফিচিং কৈ হঁহা বাবে৷

    Reply
  • Manash Saikia

    স্কুলীয়া দিনৰ শোকসভাবোৰত এনে হয়েই৷ ক’ৰ শোক লাগিব? সুন্দৰ হৈছে৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল। শোকসভাত যে এটা চকু মেলি কাষৰ জনক চাই থাকিছিলো। সঁচাকৈয়ে, মনত পৰি গ’ল।

    Reply
    • কমলা দাস

      বৰ মজাৰ দিন আছিল সেই বিলাক।

      Reply
  • Mridula

    খুব ভাল লাগিল

    Reply
  • দুয়োটাই বহুত ভাল লাগিল মাহী ।

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল

    Reply
  • জয়ন্ত দাস

    বৰ ধুনীয়া লাগিল৷ শোক সবাহে স্কুলীয়া দিনলৈ মনত পেলাই দিলে৷

    Reply

Leave a Reply

Your email address will not be published.