ফটাঢোল

উপদেশ–লিপিকা কৌশিক

উপদেশ বোলা বস্তুটো কেনে লাগে বাৰু আপোনালোকৰ? মানে এইভাগ কাৰোবাক দি হয়তো ভালেই লাগে, কিন্তু ল’বলগীয়া হ’লেহে কেতিয়াবা অলপ গাটো অলপ বেজবেজাই নেকি? গা-মন বেজবেজাই নিয়াব পৰা উপদেশবোৰক দিওঁতা আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ভিন্নভাগত ভগাব পাৰি।

এই ধৰি লওক, আপুনি চ’ৰাঘৰত বহি বাতৰি কাকতত চকু ফুৰাই পুৱাৰ চাহকাপত চুমুক দিব লৈছে, আমেৰিকাৰ ছিৰিয়া আক্ৰমণৰ ওপৰত পৰিবাৰক কিবা এষাৰ কৈছে। ঠিক তেনেতে ঘৰ মচি থকাৰ পৰা আপোনাৰ বন কৰা মানুহজনীয়ে টেপেৰাই মাত দিব,

-“এহ্ আমৰিকাই মাৰা-মাৰিয়ে কৰি ফুৰে, আকো নাজনে নেকি কিবা! ইগলা চাই থাকাতকে তুলা ৰাশিটো চাই দ’কচোন দাদা।”

এনেধৰণৰ উপদেশক ক’ব পাৰে ‘পি এইছহ্ ডি উপদেশ’। মানে দিওঁতা গৰাকীয়ে আমেৰিকাৰ ‘আ’ টো জানিলেই হ’ল, তাৰ লগত জড়িত যিকোনো বিষয়তে লাগিলে গৱেষণা পত্ৰ এখনকে লিখি উলিয়াই দিব পাৰে।

দ্বিতীয়বিধ উপদেশক ক’ব পাৰি ‘আখৈফুটা উপদেশ’। এইবিধ য’তে ত’তে যেতিয়াই তেতিয়াই আখৈ ফুটাদি ফুটিব পাৰে। আপুনি যদি মহিলা তেন্তে ইয়াৰ প্ৰয়োগ আপোনাৰ ওপৰত অত্যাধিক হোৱাটো মন কৰিছে নিশ্চয়। ধৰি লওঁক আপুনি এ.টি.এমত পইছা উলিয়াবলৈ সোমাইছে। আপুনি মেচিনটো ‘অপাৰেট’ কৰাত অভ্যস্ত। তথাপিও আপোনাৰ পিছৰজনে মাত লগাব,

-“বাইদেউ গ্ৰীণ লাইটটি জ্বলিলেহে সোমোৱাব কাৰ্ডখন”।

আপুনি লাহেকৈ শলাগি থ’লেও উপদেষ্টাই ‘ষ্টেপ বাই ষ্টেপ’ বুজাই যাব আপোনাক, যেতিয়ালৈ আপুনি বিৰক্তিকৰ চাৱনি এটা দি তেখেতৰ মুখ বন্ধ ৰাখিবলৈ আওপকীয়া ইংগিত নিদিয়ে।

যি নহওক, এই দুয়োবিধৰ ওপৰিও আন এবিধ জনপ্ৰিয় উপদেশ হ’ল “লেং মৰা উপদেশ”। ইয়াত উপদেষ্টাই আপোনাক কথাই কথাই হেয় প্ৰতিপন্ন কৰাৰ যৎপৰোনাস্তি চেষ্টা চলায়। ওপৰোক্ত দুবিধৰ দৰে ইয়াত সহায় কৰাৰ মানসিকতাৰ বিপৰীতে আপুনি কিমান অজ্ঞ আৰু অসমৰ্থ তাকে প্ৰমাণ কৰাৰ যো-জা চলে। ধৰি লওঁক আপুনি আপোনাৰ কেঁচুৱাটিক নিচুকাই আছে, শুৱাবলৈ যত্ন কৰি আছে কিন্তু কেঁচুৱাই এইপিনে অবিৰাম কান্দি আছে। ঠিক তেনেতে আপোনাৰ দুবছৰ ডাঙৰ অবিবাহিত ননদজনীয়ে মাত লগাব,

-“ইয়ে, বৌৱে কেঁচুৱা ল’বও নাজানে, কন্দুৱাই আছে অথনিৰ পৰা, ভালকৈ লওক আকৌ”।

ভৰিৰ পৰা মূৰলৈকে আপোনাৰ খং এটিয়ে পিৰপিৰাই গ’লেও আপুনি অযথা কন্দল এখনৰ হাত সাৰিবলৈ বুলি মনে মনে থাকিব লগা হ’ব ।

অ’, কেঁচুৱা বুলি কওঁতে আন এবিধ উপদেশৰ কথাই মনত ভুমুকি মাৰিছেহি। এইবিধ উপদেষ্টা প্ৰকৃততেই হিতকাৰী যেন বোধ হয়। আপোনাৰ কেঁচুৱাৰ চৰ্দি, কাহ, জ্বৰৰ পৰা পেটচলালৈকে সকলোধৰণৰ সমস্যাৰ সমাধান এওঁলোকৰ লগত তাৎক্ষণিকভাৱে বিৰাজমান। অমুকটো খুৱাবাচোন, তমুকটো লগাবাচোন বুলি উপদেশৰ বন্যাৰে আপোনাক এনেকৈ উপচাই পেলাব যে আপুনি ডাক্তৰৰ লগত খৰচ হোৱা পইচাকেইটাকলৈ অনুতপ্ত হ’ব।

উপদেশৰ দুনীয়াত আটাইতকৈ বিৰক্তিকৰ উপদেশবিধ হৈছে ‘ওলোটাখৰ মৰা উপদেশ’। আপুনি যদি কোনো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কৰ্মৰত, আপুনি সততে এইবিধ উপদেশৰ সম্মুখীন নিশ্চয় হৈছে। অফিচৰ এক গুৰুত্বপূৰ্ণ বৈঠক, সকলোকে দঢ়াই দঢ়াই বুজাই দিয়া হৈছে নিজা নিজা দায়িত্ব। আপুনি আপোনাৰ টীমৰ পৰা আশা কৰিছে এক অভূতপূৰ্ব সাফল্য। তাৰ মাজত এগৰাকী ওলাব যাক আপুনি হয়তো আনতকৈ এবাৰ বেছিকৈ বুজাইছে, কিয়নো আপুনি জানে যে সেইগৰাকী এই ধৰাৰ বিস্ময়কৰ প্ৰাণী যিয়ে নিজৰ অত্যাধুনিক মগজ যিকোনো মুহূৰ্ত্ততে খটুৱাই সকলো নিমিষতে পণ্ড কৰি দিব পাৰে। আপুনি যিটো কাম নকৰিবলৈ ক’ব , অৱশেষত দেখিব তেখেতে ঠিক সেইটোৱেই কৰিছে আৰু আপোনাৰ সকলো কষ্ট ধূলিস্যাৎ কৰিছে। পিছে কিবা এটা টানকৈ কোৱাৰ আগতে তেৱেঁই বিজ্ঞ উপদেষ্টা হৈ ক’ব,

-“ছাৰ/মাদাম, মই কৈছিলোঁৱেই কামটো বেলেগকৈ কৰিবলৈ, আপুনিও যে…..উস!! কি যে হ’ল…মোৰ কথা শুনিব না কেতিয়াবা প্লিজ, আপুনিও ভুল কিছুমান কৰে দেই!!”

চাকৰিৰ পৰা খেদন দিয়াৰ ক্ষমতা আপোনাৰ আছে যদি ৰক্ষা, নাই যদি নিজ খঙত নিজেই দহি পুৰি মৰাৰ সম্ভাৱনা প্ৰকট।

পিছে উপদেশৰ ওপৰত ইমানগাল অধ্যয়ন কৰাৰ পিছতো এবিধ নতুন আপদীয়া উপদেশে এইকেইদিন বৰকৈ আমনি কৰিছেহি। বহুত ভাবিও ওৰ পোৱা নাই এই উপদেশ তথা উপদেষ্টা গৰাকীক কি আখ্যা দিওঁ। কেতিয়াবা যদি নিজৰ চুলিত নিজেই টানিছোঁ, আন কেতিয়াবা তেখেতৰ জ্ঞানৰ মহিমাত এই অল্পমতিৰ চকুলো বৈ আহিছে। এখেত আন কোনো নহয়, মোৰ ঘৰুৱা কামৰ নতুন সহায়িকা। কলিং বেল বজাই ঘৰত প্ৰৱেশ কৰাৰ লগে লগেই তেখেতৰ মুখেৰে নিগৰিত উপদেশে মন-প্ৰাণ ভৰাই তোলে, আবেগৰ লোটক বৈ আহিব খোজে, ভকতিত গদগদ হৈ দুভৰিত দীঘল দি পৰিম যেন লাগে। তেখেতৰ জ্ঞান আৰু উপদেশৰ নমুনা দুটামানৰ সৈতে আপোনালোকক অৱগত নকৰালে পাপে চুব।

ঘৰুৱা কাম কাজত এখেত তেনেই ক্ষিপ্ৰ। ডাঙৰ এক চৰিয়া বাচন দুই মিনিটত ধুই শেষ কৰি দিব পৰা প্ৰতিভাৰ গৰাকী। তেখেতৰ এই মহিমামণ্ডিত ব্যক্তিত্বৰ বিষয়ে মই অজ্ঞাত থকা সময়ৰ কথা। বাচন ব্যৱহাৰ কৰিবলৈ লৈ দেখোঁ, বাচনত বাচনধোৱা তৰল পদাৰ্থৰ গোন্ধ আছেই। সাধাৰণ মূৰুখ অজ্ঞানীৰ দৰে এই বিষয়ে তেখেতক অৱগত কৰোৱাত সেইদিনাই তেখেতে উপদেশৰ গভীৰ জোলোঙাৰ পৰা এটি উপদেশেৰে আলোকিত কৰি ক’লে,

-“দিদি, চাবুন লে লো, চাবুন আটছা, লিকুইদ আটছা নহী।”

ভাবিলোঁ হয়, মিছা নহয় কথাষাৰ। দুসপ্তাহৰ পিছৰ কথা, এইবাৰ চাবোন ব্যৱহাৰ হৈছে। কিন্তু এইয়া কি, বাচনৰ কোণবোৰত চাবোনৰ সেউজীয়া সেউজীয়া বিন্দু, এদিন নহয়, দুদিন নহয়, কেইবাদিনো কেইবাখনো বাচনত একেই ঘটনা। মাতি আনি দেখাই দিয়া হ’লত তেখেতে টপৰাই ক’লে,

-“চাবোন ঠিক নহী দিদি, লিকুইদ লে লো, লিকুইদ আটছা” ।

আন এদিনৰ কথা, আমাৰ মিষ্টাৰৰ চাহত বিস্কুট ডুবাই খোৱাৰ স্বভাৱ এটা আছে। সিদিনা চাহ কাপ বাকিব লৈ আগৰবাৰ চাহত ডুবাই খোৱা বিস্কুটৰ শুকান দাগ দুটা দেখা পালো। আমাৰ উপদেষ্টাক ক’লো বোলে ধুওঁতে অলপ চাবাহে ভালকৈ।

-“দিদি, চাই মে বিস্কুট ডুবাকে নহী খানা চাহিয়ে, আটছা নহী। ভূজিয়া ডুবাকে খাৱো দিদি, ভূজিয়া আটছা… ”

ভাগ্যে মই ভালদৰে খোৱা-বোৱা কৰি উঠিছিলোঁ, নহ’লে মূৰ ঘূৰাই মাটিত ধাচকৈ পৰি যোৱাৰ সম্ভাৱনা আছিল। আৰ্জিত জ্ঞানেৰে এখেতে উপদেশৰ বন্যা কোনো ধৰণৰ মাননি নোলোৱাকৈ বোৱাই থকা বাবে মই ধন্য। মোৰো আজিকালি লাহে লাহে ওজৰ আপত্তি নাইকিয়া হৈ আহিছে, হাঁহিমুখে সকলো শলাগি থোৱা হৈছো। পিছে সমস্যাটো হৈছে এখেতৰ নিচিনা মহান উপদেষ্টাক কোন শ্ৰেণীত থওঁ, আপোনালোকেও ভাবি চাবচোন, কিবা মনত খেলালে মোক জনাব। তেতিয়ালৈকে মই নিজে দি ফুৰা উপদেশবোৰ কোন কোন শ্ৰেণীৰ অন্তৰ্গত ভাবি চাওঁ।

★★★★

6 Comments

Leave a Reply

Your email address will not be published.