ফটাঢোল

উপলব্ধি – অভিজিত মেধি

জিকিল, মুম্বাই ইণ্ডিয়ান জিকিল। আই-পি-এল ক্ৰিকেট টুৰ্ণামেণ্টত অৱশেষত মুম্বাই ইণ্ডিয়ান বিজয়ী হ’ল। খবৰটো শুনি ব্ৰহ্মাণ্ডৰ সকলোতকৈ সুখী হোৱা মানুহগৰাকী হ’ল মোৰ শ্ৰীমতী। নহয় নহয়, তেওঁ দুৰ্ঘোৰ ক্ৰিকেটপ্ৰেমী নহয়। না তেওঁ নীতা আম্বানীৰ ভনীয়েক। হোৱাহেঁতেন মোৰেই কপাল ফুলি সোণাক্ষী সিন্হা হেন হ’লহেঁতেন! কোন জিকিল কোন হাৰিল এইবিলাকৰ লগত শ্ৰীমতীৰ পাঁচ পইচাৰো মতলব নাই। দুমাহ ধৰি চলি থকা আই-পি-এলৰ সমাপ্তি ঘটিল, এতিয়া আৰু সদায় সন্ধিয়া টিভিটোত হৰ্ষ ভোগলেহঁতৰ হৈ-হাল্লা শুনিব নালাগে, সেয়ে তেওঁৰ মনত অপাৰ ফূৰ্তি। লগান চিনেমাখনত গাঁওবাসীয়ে আকাশত মেঘ দেখি সুখী হোৱাৰ নিচিনা তেওঁৰ মন। তেওঁৰহে যেন তপস্যাৰ ফলত দ্ৰৌপদীৰ শাৰী হেন টুৰ্ণামেণ্টখনৰ ওৰ পৰিল। শ্ৰীমতীৰ মুখত হাঁহিয়ে কুলাই পাচিয়ে নধৰা অৱস্থা। ইপিনে ধোনীৰ টীমটো হৰাত মোৰ ভীষণ দুখ। শ্ৰীমতীৰ মুখৰ হাঁহি একেবাৰেই ভাল লগা নাই। তাৰকাসুৰে কঠোৰ তপস্যাৰ অন্তত ব্ৰহ্মদেৱৰ বৰদান লাভ কৰি মৰা আসুৰিক হাঁহিৰ দৰেই এই হাঁহি। অন্ততঃ মোৰ এনেকুৱাই লাগিছে। অতদিনে ধুনীয়া দেখি অহা শ্ৰীমতীৰ বেৰীয়া দাঁতটোও হঠাতে ৰক্তপিপাসু কিবা এটা যেন লাগিছে।

অৱশ্যে চালি-জাৰি চালে দোষটো মোৰেই। কি ৰবিবাৰ, কি সোমবাৰ! সন্ধিয়া হ’লেই মই টিভিটোৰ সমুখত বহি অকলে অকলে মাৰ-মাৰ, ধৰ-ধৰ চিঞৰি থাকোঁ। এইকেইটা দিনত ছোৱালীজনীক পঢ়ুৱাৰ দায়িত্বও সম্পূৰ্ণৰূপে শ্ৰীমতীক সপি দিছিলোঁ। মাজে মাজে ইটো-সিটো কাম লৈ তেওঁ মোৰ ওচৰলৈ নহা নহয়।

: হেৰা, সদায় একেবোৰ খেলকে কিমান চোৱাহে! যোৱাচোন অলপ বজাৰৰ পৰায়ে আহা।

মই নাযাওঁ, টিকাত বন গজিলেও টিভি এৰি উঠি নাযাবলৈ মই বদ্ধপৰিকৰ। সদায় একেটাই উত্তৰ।

: ৰ’বাচোন ৰ’বা, খেলখন বৰ ইণ্টাৰেষ্টিং হৈছে।

অৱশেষত ইণ্টাৰেষ্টিং খেলখনৰ ওৰ পৰিল। শ্রীমতীয়ে ভাবিছে এতিয়া মন গ’লে তেওঁ চিৰিয়েল চাব, মন গ’লে চিনেমা চাব। মন নগ’লে একোকে নাচাব। তেওঁ সুখী। পিচে তাৰকাসুৰৰ সুখ খন্তেকীয়া। পত্নীৰো সুখ দুদিনীয়াহে হ’লগৈ। আই-পি-এলতকৈও ডাঙৰ খেল আহিল এইবাৰ। লোকসভাৰ নিৰ্বাচন। সন্ধিয়াতো সন্ধিয়া, পুৱাবেলাও মই নিউজ চেনেল লৈ ব্যস্ত হৈ গ’লোঁ। প্ৰাতঃকৰ্ম কৰিবলৈ গ’লেও বাথৰুমৰ দুৱাৰখন অলপ ফাঁক কৰি ৰাখোঁ, যাতে ব্ৰেকিং নিউজ শুনি থাকিব পাৰোঁ। সুস্বাদু ব্ৰেকফাষ্টৰ গোন্ধৰে পুৱাই পুৱাই আমোল-মোলোৱা ঘৰখন দুৰ্গন্ধময় হৈ উঠিল।

পাৰ্ট্ অৱ্ দা জাৰ্ণী ইজ্ দা এণ্ড্! নিৰ্বাচনৰ খেলখন এদিন খতম হৈ থাকিল। ধোনী জিকিল…ছ’ৰী, আই মীন, মোডী জিকিল। মৰহি যোৱা ‘তাৰকাসুৰ-হাঁহি’য়ে পত্নীৰ মুখত আকৌ পোখা মেলিবলৈ খুজিলে। কিন্তু ক’তা, মই নিউজ চাবলৈ এৰিলোঁ জানো! নিৰ্বাচন শেষ হোৱাৰ দুদিন পাছতো মই চেনেল সলাই সলাই আমেজ লৈ বহি আছোঁ। অৱশেষত যোৱাটো দেওবাৰে শ্ৰীমতীৰ ধৈৰ্য্যই জবাব দি দিলে। বেলনা মাৰিডাল লৈ তেওঁ পাকঘৰৰ পৰা চোঁচা মাৰি আহিল।

: হেৰা, তুমি টিভি এৰিবানে ডিভ’ৰ্চ লাগিব? সোনকালে সিদ্ধান্ত এটা লোৱা। মই আৰু নোৱাৰোঁ তোমাৰ লগত একেখন চাঁদৰ তলত থাকিব! হয় টিভি এৰা, নহ’লে ডিভ’ৰ্চ!

বেলনা মাৰিতকৈও ডিভ’ৰ্চ শব্দটোৱে মোৰ মন-মগজু বেছিকৈ জোকাৰি গ’ল। ডিভ’ৰ্চ হ’ব লাগিলে আত্মীয়-কুটুম্বৰে পৰা ছ’চিয়েল মিডিয়া, সকলোতে বুবু-বাবা এখন চলিব। আজিকালিৰ ডিজিটেল দুনীয়াত সৎ পুৰুষ এজনো সহজে বদনামী হৈ যাব পাৰে। লম্পট-চৰিত্ৰহীনৰ লেবেল লাগি যাব পাৰে। য়েছ, মেন-টু! নাৰদ টাইপ দুজনমানে মই কিমান চেনী, মই কিমান ফ্ৰাষ্ট্ৰেটেড, পৰস্ত্ৰীৰ লগত মোৰ কিমান হলি-গলি ইত্যাদি নানান কুৎসা ৰচিব। কিবা এটা ভাল ক’বলৈ গ’লেও চকীদাৰক চোৰ বুলিব। তাকে শুনি সকলোৱে মোক লেইলেই-ছেইছেই কৰিব। উসঃ, নোৱাৰি নোৱাৰি…ডিভ’ৰ্চ ল’ব নোৱাৰি।

: কি বিৰবিৰাই আছা, জল্দি উত্তৰ দিয়া। আজি হেস্ত-নেস্ত কৰিবই লাগিব। ডিভ’ৰ্চ লাগিব নে টিভি এৰিবা? ভালে ভালে কোৱা।

: হেৰা, বিয়াকুল নহ’বাচোন! আজৰি সময়ত টিভিটো অলপ চালোৱেই যেনিবা, তাতেই ডিভ’ৰ্চ দিব লাগেনে! দহ বছৰ আগতে অঙহী-বঙহীয়ে মদৰ নিচাত “যুগ্মজীৱন সুখী হওক” বুলি দিয়া আশীৰ্বাদবোৰ অথলে যাবলৈ দিবা নেকি?

: যাওক অথলে! আৰু আজৰি সময়ৰ বাহানা নামাৰিবা? আজি এই বন্ধৰ দিনটোতো সেই পুৱা সাতটাৰ পৰা এই সন্ধিয়াখনলৈকে টিভিৰ গুৰিতে বহি আছা। অন্য কাম-ধান্দা নাই নেকি জীৱনত? উসঃ..! হেৰৌ, মানুহে টিভি অন্য মনোৰঞ্জনৰ বাবেও চাই, কেৱল ক্ৰিকেট আৰু নিউজৰ বাবে নহয়। ঘৰখনত ময়ো আছোঁ। মোৰ মন নাযায় নেকি কিবা এখন চিৰিয়েল চাবলৈ, চিনেমা এখন চাবলৈ?

: ধেৎতেৰি, ৰ’বাচোন ৰ’বা! কাজিয়া-পেচাল পাছে পৰেও কৰিব পাৰিম। এতিয়া খেলখন বৰ ইণ্টাৰেষ্টিং হৈছে, আৰু মাত্ৰ অলপ চাবলৈ দিয়ানা, প্লীজ!

: বাৰে-ভচহু কথা নবকিবাহে, নিউজ চেনেলত কিহৰ খেল তোমাৰ?

: আৰে ৰাজনীতিৰ খেল আকৌ এইখন! বহাচোন বহা, তুমিও বহা। চোৱা, এইকেইজনে থাৰ্ড আম্পায়াৰ মাতিবলৈ গৈ আছে এতিয়া।

: অন্য কাম নাই আৰু মোৰ জীৱনত? হেৰৌ, এইবোৰ চোৱাতকৈ চিনেমা এখনকে চোৱা, কিবা অলপ শিকিবা। এইবোৰ চাই ফেচবুকত ৰাজনৈতিক পোষ্ট লিখি থাকিলে তোমাৰ ঘৰ নচলে বুজিছা। বন্ধ কৰা বুলি কৈছোঁ এতিয়াই, নহ’লে এই বেলনা মাৰিৰে আজি হয় টিভি ভাঙিম, নহ’লে তোমাৰ মূৰটো!

শ্ৰীমতীয়ে সঁচাকৈয়ে চামুণ্ডা ৰূপ লৈছে। কথমপি বেলনা মাৰিডাল থাপ মাৰি ৰখালোঁ।

: হেৰা, একমিনিট ধৈৰ্য্য ধৰি চোৱাচোন, ৰিকুৱেষ্ট কৰিছোঁ। এইখনো চিনেমাই মোটামুটি। সৌৱা চোৱা, বগাকৈ বুঢ়া তৰুণজন যাবলৈ ওলাইছে, বাকীবোৰে “তুচ্ছি না যাওঁ” “তুচ্ছি না যাওঁ” বুলি কন্দাৰ কি সুন্দৰ অভিনয় কৰিছে। চোৱাচোন চোৱা। বেকগ্ৰাউণ্ডত ‘কভী খুছি কভী গম’-ৰ মিউজিক দিব লাগিছিল, মজ্জা লাগিলেহেঁতেন!

: ধৈ এইডাল! ভালে ভালে কৈছোঁ, মাথা নাখাবা মোৰ বুজিছা। এই ফাল্টু চিনেমা নাচাওঁ মই। তাতকৈ ৰামায়ণ-মহাভাৰত চাম। জীৱনত কিবা এটা শিকিব পাৰিম।

: হাৰে…কি যে কোৱা নহয় তুমিও! এইখন কি কম নেকি! এই যে পাগুৰি পিন্ধি মনে মনে বহি থকা মানুহজন, তেওঁ ৰজা দশৰথ। কাষত সৌৱা কৈকেয়ী। তাৰ কাষত চোৱা, সেই যে দিক-বিদিক সিং বোলা মানুহজন, তেওঁ হৈছে কুঁজী মন্থৰা।

: ধুৰ….মতা মানুহো মন্থৰা হ’ব পাৰে নেকি? বেয়া বেয়া গালি ওলাব কিন্তু এতিয়া মোৰ মুখৰ পৰা!

তিৰোতা মানুহক কেতিয়াবা যুক্তিৰে বলে নোৱাৰি, তথাপি চেষ্টা ময়ো এৰি নিদিলোঁ।

: পাৰেতো, কেলেই নোৱাৰে, হান্ড্ৰেড এণ্ড ওৱান পাৰ্চেণ্ট পাৰে! তোমাৰ ভায়েৰা, মানে মোৰ খুলশালীকে চোৱা। সি জানো কুঁজী মন্থৰাতকৈ কম? হোৱাই-নোহোৱাই দেখোন সি দিনটো তোমাৰ কাণত মোৰ বদনাম গাই ফুৰে!

উত্তেজনাত অলপ বেছিয়ে বকি দি জিভাত কামোৰ খালোঁ। আজি সৰ্বনাশ! শ্ৰীমতীৰ চকুত দাউ-দাউকৈ জ্বলি উঠা জুইকুৰা দেখি পিলাই চমকি গ’ল।

“হুহ…মোৰ পৰিয়ালক মাজলৈ টানিব আহে, আজি সুদাই নেৰিছোঁ” বুলি শ্ৰীমতীয়ে বেলনাস্ত্ৰ দাঙিলে। তেনেতে দেখোঁ চুকত থিয় দি ছয় বছৰীয়া পুত্রীয়ে আমাৰ আলেখ-লেখ চাই আছে। পত্নীৰ খঙৰ আছাৰকনি তাইলৈকো বিয়পিল। খঙতে তাইক মস্ত দম এটা লগালে।

: মাজনী তই ইয়াত কি কৰিছ? তোৰো কাম-বন নাই নেকি? যাহ্, হোমৱৰ্ক কৰগৈ ভালে ভালে!

মাজনীৰ চকুত আপত্তি জিলিকি উঠিল। আপত্তিৰ সুৰত তাই থেনথেনাই উঠিল

: ৰ’বানা মা, অকণমান থাকিবলৈ দিয়া। খেলখন বৰ ইণ্টাৰেষ্টিং হৈছে!

দুই ম’হৰ যুঁজত বিৰিণাই মজা লুটিছে! ই কেনে কথা! মই শ্ৰীমতীৰ চকুলৈ চালোঁ, শ্ৰীমতীয়ে মোলৈ। টেলিপেথি যোগে ছেকেণ্ডতে আমি বহু কথায়ে পাতিলোঁ। তেওঁৰ হাতৰ বেলনাস্ত্ৰ সৰি পৰিল, মোৰ হাতৰ পৰা টিভিৰ ৰিম’ট।

: হেৰা, মোনাখনকে দিয়া, বজাৰৰ পৰাই আহোঁ অলপ।

শ্ৰীমতীয়ে সাউৎকৈ মোনাখন আনি হাতত তুলি দিলেহি। মই টিভি বন্ধ কৰি এটা যুগৰ পাছত অলপ মুকলি হাৱা খাবলৈ বুলি ওলালোঁ। তেনেতে শ্ৰীমতীয়ে পাছফালৰ পৰা মাত লগালে

: হেৰা, শুনাচোন। অলপ ভাঙন মাছ আনিবা, লগতে তুমি খাই ভালপোৱা চবজি অলপো আনিবা।

‘হ’ব’ বুলি শলাগি মই ওলাই আহিলোঁ। বাটত ভাবি থাকিলোঁ শ্ৰীমতীয়ে কি খাই ভালপায়!

☆★☆★☆

3 Comments

  • কাবেৰী মহন্ত

    দশৰথ , কৈকেয়ী , দিকবিদিক .. তোমাৰ উপমাবোৰে বান্ধি ৰাখে ৷ সদায়েই অনুৰাগী তোমাৰ লেখাৰ ৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া ব্যংগ দাদা।

    Reply
  • নীলাক্ষি

    “খেলখন সঁচাকৈয়ে বৰ ইণ্টাৰেষ্টিং হৈছে।” এনেবোৰ লিখনিৰ সোৱাদেই অনন্য। ভীষণ ভাল পালোঁ দেই পঢ়ি অভিজিৎ। প্ৰতিবাৰৰ দৰেই অনন্য লিখনি।

    Reply

Leave a Reply

Your email address will not be published.