ফটাঢোল

উমেশ আৰু পাণ্ডে – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

মই ক্লাছ ছিক্সত পঢ়ি থকা সময়ৰে কথা। মোৰ ককা এজন পিত্তৰোগত আক্ৰান্ত ৰোগী আছিল। পিত্তৰোগ মানে বুজিছেনে, আজিৰ দিনত সহজলভ্য গেষ্ট্ৰিক বেমাৰটোৱে।

আমাৰ গাওঁৰ চিকিৎসালয়খনৰ নিয়মীয়া ৰোগী আছিল আমাৰ ককা।ডাক্টৰজনেও ককাক যথেষ্ঠ সন্মান কৰিছিল আৰু নিয়মমাফিক ঔষধ এবিধ বা দুবিধ দিয়েই বিদায় দিছিল।

আচলতে ককাজনে বেমাৰক বহুত ভয় কৰিছিল আৰু দুবাৰমান উগাৰ আহিলেই নিজেই গেষ্ট্ৰিক বুলি ভাবি চিধাই ডাক্টৰখানাত গৈছিল।

এদিনাখন ককা ডাক্টৰৰ ওচৰৰ পৰা ঘৰলৈ আহি মোক মাতিলে আৰু ফাৰ্মাচীৰ পৰা ঔষধ দুবিধ আনিব দিলে ডাক্টৰে কোৱামতে।

-গনেশ ফাৰ্মাচীত যাবি আৰু তাৰপৰা উমেশ দহটা আনিবি আৰু গনেশ ফাৰ্মাচীত উমেশ নাপালে মহাবীৰ ফাৰ্মাচীৰ পৰা পাণ্ডে দহটা আনিবি। গনেশ ফাৰ্মাচীত তই আকৌ পাণ্ডে নিবিচাৰিবি, তাৰ তাত পাণ্ডেৰ দাম বেছি বোলে।
ককাই আদেশসূচক কথাখিনি কৈ মোক এশটকীয়া নোট এখন দিলে।

ময়ো দৌৰি দৌৰি গৈ গনেশ ফাৰ্মাচী পালোঁ।

-দাদা,উমেশ আছে নেকি?

-নাই,এইমাত্ৰ ওলাই গৈছে, আছিলেই আজি গোটেই দিনটো ফাৰ্মাচীতে।
মই অবাক্টেড, বোলো কি ঔষধৰ নাম ক’লে ককাই,ফাৰ্মাচীৰ পৰা ওলাই যাবও পাৰে।

যি হবৰ আছিল হ’ল বুলি চিধা মহাবীৰ ফাৰ্মাচীৰ ফালে বাট পোনালোঁ।

-দাদা,পাণ্ডে আছে নেকি?

-নাই নহয়, পাণ্ডেক খেদিলে ইয়াৰ পৰা আমাৰ মালিকে।
আকৌ অবাক্টেড, পাণ্ডেক খেদিলে। এইবোৰ কি ঔষধৰ কথা কৈছে ককাই।

-কেতিয়া,ক’ত,কেনেকৈ গ’ল পাণ্ডে? ককাই ইয়াত থাকে বুলি কৈছিল।

-যোৱামাহৰ পৰাই পাণ্ডে নাই ইয়াত। দোকানৰ পইচা চুৰি কৰি ধৰা পৰিল,মালিকে খেদিলে।

মুৰটো খজুৱাই খজুৱাই ঘৰলৈ উভতি আহিলোঁ। ককাক মনে মনে গালিও দিলোঁ কেইটামান।

চাল্লা বুঢ়া,কি ঔষধ কিনিব দিয়ে। এটা দোকানৰ পৰা নিজে নিজে ওলাই যায়,এটাই পইচা চোৰ কৰি খেদা খায়।

ঘৰ আহি দুৱাৰমুখতে মামাক পালো, খবৰটো জনালোঁ বোলো ককাৰ ঔষধ দুটা দোকানৰ পৰা নিজে নিজে কৰবাত ওলাই গৈছে।

-এইবাৰ মামা অবাক্টেড,বোলে কি ঔষধ আনিব দিছিল নো তোক?

-মামা,উমেশ দহটা আৰু উমেশ নাপালে পাণ্ডে দহটা।

-ধেৎ মূৰ্খ, সেইদুটা উমেশ আৰু পাণ্ডে নহয় নহয়।

অ’মেজ (Omez) আৰু পান-ডি (PAN-D) হে।

☆★☆★☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    হা হা হা, বহুত হাঁহিলো দাদা।

    Reply
  • কমলা দাস

    😂😂😂😂 বহুত হাহিলো দেই। উমেশ আৰু পাণ্ডে নিজে নিজেই ওলাই গল ন।

    Reply

Leave a Reply

Your email address will not be published.