ফটাঢোল

উলংগাসুৰ – ডা° বিকাশ বৰুৱা

দুৰ্গা পূজাৰ দিনকেইটাত মহিষাসুৰৰ মাত্ৰ এটাই কাম। মানুহ চাই থকা। চকু-তকু টেলেকা কৰি দিনে-ৰাতিয়ে সি কেৱল মানুহেই চাই থাকে। মানুহো জানো কমসোপা? ৰভাৰ তলত মানুহ, ৰাস্তাত মানুহ, ফুটপাথত মানুহ। দোকানত, বাৰান্দাত, বেলকনিত মানুহ। গাড়ীত, মটৰ-চাইকেলত, ৰিক্সাত মানুহ। বাপ্পা ঐ! কিমান যে মানুহ। পূজা চাবলৈ অহা এই আটাইবোৰকে সিহে আকৌ ওলোটাই চাই থাকে। তাৰ দৃষ্টিৰ পৰা কোনো সাৰি নাযায়। সি প্ৰত্যেককেই হেঁপাহ পলুৱাই চাই আৰু একান্তমনে কিবাকিবি ভাবি থাকে। ষষ্ঠীৰ পৰা দশমীলৈকে, বিশেষকৈ অষ্টমী আৰু নৱমীত কোনে কেইবাৰ কাপোৰ সলালে, কোনদিনা কি ডিজাইনৰ ড্ৰেছ কৰিলে, বিউটি পাৰ্লাৰত কাৰ কিমান সময় গ’ল, কাৰ হাতত কোনটো স্মাৰ্টফোন, কোনে ননষ্টপ কিমান দেৰি কথা পাতিলে, কাৰ গাড়ীত কোন আহিল, লিপষ্টিকৰ কোনটো ৰং এইবাৰ নতুনকৈ ওলাল, কোনটো ব্ৰেণ্ডৰ হেয়াৰ-ডাই আৰু নেইল-পলিছ এইকেইদিন মেক্সিমাম চলিছে, চুলি ল’ৰাৰ দীঘল নে ছোৱালীৰ, শাড়ী বাদ দি কোনে জিনছত ধৰিলে, কোনে খোপা আৰু বেণী উৰাই দি মুৰটো বয়কাট্ কৰি পেলালে আৰু সেইফেৰা কৰ্ম কৰি অতোৱাৰ পাছত কাক কিমান মক্কেল লাগিছে, কাক ভাল দেখাইছে,- সমস্ত খবৰ তাৰ নখৰ আগত। এৰিয়াটোত যিমানবোৰ ডেকা ল’ৰা আছে, মহিষে সিহঁতৰো হিচাপ ৰাখে। সেইমখাৰো যে কিমান ডিজাইন। কাৰোবাৰ চুলি নানা পাটেকাৰৰ নিচিনাকৈ চুটি। কাৰোবাৰ সঞ্জয় দত্তৰ নিচিনা দীঘল। কাৰোবাৰ গাল চিকচিকিয়া মিহি, কাৰোবাৰ গালত বহুদিনৰ নকটা দাঢ়ি। জিভাত কাৰেণ্টলি চালু হৈ থকা বিচিত্ৰ শব্দমালা আৰু হিন্দী চিনেমাৰ সংলাপ। টিভি ছিৰিয়েলৰ আদৱ-কায়দা। সন্ধিয়াৰ পাছতো জয়বাংলাহীন চকুত ৰেইবেন ছানগ্লাছ। ম’বাইলেৰে অবিৰাম বাৰ্তালাপ। ক্লান্তিবিহীন কথোপকথন। চৌদিশে হাজাৰ-বিজাৰ ৰিং-ট’ন। বাইকে প্ৰতি গাৰ্লফ্ৰেণ্ড।

এইবোৰকে দেখি, শুনি, চাই প্লেন কৰিছিল, এবাৰ সিও বজাৰলৈ যাব। দুই-এপদ কিনা-কুটা কৰিব। নিকিনিলেও অন্ততঃ বজাৰখনতনো ক’ত কি আছে এটা আইডিয়া হ’ব। গতিকে দেউ, পুৰোহিত, খনিকৰ, উদ্যোক্তা সমিতিৰ সভাপতি, সম্পাদক, কোষাধ্যক্ষ আৰু ফাইনেলি স্বয়ং দেৱী দুৰ্গাৰো অনুমতি লৈ ষষ্ঠী পূজাৰ দিনা আবেলি চাৰিমান বজাত মহিষ বজাৰলৈ বুলি ওলাই আহিল। লগত গণেশ, কাৰ্তিক। নিগনিয়ে ক’লে, ময়ো যাম। ভৰিৰ কাষে-কাষে চিৰিক-চিৰিককৈ সুহুৰি বজাই সিয়ো সমানেই আহি থাকিল।

বজাৰ পাই কাৰ্তিকে প্ৰস্তাৱ দিলে,- প্ৰথমে লক্ষী-সৰস্বতীৰ বাবে দুখন শাড়ী লৈ লওঁ। দুয়ো বৰকৈ কৈ পঠাইছে। নিনিলে খুব বেয়া কথা হ’ব। তাৰপাচত আমাৰ বাবে ক’ত কি পাওঁ চাম। বেয়া হ’বনে?

– অ’কে। সেইটোৱেই হওক। তোমালোক গৈ আহা। মই অলপ ঘূৰোঁ।

গণেশ আৰু কাৰ্তিকক মাইকী মানুহৰ দোকান ‘চিনডেৰেলা’লৈ পঠাই দি মহিষ নিগনিৰে সৈতে মোহিনী বস্ত্ৰালয়ত সোমাই দিলে। এক মুহুৰ্তও বিলম্ব নকৰি তলৰ ফালে নিগনিয়ে নিজৰ পজিচন ল’লে আৰু ওপৰত কোনোবা এগৰাকীয়ে চাই থকা দুখনমান শাড়ীৰ আগবোৰ টানিবলৈ লাগি গ’ল।

হঠাৎ এটা অতি আচৰিত ঘটনা ঘটিল। মহিষক দেখা মাত্ৰকতে দোকানত থকা আটাইবোৰ মানুহে হুৰহুৰকৈ ওলাই লৰ মাৰিলে। মতা, মাইকী, ল’ৰা, বুঢ়া,- সকলো। ক’ত কি হ’ল নিগনি আৰু মহিষে একো ততকে ধৰিব নোৱাৰি অবাক হৈ ফৰিংচিটিকা দিয়া মানুহবোৰৰ পিনে ভেবা লাগি চাই থাকিল।

প্ৰায় লগে-লগেই ভিতৰৰ পৰা দোকানৰ মালিক ওংকাৰমল পাদুৰীমলে লগত বিয়াগোম পেটটো লৈ আণ্টাৰ্কটিকাত পেংগুইন অহাদি লপক-থপককৈ বাহিৰলৈ ওলাই আহিল।

‘ওঁ বুজিছো।’ মহিষৰ ভৰিৰ পৰা মূৰলৈকে এবাৰ ভালকৈ নিৰীক্ষণ কৰি লৈ পাদুৱে ক’লেঃ ‘চেহেৰা, ফিগাৰ, মোচ, চকুৰ চাৱনি.. সকলো মিলাই সিহঁতে আপোনাক মিলিটেৰিৰ মানুহ বুলি ভাবিলে যেন পাইছো। কাৰণ ডিফেন্সৰ মানুহ, বিশেষকৈ মিলিটেৰিসকল ছিভিল ড্ৰেছত ইয়ালৈ প্ৰায়ে আহে..’

– কিন্তু মিলিটেৰিলৈ মানুহৰ কিয় ইমান ভয়?

— মাজে-মাজে গণ্ডগোলবোৰ লাগি থাকে নহয়। মাৰধৰ, টনাআজোৰা, বলাৎকাৰ.. বিশেষকৈ মাইকী মানুহ বুলিলে কথাই নাই.. চিৰাচিৰকৈ ফালি-চিৰি খাই পেলাম যেন কৰে।

— মইযে দেখাত মিলিটেৰিৰ নিচিনা আজিহে গম পালোঁ। এনে চেহেৰাৰ মানুহ ইয়াত নাই নেকি?

— অন্ততঃ চিভিলিয়ানৰ মাজত নাই। ডিফেন্সে-চিফেন্সে ক’ৰবাত থাকিব পাৰে। অসমীয়া মানুহৰ ভিতৰত আছু আৰু অগপই কেৱল দাঢ়িহে ৰাখে, ইমান ডাঙৰ মোচ বা গোফ কোনেও নবনায়। যিকেইজন আলফা আৰু ছালফা দেখিছো, তেওঁলোকৰো গোফ নাই। ফিগাৰবিলাক স্মল্ ছাইজৰ। তেনেই টিকৰি টিকৰি। মানুহে ভবাৰ দৰে পালোৱান টাইপৰ নহয়। সিহঁতৰ মাত্ৰ ড্ৰেছটোহে মিলিটেৰিৰ।

কাপোৰৰ দোকানত আইনা থাকেই। মহিষে সাউৎকৰে নিজৰ চেহেৰাটো এবাৰ ভালকৈ চাই ল’লে।

পাদু ওচৰ চাপি আহিল। ‘বাৰু দাদা, যি হ’ল হ’ল। এতিয়া আপুনি যি লাগে লওক। আৰামত বজাৰ কৰক। মই ভিতৰতে আছো, কিবা দৰকাৰ হ’লে ক’ব। চিন্তাৰ কোনো কাৰণ নাই।’

ভিতৰলৈ গৈয়ে পাদুৱে চেলছমেন এজনক মাতি পঠালে। ‘সেইটোক যি লাগে সোনকালে দি পঠাই দে। দামত লাগি নাথাকিবি। যি কয় তাতেই দি দিবি। সি ইয়াত বেছি দেৰি থাকিব লাগিলে আমাৰ সৰ্বনাশ। বহুত লোকচান হ’ব। এইহেন পূজাৰ বতৰত কাষ্টমাৰ এৰিব নোৱাৰি। বুজিছ নহয়?’

মহিষে একান্তমনে কাপোৰ চোৱাত লাগিল। দুই-এটা পচন্দো হ’ল। কোনটো নিলে তাৰ মিছেচে কি ৰিমাৰ্ক দিব, ছোৱালীজনীয়ে কি বুলি ডায়লগ মাৰিব, তাকো ভাবি চালে। আটাইবোৰ ভাবি-চিন্তি লাষ্ট-এণ্ড্-ফাইনেলি দামটো সুধিয়েই দিলে। কিন্তু কি আচৰিত কথা, দাম শুনাৰ লগে-লগে ইমান প্ৰকাণ্ড অসুৰটো ধামকৈ মাটিত পৰি গ’ল। মূৰেই ঘূৰালেনে কিয়েই হ’ল কথাটো ফৎকৰে কোনেও একো পাত্তা নাপালে। অলপ সময় মাটিতে পৰি থকাৰ পাচত উঠি আকৌ থিয় দঙা দিলে যদিও কাপোৰ কিনাৰ সমস্ত উদ্যম নিমিষতে চেঁচা পৰি গ’ল। সামান্য এটা চোলাত ইমান দাম? এইবাৰ তাৰ চিন্তাটো হ’ল,- সদ্যহতে কি কৰাটো ভাল হ’ব। দাম-দৰ কৰি চাব নে ওলাই গুচি যাব? চেলচমেনজন আগবাঢ়ি আহিল। ‘দাদা, এটা কাম কৰক। আজিয়েই যে ল’ব লাগিব তাৰ মানে নাই। মেডামকো লৈ আন এদিন আহক। আৰামত পচন্দ কৰি যি লাগে লৈ যাব।’

‘আন এদিন মানে।’ বেঙাটোৰ দৰে মহিষে ওলোটাই চেলচমেনক সুধিলে।
— এই ধৰক পূজাৰ পাচত। তেতিয়া এই একেবিলাক বস্তু আধা দামতে পাই যাব। পূজাই বিহুৱে চিজন টাইমত দাম বাঢ়িবই। কম্পালছৰি। এইটো আগৰে পৰা চলি অহা নিয়ম।

— কিন্তু পূজাৰ পাচত যে অহাৰ কথা কৈছো, দশমীৰ দিনাই দেখোন নদীত উটুৱায়ে দিবাগৈ। এতিয়াই আধা দামত দিয়া যদি দিয়া, নহ’লে যাওঁগৈ।

পূজাৰ বতৰত দোকানীয়ে কিয় আধা দামত কাপোৰ দিব? মহিষৰ একো কিনা নহ’ল। কাকো একো নোকোৱাকৈ তাৰ পৰা ওলাই সি এখন জোতাৰ দোকানত সোমাল। তাতো ফায়াৰ ব্ৰিগেদ মাতিব লগা অৱস্থা। পাঁচ হাজাৰ টকাৰ তলত জোতা নায়েই। পোন্ধৰশমানত যিকেইযোৰ আছে, ভদ্ৰলোকৰ কথা ক’ব নোৱাৰি, অসুৰৰ কিন্তু দুমাহেই নাযায়। পাঁচটা গোৰোহনিত ফাটি, ছিগি উফৰি যাব। জোতা বাদ দি সিগৰাকীৰ কাৰণে চেন্দেলকে এযোৰ চালে। নামটো কিবা লিবাৰ্টি টিপ্টপ্। পাতল, ধুনীয়া। মত্যৰ নাৰীয়ে বোলে আজিকালি সেইযোৰেই পিন্ধে। পিচে কি হ’ব, পচন্দ কৰিও একো লাভ নহ’ল। দাম শুনি সেইযোৰো এৰি থৈ সি গুচি আহিল। গধুৰ, বগা জোতাৰ প্ৰতি তাৰ বহুদিনীয়া আকৰ্ষণ। ধুনীয়াকৈ শ্ব’-কে’চত কেইশাৰীমান সজাই থোৱা আছিল, বাহিৰৰ পৰা তাকে চাই মনটো অকণমান ভাল লগালে। সৰু ছোৱালীজনীলৈ ফ্ৰক নিম বুলি ভাবিছিল, সেইটোও নহ’ল। পূজা বুলিয়েই বাৰু অকণমানি ফ্ৰকটোতো বাৰশ টকা ক’ব লাগেনে। ধেৎ..। দামৰ যেন কম্পিটিছনহে। গোটেইগাল যেন চিকাৰীহে। নোসোমাওঁ বুলি ভাবিও এইবাৰ সি আকৌ অন্য এখন দোকানত সোমাল। তাত হৰেক ৰকমৰ খোৱা বস্তু। পলিথিনৰ পেকেটত পিঠাগুৰি, নাৰিকলৰ লাড়ু, সান্দহ, জলকীয়াৰ আচাৰ, কাহুদী, খাৰলি, বাঁহ গাজৰ খৰিচা আদি দেখি সি খুব ফুৰ্তি পালে। এইবিলাকো যে ৰেডিমে’ড পায়, সি আগেয়ে নাজানিছিল। এজেন ক’লে,- ‘বিহুৰ টাইমত পিঠাও ওলায়। আজিকালি কোনেও ঘৰত বনাই কষ্ট নকৰে। লেডীজ সকল আহে, গাড়ীৰ পৰা নামে, কিনি লৈ গুচি যায়। তেলৰ কাৰবাৰ নাই, গেছৰ খৰচ নাই, পিঠাগুড়ি খুন্দিব নালাগে, তিল ভাজিব নালাগে, হাত পোৰাৰ ভয় নাই, সকলো পিনেই আৰাম।’

এটা কথাত সি খুবেই আচৰিত হ’ল। এই সময়ত বস্তুৰ দাম বাঢ়ে বুলি যদি মানুহে জানেই, তেন্তে ইমানকৈ কিনেহিনো কেলেই? দুদিনমান ৰৈ দিলেই হয় দেখোন। লৰালৰিটো কিহৰ? আন এজন দোকানীয়ে ক’লে, ‘দাদা, দাম বঢ়াক লৈ ইয়াত কোনেও কেৰেপ নকৰে। দোকানবোৰত ভিৰ দিনকদিনে বাঢ়িছেহে। এতিয়া যদি আপোনাৰ ভোক লাগে, সৰ্বনাশ। ৰেষ্টোৰাঁৰ সমুখত কমেও দুঘণ্টা কিউ কৰি থাকিব লাগিব!’

দোকানে দোকানে ঘূৰি ফুৰোতে মহিষাসুৰৰ বহুত ধৰণৰ অভিজ্ঞতা হ’ল। ইতিমধ্যে মানুহবোৰেও তাক চিনি পালে। কিছুমানে বজাৰ বাদ দি পিছে পিছে আহি থাকিল। কোনোবাই অট’গ্ৰাফো ল’লে। গোৰ, উজুটি আৰু মানুহৰ গচকত নিগনিৰ অৱস্থা কাহিল হৈ পৰিছিল। তাক মহিষে মাটিৰ পৰা দাঙি আনি চোলাৰ জেপত ভৰাই ল’লে। জেপৰ পৰাই জোঙা নাকটো উলিয়াই সি পিৰিক-পাৰাক চাৰিওপিনে বেটেৰি মাৰি থাকিল। এঠাইত অলপ মুকলি পাই বহোতেই এগালমান মানুহে তাক বেঢ়ি ধৰিলে।

‘দাদা, বজাৰখনত বাৰু দুই ৰকমৰ নৰমনিচ ঘূৰি ফুৰা যেন নালাগিলনে? মনত পেলাই চাওকচোন।’

সি মনত পেলাই চালে। হয়, বজাৰখনত দুই ৰকমৰ মানুহ ঘূৰি আছে। এবিধে দুয়োখন হাতেৰে পইচা ঢালি আছে, বস্তু কিনি আছে। পইচাৰ ক্ষেত্ৰত একেবাৰেই ডেমকেয়াৰ। ইবিধৰ হাতত টকা-পইচা একো নাই। আহিব লাগে, গুচি আহিছে। ওঁঠ চেলেকি, কপালত থপৰিয়াই, শুদা মুখেৰে ঘৰলৈ উভটিছে।

— যিখন বজাৰলৈকে নাযাওক, এই দুই ৰকমৰ মানুহ দেখিবই। হাফপেণ্ট পিন্ধি বজাৰলৈ অহা চাহবাগিছাৰ লাটচাহাবসকলক দেখিব। তেওঁলোকৰ ইংলিছ স্পীকিং অপৰূপা পত্নীগণক দেখিব। ক’লা গ্লাছ লগোৱা প্ৰকাণ্ড গাড়ীবোৰত অহা দেশপ্ৰেমিক বন্দুকধাৰীসকলক দেখিব। অ’এনজিচি, অইলৰ বিয়াগোম বিষয়াগণক দেখিব। বস্তুৰ দাম যিমানেই নাবাঢ়ক, এইসকলৰ কৃপাত দোকানীৰো মৰণ নাই।

মহিষে এবাৰ ভালকৈ মানুহখিনিৰ ফালে চালে। ‘আপোনালোক নিশ্চয় দ্বিতীয় বিধৰ? পেন্সনৰ মুখ নেদেখা ৰিটায়াৰ্ড চাকৰিয়াল, সৎ কৰ্মচাৰী, মৰমীয়াল ডাক্তৰ, ছাল ছিগা ভিকহু..’

— ঠিক ধৰিছে দাদা। আমি সেই ভেৰাইটিৰ পাৰ্মানেণ্ট মেম্বাৰ। বজাৰলৈ যাওঁ আৰু শুদা মুখখন লৈ ঘূৰি আহোঁ। তাকে লৈ নিজেতো অশান্তিত থাকোঁৱেই, পুৱা-গধুলি ঘৰতো কেং কেং। এতিয়া আপুনি যিহেতু আমাৰ মাজলৈ আহিছেই, কিবা এটা উপায় দি যাওক।

মহিষে চিৰিয়াচলি চিন্তা কৰি চালে। ‘তেতিয়াহলে শুনক। এইখনকে এখন ‘বিশাল ৰাজহুৱা সভা’ বুলি ধৰি লৈ সৰ্বসন্মতিক্ৰমে এটা প্ৰস্তাৱ লওক যে মূল্যবৃদ্ধিৰ প্ৰতিবাদত এইবাৰ আমি পূজাত উলংগ হৈ থাকিম। মুলুকৰ বাকীবোৰ মানুহে যি ষ্টাইল কৰে, কৰি থাকক। আমি কিন্তু কাপোৰৰ ‘ক’টোও নিপিন্ধোঁ। চাওঁচোন কোনে কিমান লাজ পায়…’

“কিন্তু সম্পূৰ্ণকৈ উলংগ হ’লেও লেঠা।” তলফালৰ পৰা নিগণিয়ে মাত লগালে। “মই এবাৰ এখন সংবিধান কুটি খাই শেষ কৰিছিলোঁ। তাতে ক’ৰবাত পোৱা যেন লাগিছে.. ৰাজহুৱা ঠাইত লেংটা হোৱাটো আইনমতে দণ্ডনীয়। গতিকে বাইচান্স পুলিচ-মিলিটেৰিয়ে ধৰি লৈও যাব পাৰে। কিবা এটা ধাৰাত পেলাই লৈ থানাই চানাই ভৰাই থোৱা মানে আকৌ দুপইচা খৰচ। কিবা এটা হিচাব-নিকাচ নকৰালৈকে ক’ত এৰিব। এতেকে সামান্যকৈ লাজটো নিবাৰণ কৰি থোৱা ভাল। ঘাঁহ, লতা, মানিমুনি, ঢেকীয়া, কচুপাত, খবৰকাকত, কেৰিবেগ.. সমুখত যিহকে পায় কিবা এপদ অকণমানকৈ মেৰিয়াই থ’লে বেয়া নহয়।”

মহিষে বজাৰৰ পিনে আৰু মুখ নকৰিলেই। নিগনিক লগত লৈ তাৰ পৰাই ঘূৰিল। লেলাই-ধেন্দাই ৰাতি এঘাৰ বজাত ফাইনেলি যেতিয়া পূজা-মণ্ডপ পালেহি, গোটেইজন অল্ম’ষ্ট দিগম্বৰ। পূজাৰ বজাৰ কৰিম বুলি ওলাই গৈছিল, ঘূৰি আহোতে গাত একো নাই। চোলা, গেঞ্জি, লগুণ, জাঙিয়া, চছমা, টুপী, জোতা, মোজা.. সকলোবিলাক বজাৰতে এৰি আহিল।

এনেয়ে মিলিটেৰি টাইপ বডি, তাতেই বস্ত্ৰবিহীন.. চেহেৰাটো দেখি ভয় খাই দেৱীয়ে তৎক্ষণাৎ চকু মুদি দিলে।

☆★☆★☆

14 Comments

  • Bikash

    ভাল লাগিল

    Reply
  • অভিজিত কলিতা

    সাংঘাটিক!

    Reply
  • বঢ়িয়া দেই ..
    (পিছে অ এন জি চি ত কিছুমান মস্ত চিকটা আছে , কিনিবলৈ গলে কয় থকা খিনি পিন্ধি শেষ কৰা চোন ..দোকানত সোমালেও যিহে হুলস্থূল হল নাই হল নাই , পাছত ঘৰত আহি পুৰণা highlights চাই থাকিব)

    Reply
  • হেমন্ত কাকতি

    মজা লাাগিল চাৰ৷ বাস্তৱ ছবি এখন দেখিলোঁ৷

    Reply
  • ৰূপাঞ্জলী

    ভাল লাগিল।

    Reply
  • Bhaskar jyoti Saikia

    ভাল লাগিল

    Reply
  • বাস্তৱ ছৱি৷ভাল লাগিল

    Reply
  • জয়ন্ত দাস

    বৰ ধুনীয়া লিখিলে, একদম সচা কথা৷

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল চাৰ

    Reply
  • Suntu

    ভাল লাগিল

    Reply
  • অনুৰূপ মহন্ত

    কি সাংঘাতিক, বঢ়িয়া লাগিল

    Reply
  • সদানন্দ ভূঞা

    মহিষাসুৰেই উলঙ্গ হল, আমিনো কোন কুটা । বঢ়িয়া লিখিলে ।

    Reply
  • ছয়নিকা বৈশ্য

    বাস্তৱ জীৱনৰ ছবি .. ভাল লাগিল পঢ়ি ..👌👌

    Reply
  • Homeswar Das

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.