ফটাঢোল

উলূখেৰৰ বিপদ – নয়নমণি হালৈ

মূল – ৰবীন্দ্ৰনাথ ঠাকুৰ

অনুবাদ – নয়নমণি হালৈ

 

জমিদাৰৰ মহৰী গিৰিশ বসুৰ গৃহ অন্তেঃপুৰত কাম-বন কৰাকৈ প্যাৰী নামৰ ছোৱালী এজনী নতুনকৈ নিযুক্ত হ’ল। তাইৰ বয়স কম, চৰিত্ৰও ভাল। দূৰ বিদেশৰ পৰা আহি কেইদিনমান কাম। কৰাৰ পিচতে তাই অনুভব কৰিলে যে বৃদ্ধ মহৰী চাহাবৰ তাইৰ প্ৰতি মাত্ৰাধিক আকৰ্ষণ। মহৰীৰ লুভীয়া চাৱনিৰ পৰা হাত সাৰিবলৈ তাই এদিন ঘৰৰ গিৰিহঁতনীৰ ওচৰত কান্দি-কাটি উপস্থিত হ’ল। গৃহিনীয়ে “বাচা, তই কোনোবা ভাল মানুহৰ ছোৱালী। ইয়াত থাকিলে তোৰ বহুত অসুবিধা হ’ব” বুলি গোপনে অলপ পা-পইছা দি তাইক বিদায় দিলে।

কিন্তু পলাই যোৱা কি ইমান সহজ; হাতত পা-পইচাও সামান্য। গতিকে প্যাৰী গৈ গাঁৱৰ আদ্যোপান্ত ব্ৰাহ্মণ শ্ৰীহৰিহৰ ভট্টাচাৰ্য মহাশয়ৰ ঘৰত আশ্ৰয় ল’লে। ব্ৰাহ্মণৰ বিবেচক ল’ৰাকেইটাই অৱশ্যে কৈছিল, “বাবা, মিছামিছি ঘৰত কিয় বিপদ চপাই ল’ব খোজে”। হৰিহৰে কেবল ক’লে “বিপদ যেতিয়া নিজেই আহি আশ্ৰয় ভিক্ষা কৰিছে, গতিকে তাক ফিৰাবা নোৱাৰো’।

পিছদিনা গিৰিশ বসু আহি বামুণক সাষ্টাঙ্গে সেৱা এটা কৰি কলে, “প্ৰভূ, আপুনি আমাৰ ঘৰৰ কামৰ মানুহ এটাক কিয় আনিলে? ঘৰত যে কামৰ কিমান অসুবিধা হৈছে”। ইয়াৰ উত্তৰত অৱশ্যে হৰিহৰে দুই-চাৰিষাৰ কথা অলপ টান কৰিয়ে ক’লে। হৰিহৰ সন্মান থকা মানুহ আৰু চিধাচাধা; কাৰোবাৰ খাতিৰত কিবা কথা ঘূৰাই-পকাই ক’ব তেওঁ নাজানে। গতিকে মহৰীবাবুই ভিতৰি ভিতৰি অলপ ক্ষুণ্ণ হলেও নিজকে পাখি গজা পৰুৱাৰ লগত তুলনা কৰি বিদায় ল’লে। অৱশ্যে যোৱাৰ সময়ত ভট্টাচাৰ্যক খুব ভক্তি-ভাৱ দেখুৱাই সেৱা এটা কৰি পদধুলা মূৰত ল’বলৈ নাপাহৰিলে।

তাৰপিছৰ দুদিন কি চাৰিদিনৰ ভিতৰত ভট্টাচাৰ্যৰ ঘৰত পুলিচ। খানা-তালাচ কৰাত ভট্টাচাৰ্যৰ পৰিবাৰৰ গাৰুৰ তলত উদ্ধাৰ হ’ল মহৰীৰ পৰিবাৰৰ কানৰ এযোৰ সোনা। কাম কৰা ছোৱালী প্যাৰী চুৰুণী সাব্যস্ত হৈ সিদিনাই জেইল পালে। প্ৰখ্যাত ব্ৰাক্ষ্মণ ভট্টাচাৰ্যই অৱশ্যে তেওৰ দেশবিখ্যাত প্ৰতিপত্তিৰ জোৰত চুৰি মাল ৰখাৰ অভিযোগৰ পৰা নিস্কৃতি পালে। আকৌ পিছদিনা মহৰী আহি দেউৰ পদধূলা মূৰত লৈ গ’ল। দেউৱে বুজিলে ‘হতভাগিনী প্যাৰীক আশ্ৰয় দিয়াটোৱে তাইৰ বাবে কাল হল”। তেওঁৰ মনত যেন শেল এপাতহে সোমাল। তেওৰ ল’ৰাকেইটাই অৱ্শ্যে এইবাৰো ক’লে যে “বাবা, ইয়াৰ ঘৰ মাটি বিক্ৰী কৰি আমি কলিকাতালৈ যাওবলক। যি দেখিছোঁ ইয়াত আৰু বিপদ আহিব।” হৰিহৰে কেবল কলে “পিতৃভিঠা এৰি কলৈ নাযাও, অদৃষ্টত থাকিলে বিপদ ক’তনো নঘটে !”

ইতিমধ্যে গাৱত অতিমাত্ৰা খাজনা বৃদ্ধি কৰিব খোজাত মহৰীৰ ওপৰত গাৱৰ ৰাইজ খৰ্গহস্ত; সকলো প্ৰজা বিদ্ৰোহী হৈ উঠিছে। হৰিহৰৰ সমস্ত সম্পত্তি ব্ৰক্ষোত্তৰৰ, মানে যজমানৰ পাই দান স্বৰূপে পোৱা নিষ্কৰ মাটি। মহৰীয়ে তেওৰ ওপৰৱালাক জনালে যে “হৰিহৰে প্ৰজাসকলক উচতনি দি বিদ্ৰোহী কৰি তুলিছে”। জমিদাৰে কলে, “যেনকৈ পাৰা ভট্টাচাৰ্যক নিয়ন্ত্ৰণ কৰ।” আকৌ মহৰী যায় ভট্টাচাৰ্যৰ পদধূলা মূৰত ল’লে আৰু ক’লে যে “প্ৰভূ, আপোনাৰ সন্মুখৰ গোটেইখিনি মাটিয়ে জমিদাৰৰ সীমাৰ ভিতৰত পৰিছে। সেইখিনি আপুনি এৰি দিব লাগে।” হৰিহৰ জাপ মাৰি উঠিল “সেইটো কেনে কথা ! সেই মাটি আমাৰ বহুকাল ধৰি থকা ব্ৰক্ষ্মোত্তৰৰ মাটি।” যি নহওক, শেষত হৰিহৰৰ ঘৰৰ লগত লাগি থকা পৈতৃক মাটিখিনি জমিদাৰৰ সীমাৰ ভিতৰৰ বুলি মোকৰ্দমা ৰুজু হ’ল। হৰিহৰে ক’লে, “এই মাটি আমি এৰিয়ে দিব লাগিব যেন পাইছোঁ। এই বুঢ়া বয়সত মইতো আৰু আদালতত গৈ সাক্ষী দিব নোৱাৰোঁ।” ল’ৰাকেইটাই এইবাৰ হুৰহুৰাই উঠিল “ঘৰৰ লগত লাগি থকা মাটিয়েই যদি এৰি দিব লাগে, এই ভিঠাও দেখোন এদিন এৰি দিব লাগিব।”

প্ৰাণাধিক পৈতৃক ভিঠাৰ মায়াত বৃদ্ধ দেউ কঁপা-কঁপা খোজ দি আদালতৰ কাঠগড়াত যায় থিয় হ’ল। অৱশ্যে মুনচিফ নৱগোপালবাবুই তেওৰ সুবাদৰ কাৰনে তেওৰ সাক্ষ্যকে প্ৰামাণ্য বুলি ধৰি লৈ মোকৰ্দমা ‘ডিসমিস’ কৰি দিলে। তাকে লৈ ভট্টাচাৰ্যৰ যজমানসকলে স্ফুৰ্তিত একো ক’ব নোৱাৰা হৈ গাঁৱত যেন উত্‍সৱহে পাতিব। কিন্তু হৰিহৰৰ মনে যেন মনা নায়, তেও কিবাকৈহে মাহনুবোৰক শান্ত কৰিলে। আকৌ এবাৰ মহৰী আহি আড়ম্বৰপূৰ্ণভাবে ভট্টাচাৰ্যৰ পদধূলা মূৰত লৈ গ’ল, যাওতে মোকৰ্দমাও আকৌ এবাৰ ৰুজু কৰি থৈ গ’ল।

হৰিহৰৰ উকিলবোৰে হৰিহৰৰ পৰা পা-পইছা নলয়। তেওঁলোকে বাৰংবাৰ দেউক আশ্বাস দিলে যে “এই মোকৰ্দমা হৰাৰ কোনো কাৰনেই নাই। সূৰ্য কি কেতিয়াবা পশ্চিমত ওলাব পাৰে !” হৰিহৰ নিশ্চিন্ত হৈ ঘৰত বহি থাকিল।
এনেতে এদিন জমিদাৰৰ কাছাৰীত ঢাক-ঢোলৰ বাজনা, বোলে মহৰীৰ ঘৰত মা কালিৰ পূজা, পঠা বলিও হ’ব। কাণ্ড কি ! ভট্টাচাৰ্যলৈ খবৰ আহিল “মোকৰ্দমাত তেওঁৰ পৰাজয় হৈছে”।

ভট্টাচাৰ্যই কপালত চপৰিয়াই উকিলক সোধে, “বসন্তবাবু, আপোনালোকে কি কৰিলে? মোৰ এতিয়া কি দশা হ’ব?” সূৰ্য কেনেকৈনো পশ্চিমত ওলাল সেই বৃত্তান্ত বাখ্যা কৰি বসন্তবাবুই পৰম তত্বকথা বুজোৱাদি ভট্টাচাৰ্যক বুজালে বোলে “সম্প্ৰতি যিজন নতুনকৈ ‘এডিশ্যনেল জজ’ হৈ আহিছে, তেওঁ মুনচিফ হৈ থকা সময়ত মুনচিফ নবগোপালৰ লগত কিবা কথাত লাগি দুয়োটাৰে অহি-নকুল সম্পৰ্ক। তেতিয়া সি একো কৰিব পৰা নাছিল, এতিয়া ‘জজ’ৰ চিয়াৰখনত বহিয়ে নবগোপালবাবুৰ ৰায় পোৱামাত্ৰকে সকলো ওলোটাই দিয়ে। আপুনি হৰাৰ কাৰনো সেইটোৱে।”

সেপ ঢুকি হৰিহৰে এইবাৰ সোধে, “হাইকোৰ্টত আপীল কৰিব নোৱাৰিনে?”

বসন্তই ক’লে, “আপীল কৰিলেও কিবা ফল পোৱাৰ সম্ভাবনাই ৰখা নাই। তেওঁ আপোনাৰ সাক্ষীবোৰকো সন্দেহ কৰি বিৰোধী পক্ষৰ সাক্ষীকে বিশ্বাস কৰি লৈছে। হাইকোৰ্টততো আৰু সাক্ষীৰ বিচাৰ নহয়।”

চকুপানীৰে বাট নেদেখা হৈ বৃদ্ধই মাত লগালে, “তেন্তে মোৰ উপায় ?”

উকিলে ক’লে, “উপায় একোৱে দেখা নাই”।

তাৰপিছদিনাও গিৰিশ বসুৱে ভালেকেইজন লগ-সঙ্গী লগত লৈ আহি ভট্টাচাৰ্যৰ পদধূলা মূৰত তুলি লৈ গ’ল; যোৱাৰ পৰত দীৰ্ঘনিশ্বাসেৰে কৈ গ’ল “প্ৰভূ, সকলো তোমাৰেই ইচ্ছা”।

☆★☆★☆

Leave a Reply

Your email address will not be published.