ফটাঢোল

উৰুকাৰ লিমাৰিক – বি এন ৰূপম

(১)
পুৱাতে আনিবলৈ গ’লোঁ চিতল
দাম শুনি খাই গ’লোঁ পিছল
ৰৌ, বৰালিত দিলোঁ চকু
দামেই ক ক কঁপালে বুকু
অহা বছৰ লগত নিম পিষ্টল

(২)
ছাগলী মাংসৰ দৰালোঁ দাম
“বাপ্পাঐ… আমি কেংকে খাম!”
লকেল মূর্গী পাবলৈ নাই
ব্রইলাৰ দেখিলেই আমুৱাই
অহা বছৰ ল’ম, ৰাম নাম

(৩)
উৰুকাৰ বজাৰৰ কি কৰোঁ চিন
কিবা কিনিবলৈ ল’ব লাগিব ঋণ
জেপত নাই ফুটা কড়ি
কিদৰে পাতোঁ বাৰু ভোগালী
ঘৰলৈ কিনিলোঁ এক পোৱা চয়াবিন!

☆★☆★☆

One comment

  • ডুপ্লিকেট পেঁপা
    মিঠাতেল লেপা
    বেপাৰীয়ে দিছে
    কেঁকোৰা চেপা ।

    Reply

Leave a Reply

Your email address will not be published.