ফটাঢোল

এইম ইন লাইফ – মণিষা কাকতি

এইবাৰ সি লক্ষ্যত উপনীত হ’বই হ’ব। প্ৰস্তুতি একেবাৰে তুংগত। ক’তো অকণো খুঁত ৰখা নাই। এমাহতকৈও বেছি হ’ল নিজকে সাজু কৰাৰ। তিলতিলকৈ বুলি যে কয়, তেনেকৈ তৈয়াৰ কৰিছে নিজকে সি। নকৰিলেও উপায় নাই। লক্ষ্যই যে টাফ্। বিশেষকৈ ল’ৰাবোৰৰ বাবে। ছোৱালীবোৰৰ এইক্ষেত্ৰত প্লাছ পইণ্ট বহুত। ভাবিলে মাজে মাজে খঙো উঠে তাৰ। কিয় যে ল’ৰা হৈ জন্মগ্ৰহণ কৰিলে! কিন্তু এইবাৰ সি হাৰ নামানে। ভগৱানকো নৈবদ্যৰ টোপ দিয়া হৈ গৈছে ইতিমধ্যে।

নাই, অলপো সুৰুঙা নাৰাখে সি এইবাৰ। সকলো ফালে পাৰফেক্ট হ’বই লাগিব। পাৰিলে এইক্ষেত্ৰত আমিৰ খানকো চেৰ পেলাই মিষ্টাৰ পাৰফেকচ’নিষ্ট খিতাপ কাঢ়ি আনিব। পাৰফেকচন নাথাকিলে ইমান দিনৰ মেহনত মিট্টি মে মিলি যাব। চাল্লা, মেট্ৰিকত ‘এইম ইন লাইফ’ ৰচনা মুখস্থ কৰোঁতেও তাৰ ইমান কষ্ট হোৱা নাছিল কিজানি। ৰচনা সম্ভাৰত থকা ৰেডীমেড ডায়লগবোৰ মনত ৰাখিব লাগে আৰু লিখি দিব লাগে। বচ, হৈ গ’ল ‘এইম ইন লাইফ’ পূৰা। কিন্তু প্ৰেক্টিকেল দুনীয়াখন বহুত বেলেগ। এতিয়া বুজিছে সি। যিমান কষ্ট, একাগ্ৰতা আৰু ধৈৰ্য্যৰে সি লক্ষ্যত উপনীত হ’বলৈ উঠিপৰি লাগিছে পৰীক্ষাত লিখাৰ নিচিনাকৈ সচাঁসচি ডাক্তৰেই বনি গ’লহেঁতেন দেখোন। আৰে.. ডাক্তৰ বাদ, ইমানখিনি সময় আৰু মনযোগ পঢ়া টেবুলত দিলে সি দেখোন মেট্ৰিকত ছেকেণ্ড ডিভিজনেই নাপালে হয়। ধেই, কিবোৰ যে ভাবি আছে সি! হাঁহি উঠি গ’ল তাৰ। আইনাত মুখখন চাই, চুলিখিনিত জেল লগাই, হাতেৰে অলপ ঠিকঠাক কৰি ওলাই গ’ল লগৰ মনজিতৰ ঘৰলৈ। মনজিতৰ এক্সপাৰ্টাইজৰ ওপৰত বহুখিনি নিৰ্ভৰশীল তাৰ লক্ষ্য প্ৰাপ্তিৰ সফলতা।

আগৰবাৰেই সি ভাবিছিল, এইবাৰ লক্ষ্য চুলে। সৰ্বোচ্চ উজাৰি দিছিল সি। পিছে নাই। তাৰ দৰে বহুতৰে ভবা কথাত আউল লগাবলৈ কণা বিধি যেন সদায় সচেষ্ট। তাৰ ক্ষমতাৰ ভিতৰত থকা সকলোখিনি কৰিও অৱশেষত বিমুখ হ’বলগীয়া হৈছিল। প্ৰতিবাৰে লক্ষ্যপ্ৰাপ্তিৰ ৰেখাডাল চুবলৈ পাম বুলি মনত আশাৰ সঞ্চাৰ হওঁতেই থমকি ৰব লগা হয় সি। এইবাৰ সেইকাৰণে কণা বিধিক আগতেই নৈবদ্য আগবঢ়াই ফিটিং কৰি থৈছে। তাৰ নিজৰ ফালৰপৰাও কৰণীয়খিনি কৰা হৈ গৈছে ইতিমধ্যে। ‘অনুৰোধ’ পঠিয়াই পঠিয়াই যোৱা এমাহত বন্ধুৰ লিষ্টখন যথেষ্ট টনকিয়াল কৰিলে সি। কবিতা চবিতাও একলাইন, দুলাইন লিখি বাঃ বাঃ লৈছে। নিজে জন্ম দিয়া ভুৱা ফ্ৰেইণ্ড কেইজনটো আছেই — প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে। হৈ যাব। লক্ষ্যপ্ৰাপ্তিৰ সপোনটো আকৌ লহপহকৈ বাঢ়িছে। দুখত ভাগি পৰা মনটো আকৌ ঠন ধৰি উঠিছে। এতিয়া মাথো বাকী আছে মনজিতৰ হাতৰ কামাল। লক্ষ্যপ্ৰাপ্তিৰ আচল ছাবিকাঠি মনজিতৰ আঙুলিৰ মাজতহে বন্দী হৈ আছে।

নতুন বছৰ আহি আছে। নতুন বছৰৰ পহিলা দিনটোতেই গা পা ধুই ভগৱানক পূজা অৰ্চনা কৰি সি কামটোত হাত দিব। প্ৰথমে ভাবিছিল, ৰাতি ১২ বজাত কামটো কৰিলে মজা হ’ব। পিছত বহু ভাবি গুণি সেইটো প্লেন বাদ দিলে সি। ৩১ ডিচেম্বৰত মানুহবোৰে পাৰ্টি-চাৰ্টি কৰি মতলীয়া হৈ থাকিব। তাৰ কামটোৰ প্ৰতি কোনেও ধ্যানেই নিদিব। তাতকৈ জানুৱাৰীৰ ১ তাৰিখেই ভাল হ’ব। ২০১৯ চনৰ প্ৰথম পুৱাতেই সি নিজ লক্ষ্যত উপনীত হোৱাৰ খোজটো পেলাব। এক কথাত ক’বলৈ গ’লে লাইখুঁটা পুতিব সি সেইদিনা। পঞ্জিকা মতেও সেই দিনটো ভাল। মানে ভাগ্যয়ো লগ দিছে এইবাৰ তাক। সকলো ঠিকেঠাকে থাকিলে এইবাৰ কোনেও ৰখাব নোৱাৰে। কথাষাৰ ভবাৰ লগে লগে মনলৈ আপোনা-আপুনি এক কনফিডেন্স আহি গ’ল তাৰ। দুচকুত জিলিকি উঠিল লক্ষ্যপ্ৰাপ্তিৰ সুখ।

সি ভাবিলে, লক্ষ্যত উপনীত হোৱাৰ পিছত তাৰ ওজন আগতকৈ বাঢ়িব অলপ। লগৰবোৰৰ মাজত, কলেজত, গাঁৱত জনপ্ৰিয় হৈ উঠিব সি। সকলোতকৈ ডাঙৰ কথা, ছোৱালীবোৰে পাত্তা দিবলৈ আৰম্ভ কৰিব। উস্! কি যে ভাললগা এক অনুভৱ। অধৈৰ্য্য হৈ উঠিল সি। এতিয়াই লাগে তাক সেই অনুভৱখিনি। ১ জানুৱাৰীটো সোনকালে আহক। আজি ডিচেম্বৰৰ ২৫ তাৰিখ। পাৰিলে ২৫ ৰ পিছত ২৬, ২৭… নাহি ডাইৰেক্ট ১ জানুৱাৰী আহক।

মনৰ ভিতৰত হেজাৰ বিজাৰ লাড্ডু ফুটাই ফুটাই কেতিয়া আহি মনজিতৰ ঘৰৰ সমূখ পালে গমকে নাপালে সি। ”ঐ মনজিত, ৰেডী হৈছ নে নাই?” বুলি গেটৰপৰাই চিঞৰি চিধাই মনজিতৰ ৰুমলৈ সোমাই গ’ল। মনজিতে বিছনাত বহি জোতা পিন্ধি আছিল। চকুৰ ইংগিতৰে তাক বহিব দি পইচা আনিছে নে নাই সুধিলে। মুখেৰে একো নমতাকৈ পকেটৰপৰা কমলা ৰঙৰ ২০০ টকীয়া নোটখন আগবঢ়াই দিলে সি। লক্ষ্যত উপনীত হ’বলৈ হ’লে অলপতো খৰছ হ’বই। ভাবি লাভ নাই। পূৰ্ব চৰ্ত অনুযায়ী লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ বাবদ মনজিতক ২০০ টকা দিব বুলি কথা দিছিল সি আৰু লক্ষ্যপ্ৰাপ্তিৰ পিছত পাৰ্টি এক্সট্ৰা।

মনজিতৰ বাইকখন লৈ দুয়ো ওলাই আহিল। মনজিতৰ বেকপেকটো তাৰ পিঠিতেই ওলমাই ল’লে। বাটত আন এজন লগৰ ৰাহুলৰ ঘৰতো সোমাই পাক এটা মাৰি গ’ল। অলপ দূৰ গৈয়ে সিহঁতে নিৰ্দিষ্ট ঠাইটুকুৰা পালে। বাইক নমাই দিলে ব্ৰহ্মপুত্ৰৰ বালিচৰত। পুহৰ উজ্জ্বল ৰ’দজাকে চৌদিশ চিকমিকাই তুলিছে। মনজিতে বেগৰপৰা সা-সৰঞ্জামবোৰ উলিয়াই ল’লে। সকলো ৰেডী কৰি, দুই এটা ট্ৰায়েল মাৰি তাক সুধিলে,

“ৰেডী নে?”

ৰেডী নে সি? — নিজকে নিজে প্ৰশ্ন কৰিলে।

মূৰত জেল লগোৱা থিয় থিয় চুলি,
চকুত ৰাহুলৰপৰা ধাৰ কৰি অনা ৰে’ বেন ছানগ্লাছ,
কাণত কাণফুলি,
মুখত বিয়েৰ্দ,
গাত ‘ঘেণ্টা কাকো খাতিৰ নকৰোঁ’ বুলি প্ৰিণ্ট থকা টি ছাৰ্ট, তাৰ ওপৰত বুটাম খোলা আন এটা মেটচিং চাৰ্ট আৰু
কাৰগ’ পেণ্ট,
ভৰিত উডলেণ্ড,
হাতত ছলমান খানে পিন্ধাৰ দৰে ব্ৰেচলেট,

সাজু সি।
ডি এছ এল আৰৰ লেন্সত বন্দী হ’বলৈ।

ক্লিক্! ক্লিক্! ক্লিক্!

লক্ষ্য এটাই — এইবাৰৰ ফেচবুক প্ৰফাইল পিকখনত 1k লাইক।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.