ফটাঢোল

এই সংখ্যাৰ আঁৰৰ কথা – অলকেশ ভাগৱতী

টুটুটুটু টুটুটুটু টুংটুংটং……

শুনাৰ লগে লগেই মূৰটো গৰম হৈ যোৱা শব্দটো বাজি উঠাৰ দহ চেকেণ্ডমানৰ পিছত চৰম বিতৃষ্ণাৰে ফোনটোলৈ চালোঁ৷

সঞ্জীৱ কলিং …..

সঞ্জীৱ মানে আমাৰ সঞ্জীৱ ভট্টাচাৰ্য্য৷

টুটুটুটু টুটুটুটু টুংটুংটুং……

সঞ্জীৱ নামটো দেখাৰ লগে লগেই বিৰক্তিকৰ শব্দটোও মোৰ কাৰণে মধুৰ সংগীতলৈ ৰূপান্তৰিত হৈ গ’ল৷ সন্ধিয়াৰ সময়ত সঞ্জীৱৰ ফোন পালেই মনটো ভাল লাগি যায়৷ কিবা এক সন্মোহিনী গুণ আছে ল’ৰাটোৰ৷

টুটু….

“সঞ্জীৱ কোৱা!”

“অলকেশদা, ক’ত আছে? ৰিণ্টুদা গুৱাহাটীলৈ আহিছে৷ তেওঁ সন্ধিয়া ছয় বজাত মোক হোটেল অম্বৰীশলৈ মাতিছে৷ লগতে আপোনাকো লৈ যাবলৈ কৈছে৷”

“মোকো লৈ যাবলৈ কৈছে? কিয়? ঠিক আছে যাম বাৰু৷ ছয় বজাত অম্বৰীশৰ সন্মুখত লগ পাম বুলি কৈ ফোনটো থৈ দিলোঁ৷”

ৰিণ্টুদা৷ মানে ৰিণ্টুমণি দত্ত দা৷ ফেচবুকত আগৰে পৰাই চিনাকি আছিল যদিও ছমাহমান আগতেহে ব্যক্তিগতভাৱে আমাৰ দেখা সাক্ষাৎ হৈছিল নগাঁও মিটত৷ কিছুমান মানুহৰ আচাৰ ব্যৱহাৰে প্ৰথম দৃষ্টিতেই ইমপ্ৰেছ কৰি দিয়ে৷ মই লগ পোৱা তেনে এজন লোক ৰিণ্টুদা৷ প্ৰথম লগ পায়েই বহুত ভাল লাগিছিল৷ (মনে মনে কথা এটা কৈ থওঁ, মানুহজনৰ বহুত টকা পইচা৷ কুৱেইটত থাকে৷ ভাল চাকৰি কৰে৷ গতিকে ডিউটি ফ্ৰি দোকানৰ বিশেষ কেইপদমান বস্তু, গিফ্ট আদিৰ কথাবোৰ কল্পনা কৰি মানুহটোক বেছিয়েই ভাল লগা হৈ গৈছিল৷ টকাৰো এক নিজস্ব চুম্বকীয় গুণ থাকে হেনো)৷

সন্ধিয়া সঞ্জীৱৰ লগত তেওঁক লগ পালোঁ৷ লগত ৰামানুজো আছিল৷ কথাৰ আড্ডাৰ মাজতে তেওঁ ঘপকৈ কৈ দিলে “অলকেশ,চেপ্তেম্বৰ মাহৰ আমাৰ মেগাজিনখনৰ বাবে তুমি সম্পাদক হ’ব লাগিব৷”

“ধুৰ কি যে কথা কয়? মই আৰু সম্পাদক? সম্পাদকীয়ৰ অ-আ-ক-খ টোৱেই মই নাজানো৷ মই কেনেকৈ হ’ব পাৰিম? আমাৰ গোটতে ইমানবোৰ যোগ্য লোক আছে তেওঁলোকৰ কাৰোবাক দ্বায়িত্ব দিয়ক৷”

“সেইবোৰ মোৰ আগত কৈ লাভ নাই৷ তুমি একো টেনচন ল’ব নালাগে৷ আমাৰ এডিটৰিয়েল টিম এটা আছে৷ সকলো তেওঁলোকে কৰিব৷ তুমি মাথোঁ সম্পাদকীয় লিখিলেই হ’ল৷”

“সম্পাদকীয় লিখিলেই হ’ল! আৰে, সম্পাদকীয় লিখিম ক’ৰ পৰা? তাৰ বাবেওতো মূৰত কিবা এটা লাগিব!”

“যেনেকৈ লিখা তোমাৰ কথা৷ চেপ্তেম্বৰত তুমি সম্পাদক হোৱাটো ফাইনেল৷ পিছত না কৈ মোক বিপদত নেপেলাবা কিন্তু৷ “

ৰিণ্টুদাৰ মুখৰ পিনে ভেৱা লাগি চাই থাকি ভাৱিলোঁ “কি কয় মানুহজনে৷ বলিয়া হ’ল নেকি? মই আৰু সম্পাদক…… !”

ইয়াৰ আগতেও তেওঁ এবাৰ নে দুবাৰ মোক এই প্ৰস্তাৱ দিছিল৷ কিন্তু সেইবোৰ আছিল মেছেজৰ মাধ্যমত৷ মই সেই প্ৰস্তাৱ লগে লগেই অগ্ৰাহ্য কৰিছিলোঁ৷ কিন্তু এইবাৰ কথাটো ইমান উজু নহ’ল৷ কাৰণ এইবাৰ তেওঁ সোঁশৰীৰে মোৰ সন্মুখত উপস্থিত আছে৷ তাৰ পিছতো বহু চেষ্টা কৰি ফাইনেল “নাই নহ’ব ৰিণ্টুদা, মই নোৱাৰিম” বুলি ক’বলৈ মুখ মেলোঁতেই ৰিণ্টুদাৰ মুখখনলৈ চাই মোৰ মেলা মুখ বন্ধ হৈ গ’ল৷ ৰিণ্টুদাৰ মুখত মই দেখিবলৈ পালোঁ- কুৱেইট ইণ্টাৰনেছনেল এয়াৰপোৰ্ট…. , ডিউটি ফ্ৰি শ্বপ, ডিউটি ফ্ৰিৰ সেই বিশেষ বস্তুবোৰ, গিফ্ট…… “

“হ’ব ৰিণ্টুদা, পাৰিম “

সেয়াই আৰম্ভণি৷ ইমান গধুৰ দ্বায়িত্ব এটা লোৱাৰ পিছত নিজৰেই ভয় লাগিল৷ ইয়াৰ পিছত দিনবোৰ গৈ আগষ্ট মাহ আহিল৷

মোক ফেচবুকৰ সম্পাদনা মণ্ডলীৰ সদস্যসকলৰ বাবে থকা মেছেঞ্জাৰৰ বিশেষ গ্ৰুপটোত এড কৰি দিয়া হ’ল৷ প্ৰথমদিনা থ্ৰেডটোত সোমাই নিজকে বলিশালৰ ছাগলীটোৰ দৰেই অনুভৱ হ’ল৷ গ্ৰুপৰ বহুতকে চিনি নাপাওঁ৷ ইয়াৰোপৰি তেওঁলোকৰ বেছিভাগেই আগৰ সংখ্যাবোৰত সম্পাদকৰ দ্বায়িত্ব লৈ সফল হৈ থৈছে৷ যেন ৰিণ্টুদাই মোক ধৰি বান্ধি আনি বাঘৰ গঁড়াল এটাত সোমাই দি বিদ্ৰূপ কৰি কৈছে ” অলকেশ, ইয়োৰ টাইম ষ্টাৰ্টছ নাউ৷ এনজয় কৰা৷ এতিয়া এই মাহটো বাঘবোৰে তোমাৰ মতেই কাম কৰিব৷”

ইফালে মোৰ অৱস্থা তথৈবচ৷ বাঘৰ গঁড়ালত পৰা হৰিণাই আকৌ কি এনজয় কৰিব? যি কৰিব লগা আছে সকলোতো বাঘেই কৰিব৷ “

সেমেনা সেমেনিকৈ নমস্কাৰ এটা দি পৰিচয় পৰ্ব আৰম্ভ কৰিলোঁ৷ বাঘবোৰেও নিজৰ পৰিচয় দি গ’ল৷ গঁড়ালত বাঘতকৈ বাঘিনীৰ সংখ্যা বেছি৷ এজন এজনকৈ চিনাকি হ’ল৷ প্ৰনীতা গোস্বামী বৰঠাকুৰ বাইদেউ, হেমন্ত কাকতিদা (এইজন বাঘক আগৰপৰাই ব্যক্তিগত ভাবে চিনি পাওঁ, সেয়ে বৰ বেছি ভয়ৰ ফিল্ এটা নাহিল), পৰী পাৰবীন, গীতিকা শইকীয়া, জীমণি গগৈ, পৰিস্মীতা গগৈ, ঋতুপৰ্ণা মহন্ত, ঋতুপৰ্ণ বৰা, চবিনা ইয়াছমিন৷ লগতে মোৰ আগৰেপৰাই চিনাকি আৰু মৰমৰ মণিষা কাকতি, সোনটো ৰঞ্জন বৰুৱা আৰু বিজয় ওৰফে হাঁহ মহন্ত৷

চিনাকি আৰম্ভ হোৱাৰ দুই মিনিটমান পিছতেই মনলৈ ভাৱ আহিবলৈ ধৰিলে যে “আৰে, এইবোৰ বাঘ নহয় কিজানি! কোনো বাঘেই হৰিণাৰ আগত ইমান ভদ্ৰ, ইমান শান্ত ব্যৱহাৰ নকৰে৷ নে এইবোৰ তৃণভোজী বাঘ?” তাৰ পিছত মনলৈ আহিল যে “আৰে, বাঘতো তৃণভোজী নাথাকেই৷ তেন্তে?”

তেতিয়া ধৰি ল’লোঁ যে “এইসকলেও কেনেবাকৈ মোকো ভুলতে তেওঁলোকৰ সমকক্ষ বাঘ বুলিয়েই ধৰি লোৱা নাইতো!” হয়তো হ’ব পাৰে৷ লগে লগেই মনলৈ কুটবুদ্ধি আহিল – “অলকেশ, নিজকে বচোৱাৰ এয়াই একমাত্ৰ উপায়৷ তয়ো বাঘৰ দৰেই এক্টিং আৰম্ভ কৰ “৷

তাৰ পিছত ময়ো বাঘৰ এক্টিং আৰম্ভ কৰি দিলোঁ৷ যেন মই প্ৰতি মাহে কোনো আলোচনীৰ সম্পাদক হৈয়েই থাকোঁ তেনে এক অভিনয়৷ “শিতান কি কি আহিব? কোনবোৰ শিতান কোনে ল’ব? বানান চোৱাত কোন ভাল? লিখাবোৰ আপলোড কৰিবলৈ কোন কোন আছে? ৱেবচাইটটোৰ ডিজাইন সলনি কৰিব পাৰিনে নাই ” আদি অজস্ৰ প্ৰশ্ন৷ এই কথা সৰুৰে পৰাই শিকি আহিছোঁ যে “মূৰত একো নাথাকিলে সকলোকে প্ৰশ্ন কৰি ওস্তাদি মাৰিবি৷ তেতিয়া তোৰ যে নিজৰ একো নাই সেইটো কোনেও ধৰিব নোৱাৰিব৷”

প্ৰশ্নবোৰৰ সঠিক উত্তৰো লগে লগেই পাই গ’লোঁ৷

ইয়াৰ পিছত অতি সোনকালেই সম্বন্ধবোৰ একেবাৰেই আপোন হৈ পৰিল৷ লগে লগে কামৰ গতিও বৃদ্ধি পালে৷ এখন অনলাইন আলোচনী প্ৰকাশ কৰোঁতেও যে ইমান কাম আৰু ভেজাল থাকিব পাৰে সেয়া কোনোদিনে ভৱা নাছিলোঁ৷ লিখনি গোটোৱা, প্ৰুফ চোৱা, এডিটিং কৰা, ইউনিকোড কৰা, শিতান নিৰ্ধাৰণ কৰা, আপলোড কৰা, সাক্ষাৎকাৰৰ এপইণ্টমেণ্ট লোৱা, ৱেবচাইটৰ লুক সলনি কৰা, বেটুপাত বনোৱা, প্ৰমো বনোৱা, স্কেটছ অঁকা আদি এশ এবুৰি কাম৷ আৰু এইবোৰৰ একোতেই মোৰ যোগ্যতা নাই৷

কিন্তু মোক আচৰিত কৰি মোৰ বাহিৰে সকলোৱে অতি উৎসাহেৰে কামত লাগি গ’ল৷ সকলোৱে বহু কষ্ট কৰি নিজ নিজ চিনাকিসকলৰ পৰা লেখা গোটালে৷ নিজে নিজেই নিজৰ নিজৰ দ্বায়িত্ববোৰ সকলোৱে গাত পাতি ল’লে৷ মই মাথোঁ বহি চাই থাকিলোঁ৷ মাজে মাজে ভাৱ হোৱা আৰম্ভ হ’ল “এইসকল আচলতে অতি ভাল অন্তৰৰ নিমাখিত প্ৰাণী, মইহে দৰাচলতে বাঘৰ ছদ্মবেশ ধৰি থকা মেকুৰী৷” কিন্তু কাম কৰাৰ যোগ্যতা যিহেতু নাই, সেয়ে বাঘৰ বেশ এৰি দিয়াটো নিৰাপদ নহ’ব বুলি ভাৱি বেশটো তেনেকৈয়ে ৰাখিলোঁ৷ গোটত কামৰ লগতে দৈনিক অজস্ৰ হাঁহি ধেমালিৰ কথা হয়৷ ময়ো ভাগ লওঁ তাত৷ কিন্তু মাজে মাজে নিজৰ পৰিচয়টো লুকুৱাবলৈ গোঁজৰণি এটাও মাৰি দিওঁ৷”এই কামটো এতিয়াও কিয় হোৱা নাই?, এই লিখনিটো ক’ত গ’ল?” আদি৷ দৰাচলতে সকলো সঠিকভাৱে হৈয়েই আছিল৷ তথাপি চোৰৰ মনত পুলিচ পুলিচ ভাৱ এটাই থাকেই৷ সেয়ে এনেই কিবা এটা চেগ বুজি মাজে মাজে গোঁজৰণিটো মাৰি চিৰিয়াখানাৰ বাঘটোৱে গঁড়ালত দুপাক ঘূৰা দি ঘূৰি দিওঁ৷ নিমাখিত প্ৰাণীবোৰে ভাৱে যে “ই বৰ চিৰিয়াছ বাঘ’৷ মেকুৰী হৈ বাঘৰ বেশ ধৰি থাকিলে মাজে মাজে এনে নাটক কৰা জৰুৰী৷ এই কথাই নিশ্চিত কৰে যে আপোনাৰ আচল পৰিচয় এতিয়াও ফাদিল হোৱা নাই৷ লাহে লাহে চোপ লৈ থাকি মই সাৱধানে লক্ষ্য কৰিলোঁ যে এই গঁড়ালটোৰ আটাইকৈ নিমাখিত প্ৰাণী দুটা হ’ল পৰী পাৰবীন আৰু চবিনা ইয়াছমিন৷ অত্যন্ত প্ৰতিভাশালী হ’লেও মই গম পালোঁ যে এই দুগৰাকীক গুজৰি গুমৰি থকাটো মোৰ বাবে নিৰাপদ, এওঁলোকে ওলোটাই গোঁজৰণি নামাৰিব৷ লগে লগেই মোৰ ভাগৰ বেছিভাগ কাম তেওঁলোকৰ মূৰতেই জাঁপি দিলোঁ৷ এওঁলোকে কি কৰা নাই! যিয়েই দ্বায়িত্ব দিছোঁ সেয়া হাঁহিমুখে কৰিছে৷ তাৰোপৰি নিজে উপযাঁচি দায়িত্ব গাত পাতি লৈছে৷ এওঁলোক দুগৰাকী নহ’লে মই মাজ সাগৰত ককবকাই থকা লোকৰ দৰে হ’লোঁহেতেন৷ দুয়োগৰাকীকে অন্তৰৰ পৰা ধন্যবাদ জনালোঁ৷ হেমন্ত কাকতিদা, আপুনি আমাৰ সকলোৰে দাদা৷ প্ৰতিটো কথাতে আপোনাৰপৰা পোৱা মৰম, ৱেবচাইটটোৰ ডিজাইনৰ কাৰণে আপুনি কৰা কষ্ট, সাক্ষাৎকাৰত লোৱা আগভাগৰ কাৰণে অশেষ ধন্যবাদ৷ ৰিণ্টুদা, মহামূৰ্খক সম্পাদক পাতি আপুনি পোৱা অসুবিধাবোৰৰ বাবে ক্ষমা বিচাৰিলোঁ আৰু আলোচনীৰ প্ৰতিটো ক্ষেত্ৰতে পোৱা আপোনাৰ সহায়, উৎসাহ আৰু পৰামৰ্শ সদায় মনত ৰাখিম৷ প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউ আপুনি লিখনিবোৰ শুধৰাই দিয়াৰ লগতে মোক দি অহা পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ। গীতিকা শইকীয়া, অশেষ ব্যস্ততাৰ মাজতো লিখনিসমূহ সুন্দৰকৈ চাই দিয়াৰ উপৰিও “চিনেমা চিনেমা” শিতানৰ বাবে দ্বায়িত্ব লৈ গোটেই শিতানটো সজাই দিয়াৰ বাবে বহু ধন্যবাদ। জীমনি গগৈ, কৰ্মব্যস্ততাৰ মাজতো লিখনি সংগ্ৰহ কৰাৰ লগতে শুধৰাই দিয়া আদি কামবোৰ ইমান সুন্দৰকৈ কৰা বাবে আন্তৰিক ধন্যবাদ ৷ পৰিস্মীতা গগৈ, লিখনিবোৰ শুধৰাই চাই দি কৰা সহায় সদায় মনত থাকিব৷ ৰিতুপৰ্ণা মহন্ত, ব্যক্তিগত ব্যস্ততাৰ মাজতো লিখনিবোৰ শুধৰাই দিয়াৰ বাবে বহুত ধন্যবাদ৷ ৰিতুপৰ্ণ বৰা, গ্ৰাফিকছৰ সকলো ইমান সুন্দৰকৈ কৰি দিয়াৰ বাবে বহুত ধন্যবাদ৷ মনিষা, সাক্ষাৎকাৰ গ্ৰহণ, আপলোড, বৰ্ণাশুদ্ধি আদি এশ এটা কামত কৰা সহায়ৰ বাবে ধন্যবাদ৷ সাক্ষাৎকাৰটো লিখি যুগুতাই দি মোক পৰোক্ষভাবে সহায় কৰা পূৰৱী কটকী, ৰিমঝিম বৰঠাকুৰ, দিম্পল কলিতা, জিমি শইকীয়া আৰু সুপ্ৰিয়া সূত্ৰধৰলৈও বহুত ধন্যবাদ যাছিলোঁ৷
বিজয় মহন্ত, লিখনিবোৰ গোটাই দিয়া আৰু এক নিৰ্দিষ্ট অন্তৰালৰ মূৰে মূৰে হাঁহ হাঁহ বুলি চিঞৰি আমোদ দিয়াৰ বাবে ধন্যবাদ। সোনটো ৰঞ্জন বৰুৱা, লিখনিবোৰ সংগ্ৰহ কৰি দিয়া আৰু সকলো ক্ষেত্ৰতেই সদা উৎসুক হৈ সহায় কৰি দিয়াৰ বাবে ধন্যবাদ ব্ৰাদাৰ৷ বেটুপাতৰ ছবিখন তুলি দিয়া বাবে মোৰ মৰমৰ ভাতৃ তথা বন্ধু জীৱন মজুমদাৰক অশেষ ধন্যবাদ জনালো। জীৱন, জীৱনত আৰু বহু আগুৱাই যোৱা।

সঞ্জীৱ ভট্টাচাৰ্য্য, সাক্ষাৎকাৰৰ সকলো যোগাযোগ কৰিলা, ইয়াৰ বাবে বিশেষ ধন্যবাদ আৰু তাতকৈ বেছি ধন্যবাদ সেইদিনা ৰিণ্টুদাক লগ পাবলৈ মোক কৰা বিশেষ ফোনটোৰ বাবে৷

আলোচনীৰ সমস্ত কাম এওঁলোকেই কৰিছে৷ মই নামতহে আছোঁ৷ “সম্পাদকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত’ বোলা কথাটো প্ৰতিক্ষণে আখৰে আখৰে পালন কৰি অহা সমস্ত সম্পাদনা মণ্ডলীলৈ মোৰ হিঁয়া ভৰা অভিনন্দন৷

শেষত এটা কথা ক’বলৈ ওলাইছোঁ-

পাৰস্যৰ দলিচাবোৰ জগত বিখ্যাত৷ বিশ্বৰ নামজ্বলা এই কাৰ্পেটবোৰ ইমানেই উন্নতমানৰ যে একোখন কাৰ্পেটৰ এক ইঞ্চিত হাজাৰটাতকৈও অধিক সূক্ষ্ম গাঁঠি থাকিব পাৰে আৰু একোখন কাৰ্পেটৰ দাম কেইবা লাখ টকালৈ অতি সহজেই হ’ব পাৰে৷ পৃথিৱী বিখ্যাত এই কাৰ্পেটৰ কাৰিকৰবোৰ ইমানেই নিপুণ যে তেওঁলোকে সূক্ষ্মতকৈও সূক্ষ্ম কামবোৰো অকল্পনীয় ধৈৰ্য্যৰে অতি নিয়াৰিকৈ এটাও ভুল নোহোৱাকৈ কৰিব পাৰে৷ এনে শিল্পীৰ দ্বাৰা সামান্যতম ভুল এটাও নোহোৱাকৈ ইৰাণৰ কাৰ্পেটবোৰ বনোৱা হয় কাৰণেই এই কাৰ্পেটবোৰৰ বিশ্বব্যাপী ইমান নাম আৰু আকাশলঙ্ঘী দাম৷ কিন্তু কথা ইমানতেই শেষ নহয়৷ কাৰ্পেটবোৰ বনোৱা শেষ হোৱাৰ পিছত এই শিল্পীসকলে নিজেও জানে যে তেওঁলোকৰ কাম ইমানেই সঠিক যে তেওঁলোকে বোৱা সেই কাৰ্পেটবোৰৰ লাখ লাখ গাঁঠিবোৰৰ এটাতো অতি সামান্যতম ভুল এটাও থাকি যোৱা নাই৷ গতিকে তেওঁলোকে শেষভাগত এক অতি সামান্য কিন্তু গভীৰ অৰ্থপূৰ্ণ কাম এটা কৰে৷ তেওঁলোকে কাৰ্পেটৰ শেষ গাঁঠিকেইটা গুমঠি থকাৰ সময়ত এটা গাঠিত এক অতি সামান্য ভুল নিজেই জানি বুজি কৰি থৈ দিয়ে৷ এই ভুল ইমানেই সামান্য যে তাক খালি চকুৰে ধৰাটো অসম্ভৱ৷

কিন্তু ইমান নিৰ্ভুলভাবে কৰা কামটোত শেষত জানি বুজি এটা ভুল কিয় ??

কাৰণ, তেওঁলোকে বিশ্বাস কৰে যে এই পৃথিৱীত ভগৱানৰ বাহিৰে কোনো মানুহেই পাৰফেক্ট হ’ব নোৱাৰে৷ সেয়েহে ভগৱানৰ লগত ফেৰ নামাৰিবলৈ তেওঁলোকে তেওঁলোকৰ প্ৰতিটো কামতে এটা সামান্য ভুল ৰাখি থৈ দিয়ে !!

সাধাৰণ অথচ বহুত তত্বগধুৰ কথা ! এই পৃথিৱীত আমি কোনোৱেই পাৰফেক্ট নহয়৷ কাৰণ আমি ভগৱান নহয়৷ আমাৰ সকলোৰে কম বেছি পৰিমানে ভুল আছে৷ গতিকে আমাৰ আলোচনীখনো পাৰফেক্ট নহয়৷ হ’ব নোৱাৰে৷ তাতো বহু ভুল ওলাব৷ সেই সকলো ভুলৰ বাবে একমাত্ৰ দায়ী মই৷ সকলোবোৰ লিখনি মোৰ হাতেৰে পাৰ হৈ যোৱাৰ পিছতহে আপলোডিঙলৈ গৈছে৷ সেয়ে আলোচনীত থকা প্ৰতিটো ভুলৰ বাবে মই দ্বায়িত্ব গাত পাতি লৈছোঁ আৰু পাঠকসকলক আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ৷ আলোচনীখন যদিহে পঢ়ুৱৈয়ে ভাল পায়, তেন্তে ইয়াৰ সমস্ত কৃতিত্ব লিখকসকল আৰু সম্পাদনা মণ্ডলীৰ সদস্যসকলৰ৷

মোৰ অজানিতে হোৱা কিবা ভুলে যদি সম্পাদনা মণ্ডলীৰ কাৰোবাক আঘাত দিছে তেন্ত মই কৰযোৰে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷

শেষত আকৌ এবাৰ কৈছোঁ , হেমন্তদা, ৰিণ্টুদা, প্ৰণীতাবা, পৰী, গীতিকা শইকীয়া, জীমণি গগৈ, পৰিস্মীতা, ঋতুপৰ্ণা, মনিষা, সোনটো, বিজয়, ঋতুপৰ্ণ, চবিনা, সঞ্জীৱ চেল্যুট…..

 

ধন্যবাদেৰে

অলকেশ ভাগৱতী

সম্পাদক, ফটাঢোল ই-আলোচনী, দ্বিতীয় বছৰ তৃতীয় সংখ্যা

১ চেপ্তেম্বৰ, ২০১৮

☆★☆★☆

89 Comments

  • চাওঁ খুন শিৱ ডেকা

    কি আচৰিত শব্দ গাঁঠিলে দাদা । বাই দি ৱে ডিউটি ফ্ৰী বস্তু কেইপদ পালেনে ! খুদুৱনি থাকি গ’ল ।

    Reply
    • অলকেশ ভাগৱতী

      ডিউটি ফ্ৰি এইবাৰ পাম বোলে ৷ 😊

      Reply
  • Moni Kumar Pawe

    আপোনাৰ লিখনি বিলাক সদায় অন্য ধৰনৰ সুৱাদেৰে ভৰা।

    Reply
  • Prasanta Borah

    কি সুন্দৰ সন্পাদকীয়,মন ভৰি গল

    Reply
  • Kaveri

    Humka favourite sampadak..😍😍😍.প্ৰথম বাৰ পঢ়িম এইবাৰ।সম্পাদকী য় পঢ়ি ও খুব ভাল লাগিল।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    আপোনাক বিশেষ ধন্যবাদ ইমান সুন্দৰ সংখ্যাটো উপহাৰ দিয়া বাবে।

    Reply
  • বৰ্ণিল

    সম্পাদকীয় পঢ়ি আপ্লুত হলো দাদা😊😊

    Reply
  • Dipankar Bhattacharyya

    সুন্দৰ.. অভিনৱ । বেটুপাতোৰ বাবে জীৱনক বিশেষ স্বাগতম।👍👍

    Reply
  • ঋতুপৰ্ণা মহন্ত

    অভিনন্দন দাদা..

    Reply
  • bijoy mahanta

    হাঁ‌হমহন্ত

    Reply
  • Asomi Gogoi

    বাপৰে কি সুন্দৰ উপস্থাপন । একে উশাহে পঢ়িলো।

    Reply
  • আৱেগিক কৰিলা অলকেশ। এইমাহটো যথেষ্ট ফূৰ্তিত পাৰ হ’ল। এখন সুন্দৰ মনোমোহা আলোচনী আমাক উপহাৰ দিলা, অশেষ ধন্যবাদ।

    Reply
    • অলকেশ ভাগৱতী

      আপোনাকো অশেষ ধন্যবাদ 😊

      Reply
  • Mridula Gogoi

    ইমান সুন্দৰকে লিখিছে ।আৰু অলপ পঢ়িম যেন লাগি থাকিল ।

    Reply
  • Krishna Kanta Das

    অভিনন্দন ভাগৱতীদা, সুন্দৰ সংখ্যা আৰু অতি সুন্দৰ সম্পাদনা, সম্পাদকীয়ও মনোমোহা । মোৰ দৰেকেচাঁ হাতৰ লিখনি এটাকো সংখ্যাটোত স্থান দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ☺️

    Reply
  • Krishna Kanta Das

    অভিনন্দন ভাগৱতীদা, সুন্দৰ সংখ্যা আৰু অতি সুন্দৰ সম্পাদনা, সম্পাদকীয়ও মনোমোহা । মোৰ দৰে কেচাঁ হাতৰ লিখনি এটাকো সংখ্যাটোত স্থান দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ☺️

    Reply
  • স্বৰূপ শৰ্মা

    ফটাঢোলৰ সম্পাদকীয় এইবাৰহে পঢ়িলোঁ ৷ আপ্লুত হ’লো ৷ সুন্দৰ লিখনি ৷ অলকেশ ভাগৱতী নামটোৱে টানি আনে!

    Reply
  • সত্যেন্দ্ৰ কুমাৰ ডেকা।

    সম্পাদকীয় পঢ়াৰ পিছত আনবোৰ শিতান পঢ়িবলৈ ভয়েই লাগিছে;

    জানোছা ইয়াৰ সোৱাদ নোহোৱা হৈ যায়।

    Reply
  • Jayanta sarma

    অলকেশ,ফেন বনি গৈছো তোমাৰ । তামাম ‘পিচ’ তুমি ।

    Reply
  • parishmita

    সম্পাদকলৈ অভিনন্দন আৰু ধন্যবাদ সুন্দৰ সংখ্যাটি উপহাৰ দিয়াৰ বাবে।

    Reply
  • সংখ্যাটোৰ আঁৰৰ কথা খিনি জানি ভাল লাগিল।

    Reply
  • Manash Saikia

    সুন্দৰ প্ৰয়াস আৰু এটা সুপাঠ্য আলোচনী খনৰ বাবে অভিনন্দন৷
    ডিউটি ফ্ৰী বস্তু কেইপদ দিলেনে?

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊
      দিব বুলি কৈছে 😊😊

      Reply
  • দাদা পঢ়ি মজ্জা লাগিল “আৰৰ কথা” আৰু লগতে ধন্যবাদ মোৰ লিখনি প্ৰকাশ কৰা বাবে ।

    Reply
  • Anonymous

    আপোনাৰ সম্পাদকীয়ই এক নতুন সোৱাদ দিলে৷ ধন্যবাদ দিবলৈ ভাষা বিচাৰি নাপালো

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সম্পাদকীয় এটাও যে এনেকুৱা হ’ব পাৰে ভবাই নাছিলো।অতি কম শব্দতেই অতি মনোগ্ৰাহীকৈ বুজাই দিলে। খুব ভাল লাগিল। অভিনন্দন।

    Reply
  • Anonymous

    তোমাৰ লগত কাম কৰি আমিও বহুত কিবা-কিবি শিকিলো। সুন্দৰ এটা মাহ, সুস্থ গঠনমূলক আলোচনা, সুন্দৰ টিমৱৰ্ক, সুন্দৰ মেনেজমেণ্ট – এইবোৰ সকলো মিলি আলোচনীখনৰ কামবোৰ নিয়াৰিকৈ হোৱাত সহায় কৰিলে।

    চিয়েৰ্চ ব্ৰাডাৰ

    Reply
  • বুবুল চেত্ৰী

    আপোনাৰ লেখা মোৰ সদায় প্রিয় অলকেশ দা। আপোনাৰ প্ৰফাইলত গৈ আপোনাৰ লেখাবোৰ পঢ়োঁ। নিশ্চয় এইবাৰ মেগাজিন সৰ্বাঙ্গসুন্দৰ হৈছে।

    Reply
  • Nayan Dev Choudhury

    বঢ়িয়া লাগিল।

    Reply
  • জীমণি গগৈ

    আপোনাৰ দৰে লোকৰ সৈতে কাম কৰাৰ সুখকৰ অভিজ্ঞতা মনত ৰাখিবলগীয়া।

    (অলপ কিবা কৰি ইমান কৃতজ্ঞতা লাভ কৰাটোও কিন্তু মোৰ বাবে কম কথা নহয় 😀)

    Reply
  • আপোনাৰ দৰে লোকৰ সৈতে কাম কৰাৰ সুখকৰ অভিজ্ঞতা মনত ৰাখিবলগীয়া।

    (অলপ কিবা কৰি ইমান কৃতজ্ঞতা লাভ কৰাটোও কিন্তু মোৰ বাবে কম কথা নহয় 😀)

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊
      দৰাচলতে আপোনালোক ইয়াতকৈও বেছি কৃতজ্ঞতাৰ পাত্ৰ ৷

      Reply
  • আপোনালৈ হিয়া ভৰা অভিনন্দন আৰু ধন্যবাদ যাচিলোঁ৷ এটি সুন্দৰ সংখ্যা সপোন দেখিছিলো৷ আৰু সেয়া সম্পুৰ্ণ হ’ল৷

    Reply
  • Anjan Sadhanidar

    একে আশাৰেে কলো ফেন্টাষ্টিক৷ সম্পাদকীয় টোৰ জবাব নাই৷

    Reply
  • বহুত ভাল লগিল ৷ আপুনি বহুত ধুনীয়াকৈ লিখে দাদা ৷ পঢ়িলে পঢ়ি থাকিব মন যোৱাকৈ ৷

    Reply
  • কঙ্কন বৰা

    অভিনন্দন দাদা…….এই সংখ্যাৰ আঁৰৰ কথা খিনি বৰ সুন্দকৈ লিখিলে…..বহুত ভাল লাগিল

    Reply
  • Pinakshi Das

    ইমান ধুনীয়াকৈ লিখিছে মন ভৰি গ’ল 👌

    Reply
  • সদানন্দ ভূঞা

    আপোনাৰ সম্পাদকীয় প্ৰতিবেদন যথেষ্ট উন্নত মানদণ্ডৰ হৈছে আৰু এই সঙ্খ্যাৰ আৰৰ কথাও যথেষ্ট অতুলনীয় হৈছে । পাঠক সদস্য হিচাবে আপোনাক আৰু আলোচনীখনৰ সমূহ প্ৰকাশক মণ্ডলীক এনে এখন সৰ্বাঙ্গসুন্দৰ আলোচনী উপহাৰ দিয়া বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

    Reply
  • Anonymous

    শব্দৰ মালা আৰু শ্ৰেণীবদ্ধ চিন্তাৰ শলাগ লবই লাগিব। এই আঁৰৰ কথাৰ জৰিয়তে ই আলোচনী খনৰ কাৰখানা আৰু কাৰিকৰ সকলৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল।
    যতেই অলকেশ ভাগৱতী ৰ লিখনি ততেই অতুলনীয় উপমাৰে ব্যাখ্যা। চেলুট সদায়।

    Reply
  • Mitali saharia

    আপোনাৰ লিখনি সঁচাকৈ বহুত ভাল লাগে।

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি ।যি জনৰ সম্পাদকীয় ইমান সুন্দৰ, তেওঁৰ আলোচনীৰ ভিতৰচৰা নিশ্চয় অতিশয় সুন্দৰ হব।।।

    Reply
  • Dhruva Jyoti Das

    অভিনন্দন ……… সম্পাদক ডাঙৰীয়া তথা সম্পাদনা মণ্ডলী।
    “ভিন্নস্বাদৰ আৰু অতি উন্নতমানদন্দৰ
    সম্পাদকৰ লিখনি পঢ়িয়েই আল্পুত হৈছো।”

    Reply
  • হেমন্ত কাকতি

    বেলেগ নকওঁ, লগত থাকিবা অলকেশ৷ এনে সুন্দৰ সংখ্যা এটা ৰাইজক উপহাৰ দিলা, আমি কৃতজ্ঞ হৈ ৰ’লো৷

    Reply
    • অলকেশ ভাগৱতী

      আপোনালৈ অশেষ শ্ৰদ্ধা আৰু ধন্যবাদ দাদা ৷

      Reply
  • Supriya Sutradhar

    আঔ ! মই মেকুৰিজনীক বাঘে ধন্যবাদ দিয়ে ! ভয়তে গোটেই গাৰ নোম থিয় থিয় হৈ গ’ল পাই! এই ধন্যবাদ যদি পাব লাগে তেন্তে সেয়া একমাত্ৰ আমাৰ মৰমৰ হেকা দাৰ প্ৰাপ্য। মোৰ বেমাৰী দেহৰ খবৰ আতি-গুৰি মাৰি লৈ তেওঁ সিদিনা মোক ফোন নকৰাহেঁতেন, জুমুৰাপৰি থকা মইজনীৰ মনটোৱে ফৰকাল নহ’লেহেঁতেন কিজানি। খুব ভাল লাগিল সম্পাদকীয় পঢ়ি। আন্তৰিক ধন্যবাদ সম্পাদক ডাঙৰীয়া। 😊

    Reply
    • অলকেশ ভাগৱতী

      আপোনালৈও অশেষ ধন্যবাদ থাকিল 😊

      Reply
  • Raju Kumar Nath

    আপোনাৰ লেখাত যাদু আছে।পঢ়ি থাকিবৰ মন যায়।বৰ সুন্দৰ সম্পাদকীয়,চেল্যুট।

    Reply
  • নিপম দাস

    দাদা ইউ আৰ বেষ্ট।ধন্যবাদ।

    Reply
  • Ahmed B Zakaria

    কিন্তু এটা কথা সম্পাদক জন কিন্তু পাৰফেক্ট হৈছে এইবাৰ । ভাষাৰ মাধুৰ্যতা চলে হিংসা ই লাগে । যি নহওঁক আগুৱাই যাওঁক তাৰেই কামনা কৰিলোঁ ।

    Reply
  • গৌৰীশংকৰ শৰ্মা

    এই সংখ্যাটোৰ আঁৰৰ কথাবোৰ জানি ভাল লাগিল। আপোনাৰ উপস্থাপন শৈলীৰ জৱাব নাই। কথাবোৰ মনোগ্ৰাহী আৰু মনোমোহাকৈ সজাই পৰাই পাঠকক মোহাচ্ছন্ন কৰি ৰাখিব পৰাটোত আপুনি বৰ নিপুণ। এখন সৰ্বাংগসুন্দৰ আলোচনী সকলোকে উপহাৰ দিয়াৰ বাবে অলকেশ ভাগৱতী ডাঙৰীয়া আৰু গোটেই এডিটৰিয়েল টিমটোক বিশেষভাৱে ধন্যবাদ জনালোঁ।

    Reply
  • Jayanta

    Eibaar pratham porhisu আলোচনী খন , সম্পাদক মহোদয় আপোনাৰ সম্পাদকীয় অপূ্ৰ্ৱ / বহুত ভাল লাগিছে সংখাটো / Asolote moi gomei pua nasilu enekua aalosoni Ekhn ase buli, Moi murhomoti.. Pise apunak fb t follow kori asilu j.. So eibar gom palu, bhal songo r fal pua Buli buji uthisu, Dhanyabad.

    Reply

Leave a Reply

Your email address will not be published.