ফটাঢোল

একে একে এঘাৰ – সঞ্জীৱ ভট্টাচাৰ্য

ৰাতিপুৱাই গাঁঁওখনত একধৰণৰ হুলস্থুলীয়া পৰিৱেশ। বহুকেইটা নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি খেদি নিউজ চেনেলৰ স্থানীয় সংবাদদাতাজনেও ঘটনাৰ একো উৱাদিহ উলিয়াব পৰা নাই। স্থানীয় আৰক্ষী চকীৰ পৰা অহা তদন্তকাৰী দলেও একো শুংসূত্ৰ বাহিৰ কৰিব পৰা নাই তেতিয়ালৈকে। মানুহবোৰে অ’ত ত’ত জুম বান্ধি কথাবোৰ আলোচনা কৰি আছে। সকলোৰে মনত উকমুকাই থকা প্ৰশ্ন একেটাই যদিও উত্তৰ অধিক। সঠিক উত্তৰ কোনেও দিব পৰা নাই। ইতিমধ্যেই গাঁওখনৰ সচেতন মহল বুলি বিখ্যাত হালৈ মাষ্টৰ, শৰ্মা প্ৰফেচাৰ, চৌধুৰী কেৰাণী আদিয়ে নিজৰ নিজৰ সন্দেহৰ দহোটা আঙুলি দহফালে টোঁৱাইছে যদিও কোনেও নিশ্চিতভাৱে কাৰো নাম ল’ব পৰা পৰ্যায় এটাত উপনীত হোৱা নাই।

এই ব্ৰহ্মপুৱাতে বাহিৰৰ হৈ হাল্লাবোৰ শুনি ৰাতুল বিচনাৰ পৰা উঠি আহিল। বাৰাণ্ডাতে বহি তামোল খুন্দি থকা আইতাকৰ মুখামুখি হোৱাত সি আইতাককে সুধিলে কি হৈছে গাঁৱত, ইমান ৰাতিপুৱাই মানুহবোৰ উঠিছে যে। সত্তৰোৰ্ধ আইতাকে ক’লে একে একে এঘাৰ হৈ আছে আজি গাঁৱত কথাবোৰ, নিজে অলপ ৰাস্তাত ওলাই গৈ চাই আহ, সকলো বুজিবি, ঢৌটোকে ৰৌটো দেখি নাহিবি মাথো।

আইতাকৰ পৰা কোনো সদুত্তৰ নাপাই এইবাৰ সি হাতত টুথব্ৰাছডাল লৈ ৰাস্তালৈ ওলাই আহিল। ৰাস্তাত ওলায়ে ৰাতুল মুখামুখি হ’ল বৰ্মন দোকানীৰ ৰাতুলহঁতৰ গাঁওখনত বৰ্মন দোকানীক সকলোৱে ফাষ্টেট মোড অফ কমিউনিকেচন বুলিয়ে জানে। ভইচ ক’ল, মেছেজ, ই-মেইল, হোৱাটছ এপ সকলোবোৰ বৰ্মন দোকানীৰ সন্মুখত কাম নোহোৱা ব্যৰ্থ বস্তু একোটা। হোৱাটছ এপত যিমান সোনকালে মেছেজ প্ৰেৰণ কৰিব পাৰি তাতকৈ কম সময়তে যিকোনো খবৰ বৰ্মন দোকানীয়ে দহজন মানুহৰ মাজত প্ৰচাৰ কৰি দিব পাৰে।

: কি হৈছে হে বৰ্মন দা, মানুহ পুলিচ সকলোবোৰ গিজগিজাই আছে দেখোন গাঁৱত।

: এহ, তুমি গমেই নোপোৱা নেকি? ক’ত থাকাহে তোমালোক?

: কওকচোন বৰ্মন দা, কি হ’ল? মই যোৱাকালি ৰাতি ঘৰ সোমাওঁতে অলপ দেৰি হৈছিল। মানে গাঁৱৰ সিটো মূৰৰ বন্ধু এজনৰ ঘৰত খানা খাই আহি ঘৰ সোমাওঁতে প্ৰায় বাৰটা মানেই বাজিল।

: তেনেহ’লে তুমিতো পুলিচৰ নজৰত প্ৰথমতে সন্দেহ কৰিৱলগীয়া ব্যক্তি। ঘটনাটোও ৰাতি বাৰ মান বজাৰে হ’ব।

: ঘটনাটো কি হে বৰ্মন দা?

: অনিল মহাজনৰ ঘৰত আলফা সোমাইছিল ৰাতি।ভাগ্য ভাল মহাজনৰ লগুৱাটোৱে সৰুপানী চুবলৈ উঠিছিল সেইখিনি সময়তে। সি দেখিলে বাবে উভতি গ’ল। যাওঁতে বোলে মহাজনৰ লগুৱাটোৰ হাততে বগা কাপোৰ এখন দি থৈ গৈছে। এইবাৰ তাৰমানে মহাজন ফিনিচ। দিনকাল বেয়া হ’ল ঐ বোপাই, সাৱধানে থাকিবা দেই।

কথাখিনি কৈ বৰ্মন দোকানী খৰখেদাকৈ আগুৱাই দুঘৰমান মানুহ পাৰ হৈ ৰাস্তাতে জুম বান্ধি থকা মানুহকেইজনমানৰ ওচৰত ৰ’লগৈ।

অনিল মহাজনৰ বিষয়ে ৰাতুলে ভালকৈয়ে জানে।মানুহজন প্ৰতিপত্তিশীল আৰু সাংঘাটিক বুধিয়ক। টকা ডিমাণ্ড কৰিবলগীয়া মানুহ নহয়, নিজে উপযাচি টকা দি অহা মানুহ। সকলোকে হাতৰ মুঠিত ৰাখিব জানে। মন্ত্ৰী এম এল এৰ পৰা একেবাৰে সাধাৰণ পৰ্যায়ৰ মানুহ এজনলৈকে সকলো মহাজনৰ হাতৰ মুঠিত। নামে বেনামে সম্পতিও বহুত যশ যশস্যাও বহুত। গাঁওখনৰ সকলোবোৰ অনুষ্ঠানতে নিজৰ দখল আছে। পূজা, বিহু সমিতিৰ পৰা আৰম্ভ কৰি স্কুল পৰিচালনা সমিতিলৈকে সকলোবোৰতে মহাজনে সভাপতিৰ আসনখন চলে বলে কৌশলে দখল কৰিয়েই আছে। যোৱাবাৰ চৰকাৰ সলনি হওঁতে মহাজনেও দল সলাইছে, তেনেস্থলত আলফাই মহাজনক মাৰিবলৈ অহাৰ প্ৰশ্নই নুঠে, আহিলেও এইবোৰ মহাজনৰ কাৰণে সৰু কথা। অ অৱশ্যে মহাজনৰ প্ৰতিপত্তিত ইৰ্ষাম্বিত হোৱা ফৈদ এটাও গাঁৱতে আছে, কিন্তু সিমান প্ৰভাৱশালী নহয়।

কথাবোৰ মনতে পাগুলি মহাজনৰ ঘৰৰ ফালে আৰু অলপ আগবাঢ়ি গ’ল ৰাতুল। অলপদূৰ যাওঁতেই পিছফালৰ পৰা হালৈ মাষ্টৰৰ ঘৈণীয়েক মানে মালতীৰ মাকে ৰাতুলক মাত লগালে।

: শুনাচোন ৰাতুল, ৰাতি বেছি দেৰিলৈকে অ’ত ত’ত খানা খাই ঘূৰি নুফুৰিবা, দিনকাল বেয়া হৈছে। যোৱাকালি মহাজনৰ ঘৰত আলফাৰ ল’ৰাই আহি ২০ লাখ টকা ডিমাণ্ড কৰি গৈছে। বগা মাৰ্কিন কাপোৰ দুইমিটাৰো দি গৈছে বোলে।

: হ’ব দিয়ক খুড়ীদেউ।

সংক্ষিপ্ত উত্তৰ এটা দি ৰাতুল আগবাঢ়িল, মানুহজনীৰ লগত বেছি কথা পাতিবলৈ সি ইচ্ছা নকৰে। কথা বতৰাৰ ধৰণ আৰু মিঠা মাতষাৰৰ মাজত সি কিবা এটা স্বাৰ্থপৰতা বিচাৰি পায়, হয়তো মালতীৰ বাবে তাৰ কথাকে মনত ভাবি থাকিবও পাৰে মাষ্টৰৰ ঘৈণীয়েকে।

বৰ্মন দোকানী আৰু হালৈ মাষ্টৰৰ ঘৈণীয়েকে দিয়া খবৰবোৰৰ মাজত অলপমান তফাত ধৰা পৰিছে তাৰ মগজুত। বৰ্মনৰ তাত বগা কাপোৰখনলৈকে খবৰ আছিল, হালৈ মাষ্টৰৰ ঘৈণীয়েকৰ তাত বগা কাপোৰৰ লগত ২০ লাখ টকা ডিমাণ্ডৰ খবৰো যোগ হৈছে।

ৰাতুলৰ খোজ আকৌ আগবাঢ়িল, উদ্দেশ্য মহাজনৰ ঘৰ। ৰাস্তাতে শৰ্মা প্ৰফেচাৰৰ লগত ছয় সাতজন মান মানুহৰ দল এটাৰ মুখামুখি হ’ল সি।

: ঐ ৰাতুল, তই বোলে ৰাতি ডেৰটা মান বজাত মহাজনৰ ঘৰৰ সন্মুখেদি পাৰ হৈছিলি যোৱা ৰাতি।কাকোৱেই নেদেখিলি নেকি, নে তইয়ো আলফাতে যোগ দিলি?

ৰাতুলে বুজিলে শৰ্মা প্ৰফেচাৰৰ খবৰৰ উৎস। সি হালৈ মাষ্টৰৰ ঘৈণীয়েকৰ লগত কথা পাতি থাকোঁতে বৰ্মন দোকানী যোৱা বাটে উভতি আহি তাক পাৰ হৈ গৈছিল।এনেই বৰ্মনক সিহঁত ল’ৰাবোৰে নাৰদ বুলি নকয়, আজি হাতে হাতে প্ৰমাণ পালে সি। তাকো বাৰটা বজাত ঘৰ সোমোৱা ল’ৰাটোৰ সময়ৰ লগত নিজাকৈ ডেৰ ঘণ্টা যোগ দি ডেৰটা কৰি দিলে।

: কাকো নেদেখিলোঁ দেখোন মই৷

চমুকৈ উত্তৰটো দি ৰাতুল আগবাঢ়িবলৈ বিচাৰিলে।

: মহাজনৰ ঘৈণীয়েকৰ হাতত গোটেই পৰিয়ালটোৰ মৃতদেহ ঢাকিবৰ বাবে ২০ মিটাৰ বগা কাপোৰ, বন্দুকৰ গুলী ৫ জাই আৰু ৫০ লাখ টকাৰ ডিমাণ্ড লেটাৰ এখন দি গৈছে বোলে৷

শৰ্মা প্ৰফেচাৰে ৰাতুলক ক’লে,

: এতিয়া পুলিচে স্নিফাৰ ডগ লৈ আহি আছে। তই ৰাতি সেইফালেদি গৈছিলি যদি এতিয়াই নোযোৱাই ভাল হ’ব নেকি?

তিনিখন মুখ বাগৰোঁতেই বগা কাপোৰ দুই মিটাৰৰ পৰা ২০ মিটাৰ হ’ল। টকাৰ পৰিমাণো ২০ লাখৰ পৰা ৫০ লাখ হ’ল। বন্দুকৰ গুলীও কেইটামান যোগ হৈছে এইবাৰ প্ৰফেচাৰৰ মুখত।

“হব দিয়ক” বুলি কৈ ৰাতুল আগবাঢ়িল।

মহাজনৰ ঘৰৰ চোতাললৈকে সোমাই গ’ল ৰাতুল।স্থানীয় থানাখনৰ অ’চিজনৰ সৈতে মহাজন চোতালতে বহি আছে।

: আহ ঐ ৰাতুল, বহ ইয়াতে৷

মহাজনে নিজৰ ওচৰতে থকা চকীখন আগুৱাই ৰাতুলক বহিবলৈ দিলে।

: কি হৈছে হে মহাজন খুড়া?

: কি হৈছে তই নিজে বুজিবি ৰহ৷ কথা হ’ল মোক আৰু তহঁতে কোনো অনুষ্ঠানতে সভাপতি নাপাতিবি ভৱিষ্যতে।

: হৈছে কি মহাজন খুড়া, বুজাই কওকচোন মোক, আপোনাক দেখোন সকলোবোৰ অনুষ্ঠানতে ময়েই সভাপতিৰ পদত প্ৰস্তাৱ কৰোঁ।

: সেইবাবে তোকেই কৈছোঁ, আৰু নাপাতিবি ঐ এইবোৰ, এইখন পঢ়ি চা, সকলো বুজিবি।

মহাজনে চোতালতে পৰি থকা বেনাৰ এখন মোলৈ আগবঢ়াই দিলে।

৬ ফুট × ৪ ফুটৰ বেনাৰখনত লিখা আছিল।

“যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে ইয়াত সভাপতি ভাড়াত পোৱা যায়”। যোগাযোগ-অনিল মহাজন।

ঘৰৰ পৰা ওলাই আহোঁতে আইতাকে ঠিকেই কৈছিল তাক। বৰ্মন দোকানীহঁতৰ দৰে মানুহৰ কথাবোৰ একে একে এঘাৰহে হয়।

☆★☆★☆

6 Comments

  • অলকেশ ভাগৱতী

    গুলী লিখিছাঁ বে ৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ দাদা।

      Reply
  • হাঃ হাঃ তামাম দাদা।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • জয়ন্ত দাস

    মজা

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      বহুত ধন্যবাদ।

      Reply

Leave a Reply

Your email address will not be published.