ফটাঢোল

এক্স কিউজ মি – মৌচুমী গগৈ

মুনমীৰ নিজৰ ওপৰতেই খং উঠিল! তাইৰ বাৰু কি দৰকাৰ আছিল মৃদুলক মিছামিছিকৈ জোকাই লোৱাৰ। মৃদুলেও যে তাইক ধেমালিতে এসেকা দিব, সেইটো তাই ভাবিবই পৰা নাছিল। মৃদুল আৰু মুনমীৰ বিয়া হোৱা ডেৰ বছৰমান হৈছে। দুয়োজনৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ পৰিণতিতেই বিবাহ নামৰ পবিত্ৰ বান্ধোনত দুয়ো আবদ্ধ হৈছে আৰু সিহঁতৰ মাজত ভালপোৱা তথা বুজাবুজিৰ অভাৱ হোৱা নাই। মৃদুলৰ অফিচৰ কাম এটাত কলিকতালৈ যাব লগা হোৱাত মুনমীকো লগত লৈ গৈছিল। অফিচৰ কামৰ লগতে অলপ ফুৰিও আহিব পাৰিব।
যোৱাকালি সিহঁতৰ কলিকতাৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ বিমান আছিল। যথাসময়ত মৃদুলহঁত আহি বিমান বন্দৰত উপস্থিত হ’ল। বিমানত উঠাৰ আগমুহূৰ্তত মুনমীয়ে দেখিলে যে এজন সুন্দৰ এয়াৰ হোষ্টেজে সকলোকে হাঁহিৰে সম্ভাষণ জনাই আছে। তায়ো হাঁহিৰে প্ৰত্যুত্তৰ দি ভিতৰলৈ সোমাই গ’ল। ভিতৰত প্ৰবেশ কৰিয়েই মুনমীৰ চকু পৰিল আন এজন দেখনিয়াৰ এয়াৰ হোষ্টেজৰ ওপৰত, যিজনে বয়-বস্তুবোৰ চিজিল কৰাত সহায় কৰি আছিল। তাৰ মানে আজি সিহঁত অহা বিমান খনত মহিলা এয়াৰ হোষ্টেজ নাই! মুনমীৰ কিয় জানো এবাৰ মৃদুলক জোঁকাই চাবলৈ মন গ’ল। মুনমীয়ে নিজৰ ছিটত লাহেকৈ বহি কাষতে বহা মৃদুলক হাতেৰে চিকুট এটা মাৰি ক’লে,-“আজি গুৱাহাটীলৈ গৈ বৰ ভাল লাগিব দেই!” মৃদুলে অকৰাৰ দৰে মুনমীৰ ফালে প্ৰশ্নবোধক দৃষ্টি নিক্ষেপ কৰিলে। মুনমীয়েও দুগুণ উৎসাহেৰে এয়াৰ হোষ্টেজ দুজনলৈ চকুৰে ইংগিত দি দেখুৱালে। মৃদুলে তাইলৈ এনেকৈ চালে যেন তাই পৃথিৱীৰ আটাইতকৈ নিষিদ্ধ কথাটো কোৱাৰ পাপ কৰিছে। তায়ো এৰি দিয়া ভকত নহয়। মৃদুলৰ মুখৰ অভিব্যক্তি দেখি তাই খুব ফূৰ্ত্তী পালে আৰু এখোপ ওপৰলৈ গৈ এইবাৰ কাণৰ কাষতে ক’লে,-“চোৱাচোন, সেই ওখ ল’ৰাটোৰ হাঁহিটোও কিন্তু কম ধুনীয়া নহয়! চিনাকি হ’ব পৰা হ’লে ভাল লাগিলহেতেঁন।” মৃদুলে এইবাৰ একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। কিন্তু দুই মিনিটমান পিছত হঠাতে বহাৰ পৰা উঠি মৃদুল সেই ওখ ল’ৰাটোৰ ফালে আগবাঢ়ি গ’ল। মুনমীয়ে দেখিলে যে মৃদুলে গৈ ল’ৰাজনৰ লগত কিবা কথা পাতিছে আৰু তাইৰ ফালেও মাজে মাজে চাইছে। এইবাৰ মুনমীৰ আচৰিত হোৱাৰ পাল। কথাটো কি, তাকো ধৰিব পৰা নাই তাই। অলপ পিছত মৃদুলে যুদ্ধ জয় কৰা বীৰৰ দৰে আহি নিজৰ ছিটত বহি তাইলৈ চালে আৰু ক’বলৈ ধৰিলে,-“তুমি সেই ল’ৰাজনক যে ধুনীয়া দেখিছা সেইটো কৈ আহিলোঁ আৰু তোমাৰ লগত চিনাকি হ’বলৈ মাতি আহিছোঁ।”

মৃদুলৰ কথা শুনি মুনমীৰ “ফাঁট মেলা বসুমতী পাতালে লুকাওঁ” যেন অৱস্থা হ’ল। তেনেতে দেখিলে যে সেই ওখ ল’ৰাজন দেখোন সিহঁতৰ ফালেই আহি আছে। তাই কি কৰিব একো উৱাদিহ নাপাই হাতত লৈ থকা মণিবেগটোকে খুঁচৰিবলৈ ধৰিলে আৰু আগন্তুক পৰিস্থিতিৰ বাবে নিজকে সাজু কৰিবলৈও চেষ্টা কৰিলে। হঠাতে ল’ৰাজনে,-“এক্স কিউজ মি মে’ম” বুলি কৈ তাইৰ চকুলৈ চাই হাঁহি এটা উপহাৰ দি, মিনাৰেল ৱাটাৰৰ বটল এটা আগবঢ়াই দিলে। তাই বটলটো লৈ মৃদুললৈ চাই দেখে যে সি মুখৰ ভিতৰতে হাঁহিটো সামৰি তাইৰ অৱস্থাটো বাৰুকৈয়ে উপভোগ কৰিছে। তেতিয়াহে মুনমীয়ে গম পালে যে, মৃদুলে আচলতে ল’ৰাজনৰ ওচৰলৈ তাইৰ কাৰণে পানীৰ বটল খুজিবলৈ গৈছিল। উফ! হওক তেওঁ ৰক্ষা! তাই আজি মিছাকৈয়ে বহুত নাভাৰ্চ কৰিলে। এইবাৰ তাইৰ নিজৰেই কথাবোৰ ভাবি হাঁহি উঠিল যদিও মৃদুলৰ আগত গহীন দেখুৱাই ওচৰতে থকা আলোচনীখন হাতত তুলি ল’লে।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.