ফটাঢোল

এক অনাকাংক্ষিত পৰীক্ষাৰ ইটো-সিটো – খনিন্দ্র ভূষণ মহন্ত

(১)

শুক্রবাৰে ৰাতি ‘মেইল’ আহিছে। দেওবাৰে পুৱা ১০-৩০ বজাৰ পৰা পৰীক্ষা! তাকো গুৱাহাটীত। ৯ বজাত কলেজত গৈ উপস্থিতি জাহিৰ কৰিব লাগিব। আইজ্জাও বালক! টেমাটো গৰম হ’বলৈ ইয়াতকৈ কিবা বেলেগ খবৰ লাগেনে এই পৃথিৱীত! অমুকা তেতিয়া আছো মামাৰ ঘৰত। মেইল দেখিয়েই খঙে-ভয়ে মুখৰ ৰং যে সলনি হৈছিল তাত কোনো সন্দেহেই নাই। পঢ়াৰ ঘৰত এটা বৃহৎ শূন্যই নাচি নাচি আগৰ পৰাই মোক ভেঙুচালি কৰিয়েই আছিল যদিও এনেই ‘গহীন ফিলিং’ এটা দি আছিলোঁ। কিন্তু এতিয়া উপায় নাই। ইতিমধ্যে মোৰ জোলোঙাৰ মেকুৰী বাহিৰ হ’বলৈ বেছি পৰ নাই বুলি মই জানি গৈছিলোঁ।

ৰাতিয়েই ‘চিলেবাচ’ খুচৰি উলিয়াই পৰীক্ষা নামৰ আচম্বিত যুদ্ধখনলৈ সাজু হ’লোঁ। সাজু মানে কি আৰু, যিহেতু পৰীক্ষা ‘অবজেক্টিভ টাইপ’ আছিল, “অক্কৰ, বক্কৰ, বম্বে, বৌ” কৰিম বুলি মনতে পাঙি ল’লোঁ।

এসপ্তাহ থাকিম বুলি ফুটাই থৈ যোৱাতো পাছ দিনা পুৱাই ঘৰ পোৱাত মা-দেউতা-ভণ্টী সকলোৱে মোৰ ‘ইজ্জতৰ ধাজ্জিয়া’ উৰালে। মই কিন্তু এইবোৰত উদাস দেই। সৰু-সুৰা কথাত মই পাত্তাই নিদিওঁ। দেউতাক পৰীক্ষাৰ কথা কওঁতে যিষাৰ হে বাক্য প্রক্ষেপ কৰিলে! হায়ৈ, সত্য যুগত হোৱাহেঁতেন, ফাঁট মেলা বসুমতী পাতালে লুকাওঁ বুলি ময়ো ‘গায়েব’ হৈ দিলোহেঁতেন! বোলে, “তইনো আজিলৈকে কোনটো পৰীক্ষাত চিন্তা কৰিছ?” কথাষাৰত লাজ পালোঁ যদিও অলপ সাহসো পালোঁ। মানে, অলপ চেল্ফ কনফিডেন্স বাঢ়িল।

সেইদিনাই আবেলিলৈ টালি-টোপোলা বান্ধি, মানে কলম, এডমিট লৈ গুৱাহাটীলৈ ওলালোঁ। মিছন- পৰীক্ষা!

(২)

খানাপাৰাৰ পৰা চিটি বাছেৰে গৈ আছোঁ। ভঙাগড়ত নামিম। সন্ধ্যা সময়। গাড়ীৰ ভিতৰত যেন কোনোবাই কুম্ভ-মেলাহে পাতিছে! উশাহ-নিশাহ চলাচল কৰিবলৈয়ো ঠাই অকণ নাই। কাৰোবাৰ যদি এখন হাত ওপৰৰ লোহাডালত দেখা গৈছে, আনটো হাত বিচাৰি পোৱা সাধ্য নাই। দুজনমান ইমানেই ওচৰা-ওচৰিকৈ থিয় হৈছে যে, দেখাত এটা শৰীৰতে দুটা ডিঙি থকা যেনেই লাগিছিল। বাছখন দুলি-দুলি গৈ আছে। তেনেতে আহিল মোলৈ বান্ধৱী এজনীৰ ফোন। মই হেল্ল’ বুলি ক’বলৈহে যেন তাই বাট চাই আছিল। “অই কাইলে কি হ’ব”, “একো পঢ়াই নাই”, “মই ফেইল কাইলে” ইত্যাদি ইত্যাদি এসোপামান মিছাৰ ফটকা ফুটাই গ’ল। মই হা, না কোৱাৰ একো সুবিধাই দিয়া নাই। এনেই চিটি-বাছৰ ভিৰ। তাৰ ওপৰত আকৌ এইজনীৰ বক-বকনি সোপা! মই গাড়ীৰ পৰা নামিম বুলি কৈ ফোনটো কাটিলোঁ। উস্। ৰক্ষা! ছোৱালীবোৰে যে ইমান মিছা কথা ক’ব পাৰে ঔ (বিশেষকৈ পঢ়াৰ ক্ষেত্রত)! গণেশগুৰি পাইছোঁ। মহিলা কণ্ঠ এটাই বাহিৰৰ পৰা সুধিছে, “চিট হ’বনে?” মোৰ ফটা মুখ। ওলায়েই গ’ল নহয়, “চিট আছে। কিন্তু সকলোবোৰতে মানুহ বহি বহি আছে।” ওচৰৰ মানুহকেইজনৰ অৱস্থাটো চাব লগীয়া হৈছিল। হাঁহিও উঠিছে, অথচ হাঁহিবলৈয়ো মন কৰা নাই।

পৰীক্ষাৰ আগত হেনো ‘টেনচন’ ল’ব নালাগে (আমাৰ চিনিয়ৰ এজনৰ দৈব্যবাণী)। এইবাৰ যেনিবা টেনচন লৈছোঁ যদিও পৰীক্ষাৰ নহয়, কেনেকৈ নামি যাম সেইটোৰ।

(৩)

কলেজৰ চৌহদত প্রৱেশ কৰি বিল্ডিঙটোৰ বাহিৰত নিজৰ বহা ঠাইকণ বিচাৰি ল’লোঁ। মূল গৃহৰ তলা খুলিবলৈ হাতত তেতিয়াও প্রায় এঘণ্টা সময় বাকী। ওখ গছ এজোপাৰ তলত ৰৈ আলেঙে-আলেঙে পৰীক্ষার্থীসকলৰ আও-ভাও লক্ষ্য কৰি আছোঁ। ‘গেং’ হিচাপত অহাবোৰৰ কথাৰ শেষ নাই। পঢ়াৰ কথাই পাতিছে নে আন কিবা নাজানো। দুই-এক ‘পঢ়াকু’ৱে একাষৰীয়াকৈ বহি ধুম-ধাম কিতাপ, বহীৰ পাত লুটিয়াইছে। মই মনতেহে, “এনে পৃথিৱীখন জয় কৰিব এতিয়া পঢ়ি!” বেছি সংখ্যকেই মোৰ দৰে ‘বিন্দাচ’ হৈ অহা যেনেই লাগিছে। না কিবা পোৱাৰ আশা, না কিবা হেৰুওৱাৰ ভয়।

নথি-পত্র পর্যবেক্ষণ কৰা হোৱাৰ পাছত আমাক শাৰী পাতি ভিতৰলৈ যাবলৈ অনুমতি দিয়া হ’ল। চর্ত এটাই- “হাতত এডমিটখন, কলমটো আৰু পৰিচয় প্রমাণ পত্রখন।” মোৰ ঠিক আগত থিয় দি থকা ছোৱালীজনীয়ে বেগটো থওঁতে ঘপহকে তাইৰ হাতৰ পৰা কলম, কাঠ পেঞ্চিল, স্কেল আৰু ৰবৰ সৰি পৰা দেখিলোঁ। মোৰ সৰু মগজুৱে আজিও বুজি নাপালে, যিখন এডমিট কার্ডত ‘ব্লক লেটাৰ’ত লিখা আছে যে কেৱল ক’লা বা নীলা কলমহে ব্যৱহাৰ কৰিব পাৰিব, সেইটো পৰীক্ষাত কাঠ পেঞ্চিল, স্কেল আৰু ৰবৰৰ কাম কি?

মোৰ মনলৈ এটা কথাই আহি আছিল, “Girls will be girls.”

(৪)

ৰোল নম্বৰটো বিচাৰি নিজৰ ঠাইত বহিলোঁ। তেতিয়াও পৰীক্ষা আৰম্ভ হ’বলৈ আধা ঘণ্টামান আছেই। মই নিজৰ মনটো স্থিৰ কৰিবলৈ যত্ন কৰি আছোঁ যদিও ভালকৈ পৰা নাই। মোৰ সন্মুখৰ বেঞ্চৰ একাষে বহা ছোৱালীজনী আৰু মোৰ সোঁ ফালৰ শাৰীত সমানে সমানে বহা ল’ৰাজন আগৰে চিনাকি বুলি সিহঁতৰ কথা-বতৰাৰ পৰা গম পালোঁ। দুয়োৰে কথোপকথন আছিল এনেধৰণৰ-

“আৰে তুমি দেখোন! কি খবৰ?”

“ভাল ভাল। তোমাৰ কোৱা।”

“ঠিক-ঠাক চলি আছোঁ। একো পঢ়া নাই জানানে। এনেই আহিছোঁ আৰু।”

“ময়ো একেই। সেইবোৰ বাদ দিয়া। নয়নৰ বিয়াত নেদেখিলোঁ যে?”

“যাব নোৱাৰিলোঁ। গা বেয়া আছিল। মই দীপাক কৈছিলোঁ।”

মই বোলো, এওঁলোক মনে-মনে থাকিব নে নাই ঔ! পাছ মুহূর্ততে আকৌ ল’ৰাজনে সুধিলে, “মৃণাল ছাৰৰ ল’ৰা এটা হ’ল নহয়। গম পোৱা নে?”

“হয় নেকি? মই গম পোৱা নাই।”

“HOD ছাৰৰ গা বেয়া হৈছিল। এতিয়া বা কেনে?”

“এতিয়া ভাল পাইছে। মই ফোন কৰিছিলোঁ।”

“অ অ। আমাৰ সেই যোৰাটোৰ খবৰ পোৱানে কিবা?”

“ব্রে’ক-আপ হ’ল নেকি? দুইটাই ষ্টেটাচত তামাম চেণ্টি ফালি থাকে দেখোন!”

মোৰ বিৰক্তি লাগিবলৈ আৰম্ভ কৰিছিল। কথাই বৰ বেয়াকৈ পাক লোৱাত মই কিবা এটা ক’বলৈ লওঁতেই পৰিদর্শক সোমাই আহিল। তাৰ পাছতহে কোঠাটো পৰীক্ষা হল পৰীক্ষা হল লাগিছে।

কথা পাতিবলৈয়ো যে মানুহে সময় পায়! তাকো বিষয়বোৰৰো যে ভাগ! বিয়া, ব্রে’ক-আপ ধেই!

বিঃদ্ৰঃ মোৰ পৰীক্ষা কেনেকুৱা হ’ল নুসুধিব৷ মই নিজেও নাজানো দেই ৷

☆★☆★☆

2 Comments

  • MITALI Saharia

    পৰীক্ষা কেনে হল ????

    Reply
  • জয়ন্ত দাস

    মজা লাগিল৷ পৰীক্ষা কেনে হল বাৰু? এনেই সুধিলো আৰু৷

    Reply

Leave a Reply

Your email address will not be published.