ফটাঢোল

এক আগষ্টৰ লটিঘটি – ৰাস্না বৰা

এই আগষ্ট মাহটোৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত মোৰ এই লটিঘটিৰ কাহিনীটো। আপোনালোকে চাগে ভাবিছে সেইটো আকৌ কেনে কথা। তেন্তে কওঁ শুনকচোন। শুনি আকৌ নাহাঁহিব দেই বেঙী বুলি। সেইবাৰ মই মেট্ৰিক পাছ কৰি তেজপুৰ গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ চেকেণ্ডাৰীত এডমিচন লৈছোঁ। গা একদম সাত খন আঠখন হৈ আছে। গাঁৱৰ পৰা টাউনত পঢ়িবলৈ যাম। তেতিয়া আমি আকৌ চহৰলৈ বছৰত এদিন দুৰ্গা পূজাৰ কাপোৰ কিনিবলৈ দেউতাৰ লগত আৰু পূজাৰ দশমীৰ দিনা বিসৰ্জন চাবলৈ গৈছিলোঁ মা, বৰমা, আইতাহঁতৰ লগত ৰিক্সাত উঠি বা লাইন বাছত উঠি। ঘূৰি আহোঁতে খোজ কাঢ়ি আহিছিলোঁ চমু বাটেৰে আন্ধাৰে মুন্ধাৰে। গতিকে কেনি গ’লোঁ কেনি আহিলোঁ গমেই নাপাওঁ। অন্য সময়ত টাউনলৈ যাবই নালাগে কাৰণ বেমাৰ হ’লে মিছন হস্পিতাল ওচৰতে। লগতে চিনেমা থিয়েটাৰ বছৰত এবাৰ চাবলৈও মিছন চাৰিআলিতে থিয়েটাৰো হয় আৰু ডিফেন্সৰ চিনেমা হল আছে। যি কি নহওক এইবাৰ সদায় চহৰলৈ যাম। অ’ পাহৰিছিলোঁৱেই সেইবাৰৰ পৰা নে আগৰ বছৰৰ পৰা চিটি বাছ চলিছিল আমাৰ ঘৰৰ মুখেৰে টাউনলৈ। দেউতা যিহেতু কৰ্মসূত্ৰে অসমৰ বাহিৰত আছিল গতিকে জুলাই মাহতে চুটি লৈ আহি মোৰ এডমিচন লগতে ইউনিফৰ্ম আদি কিনি থৈ গ’লগৈ। এক আগষ্টৰ পৰা ক্লাছ গতিকে মই বেলি ওলাওঁতেই সাৰ পাই গা পা ধুই গোঁসাই সেৱা কৰি ভাত পানী খাই নতুন মুগাৰ মেখেলা, ব্লাউজ, কিনা ধকধকীয়া সেউজীয়া পাৰিৰ চাদৰ (হাইস্কুলত মায়ে বৈ দিয়া সৰু সূতাৰ ডাঠ চাদৰ) তাতে দুডাল বেণীৰ পৰা এডাললৈ প্ৰমোচন, চকুত ঘৰত বনোৱা কাজল অকণ শেষত মুখত এলেপা আফগান স্ন’ৰ ওপৰত প’ণ্ডচ পাউদাৰ। বাঃ কি সাজোন কাচোন ঐ! ভৰিত নতুন চেণ্ডেল। হাতত এইছ এম টি ঘড়ী, সৰু ভাই ভনীহঁতৰ কি চাৱনি মোক বেঢ়ি বেঢ়ি। বেগটো লৈ ভণ্টি-ভাইটিহঁত ৰাস্তাত চিটিবাছ ৰখীয়া। মই ভাত এমুঠি মান গিলি বোলো অকণ পাছফালৰ পৰা আহোঁ দূৰলৈ যোৱা কথা। বাথৰূমৰ পৰা ওলাওঁতেই ভাইটিহঁতৰ চিঞৰ, “আহি গ’ল আহি গ’ল”। মই একেদৰেই গৈ ৮.৩০ৰ বাছত জাঁপ মাৰি উঠিলোঁ। আগৰ ষ্টপেজত লগৰ দুজনী উঠিব। ঠেলা হেঁচাত সিহঁতক উঠা নেদেখিলোঁ, ভাবিলোঁ আছে চাগৈ। ভিৰ কমোতে দেখোঁ যে, সিহঁত নাই। মানে সিহঁত চাগে একে বাটেৰে অহা গৰৈমাৰীখনত আৰু মই শলমৰাৰখনত। হে বিধি কি হ’ব এতিয়া? মইতো ক’ত নামিব লাগে নাজানো। লাজ মান কাটি কৰি ওচৰত বহা এজনক সুধিলোঁ যেনিবা কিন্তু এজনীযে ঠেলা হেঁচাত ভৰিত গছক দিওঁতেহে দেখিলোঁ মোৰ ভৰিত এপাত ভাইটিৰ নীলা ফিটাৰ হাৱাই আৰু এপাত মোৰ ৰঙা ফিটাৰ, দেখি মোৰ কাণ মূৰ গৰম। মানে মই পাছফালে যাওঁতেই নতুন জোৰ খোলা জেগাতে ৰ’ল। লাজত ফাঁট মেলা বসুমতী পাতালে লুকাওঁ। ভাবিলোঁ যি হ’ল হ’ল বজাৰত নামিম। ষ্টেণ্ডত নামি ৰিক্সাত উঠি বজাৰলৈ গৈ হাৱাই চেণ্ডেল কিনোতেই মাত্ৰ বাছ ভাড়াটোহে ৰ’ল। দেৰিও হ’ল গতিকে কোনো ছাত্ৰীক দেখা নাই। কি কৰোঁ। স্কুললৈ ৰাস্তা কেনি। মনত পৰিল আমাৰ স্কুলৰ সমুখত ৰঙা পাৰিৰ চাদৰ-মেখেলাৰ ইউনিফৰ্ম পিন্ধা ছোৱালীৰ স্কুল এখন আছিল। সেইবুলি পিছে পিছে গৈ বেংগলী গাৰ্লছ স্কুল পালোঁগৈ। নাই মোৰখন নাই। মানে শাৰী নহয় ৰঙা পাৰিৰ চাদৰহে আছিল। লাজ মান কাটি কৰি এজনক সুধিহে স্কুল পাওঁ মানে অসমীয়াৰ ক্লাছলৈ দীপ্তি বাইদেউ সোমালেই। মই অনুমতি লৈ সোমাওঁতেই কিয় পলম হ’ল সোধোঁতে মই ভয়তে কি ক’লোঁ মানে পইচা ৰিক্সা আছে চেণ্ডেল নাই মুঠতে চকু পানী শেষত। মৰমিয়াল বাইদেউৱে হাঁহি মাৰি বহিবলৈ ক’লে। চাওকচোন এক আগষ্টত মোৰ লটিঘটিখন।
নাহাঁহিব দেই।

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.