ফটাঢোল

এক দিন কা ভগৱান – মণিষা কাকতি

“আত্মাৰাম, ঐ আত্মাৰাম? উঠচোন উঠ!”

“হা! কোন?”

আত্মাৰাম ধহমহাই বিছনাত উঠি বহিল। এই দোভাগ ৰাতিখন কোনে তাৰ নাম লৈ ফুচফুচাই মাতে? সপোন দেখা নাইতো? লেলাৱটীখিনি হাতেৰে মচি উৎসুকতাৰে ইফালে-সিফালে চাই কোঠাটো পৰীক্ষা কৰিলে সি। এন্ধাৰ যদিও নিশ্চিত হ’ল যে এইমুহূৰ্ত্তত সি নিজ কোঠাৰ বিছনাতে আছে। কিন্তু মাতিলে কোনে তাক? চোৰ-ডকাইত সোমাল নেকি? চোৰে আকৌ চুৰ কৰিবলৈ আহি নাম কাঢ়ি মাতিব কিয়? তেন্তে? ওহো, ভূত-চুত হ’বই নোৱাৰে। সেইবোৰ সি বিশ্বাস নকৰে। ভগৱানক অৱশ্যে বিশ্বাস কৰে। সেইবুলি ভগৱানতো হ’ব নোৱাৰে।

“মই ভগৱানেই হয়।”

এইবাৰ মাতটো যেন নিচেই কাষত আছে তেনেকুৱা ভাৱ হ’ল তাৰ। স্পষ্ট, গলগলীয়া এটা মাত। আগৰবাৰৰ দৰে ফুচফুচাই কোৱা নাই। একে জাঁপে উঠি গৈ লাইটটো জ্বলাই দিলে সি। চাৰিওফালে চকু ফুৰালে। কতা! কোনো দেখোন নাই।

“ফটোখনলৈ চা মূৰ্খ।”

বিছনাৰ শিতানৰ ফালে থকা বেৰখনত এখন ভগৱানৰ ফটো আঁৰি থোৱা আছে। ভগৱান শ্ৰীকৃষ্ণৰ ফটো। মুৰুলী বজাই আছে। আত্মাৰাম ফটোখনৰ ওচৰলৈ গ’ল। কঁপা কঁপা হাতেৰে ফটোখন চুই চালে। তাৰপিছত লাহেকৈ বেৰৰপৰা নমাই আনি তলে-ওপৰে, সোঁৱে-বাৱে তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ ধৰিলে।

“ঐ মূৰ্খ, সোমাই আহিবি নেকি এতিয়া ফটোখনৰ ভিতৰলৈ?” — আকৌ সেই ধমকিভৰা বাক্যবাণ বতাহত ভাহি আহিল।

“আপুনি যদি সঁচাকৈয়ে ভগৱান হয়, তেন্তে দৰ্শন দিয়ক।” — সাহস গোটাই এইবাৰ আত্মাৰামে মুখ মেলিলে।

“বিছনাৰ গাৰুটোলৈ চা।” — পুনৰ নিৰ্দেশ আহিল তালৈ।

এটা মহৰ বাহিৰে গাৰুটোত সি একো নেদেখিলে। এই ক্ষুদ্ৰ মহটো ভগৱান হ’ব পাৰে জানো? ভগৱান হ’বলৈতো অদ্ভুত, অসাধাৰণ কিবা হ’ব লাগিব। কি অদ্ভুত, অসাধাৰণ অবশ্যে সি নিজেও নাজানে। কিন্তু সেইবুলি সদায় দেখি থকা, এক চাপৰত মাৰি পেলাব পৰা সাধাৰণ এই মহটো ভগৱান হ’ব নোৱাৰে। ইম্পছিব’ল!

“জানোৱেই মই। তোৰ যে বিশ্বাস নহয়। সেইকাৰণে তহঁতে যেনেদৰে পূজা কৰ সেইটো ৰূপৰ আঁৰ লৈয়ে তোৰ লগত বাৰ্তালাপ কৰিম বুলি ভাবিছিলোঁ। তোক আকৌ দৰ্শনহে লাগে, কটা নিধক! মনে মনে ছেল্ফী লোৱাৰ পাং পাতিছিলি নহ?”

“না-আ… নহয় মানে!”

“কি ‘নহয় মানে’ ‘নহয় মানে’ কৰি আছ? তোৰ লগত চুপতি মাৰিবলৈ অহা নাই মই। শুন, ভগৱান নিৰাকাৰ। কোনো ৰূপ নাই। সৰ্বব্যাপি। তহঁতেহে মন্দিৰ, মছজিদ, গীৰ্জা বনাই ধূপ-ধুনা, মমবাতি জ্বলাই ভগৱানক একেটা জেগাত বহাই ৰাখিছ। বেলৰ তল, তুলসীৰ তল, আহঁতৰ তল একো সাৰি যাব নোৱাৰে। মূৰ্খহঁত! মোৰ নিজৰ ওপৰতে লাজ লাগে ভাবি যে মইয়ে তহঁতক সৃষ্টি কৰিছিলোঁ। মাথা খাই দিছ মোৰ।”

অলপ সময় মৌনতা। আত্মাৰামে একো বুজিবই পৰা নাই তাৰ লগত আচলতে কি ঘটি আছে। মাজে মাজে সপোন যেনো লাগে, মাজে মাজে দিঠক যেনো। ট’টেলী কনফিউজড্। অথনিৰেপৰা ভগৱানে তাক গালিয়ে দি আছে। মুখ নেমেলাকৈয়ে সকলো বুজি পায়। একো পাত্তাই পোৱা নাই সি।

“এতিয়া আচল কথালৈ আহো। মোৰ কথা মন দি শুন। ঐ বুৰ্বক, শুনিছনে নাই? কি ভাবি আছ?” — ভগৱানৰ মাততহে সম্বিত ঘূৰাই পালে সি। নিৰ্দেশমৰ্মে ভগৱানে কি কয় মন দি শুনাত লাগিল।

“তই ‘ভগৱান’ হ’ব লাগিব… এদিনৰ বাবে। মানে অ’ফাৰৰ ভেলিদিটী চৌবিশ ঘণ্টালৈহে থাকিব। এদিনৰ বাবে তোক ভগৱানৰ সমস্ত পাৱাৰ প্ৰদান কৰা হ’ব। বিশ্ব-ব্ৰহ্মাণ্ড তোৰ মতে চলিব সেইদিনা। মই হৈ পৰিম তই মানে ‘আত্মাৰাম’। ভেলিদিটী শেষ হোৱাৰ লগে লগে দুয়ো পুনৰ আগৰ ৰূপ ঘূৰাই পাম। মই পুনৰ ভগৱান, তই পুনৰ আত্মাৰাম।”

“মানে ‘নায়ক’ চিনেমাৰ অনিল কাপুৰৰ দৰে? তাত এদিনৰ বাবে মুখ্যমন্ত্ৰী আৰু ইয়াত এদিনৰ বাবে ভগৱান” — তৎক্ষণাত কৈ উঠিল সি।

“ওঁ, ঠিক বুজিছ। হিন্দী চিনেমা খুউব চাৱ নহয়?”

“কিন্তু প্ৰভু অনিল কাপুৰৰ দৰে মইতো আপোনাৰ ইণ্টাৰভিউ ল’ব যোৱা নাই বা আপোনাৰ কাম-কাজৰ খতিয়ান বিচাৰিবলৈ যোৱা নাই। কিবা চেলেঞ্জ কৰিছোঁ বুলিও মনে নধৰে।”

“হওঁতে তই সেইবোৰ একো কৰা নাই। কিন্তু তহঁত মানৱজাতিটোৰ ওজৰ আপত্তিৰ শেষ নাই। মোক লৈয়ো তহঁতৰ ঢেৰ সমস্যা। সদায় শুনিয়েই থাকোঁ — ‘ভগৱান, মোৰ লগত এয়া কি অন্যায় কৰিলা?’, ‘ভগৱান নামতহে আছে, দুখীয়াৰ দুখ নেদেখে’, ‘কণা গোসাঁয়ে বেয়া চকুটো মোৰ ফালেহে ৰাখে’, ‘আৰু কিমান দুখ দিবা প্ৰভু’, ‘ভগৱান, মেৰে সাথ হি ক্যু?’ আৰু কত যে কিমান! আৰু সেই নিজকে ‘ভগৱান’ বুলি ভবাকেইজনৰ কথা নক’লোৱেই যেনিবা। বাপৰে! কি ওফাইডাং মৰা কথা! অৱ ভুক্ত’। এদিনৰ কাৰণে মোৰ আসনত বহি চা। তেতিয়া গম পাবি।”

কথাই কথাই কেতিয়াবা সি “মই যদি অমুক হ’লোহেতেঁন, তেন্তে ভচুক কৰিলোঁহেতেঁন; মই যদি কোহলি হ’লোহেতেঁন, ধোনীক দুই নম্বৰত বেটিং কৰাব পঠালোহেতেঁন; মই যদি মোদী হ’লোহেতেঁন, পাকিস্তান ছাৰখাৰ কৰি দিলোহেতেঁন” — এনেকুৱা দুই চাৰিটা কথাৰ ফুলজাৰি নমৰা নহয় বাৰু। কিন্তু “মই যদি ভগৱান হ’লোহেতেঁন, তেন্তে……..” বুলি কোৱাটো মনত পৰা নাই তাৰ। নিজৰ ঔকাত নিজে বুজি পায় সি। খু-দুৱনি মাৰ নিয়াবলৈ অৱশেষত সুধিয়েই পেলালে —

“কিন্তু প্ৰভু, মইয়ে কিয়? মানে পৃথিৱীত ইমান মানুহ থাকোতে মোকেই কিয় এই অ’ফাৰটো দিলে?”

“কাৰণ তোৰ নামত ‘আত্মা’ আৰু ‘ৰাম’ দুয়োটা আছে। সকলো আত্মাতে ৰাম অৰ্থাৎ ভগৱান বিৰাজমান — এই বাক্যশাৰী তোৰ ক্ষেত্ৰত শতকৰা এশভাগ প্ৰযোজ্য হৈছে। তদুপৰি তই হৈছ অকলশৰীয়া মানুহ। আগ-পিছ বুলিবলৈ কোনো নাই তোৰ। গতিকে চকিদাৰী মানে মই ক’ব খুজিছোঁ যে জগত-সেৱা কৰিবলৈ তই একদম পাৰফেক্ট। বিবাহিতবোৰকতো শুওঁতে নাক বজাবলৈয়ো পত্নীৰ অনুমতি লাগে, ভগৱান হোৱাৰ অনুমতি ক’ৰপৰা পাব?”

কথাখিনি কৈ মহৰূপী ভগৱান উৰি আহি আত্মাৰামৰ মূৰত পৰিল। লগে লগে তাৰ গাটো জিকাৰ খাই উঠিল। কিবা যেন অলৌকিক এক শক্তি আহি তাৰ শৰীৰত প্ৰৱেশ কৰিলে তেনেকুৱা ফীল হ’ল আত্মাৰামৰ।

“কিন্তু প্ৰভু…!”

ক্ষমতা হস্তান্তৰ কৰি ভগৱানে ‘আত্মাৰাম’ৰ ৰূপ ধাৰণ কৰিলে। সোঁহাতখন দাঙি আচল আত্মাৰামৰ কথা আধাতে বন্ধ কৰি নিজে ক’বলৈ ধৰিলে।

“কোনো কিন্তু চিন্তু পৰন্তু নাই। এতিয়া ঘড়ীত পুৱা চাৰে চাৰি বাজিছে। তোৰ পাৱাৰে কাম কৰিব ঠিক চাৰি বাজি উনষাঠি মিনিট উনষাঠি ছেকেণ্ডৰপৰা। গুডলাক! চি ইউ টুম’ৰ’ মৰ্নিং।” — এইবুলি কৈয়েই সদ্য পদত্যাগী ভগৱান প্ৰস্থান কৰিলে হিৰো ষ্টাইলত। মনত এদিনীয়া হ’লিডে’ উপভোগৰ লাড্ডুৰ ধামাকা। বিশ্বাস-অবিশ্বাসৰ দোমোজাত থকা আত্মাৰামে একো কোৱাৰ সুযোগেই নাপালে।

আত্মাৰাম এতিয়া ফুল-ফ্লেজেড ‘ভগৱান’। সি ভাবিলে কাম আৰম্ভ কৰাৰ আগতে কিবা এটা খাই লোৱা যাওক। পিছত সময় নিমিলিবও পাৰে। এশ পয়ত্ৰিশ কোটিৰ ‘ভাল দিন’ৰ বাবে আমাৰ প্ৰধান মন্ত্ৰীয়ে দিনে ষোল্ল-ওঠৰ ঘণ্টা কাম কৰে। তেন্তে বিশ্ব ব্ৰহ্মাণ্ডৰ ভালৰ বাবে চিন্তা কৰোতা ভগৱানে চাগৈ খাবলৈ শুবলৈ সময়েই নাপায়। খোৱাৰ কথা মনলৈ আনোতেই তাৰ ভাৱ হ’ল যে তাৰ দেখোন ভোকেই লগা নাই। কি আচৰিত! আৰে পাহৰিছিলেই! সিতো এতিয়া ভগৱান। ভোক-পিয়াহ, টোপনি-ভাগৰ এইবোৰে তাক এতিয়া ঢুকি নাপায়। সকলোৰে উৰ্ধত এতিয়া সি। তাৰমানে ভগৱানক চৰণত অৰ্পিত পূজা-অৰ্চনা, বুট-মাহ, লাড্ডু-শৰাই, ধন-সোণ, বলি-বিধান — সৱ অথলেহে যায়।

ভগৱান হৈ প্ৰথম কাম হিচাপে আত্মাৰামে জৰুৰী বৈঠক আহ্বান কৰিলে। ‘নায়ক’তো অনিল কাপুৰে তেনেকুৱা কৰা মনত আছে তাৰ। তেত্ৰিশ কোটি দেৱ-দেৱীৰ লগত চিনাকি হৈ কামৰ বুজ লওতেই আধা সময় পাৰ হৈ গ’ল। তাৰ মাজতে ‘হে প্ৰভু, এইবাৰলৈ ৰক্ষা কৰা’, ‘আল্লা কে নাম পে কুচ্চ দে ভাই’, ‘অ’হ গড, ছেভ মি’ আদি গানৰ অডিঅ’ কেছেটখন অহৰ্নিশে বাজিয়ে থাকিল তাৰ কাণত। মন্দিৰৰ ঘণ্টাৰ আৱাজ, মাইকত আজানৰ চিঞৰ, জনপ্ৰিয় গানৰ ভক্তিমূলক পেৰ’ডী ইত্যাদিৰ উৎপাততো কাণৰ পৰ্দা ফটাৰ উপক্ৰম হ’ল। দুটামান ভিডিঅ’ও চকুৰ ৰেটিনাই ধৰা পেলালে — আল্লাৰ নাম লৈ এদল মানুহে এঘৰত জুই লগাই দিছে; ফল চুৰিৰ অপৰাধত পুৰোহিতে এটা সৰু ল’ৰাক নিৰ্দয়ভাবে পিটিছে; গাৰ ফটা-ছিৰা কাপোৰ সামৰি এজনী ছোৱালী কান্দি কান্দি ওলাই গৈছে মন্দিৰৰপৰা; ‘জয় শ্ৰীৰাম’ ‘জয় শ্ৰীৰাম’ বুলি মাইকত টেটুফালি এজন নেতাই দুনীয়াৰ মিছা কথাৰ ফুলজাৰি মাৰি আছে। এইবোৰ দেখি শুনি আত্মাৰামৰ আত্মা কঁপি উঠিল। মানুহ যে মানুহ হৈ থকা নাই কথাটো পোনপ্ৰথমবাৰৰ বাবে সি উপলব্ধি কৰিলে। লগে লগে মানৱৰ ভেশত থকা দানৱকেইটাক উপযুক্ত শাস্তি প্ৰদানৰ আদেশ জাৰী কৰিলে যমক।

কাম কৰোঁতে কৰোঁতে কেতিয়া চাৰে চাৰি বাজি গ’ল আত্মাৰামে গমেই নাপালে। চন্দ্ৰদেৱতাই নাইট ছিফ্ট সমাপ্ত কৰি সূৰ্যদেৱতাৰ হাতত ডে’ ছিফ্ট গতাই দিলে। চৌবিশ ঘণ্টা শেষ হওঁ হওঁ। কিন্তু এটা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ এতিয়াও বাকী আৰু কামটো সি নিজেই সমাধা কৰিব লাগিব।

ঠিক সেই মুহূৰ্ত্ততে হ’লিডে’ত থকা পাৱাৰলেছ ভগৱান অৰ্থাৎ ‘আত্মাৰাম’ৰ হাৰ্ট এটেক হ’ল আৰু য’তে আছিল তাতেই ঢলি পৰিল।

যমদূতে আনি দিয়া ‘আত্মাৰাম’ৰ আত্মাটো হাতত লৈ আত্মাৰামে এক কুটিল হাঁহি মাৰিলে।

“আৰু বনা মানুহক ‘ভগৱান’। পালি এতিয়া মজাটো! ক্ষমতাৰ বাবে মানুহে কৰিব নোৱাৰা কাম যে একো নাই, সেই সত্যটো আগতেই বুজি পাব লাগিছিল… মূৰ্খ ভগৱান!” — তাচ্ছিল্যৰ সুৰত কৈ উঠিল আত্মাৰামে।

☆★☆★☆

18 Comments

  • Bikash

    সুন্দৰ

    Reply
  • Mukut bhattacgarjya

    বাপৰে কি কি ভাবা হে তুমি। ভগবানকে মাৰি পেলালা।

    Reply
  • Nilakshi Devi Deka

    অপূৰ্ব সুন্দৰ লিখনি। ভীষণ ভাল লাগিল। টুইষ্টটো সাংঘাতিক। 👌👌

    Reply
  • জাহ্নৱী

    ভাল লাগিল মনীষা

    Reply
  • Manisha Kakati

    পঢ়ি চোৱা বাবে অশেষ ধন্যবাদ।

    Reply
  • তৃষ্ণা সো

    চমৎকাৰ লেখা, বেচেৰা ভগৱান

    Reply
  • Abhijit

    সুন্দৰ হৈছে

    Reply
  • ধোকা ৰিয়েল ভগৱানক

    Reply
  • ভাল হৈছে

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • সুকুমাৰ গোস্বামী

    মজ্জা

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল মনীষা৷ চেইম থিমত ময়ো একবাৰ লিখি চাইছিলো, কেইমাহ মান আগত৷

    বঢ়িয়া হৈছে৷

    Reply
  • দিম্পল

    সাংঘা বাই

    Reply
  • Rintumoni Dutta

    প্ৰকাশভংগী খুব সুন্দৰ হৈছে, ভাল লাগিল পঢ়ি মনীষা

    Reply
  • মাধুৰ্য্য

    কিছু লিখিছা মনিষাবা

    Reply
  • Manisha

    Thank you for reading

    Reply
  • প্ৰথম তিনি চতু্ৰ্থাংশ এক্সিলেণ্ট ! শেষ ৰ খিনি জাষ্ট বেটাৰ !

    মনৰ কথাহে ক’লোঁ৷😊

    Reply
    • Manisha

      ধন্যবাদ চিদাদা। সেইটো কথা ময়ো অলপ অনুভৱ কৰিছোঁ। আগলৈ চেষ্ট কৰিম।

      Reply

Leave a Reply

Your email address will not be published.