ফটাঢোল

এখন চিঠি – হিৰণ্যজ্যোতি দাস

সাৰ পাইছোঁ যদিও অলসভাৱে বিচনাত পৰি আছোঁ৷ আজি দেওবাৰ, গতিকে ৮ বজাৰ আগেয়ে নুঠো বুলিয়েই পৰি আছোঁ৷ সপ্তাহৰ বাকীকেইটা দিন কাউৰীয়ে কা কা নকৰোঁতেই উঠিব লাগে৷ চাৰে ছয় বজাৰ ৰেলত উঠি মহানগৰীলৈ গৈ অফিচ কৰি পুনৰ চাৰে পাঁচ বজাত প্ৰত্যাবৰ্তন কৰাটো অভ্যাস হৈ পৰিছে৷ গতিকে দেওবাৰৰ পুৱাটো বিচনাত পৰি থকাটো আমাৰ দৰে লোকৰ কাৰণে চূড়ান্ত বিলাসিতা আৰু এই বিলাসিতা পূৰ্ণ কৰিবলৈয়ে মই বিচনাৰপৰা উঠি অহা নাই৷

কিন্তু আজি মোৰ ভাগ্য সুপ্ৰসন্ন নাছিল৷ কলিংবেলটো হঠাৎ বাজি উঠিল৷ এবাৰ দুবাৰকৈ যেতিয়া তিনিবাৰ বাজিল বিচনাৰপৰা উঠি অহাৰ বাহিৰে মোৰ গত্যন্তৰ নাছিল৷ দৰ্জা খুলিয়েই দেখিলো এজন অপৰিচিত ভদ্ৰলোক৷ মোক দেখি তেখেতে কৈ উঠিল, “আপোনাৰ ওচৰলৈ মোক আপোনাৰ বন্ধু প্ৰসন্নই পঠাইছে আৰু মোক আপোনাক এই চিঠিখন দিবলৈ কৈছে ৷”

প্ৰসন্ন মোৰ বন্ধু৷ ষ্টেচন আৰু মোৰ ঘৰৰ মাজতে তাৰ ঘৰ৷ কালিও তাক লগ পাইছোঁ৷ সিটো মোক একো কোৱা নাই৷ হঠাৎ এনেকুৱা কি ঘটনা ঘটিল যাৰ বাবে সি চিঠি লিখি এজন অচিনাকী ভদ্ৰলোকক মোৰ ওচৰলৈ পঠিয়াইছে৷ যি কি নহওক বহুদিনৰ মূৰত চিঠি এখন যে পালো, আজিকালি দেখোন সকলোৱে ম’বাইলেই ব্যৱহাৰ কৰে৷ চিঠি দেখিবলৈকে নোহোৱা হৈছে ৷ অফিচৰ কামত যি দুই এখন চিঠি দেখা যাই সেয়াই৷ মই যে শেষ চিঠিখন কেতিয়া পাইছিলো, মনতেই নাই৷ গতিকে চিঠিখন দেখি তাৰ ওপৰত মোৰ কৌতুহল জন্মাটো স্বাভাৱিক৷ লগে লগে মই চশমাযোৰ উলিয়াই পঢ়িবলৈ আৰম্ভ কৰিলো,

“প্ৰিয় বন্ধুবৰ,

পত্ৰে নমস্কাৰ গ্রহণ কৰিবা৷ বিশেষ এটা কাৰণত দৌৰাদৌৰিকৈ চিঠিখন লিখিব লগা হ’ল৷ চাৰিদিনৰ আগতে তুমি অফিচৰপৰা ঘূৰি আহোঁতে হঠাৎ বৰষুণ দিয়াৰ বাবে মোৰ ঘৰৰপৰা মহেন্দ্ৰ দত্তৰ ক’লা ছাতি এটা লৈ গৈছিলা৷ কিন্তু ছাতিটো তুমি এতিয়াও ঘূৰাই দিয়া নাই৷ ছাতিটো মোৰ নাছিল, সিদিনা বজাৰৰপৰা আহোঁতে বৰষুণ দিয়াৰ কাৰণে এজন চিনাকী দোকানীৰপৰা খুজি আনিছিলো৷ আজি দোকানীজনে ছাতিটো বিচৰাৰ কাৰণে ছাতিটো দি পঠিয়াবা বুলি আশা কৰিলো৷ ছাতিটো দোকানীজনে চহৰলৈ যাওঁতে বৰষুণ দিয়াৰ বাবে পত্ৰবাহকজনৰপৰা ধাৰলৈ আনিছিল৷ আজি পত্ৰবাহকজনে নিজে ছাতিটো নিবলৈ আহিছে, গতিকে তেওঁক তেওঁৰ ছাতিটো ঘূৰাই দিয়া যেন৷

ইতি,
তোমাৰ বন্ধু
প্ৰসন্ন”

চিঠিখন পঢ়ি উঠি মানুহজনলৈ চালো৷ চিন্তাক্লিষ্ট মন৷ অলপ বহিবলৈ ক’লো, “চাহ খাই যাব৷” মানুহজনে বহি লৈ ক’লে, “ছাতিটোৰ মালিক ময়ো নহয়। যিজন মানুহৰপৰা মই ছাতিটো লৈছিলো তেওঁ মোক কেইবাদিনো ধৰি ছাতিটোৰ কথা লৈ ফোন কৰি আছে, কিয়নো তেওঁৰ যিজন খুলশালীৰপৰা ছাতিটো আনিছিল তেওঁক হেনো ছাতিৰ আচল মালিকে ছাতিটো ঘূৰাই দিয়াৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আছে৷ এতিয়া খুলশালীয়েকৰ হেঁচাৰপৰা পৰিত্ৰাণ পাবলৈ তেখেতে মোক যেনেতেনে আজি ছাতিটো লৈ যাবলৈ কৈছে৷”

“চাহ খাওক৷ ছাতিটো মোৰ ওচৰত আছে। ৰ’ব, দিছোঁ৷”

কথাখিনি কৈ মই পাছফালৰ বাৰান্দা পালোগৈ, য’ত মই ছাতিটো থৈছিলো। আৰু মোক অবাক কৰি ছাতিটো যথাস্থানত নাই৷ চিঞৰি সুধিলো, “হেৰা, ইয়াতে যে মই সিদিনা ছাতি এটা থৈছিলো, ক’লৈ গ’ল?”

“অ’, কালি যে বাপুকণ আহিছিল, যাবৰ সময়ত বৰষুণ দি থকা দেখি মইয়েই তাক সেইটো দি পঠিয়াই দিলো৷”

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.