ফটাঢোল

এখন ব্যতিক্ৰমী নাটক : সত্যপ্ৰসাদ বৰুৱাৰ ‘নায়িকা-নাট্যকাৰ’– চাহিন জাফ্রি

অসমীয়া নাট্যসাহিত্যৰ এটি চিৰ-পৰিচিত নাম সত্যপ্রসাদ বৰুৱাক (১৯১৭-২০১১) নাট্যপ্রভাকৰ নামেৰেও জনা যায়। একেধাৰে অভিনেতা, নাট্যকাৰ আৰু নাটসমালােচক সত্যপ্ৰসাদ বৰুৱা অসমীয়া নাট্য-সংস্কৃতিৰ জীৱনজোৰা সাধক। নাটক আৰু অভিনয়কে জীৱনৰ মূল হিচাপে লােৱা নাট্যকাৰ বৰুৱাই ঐতিহাসিক, পৌৰাণিক,সামাজিক আদি বিভিন্ন বিষয় বস্তুৰ বহুকেইখন নাটক ৰচনা কৰিছিল। মৌলিক নাটকসমূহৰ উপৰিও তেওঁ বহুকেইখন দেশী-বিদেশী নাটকৰ অসমীয়া অভিযােজনা আৰু
অনুবাদো কৰিছিল। ইয়াৰ বাহিৰেও পূর্ণাঙ্গ মঞ্চ-নাটক, একাংকিকা আৰু অনাতাঁৰ কেন্দ্র যােগে প্রচাৰিত নাটকো তেওঁ ৰচনা কৰিছিল। বৰুৱাৰ দ্বাৰা ৰচিত মৌলিক নাটক সমূহ হৈছে— চাকৈ-চকোৱা (১৯৪০),কল্পনাৰ মৃত্যু (১৯৪০), শিখা (১৯৫৭), জ্যোতিৰেখা (১৯৫৮), শাশ্বতী (১৯৬৬),ভাস্বতী (১৯৬৬), দুপৰ নিশা (১৯৬৬), জৱালা (১৯৭৬), নায়িকা-নাট্যকাৰ (১৯৭৬),মৃণালমাহী (১৯৭৬), ধৰালৈ যিদিনা নামিব সৰগ (১৯৮৬), আশা (১৯৮৬), ফুলকলি(১৯৮৬), আনাৰকলি (১৯৫৭), কুনাল কাঞ্চন (১৯৫৮), ৰাণাদিল (১৯৫৮), অংগীকাৰ(১৯৮৬), সিংহাসন (১৯৮৬) ইত্যাদি।

অনুবাদ নাটক সমূহ হৈছে ৰজা ইডিপাছ (১৯৬৪), মেকবেথ(১৯৮০),ওথেল’ (১৯৭৪), এন এনিমি অৱ দ্য পিপল, বনহংসী, সাগৰ চিলনী,অন্তিমসঙ্গীত,ওভাৰকোট, বৈকুন্ঠের উইল আৰু তিনিখন পাঞ্জাৱী নাটক- লুহাৰ, পুৰণি বটল, দময়ন্তী ইত্যাদি।

সত্যপ্রসাদ বৰুৱাৰ মৌলিক নাটকসমূহৰ ভিতৰত বিষয়বস্তু, চৰিত্ৰসৃষ্টি, ভাষা আৰু পৰিৱেশন পদ্ধতিৰ ওপৰত ভিত্তি কৰি নায়িকা-নাট্যকাৰ খনকেই শ্রেষ্ঠ নাটকৰ মর্যাদা দিব পাৰি। নাৰী মনস্তত্ত্বৰ ভেটিত ৰচনা কৰা এই নাটকখনে অসমীয়া নাট্য-সাহিত্যলৈ এক উল্লেখযােগ্য বৰঙণি আগবঢ়াইছে। বাস্তৱ সমস্যা প্রধান কাহিনী এটাক অভিনৱ ভাৱে নাটকখনত উপস্থাপন কৰােৱা হৈছে।নাটকখনৰ প্লট নির্মিত হৈছে-শাশ্বতী আৰু ভাস্বতী নামৰ দুটা নাৰী চৰিত্ৰক কেন্দ্ৰ কৰি। বিবাহ আৰু জীৱন সম্পর্কে ভিন্ন মত পােষণ কৰা দুটা বিপৰীত ধর্মী নাৰী চৰিত্ৰ শাশ্বতী আৰু ভাস্বতীৰ মাজেৰেই নাটকখনৰ কাহিনীভাগ আগবাঢ়িছে। বৰুৱাৰ শাশ্বতী আৰু ভাস্বতী প্রথমে দুখন বেলেগ নাটক আছিল যদিও পিছলৈ এই দুয়ােখন নাটককে একেলগে কৰি ‘নায়িকা-নাট্যকাৰ নামেৰে প্রকাশ কৰা হয়। শাশ্বতী আৰু ভাস্বতী একাংকিকা দুখনৰ সম্পূৰ্ণৰূপ নায়িকা-নাট্যকাৰ’ত প্রকাশ পাইছে আৰু এই নাটকখনকে তেওঁ পিছলৈ Cross Fire নামেৰে ইংৰাজীলৈও অনুবাদ কৰে।

নাটকখনৰ কাহিনী অনুসৰি-ভাস্বতীৰ সৰু কালতে (১১বছৰ) বিয়া হৈছিল। কিন্তু নগৰত ডাঙৰ হােৱা ছােৱালী ভাস্বতীয়ে গাঁৱৰ লৰা বিমলৰ সতে গাঁৱলৈ গৈ সেই পৰিৱেশত মিলিব নােৱাৰিব বুলিয়েই দেউতাকে তাইক স্বামী গৃহলৈ নপঠিয়ালে। ইফালে বিমলাে তেতিয়া উপার্জনক্ষম হৈ উঠা নাছিল। ভাস্বতীক দেউতাকে নিজৰ ঘৰতে ৰাখি পঢ়ুৱাইছিল। পিতৃগৃহতে আদৰত থাকি পঢ়া-শুনা কৰি ভাস্বতীয়ে এম.এ. আৰু পি.এইচ.ডি ডিগ্রী লাভ কৰে। উচ্চ শিক্ষা গ্রহণ কৰাৰ লগতে ভাস্বতী পুৰণি কলীয়া সামাজিক ৰীতি-নীতি তথা নিয়ম-কানুনৰ প্রতি বিদ্রোহী হৈ উঠে। ইয়াৰ মাজতে স্বামী বিমলে তাইক কেইবাবাৰাে নিবলৈ আহে যদিও তাই যাবলৈ অস্বীকাৰ কৰে। বিবাহ কি বুজি পােৱাৰ আগতেই যােৰকৈ বান্ধি দিয়া সম্পর্কটোক ভাস্বতীৰ পৰিপক্ক মগজুৱে মানি লব টান পালে। তাৰােপৰি শাৰীৰিক দূৰত্বইও তেওঁলােকৰ সম্পর্ক দৃঢ় হ’বলৈ নিদিয়াত দুয়াে দুয়ােৰে বাবে অচিনাকী হৈ ৰ’ল। আনহাতে এইখিনি সময়তে ভাস্বতীৰ জীৱনলৈ হিমাংশু নামৰ অন্য এজন শিক্ষিত যুৱক আহে আৰু তাই তেওঁৰ সৈতে বিবাহত সােমাবলৈ সিদ্ধান্ত গ্রহণ কৰে। আনকি এই কথা তাই মাক-দেউতাক আৰু পূৰ্বৰ-স্বামী বিমলৰ আগত স্পষ্ট ভাৱে জনাই দিয়ে।

নাটকখনৰ আন এটা চৰিত্ৰ শাশ্বতী আছিল ইয়াৰ সম্পূর্ণ বিপৰীত। শাশ্বতীৰ স্বামী এজন মানসিক ৰােগী আৰু তেওঁ এগৰাকী কন্যা সন্তানৰ মাতৃ। শাশ্বতীৰ ককায়েকে বাৰে বাৰে তাইক স্বামীৰ সতে বিবাহ-বিচ্ছেদ (যুডিছিয়েল চেপাৰেচন) ঘটাবলৈ উপদেশ দিয়ে যদিও তাই মানি নলয়। তাইৰ মতে যিখন সমাজে তাইক নীতি নিয়মেৰে এজনৰ সৈতে বন্ধনত বান্ধিছে, মানসিক ৰােগী হলেও তাই তেওঁক এৰিব নােৱাৰে। আনহাতে তেওঁলােকৰ বিবাহৰ সাক্ষী হিচাপে এজনী কন্যা সন্তানাে আছে , যাক বুকুত বান্ধি লৈয়েই তাই ওৰে জীৱনটো পাৰ কৰিব বিচাৰে। পৰম্পৰাগত নিয়মত বিশ্বাসী শাশ্বতীয়ে ককায়েকৰ উপদেশকে অগ্রাহ্য কৰি ৰুগীয়া স্বামীৰ সৈতে সুখে-দুখে কটাবলৈ পিতৃ-মাতৃৰ পৰা আঁতৰি আহে। তাইৰ এই সিদ্ধান্তই দেউতাককো সুখী কৰি তােলে।

নাটক খনৰ সম্পৰ্কত ড° শৈলেন ভৰালীয়ে এইবুলি মন্তব্য কৰিছিল –
“আধুনিক জীৱনৰ জটিলতা আৰু নতুন চিন্তা-চৰ্চাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিমনৰ অনুভূতি প্রদর্শন কৰাৰ চেষ্টাৰে চৰিত্ৰৰ মনােবিশ্লেষণ কৰা হৈছে– সত্যপ্ৰসাদ বৰুৱাৰ নায়িকা-নাট্যকাৰৰ দৰে নাটকত। বিবাহ আৰু স্বামীৰ সম্পৰ্কত ভিন্ন-সুৰীয়া ধাৰণা গ্রহণ কৰা দুগৰাকী নাৰীৰ বিবেকৰ প্ৰবাহ ইয়াত দাঙি ধৰা হৈছে। এগৰাকী প্রাচীন মূল্যবােধত বিশ্বাসী,সমাজে বান্ধি দিয়া নীতি-নিয়ম অনুসৰি ব্যক্তিগত সুখ স্বাচ্ছন্দ্যৰ কাৰণে দাম্পত্য জীৱনৰ বন্ধন ছিন্ন কৰাৰ বিৰােধী আৰু আন গৰাকী সমাজৰ নীতি-নিয়মবােৰৰ নামত ভণ্ড দাম্পত্য জীৱন যাপন কৰি ব্যক্তিগত সুখ পৰিত্যাগ কৰাতকৈ বিবাহ-বন্ধন ছিন্ন কৰাৰ পক্ষপাতী। আচলতে বিবাহ আৰু স্বামীৰ সম্পৰ্কত দুটা বিপৰীত দৃষ্টিভঙ্গীয়ে নাট্যকাৰৰ মনত সৃষ্টি কৰা সংঘাত চৰিত্ৰ দুটাৰ জৰিয়তে প্রদর্শন কৰা হৈছে।”১

অংক আৰু দৃশ্য বিভাজনহীন এই নাটকখনত নাৰী জীৱনৰ দুটা ভিন্ন সমস্যা বিশ্লেষণ কৰি দেখুৱাবলৈ যত্ন কৰা হৈছে। কিন্তু তাকে দেখুৱাবলৈ নাট্যকাৰে এটা নতুন আৰু অভিনৱ পদ্ধতি গ্রহণ কৰিছে। সেয়া হ’ল— তেওঁ নিজেও নাটকখনৰ মাজত
সােমাই পৰিছে। নাট্যকাৰ চৰিত্ৰটোৰ অৱতাৰণাই নাটকখনক এটা নতুন ৰূপ দিছে।তেওঁ নাটকখনৰ মাজত সােমাই নিজস্ব দৃষ্টিভঙ্গীৰে নাৰী দুৰাকীক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে। তেওঁৰ মনৰ মাজত চলি থকা নাৰী দুগৰাকীৰ চৰিত্ৰৰ বিশ্লেষণত নাট্যকাৰ অথবা চৰিত্ৰৰ অন্বেষণত নাট্যকাৰ বুলি ক’লেও নাটকখনৰ নামকৰণ সার্থক হ’লহেঁতেন বুলি ইতিমধ্যে সত্যেন্দ্রনাথ শৰ্মাইও ‘অসমীয়া নাট্যসাহিত্য’ গ্ৰন্থখনত স্বীকাৰ কৰিছে।

নায়িকা-নাট্যকাৰ’ নাটকখনৰ কাহিনীভাগলৈ মন কৰিলে দেখা যায় যে—ইয়াত সম্পূর্ণ দুটা কাহিনীৰ কৌশলপূর্ণ ভাৱে সংযােগ কৰি দেখুওৱা হৈছে। নাট্যকাৰৰ মনােবিশ্লেষণৰ মাজত চৰিত্ৰবােৰে আত্মপ্রকাশ কৰিছে। নাটকখনত ভাস্বতী চৰিত্ৰটোৰ মাজেৰে এটা বৈপ্লৱিক মনৰ পৰিচয় ফুটি উঠিছে। তাই প্রাচীন ৰীতি-নীতি আৰু তথাকথিত সামাজিক ব্যৱস্থাৰ বিৰােধী এগৰাকী আধুনিক মনৰ নাৰী। তেওঁ সমাজৰ ফোপােলা নিয়ম-নীতিৰ বিৰুদ্ধে বিপ্লৱ ঘােষণা কৰিছে আৰু অতি সাহসিকতাৰে তথা যুক্তিপূর্ণ ভাৱে তাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে।
অন্তঃসাৰশূণ্য অসুখী দাম্পত্য জীৱনত বন্দী হৈ মৰিবলৈ নিবিচাৰি বিবাহ-বিচ্ছেদৰ জৰিয়তে তাৰ পৰা মুক্তি পাব বিচাৰিছে আৰু তাই বিচৰা ধৰণেই এটা নতুন জীৱন যাপন কৰাৰ কথা ভাবিছে। আনকি, শিক্ষিত ডেকা হিমাংশুৰ সৈতে তাই পুনৰ
বিবাহত বহাৰ কথাও পৰিকল্পনা কৰিছে। পুৰণি কলীয়া তথা সাতাম পুৰুষীয়া নিয়মবােৰৰ বশবর্তী হৈ বেয়া হ’লেও স্বামীক দেৱতাজ্ঞান কৰি থকা বিধৰ নাৰী নাছিল ভাস্বতী।আনহাতে, ইয়াৰ বিপৰীতে শাশ্বতী সমাজৰ নিয়ম পৰম্পৰাত বিশ্বাসী এগৰাকী পৰম্পৰাগত নাৰী। শাশ্বতীয়ে সামাজিক মূল্যবােধ আৰু বিশ্বাসৰ প্রতি গভীৰ আস্থা আৰু শ্ৰদ্ধা পােষণ কৰে। একে পৰিস্থিতিৰে সন্মুখীন হৈও শাশ্বতীয়ে বিবাহ-বিচ্ছেদ কৰিব নিবিচাৰে। বৈবাহিক বান্ধোনৰ পবিত্ৰতা ৰক্ষা কৰি ৰুগীয়া হ’লেও সেইজন স্বামীৰ পৰিচৰ্যা কৰি তেওঁৰ সৈতে জীৱনটো পাৰ কৰিব বিচাৰে। শাশ্বতীৰ চৰিত্ৰৰ মাজেৰে এগৰাকী আদর্শ ভাৰতীয় নাৰীৰ ৰূপ প্রতিফলিত হৈছে। সমাজৰ নিয়ম-পৰম্পৰাক কোনাে কাৰণতেইভাঙিব নােখােজা শাশ্বতীয়ে ককায়েকে ডিভোৰ্চৰ কথা কওঁতে এইবুলি প্রত্যুত্তৰ দিছিল—
“মুক্তি নাই নাই, তেনে মুক্তি মই নিবিচাৰাে। শাশ্বত যি সম্বন্ধ তাকে আজি তােমালােকৰ শ্বাশ্বতীয়ে মানি ল’ব। মােক আজি আন একো নেলাগে। নেলাগে তােমালােকে আইনৰ সহায়ত দিব খােজা মুক্তি, নেলাগে মােক দেউতাই সজোৱা অট্টালিকা। স্বামী আৰু ছােৱালীকনক লৈ সৰু জুপুৰীঘৰতে আৰম্ভ হ’ব মােৰ নতুন জীৱন।”২

ইয়াৰ বিপৰীতে ভাস্বতীয়ে আকৌ সমাজৰ বিৰুদ্ধে বিপ্লৱ ঘােষণা কৰিছিল। ভাস্বতীৰ এষাৰ মন্তব্যৰ জৰিয়তেই তাইৰ বিদ্রোহী সত্ত্বাৰ উমান পােৱা যায়-
“সমাজৰ কথা মােক ন’কব। আমাৰ বেলিকাহে সমাজ সদায় সজাগ, কিন্তু পুৰুষৰ বেলিকা সমাজ সদায় শুই থাকে। সমাজে কিয় মােৰ স্বামীৰ দ্বিতীয়বাৰ বিয়া কৰাওঁতে বাধা নিদিলে? সমাজে কিয় তেতিয়া মােৰ স্বামীক মােৰ প্ৰতি থকা তেওঁৰ দায়িত্বৰ কথা সোঁৱৰাই নিদিলে ? এইখন সমাজৰ দোহাই নিদিব। পুৰুষে গঢ়া নীতি-নিয়মবােৰৰ কথা ক’লে মােৰ মনটো বিদ্রোহী হৈ উঠে। সমাজে সদায় আমাৰ নিষ্পেষণ কৰাটো আমি আৰু সহ্য কৰি নাথাকোঁ।৩

নাটকখনত ভাস্বতী চৰিত্ৰটোৰ মাজত ইবচেনৰ “Dolles house” নাটকৰ নােৰা চৰিত্ৰটোৰ প্ৰভাৱ দেখা যায়। এনেদৰে নাট্যকাৰে এই দুই চৰিত্ৰৰ মাজেৰে নাৰী মনৰ দুই বিপৰীত ধর্মী আচৰণৰ সংযােগ ঘটাই এই সমস্যা প্রধান বিষয়ক নাটকৰ মাজেৰে উপস্থাপন কৰাইছিল।

নাটকখনৰ আন এটা মন কৰিবলগীয়া কথা হৈছে—নাট্যকাৰ চৰিত্ৰটো। এই চৰিত্ৰটো নাটকখনৰ কাহিনীৰ অন্তৰ্গত চৰিত্ৰনহয় যদিও ইনাটকখনৰ কাহিনীটো আগবঢ়াই নিয়াত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। ইয়াত নাট্যকাৰ ৰূপে চৰিত্ৰবােৰৰ মনােজগতত বিচৰণ কৰিছে, তেওঁলােকক চালি-জাৰি চাইছে। তেওঁৰ মনৰ মাজতে চৰিত্ৰবােৰে আত্মপ্রকাশ কৰিছে। চৰিত্ৰটোৰ সম্পর্কে সত্যেন্দ্র নাথ শৰ্মাই এইবুলি মন্তব্য কৰিছিল―
“নাটকখনৰ প্রকৃত নায়ক হৈছে নাট্যকাৰ, কাৰণ গােটেই নাটখন অভিনীত হৈছে তেওঁৰ মনত, সৃষ্টিকামী মন..। নাটৰ অন্যতম প্রধান চৰিত্ৰ ৰূপে নাট্যকাৰে অংশগ্রহণ কৰিছে।৪

নাট্যকাৰ, ভাস্বতী আৰু শাশ্বতীৰ বাহিৰেও নাটকখনত আৰু কেইবাটাও চৰিত্ৰৰ সংযােগ ঘটিছে। তাৰ ভিতৰত বিমল, হিমাংশু, ৰেৱতী, ভাস্বতীৰ দেউতাক,ৰমনীৰঞ্জন,ভাস্বতীৰ মাক,শাশ্বতীৰ দেউতাক বিভূতি বৰুৱা ,শাশ্বতীৰ কন্যা নিৰু ইত্যাদি।
“বিমল পৰম্পৰাগত ৰক্ষণশীল সমাজৰ পুৰুষ শ্ৰেণীৰ প্ৰতিনিধি।যি স্থলত বিমলে এগৰাকীক বিয়া কৰাইও ভাস্বতীৰ ওপৰত নিজৰ কৰ্তৃত্ব আৰোপ কৰিবলৈ বিচাৰিছে তেনেস্থলত হিমাংশু প্ৰস্তুত হৈছে বিবাহিত ভাস্বতীক বিয়া কৰাই সমাজৰ তথাকথিত ৰক্ষণশীলতাক উফৰাই পেলাবলৈ বিমল পুৰণিৰ চামৰ আৰু হিমাংশু নতুনৰ বাৰ্তাবাহক।”৫

নাটকখনত ভাস্বতীৰ দেউতাক এজন কন্যাদায়গ্ৰস্ত পিতৃ।সমাজৰ নিয়ম মানি অনিচ্ছা সত্বেও জীয়েকক বিয়া দিব লগা হৈছে যদিও, গাঁৱৰ পৰিবেশত জীয়েক মিলিব নোৱাৰিব বুলিয়েই তেওঁ সচেতন হৈ উঠিছে।বিমলে বহুবাৰ নিবলৈ অহাৰ পাছতো জীয়েকক তেওঁৰ লগত নপঠিয়াই উচ্চশিক্ষা লাভৰ বাবে উৎসাহিত কৰাটোত তেওঁৰ উদাৰ মন আৰু অফুৰন্ত পিতৃস্নেহ ফুটি উঠিছে।এখন ৰক্ষণশীল সমাজৰ মাজত থাকিও তেওঁৰ এনে ধৰণৰ চিন্তা-চৰ্চাই তেওঁক এটা প্ৰগতিশীল চৰিত্ৰ হিচাপে প্ৰমাণিত কৰে।

শাশ্বতীৰ পিতৃ বিভূতি বৰুৱাও এজন মৰমিয়াল আৰু দায়িত্বশীল পিতৃ।কন্যা শাশ্বতীৰ বিবাহ বান্ধোন ছিঙি যোৱাটো তেওঁ কেতিয়াও কামনা কৰা নাছিল যদিও তাইৰ দুখ হ’ব বুলি তেওঁ বাৰে বাৰে চিন্তা কৰিছে।আনকি তেওঁ তাইৰ বাবে এটা নতুন ঘৰো সজাই দিব খুজিছিল।কিন্তু জীয়েকৰ অটল সিদ্ধান্তত তেওঁ অধিক সুখী হৈছিল আৰু নতুন জীৱনৰ বাবে হিয়া উজাৰি আশীৰ্বাদ দিছিল।
শাশ্বতীৰ ককায়েক ৰেৱতীৰ মাজত এজন ‘বস্তুবাদী মানসিকতা’ৰ পুৰুষৰ ছবি দেখা যায়।তেওঁৰ কথাত যুক্তি থাকিলেও সহমৰ্মিতাৰ অভাৱ আছিল।ভনীয়েকৰ মনটো বুজিব চেষ্টা নকৰি সিহঁতৰ বিবাহ-বিচ্ছেদৰ কথাটোত বেছিকৈ জোৰ দিয়া ৰেৱতীৰ মাজত এজন হৃদয়হীন মানুহৰ ছবি দেখিবলৈ পোৱা গৈছিল।
শাশ্বতীৰ স্বামী ৰমনীৰঞ্জন মানসিক ৰোগী।নাটকখনত তেওঁৰ বিশেষ ভূমিকা নাই যদিও চৰিত্ৰটোৱে দৰ্শকৰ সহানুভূতি আদায় কৰিবলৈ সক্ষম হয়।অংকৰ অনাৰ্চ গ্ৰেজুৱেট, ইউনিভাৰ্চিটিৰ ৰেকৰ্ড ফৰ্ম লোৱা ৰমনীৰঞ্জনে কি পৰিস্থিতিত পৰি মানসিক ৰোগী হ’ল,নাটকখনত সেয়া স্পষ্ট নহয় যদিও তেওঁ যে জীৱন যুদ্ধত যুঁজি হে মানসিক বিকাৰগ্ৰস্ত হ’ল সেই কথাৰ উমান পোৱা যায়।
সমাজৰ নিয়মৰ বিৰুদ্ধে যাব নোখোজা ভাস্বতীৰ মাক নাটকখনৰ এটা সহজ-সৰল চৰিত্ৰ।নিজ কন্যাৰ বিবাহ আৰু ভৱিষ্যতক লৈ চিন্তিত হোৱা ভাস্বতীৰ মাক নাৰীৰ সহজাত প্ৰবৃত্তিৰে সিক্ত এটা গতানুগতিক চৰিত্ৰ।সমাজৰ ওচৰত জীয়েকৰ বদনাম হ’ব বুলি ভাবিয়েই মাক বাৰে বাৰে সচেতন হৈ উঠিছিল আৰু ইয়াৰ বাবে দেউতাককে জগৰীয়া কৰিছিল।যিমান পঢ়া-শুনা কৰালেও ছোৱালীৰ ভাল-বেয়া বিচাৰ কৰাৰ দায়িত্ব মাক-দেউতাকৰ হে বেছি বুলি তেওঁ ভাৱে।ৰক্ষণশীল সমাজখনৰ নিয়ম-নীতিত অভ্যস্ত ভাস্বতীৰ মাক নাটকখনৰ এটা টাইপ চৰিত্ৰ।
‘নায়িকা-নাট্যকাৰ’ নাটকখনত সংলাপ প্রয়ােগৰ ক্ষেত্ৰতো নাট্যকাৰৰ সফলতা দেখা যায়। বিশেষকৈ সমাজৰ ৰক্ষণশীলতাৰ পৰা মুক্তি বিচৰা ভাস্বতীৰ বলিষ্ঠ সংলাপে দর্শকক আকর্ষিত কৰে। আনহাতে শাশ্বতীৰ সংলাপৰ মাজতো দেখা যায় নাৰী সুলভ কোমলতা, সহনশীলতা আৰু মানৱীয় আৱেদন পূর্ণ গভীৰ অনুভৱ। নাটকখনৰ প্রায়বােৰ চৰিত্ৰৰ সংলাপৰ মাজেৰেই যেন দর্শকৰ বাবে একাধিক বক্তব্য অন্তর্নিহিত হৈ আছে তেনে বােধ হয়। নাটকখনৰ বেছিভাগ সংলাপেই সমালােচনাধর্মী, নির্দেশমূলক আৰু উচ্চ ভাৱ-ভাষা সম্পন্ন।

আংগিক আৰু কলাকৌশলৰ ক্ষেত্ৰতাে নাটকখনত অভিনৱত্ব দেখা যায়।নাটকখনত চেতনা প্রবাহ আৰু অধিবাস্তৱবাদী ভাৱধাৰাৰ সংমিশ্রণ ঘটিছে। লগতে প্রগতিবাদী সুৰ এটা সমগ্র নাটকখনৰ মাজেৰেই বৈ আছে। ইবচেনৰ বাস্তৱধৰ্মী নাট্যৰীতিৰ প্রভাৱ নাটকখনত পৰিছিল বুলি একে আষাৰেই ক’ব পাৰি। চিন্তামূলক সামাজিক সমস্যা এটাক বিষয়বস্তু হিচাপে লৈ নাট্যকাৰে ভাঙোনমুখী সমাজখনলৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।নাৰী মনস্তত্বৰ জটিল সমস্যা, পুৰুষ প্রধান সমাজৰ মনোেভাৱ, প্রাচীন মূল্যবােধত নতুন চামক সুন্দৰ ভাৱে ফুটাই তুলিবলৈ যত্ন কৰা হৈছে। উক্ত দিশবােৰলৈ চাই নাটকখনক এখন সামাজিক সমস্যা প্রধান নাটক বুলি ক’ব পাৰি। বিষয়বস্তুৰ সঠিক নিবাচন, উপস্থাপনৰ অভিনৱত্ব, চৰিত্ৰৰ যথাযথ ব্যৱহাৰ, আংগিকৰ সফল প্রয়ােগ আৰু সংলাপৰ চাৰুত্বই নাটকখনক এক সুকীয়া মর্যাদা প্রদান কৰিছে। ক’ব পাৰি অসমীয়া নাট্য-সাহিত্যত সত্যপ্ৰসাদ বৰুৱাৰ ‘নায়িকা নাট্যকাৰ’ এক অভিনৱ আৰু অৱিস্মৰণীয় সংযােজন।
_____________________

পাদটীকা:

১. চন্দ্র প্রসাদ শইকীয়া (সম্পা.) গৰীয়সী, শৈলেন ভৰালীৰ প্ৰৱন্ধ-অসমৰ নাট্য সংস্কৃতি ঐতিহ্য আৰু আধুনিকতা, পৃ. ১৮. ২০০১
২. কনকচন্দ্ৰ ডেকা, (সম্পা.) সত্যপ্রসাদ বৰুৱাৰ স্ব-নির্বাচিত নাটক, পৃ. ৩১৯
৩, কনকচন্দ্ৰ ডেকা, (সম্পা.) সত্যপ্রসাদ বৰুৱাৰ স্ব-নির্বাচিত নাটক, পৃ. ৩২১
৪. সত্যেন্দ্রনাথ শর্মা, অসমীয়া নাট্য-সাহিত্য, পৃ.
৫. চেতিয়া সন্দিকৈ, স্মৃতিৰেখা, আধুনিক অসমীয়া নাট্য-চিন্তন, পৃ.১৬০

☆★☆★☆

Leave a Reply

Your email address will not be published.