ফটাঢোল

এখন সাধুকথাৰ দেশ – বিনয় কৃষ্ণ তামুলী ফুকন

এখন দেশত এজন ৰজা আছিল। এইখন দেশত এজন মন্ত্ৰীহে থাকে। এখন আজৱ দেশৰ কাহিনী এয়া। আগৰ দিনত মন্ত্ৰীৰ কাম আছিল ৰজাক মন্ত্ৰণা দিয়া। এইখন দেশত আকৌ ৰজাৰ কাম জনতাক যন্ত্ৰণা দিয়া।
এইখন দেশৰে নতুন সাধু এটা কওঁ শুনক।

এইখন বৰ আজৱ দেশ। পূৰ্বে বংশানুক্ৰমিক ভাৱে ৰজাৰ পুতেক ৰজা হোৱাৰ নিয়ম আছিল যদিও এতিয়া হেনো ৰাইজেই ৰজা। গতিকে এইখন দেশত ৰজা নাথাকে। মন্ত্ৰীহে থাকে। মন্ত্ৰীৰ কাম ৰজাক মন্ত্ৰণা দিয়া। কিন্তু ইমানবোৰ ৰাইজৰ যেতিয়া ৰজা, কাক মন্ত্ৰণা দিব মন্ত্ৰীয়ে? গতিকে মন্ত্ৰীয়ে আৰামত শুই বহি, হামিয়াই, হিকটিয়াই  সময়বোৰ পাৰ কৰে। কুম্ভকৰ্ণই ছমাহ খাই ছমাহ শুইছিল। এইখন দেশৰ মন্ত্ৰীয়ে একেৰাহে পাঁচ বছৰ অৰ্থাৎ ষাঠি মাহ একেৰাহে শুৱে। ৰজাবোৰেও (মানে ৰাইজ) একো আপত্তি নকৰে। ৰজাবোৰক পাঁচবছৰৰ মূৰত কিছুমান সাধুকথা কৈ দিলেই খুচ হৈ যায়। এনে সাধুবোৰৰ ভিতৰত ধৰক- দেশখনত পোহৰৰ নাটনি হৈছে। মন্ত্ৰীয়ে সাধু কয় -‘ৰাইজ ৰজাসকল এইবাৰ মই পোহৰৰ বাবে সূৰ্যটো অলপ তললৈ নমাই অনাৰ কথা ভাবিছিলো। পিছে সূৰ্য বৰ তপত। তাতে পৃথিৱীৰ পৰা বেছি দূৰৈত। চন্দ্ৰৰ পোহৰ কোমল আৰু ই ওচৰত। গতিকে এইবাৰ যদি মোক মন্ত্ৰী পাতে তেনে চন্দ্ৰটোকে নমাই আনিম। পিছে চন্দ্ৰটো তললৈ নমাবলৈ এডাল জখলা সাজিব লাগিব। আমাৰ দেশত তেনে কাৰিকৰ নাই। আৰু আপোনালোক ৰজা। আপোনালোকক এনে শ্ৰম কৰোৱাবলৈ বেয়া লাগিব। গতিকে আমাৰ কাষতে থকা দেশখনৰ পৰা অলপ কাৰিকৰী মানুহ লৈ আহোঁ বুলি ভাবিছোঁ। ৰাইজৰ ৰজাই মন্ত্ৰীৰ কথাত সমস্বৰে হৈ ধ্বনি দিয়ে। পিছে এইখন দেশত ৰাইজেই ৰজা। সিখন দেশৰ পৰা অহা কাৰিকৰী মানুহবোৰো এদিন ৰাইজ হ’ব। ৰজা হ’ব, সেই কথাৰ ভূ নাৰাখে।

এই দেশত কিবা সমস্যাৰ উদ্ভৱ হ’লেই শুই থকা মন্ত্ৰীয়ে নিহালি তলৰ পৰা মূৰটো ওলিয়াই উকমুকৰ পোৱালি এটি মেলি দিয়ে। ৰাইজ ৰজাই উকমুকৰ পোৱালী দেখি, খেদি, বিভোৰ হয়। মূল সমস্যা তল পৰে। পাঁচ বছৰৰ অন্তত মন্ত্ৰীৰ ম্যাদ উকলে। ৰজাই নতুন মন্ত্ৰী পাতে। একদম সহজ এই মন্ত্ৰী নিৰ্বাচনৰ কাম। মন্ত্ৰী হ’ব খোজা সকলক একোটা সাধু ক’বলৈ দিয়া হয়। সাধু শুনি ৰজা সকলে হাত চাপৰি বজাই দিব। যাৰ সাধুৰ শেষত সৰহকৈ হাত চাপৰি পৰিব সিয়েই মন্ত্ৰী হ’ব।

সাধু কথাৰ দেশ এইখন।
সাধু সাধু খাই কঁঠালৰ বাদু
সাধুৰ মাকে ল’ৰাই নাপালে
কাক নিচুকাই থাকোঁ।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.