ফটাঢোল

এচিড মাইনাৰ প্ৰেম – তৃষ্ণা টি ভূঞা

কলেজীয়া জীৱনটো বাৰু কাৰ অপ্ৰিয়৷ বিশেষকৈ মোৰ নহয় দেই৷ ইউনিভাৰছিটি যাওঁ যদিও এতিয়া গৱেষণাকাৰী হিচাবে চিৰিয়াছ মহিলাৰ ভাও ধৰি থাকিব লাগে, তথাপিও মনটো সেই বিছ একৈছ বছৰীয়া ছাত্ৰী যেনেই৷ বাংক্ মাৰি চিনেমা চাবলৈ যোৱা, পৰীক্ষাৰ সময়ত লাইব্ৰেৰীত গ্ৰুপ ষ্টাডিৰ নামত আড্ডা মাৰা, কলেজ হোষ্টেলৰ ৰোমাঞ্চক কাহিনী, কেণ্টিনৰ সাতুৰিব পৰা পনীয়া দাইল, আৰু কত কি যে মিছ কৰোঁ! যোৱাকালি ছেমিনাৰৰ কাৰণে ইউনিভাৰছিটি গৈ যেন স্মৃতিৰ সোপাটো আকৌ খোল খালে৷ আছলতে মাজে সময়ে থেচিচৰ কামত যাওঁ যদিও বি.এ., এম. এ. ৰ ছাত্ৰ ছাত্ৰীৰ লগত হাই হেল্লো আৰু সময় সাপেক্ষে লোৱা ক্লাছ লেকচাৰবিলাকৰ বাহিৰে এনেই ইমান বাহিৰা কথা বতৰা নহয়৷ যোৱাকালি মোৰ ছেমিনাৰৰ পিছত বহু দেৰি সিহঁতৰ লগত ঔপচাৰিক বিষয়ৰ বাহিৰেও আন বহুত কথা পাতিলোঁ যাৰ ফলত স্মৃতিৰ পখিলা উৰি একেবাৰে কলেজীয়া দিনৰ দুৱাৰত টোকৰ মাৰিলে৷

কথাটো মই কটন কলেজত হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা দিনৰেই৷ তেতিয়া বিজ্ঞান আৰু আমাৰ কলা মাধ্যমৰ কাৰণে অসমীয়া বিভাগৰ ক্লাছসমূহ একেলগে হৈছিল৷ ছাত্ৰ ছাত্ৰী বেছি কাৰণে দুটা ক্লাছৰুম লোৱা হৈছিল যদিও দুয়োটা বিভাগৰ খিচিৰি কৰি চেক্সন বনাই ক্লাছ লোৱা হৈছিল৷

সেই ক্লাছটোত পঢ়াশুনাৰ বাহিৰে প্ৰেম, কাজিয়া, আড্ডা সকলো হৈছিল৷ আগফালৰ দুশাৰীমান ডেস্ক বেঞ্চৰ চিৰিয়াছ ল’ৰা ছোৱালীবিলাকক বাদ দি বাকীবিলাক কবি, চিত্ৰকাৰ, চেনি, গুণ্ডা আৰু কি কি নাছিল৷ কোনোবাই যদি ডেস্কতে নিজৰ ভালপোৱাজন বা জনীৰ নামটো ৰঙা আহত পাত এটাৰ ভিতৰত লিখি মাজেৰে কাড় আঁকিছে, কোনোবাই হয়তো মেডামৰ স্কেটছ্ বনাই ডাঢ়ি মোছ আঁকিছে, কোনোবা চেনিয়ে অহৰহ ছোৱালী পতাবলৈ চেষ্টা কৰিছে, বা কোনোবা প্ৰেমযুগলে চকুৰেই পিৰিতি কৰিছে৷

যিহেতু ইমান ছাত্ৰ ছাত্ৰী সেইটো ক্লাছত, সকলোৰে নামবোৰ জানি চিনাকি হোৱা ইমান সম্ভৱপৰ নাছিলে৷ তাতে আকৌ সকলোৰে লগত মাতবোল কৰি চেনি খিতাপ পাব বুলি বহুতে ভয়ো কৰিছিল৷ আমাৰ ছোৱালীবিলাকক আকৌ ল’ৰাবোৰে আমাৰ গুণ বিশেষে মাইনা নাম দিছিল বুলি গোপন সূত্ৰৰপৰা গম পাইছিলোঁ৷ যেনে বেছিকৈ হাঁহি মাতি থকাকেইজনী হেপ্পী মাইনা, সাজি কাচি অহাকেইজনী ফেশ্বন মাইনা, অলপতে খঙ কৰি থকা কেইজনী বিদ্ৰোহী মাইনা ইত্যাদি৷ যদিও কমকৈ কথা কওঁ, মুখখন চোকা কাৰণে মই এচিড মাইনাৰ খিতাপ পাইছিলোঁ৷ আমি ছোৱালীবোৰেও ল’ৰাবিলাকক নাম নিদিয়া নহয়৷ কিন্তু এহ নকওঁ দিয়ক৷ এইটো গোটত মোৰ কোনোবা ক্লাছমেট থাকিলে ৰি-ইউনিয়ন পাৰ্টীবোৰত পাই মোক কিলাব৷

বাৰু বহুত বকলা মেলিলোঁ৷ কথাটো এনেকুৱা যে সেই সময়ত বিজ্ঞান বিভাগৰ ল’ৰা এজনৰ ওপৰত মোৰ ভয়ংকৰ ক্ৰাছ আছিল৷ ক্ৰাছ মানে একেবাৰে তাৰ কাৰণেই যেন সেই ক্লাছটো মিছ নকৰিছিলোঁ৷ কিন্তু সি অলপ অকৰা আছিল৷ হাই হেল্লো আৰু মোৰ বত্ৰিছ দঁতীয়া হাঁহি আৰু তাৰ বেঙা হাঁহিটোৰ বাদে আন একো কথাৰ আদান প্ৰদান হোৱা নাছিল৷ আমি দুয়ো সদায় ওচৰা ওচৰি বেঞ্চত বহিছিলোঁ৷ মানে সি আহি নাপালে মই মোৰ বেগটো ওচৰৰ বেঞ্চখনত ৰাখি থৈছিলোঁ যাতে আৰু কোনো নবহে৷ আৰু সেই বেঙাটোৱে আহি তাতেই বহিছিল৷

এদিন ক্লাছৰ মাজতে টোপনিয়াই থাকোঁতে হঠাতে মোৰ ভৰিৰ ওচৰত কাগজ এখন পৰাত খকমককৈ উঠিলোঁ৷ খুলি চাওঁ যে কোনোবা মহাশয়ৰ প্ৰেম কবিতা! মোৰ নামটোও উল্লেখ আছে৷ ইফালে সিফালে চাওঁতে মোৰ বেঙাটোৰ চকুৱে চকুৱে পৰিলে৷ ফূৰ্তিতে মানে মোৰ বান্ধৱীজনীক কথাটো ক’লোঁ আৰু তাই ক’লে, “সিয়েই হয় নহ’লে সি সদায় তই ৰাখি থোৱা ঠাইত কিয় বহে!”  তাৰ পিছত কেইদিনমানৰ মোৰত আৰু এখন পালোঁ৷ এইবাৰ আকৌ মোৰ ৰূপ বখানি লিখিছে৷ মই বোলো ভালেই কনফিডেন্স আহিছে ল’ৰাৰ৷ প্ৰথমখন মানে বহুত ভাৰী ভাৰী শব্দেৰে লিখা প্ৰেমৰ কবিতা আছিল৷ ভাবিলোঁ, ছমাহ হৈ গ’ল মোক দেখা আৰু বুজি নাপালে মোৰ ফিলিংছ, এতিয়াই উত্তৰ নিদিওঁ৷ তাৰে পিছদিনা আৰু এখন চিঠি ভৰিৰ ওচৰত৷ মই ভাবিলোঁ বৰ চোকা দেই এইপাত৷ ওচৰতে বহি বহি বেঙাই কেতিয়া এইফেৰা কাম কৰে গমেই নাপাওঁ! পিছদিনা ক্লাছৰ পিছত এইবাৰ  লগ পাবলৈ মাতিছে দীঘলী পুখুৰীৰ ওচৰত৷ একেবাৰে মোৰ মন থৌকিবাথৌ৷

যথা সময়ত গ’লোঁ৷ সেইদিনা আৰু অলপ সাজিকাচি লচপচাই গৈছোঁ৷ মনতে ভয়ো লাগিছে কাৰণ মায়ে সাৱধানবাণী শুনাই থৈছে যে ল’ৰাবোৰ বৰ টেঙৰ আৰু সিহঁতৰ লগত হলিগলি কৰি ৰসাতলে নাযাবলৈ৷ কিন্তু “গব্বৰ মে অভী বড়ী হো গয়ী“ বুলি মনতে কুটিল হাঁহি এটা মাৰি লগ কৰিবলৈ গ’লোঁ৷ দেখিলোঁ সি তেতিয়ালৈ অহাই নাই৷ খঙ উঠিলে বহুত আৰু মনতে ক’লোঁ, “বেটা তই মোক চিনাই নাই৷ আজি নাহিলে যি মচলা দিম গম পাবি..!”

অলপ পিছত দেখিলোঁ মোৰ বন্ধু এজন মোৰ ওচৰলৈ চুচুক চামাককৈ আহিছে, পিছফালে হাত দুখন লুকাই লুকাই৷ সিও সেই বেঙাটোৰ লগতে পঢ়ে আৰু অসমীয়া ক্লাছত মোৰ পিছফালেই বহে৷ আহি খোনাখুনিকৈ ক’লে,

: থেংকিউ৷

মই বোলো,
: মানে কি?

সি ক’লে,
: তুমি যে মোৰ মনৰ কথাটো বুজিছা আৰু মোক লগ কৰিবলৈ মান্তি হৈছা৷

এইবুলি কৈ হাত দুখন আগফালে আনি ৰঙা গোলাপ এথোপাও দিলে৷

মই মনতে বোলো হায় ৰাম! তাক ক’লোঁ,
: তইচোন এনেই মোৰ লগত জুইত ফুটা আখৈটোৰ নিচিনাকৈ অহৰহ কথা পাতি থাক৷ আৰু এনেকৈ চোৰৰ নিচিনাকৈ চিঠি দিলি যে?

সি সেপ ঢুকি ক’লে,
: জানানে তোমাক আমি ল’ৰাবোৰে বৰ ভয় কৰোঁ৷ কিছুমানে তোমাক সেইকাৰণে এচিড মাইনাও নাম দিছে৷ তোমাৰ প্ৰশংসা কৰিব বা খোলাখুলিকৈ ভাল পাওঁ বুলি ক’বলৈ সাহস কাৰো নাই৷ চিঠিকেইখন দি টেষ্ট কৰিলোঁ কৰবাত তুমি ৰুষ্ট হোৱা নাইতো৷ যেতিয়া দেখিলোঁ তুমি চিঠিকেইখন পঢ়ি মিচিকিয়াইছা সেয়ে পজিটিভ ৰিয়েকচন পোৱা বুলি ভাবিলোঁ৷

মই মুখ মেলি শুনি থাকিলোঁ৷ তাৰ লগতে বেঙাটোৰ প্ৰতি থকা প্ৰেমখিনিও জলাঞ্জলী দি তাৰপৰা একো নোকোৱাকৈ গুচি আহিলোঁ৷ মনতে ক’লোঁ, “মাম্মী আপ ঠিক হী কেহতে হো৷ ল’ৰাবোৰক বুজাটো বৰ টান৷”

☆★☆★☆

Leave a Reply

Your email address will not be published.