ফটাঢোল

এজন ভূতপূৰ্ব মন্ত্ৰীৰে সাক্ষাৎকাৰ (আৰাধনা বৰুৱা)

মূললেখাঃ পদ্মশ্ৰী শাৰদ যোশী (‘এক ভুতপূৰ্ব মন্ত্ৰী চে মুলাকাত’)

অনুবাদঃ আৰাধনা বৰুৱা

“আজিকালিৰ ল’ৰাছোৱালীয়ে গাখীৰকণ খীৰাবও নাজানে অ’৷ কি যে হ’ব ইহঁতৰ।”

মই যেতিয়া তেওঁৰ ঘৰগৈ পাইছিলোঁ তেওঁ তেতিয়া পুত্ৰধনক গাখীৰ খিৰাবলৈ শিকোৱাত লাগিছিল৷

মন্ত্ৰীত্ব থকাৰ সময়ত ঘৰৰ পদূলিমুখত গাড়ী ৰখাই থোৱা স্হানত আজিকালি ম’হ বন্ধা থাকে৷

মোক দেখি তেওঁ ক’লে-

“গেলা ঘাঁত নিমখ ছটিয়াবলৈ আহিলা নেকিহে?”

“নিমখ ইমানো সস্তা নহয় আৰু দিয়ক যে এনেকৈ নষ্ট কৰিম৷

আপোনালোকৰ দিনতে নিমখৰ দামো বাঢ়িল নহয়৷”

“আৰে আমাৰ পাৰ্টিক কিয় দোষ দিছা হে? আমিয়েইচোন লোন আন্দোলনো কৰিছিলোঁ৷”

তাৰ পিছত তেওঁ মুখৰ ভিতৰতে ভোৰভোৰাই থাকিল,”যি আহে সিয়েই কেৱল আমাৰ পাৰ্টিকে দোষ দিয়ে! আপুনিও কি বিৰোধী দলৰে নেকি?”

“উৱা আজিকালি আপোনালোকৰ পাৰ্টিহে দেখোন বিৰোধী দল”

তেওঁ কিছুসময় তভকমাৰি ৰ’ল আৰু তাৰ পিছত ক’লে-

“আমাৰ দল কেতিয়াও বিৰোধী দল হ’ব নোৱাৰে৷ আমি আকৌ ক্ষমতালৈ আহিম৷ ইংৰাজেওচোন আমাৰ হাততে ৰাজপাট চমজাই থৈ গৈছিল৷ যোৱা বিশ বছৰীয়া শাসন কালত আমি সকলোতে পাৰদৰ্শী৷ বিৰোধীয়ে কিডাল জানে?সিহঁতে সাধাৰণ ফাইল এটাও ঠিকমতে জমা কৰিব নোৱাৰে৷

আমাৰ সময়ত আমি অফিচাৰবোৰৰ পৰা যেনেকৈ বিচাৰোঁ তেনেকৈয়ে কাম আদায় কৰি লৈছিলোঁ৷ সাহসেৰে কাম কৰিছিলোঁ৷ নিজৰ মানুহবোৰক চাকৰি আৰু ঠিকাবোৰ দিছিলোঁ৷ ক’তা,অফিচাৰৰ কথা মতেটো একোৱেই হ’বলৈ দিয়া নাছিলোঁ৷ এইবোৰ কৰি দেখাওকচোন বিৰোধীয়ে যদি পাৰে৷ এটা সময় আছিল যেতিয়া অফিচাৰবিলাকে অকলে ঘোচ খাইছিল৷ আমিহে প্ৰথম এইটো কথাত ধৰিছিলোঁ যে এনেকৈ হ’লে আমাৰ কি হ’ব? পাৰ্টিৰ কি হ’ব? আমি অফিচাৰৰ ঘোচ খোৱা বন্ধ কৰি নিজে লৈ পাৰ্টিৰ চান্দা দিলোঁ৷ আমাৰ সমকক্ষ হোৱাতো বিৰোধীৰ কাৰণে সম্ভৱ নেকি?”

“পিছে আপোনালোকৰ নীতিবিলাক ভুল আছিল কাৰণেইতো জনসাধাৰণ আপোনালোকৰ বিপক্ষে গ’ল ৷”

“আমাৰ দলৰ প্ৰতি এই অভিযোগ আপুনি কোনো পধ্যেই উথ্থাপণ কৰিব নোৱাৰে৷ কাৰণ আমি যিবোৰ নীতি ঘোষণা কৰিছিলোঁ সেইবোৰৰ বিপৰীতে কামো কৰিছিলোঁ ৷ তেতিয়াহ’লে ভুল নীতিৰ কথাই নাহে৷ যি সকলে আমাৰ নীতিবোৰ পচন্দ কৰিছিল তেওঁলোক আমাৰ সমৰ্থক৷ আৰু যি সকলে আমাৰ নীতিবোৰৰ বিৰোধিতা কৰিছিল তেওঁলোকো আমাৰ সমৰ্থনতে আছিল দিয়কচোন৷ কাৰণ আমিটো ঘোষণা কৰা নীতিবোৰ নিজে কেতিয়াও মানিয়েই চলা নাছিলোঁ৷”

তেওঁৰ উত্তৰত মই নিৰুত্তৰ হৈ গ’লো৷ এইবাৰ সুধিলোঁ,

“আপোনালোকৰ পাৰ্টি আকৌ ক্ষমতালৈ আহিব বুলি আপুনি আশা কৰেনে?”

“কিয় নাহিব আকৌ?এই আশাতেইটো আমাৰ দল বন্দী ৷ যেতিয়া বিৰোধী দল অসফল হ’ব আৰু দুটা অসফল দলৰ মাজত নিৰ্বাচন হ’ব তেতিয়া কোনটো দল ভাল,কোনটো বেয়া তাৰ কি কথা থাকিব পাৰে?মুঠতে তেতিয়া আমি পুনৰ ক্ষমতালৈ আহিম৷ এই বিৰোধী দলো সেই একেই৷ আমি যিটো বাটেৰে গৈছিলোঁ সিহঁতো সেই বাটেৰেই এতিয়া পোনাইছে ৷ গতিকে পতনটো দেখা দেখি হ’বই”

“তাৰমানে যেনেকৈ আপোনালোকৰ পতন হ’ল তেনেকৈ?”

“নিশ্চয়”

“মন্ত্ৰীত্ব যোৱাৰ পিছত বৰ্তমান আপোনাৰ খবৰ কেনেকুৱা?”

“আগতে যেনে তেনেকুৱাই৷ বঢ়িয়া৷ একো পাৰ্থক্য নাই৷ মইটো আগেয়েই ব্যৱস্থা কৰি থৈছিলোঁ,ঘৰ,মাটি,বাংল’৷ এতিয়া সেইবোৰৰ পৰা ভাৰা পাই থাকোঁ৷ ল’ৰাটোৱে ভালকৈ গাখীৰ খিৰাবলৈ শিকি ল’লেই ডেইৰী ফাৰ্ম এখনো খুলি দিম বুলি ভাৱিছোঁ৷ ৰাজনীতিও কৰিম,বিজনেছো কৰিম৷

আমি হ’লোঁ গান্ধী নেহৰুৰ শিষ্য৷ নেহৰুজীৰ দৰে অট্টালিকাতো থাকিব পাৰোঁ,গান্ধীজীৰ দৰে জুপুৰিতো থাকিব পাৰোঁ ৷ অৱশ্যে জুপুৰিত থকাৰ কথা নাহেই বাৰু ৷ দেশৰ ভৱিষ্যতৰ কথা ভাৱিছিলোঁ বুলি কি নিজৰ ভৱিষ্যতৰ কথা নাভাবিম জানো? সৰুভাইটোক ট্ৰাক এখন কিনি দিছিলোঁ বুজিছে? ট্ৰাকখনৰ নাম ৰাখিলোঁ ‘দেশ সেৱক’৷ পৰিৱহণৰ সমস্যাটোও কমিল৷ আকৌ কৃষি মন্ত্ৰী থাকোতেই নিজৰ ফাৰ্মখন কৰিলোঁ৷ এতিয়া সেইখনে ভাল ফচল দি আছে৷ যেতিয়ালৈকে মন্ত্ৰীত্ব থাকিল এক মিনিটো সময় অবাবত নষ্ট কৰা নাছিলোঁ৷ তেতিয়া কষ্ট কৰিছিলোঁ কাৰণে এতিয়া সুখী আৰু সন্তুষ্ট৷ আমিতো কৰ্মত বিশ্বাসী মানুহ৷ ধান্দা কেতিয়াও নেৰোঁ৷ মন্ত্ৰী হৈ থাকোতেও এৰা নাছিলোঁ৷

“আপুনি অহাবাৰলৈ নিৰ্বাচন খেলিবনে নেখেলে পিছে?”

“কিয় নেখেলিম আকৌ? সদায়েটো খেলি আহিছোঁ পাৰ্টিয়ে টিকত নিদিলে নিৰ্দলীয় হৈ খেলিম”

“কিন্তু সেয়া হ’লেটো দেখাদেখিকৈ পাৰ্টিৰ বিৰুদ্ধাচৰন কৰা হ’ব”

“আৰে ভাই মই মানেই পাৰ্টি,পাৰ্টি মানেই মই৷ দলৰ সেৱা কৰিছোঁ যেতিয়া দস্তুৰমত টিকট দিবই লাগিব ৷আৰু যদি নিদিয়ে তাৰ অৰ্থ দলে মোক নিজৰ বুলি নাভাৱে৷ যদি নামানে তেন্তে প্ৰেম আৰু অহিংসাৰে চেষ্টা কৰিম৷ অন্যথা অসহযোগ আন্দোলন কৰিম,বেলেগ পাৰ্টি বনাম৷”

“আপুনি মন্ত্ৰী থকা সময়ত কিন্তু আপোনাৰ মিতিৰ কুটুম বিলাকৰ বহুত উন্নতি হ’ল দেই”

“আৰে বন্ধু তাৰো ডাঙৰ ইতিহাস আছে বুজিছা? যেতিয়া প্ৰথম প্ৰথম আমাৰ পাৰ্টিৰ লগত জড়িত হৈছিলোঁ, তেতিয়াহৰিজন সকলৰ লগত একেলগে উঠা বহা কৰিছিলোঁ, একেখন থালিতে খাইছিলোঁ৷ আমি আগৰ চৰকাৰৰ জাতিভেদৰ কথাটোকে ইছ্যু হিচাপে লৈ সিহঁতক পৰাজিত কৰিছিলোঁ ৷ সেয়ে প্ৰথমে আমি জাতিভেদৰ বিৰুদ্ধে খুউব সৰৱ হৈছিলোঁ৷ তেতিয়াই এই কথাটোতে মোৰ জ্ঞাতিভাই সকলে মোৰ লগত সম্পৰ্ক ছেদ কৰিলে৷ পিছত অৱশ্যে তেওঁলোকে নিজৰ ভুল বুজি পাই ৰাজহুৱা সভা পাতি মোক ‘জাতি কুলভুষন’ উপাধি প্ৰদান কৰিলে৷ ময়ো চিন্তা কৰিলোঁ নিজৰে মানুহ,মৰম দেখুৱাই উলটি আহিছে যেতিয়া মোৰো তেওঁলোকৰ প্ৰতি দ্বায়িত্ব আছে৷ সেয়ে ডেকাবোৰক চাকৰি,লোন,ট্ৰান্সফাৰত সহায় কৰিলোঁ৷ আজি ডাঙৰ ডাঙৰ পদ বোৰত চব মোৰ জাতিৰে মানুহ৷ এনেকৈ দেশসেৱা কৰাৰ এইকণ সুযোগ পাই নিজে ধন্য মানিছোঁ৷ মই আমাৰ ডেকাহঁতক কৈছিলোঁ বোলো থাৰ্ড ডিভিজনতে হ’লেও এম.এ. টো পাছ কৰি আহ,চবকে লেকচাৰাৰ বনাই দিম৷ আচলতে নিজৰ জাতিটো নিৰ্ভৰযোগ্য বুদ্ধিমান ব্যক্তিৰে ভৰা হ’ব লাগে৷ এটা কথা আপুনি জানে নে নাই?আমাৰ সমষ্টিৰ অধিকাংশ মানুহেই স্বজাতিৰ৷ সেয়ে সেইখিনি চলিড ভোট৷ এইটো কথাও আমি মনত ৰাখিব লগা হয়৷ মই যে জাতিভেদ প্ৰথাৰ প্ৰচণ্ড বিৰোধী সেয়া পৃথিৱীয়ে জানে৷ যেতিয়ালৈকে মন্ত্ৰীসভাত থাকিলোঁ তেতিয়ালৈকে জাতিভেদৰ বিৰোধিতা কৰিয়েই থাকিলোঁ সেয়ে মন্ত্ৰীসভাতো আমাৰ জাতিৰেই মেজ’ৰিটি হ’ল৷”

তেনেকুৱাতে পুত্ৰধনে গাখীৰ খিৰাই গাখীৰৰ বাল্টিটো লৈ ভিতৰলৈ সোমাই যোৱা দেখি ভুতপূৰ্ব মন্ত্ৰী মহোদয় বহাৰ পৰা উঠিল আৰু পুতেকৰ হাতৰ পৰা বাল্টিটো লৈ তাক ক’লে,

“হেৰৌ সোনামুৱা,তই ভালকৈ খিৰাবলৈ নিশিকিলি আৰু৷ এতিয়াও আৰু দুই লিটাৰ গাখীৰ ওলাব৷ চাওঁ মোক দে৷ মই খিৰাওঁ ”
তাৰ পিছত তেওঁ মোলৈ চাই ক’লে,

“চাওঁকচোন, সিফালে দেশত কিমান শিশুৱে গাখীৰ খাবলৈ পোৱা নাই আৰু এইফালে ই ভালকৈ খিৰাবই জনা নাই৷ এনেকৈ ক’ত আৰু দেশৰ উন্নতি হ’ব৷”

তাৰপিছত তেওঁ একান্ত মনে গাখীৰ খিৰাবলৈ লাগিল৷ পুতেকে লাহেকৈ ভিতৰলৈ সোমাইগৈ মিউজিক প্লেয়াৰত বজোৱা “চা চা চা”ৰ সংগীতত আদৰ্শবাদী পৰিৱেশটো গুঞ্জৰি উঠাৰ সময়তে ময়ো নমস্কাৰ কৰি বিদায় ল’লোঁ৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.