ফটাঢোল

এজাপ কৌতুক – সৌৰভ শৰ্মা

(১)

জীয়েক : দেউতা ঘৰটো জোকাৰি উঠিল যে।

দেউতাক : মায়েৰা পিছলি পৰিল চাগে। আগতেও পৰিলে ঘৰ-চোতাল লৰিছিল।

মাক : কিয় হ’ব, ভূমিকম্প আহিছিল।

 

 

(২)

বহাগত বৰদৈচিলা মাকৰ ঘৰলৈ আহে। সেয়ে আমাৰ গৃহমন্ত্ৰীসকলো বিহু বুলি মাকৰ ঘৰলৈ যায়। মানে বহাগত মাকৰ ঘৰবোৰলৈ ধুমুহা যায়।

(৩)

সন্তানটোৱে চোতালত খৰিৰ জুই জ্বলাবলৈ চেষ্টা কৰি আছে। কিন্তু জুই উঠাব পৰা নাই। শেষত দেউতাকক খাটনি ধৰিছে। শেষত বাপেকও ব্যৰ্থ হৈছে। তেতিয়া পুতেকে সুধিলে এতিয়া কি কৰিবা দেউতা।

বাপেকৰ চিধা উত্তৰ মায়েৰাৰ নামটো ল’লেই জুই নিজে নিজে জ্বলি উঠিব৷

(৪)

জীয়েকে চিঞৰি চিঞৰি কৈছে, দেউতা নিমখ শেষ হোৱা কথাটো তোমাক মায়ে দিনতে কৈছিল। তুমি আনিম বুলিও কিয় নানিলা? এতিয়া আঞ্জা-চবজীত কি দিব?

সকলো সমস্যা সমাধানত অভ্যস্থ শ্ৰীমানে জীয়েকক লাহেকৈ ক’লে। আঞ্জা-চবজীবোৰত মাক এবাৰ জিভাখন লগাই দিবলৈ দিয়া। নিমখ হৈ যাব।

পাকঘৰৰ পৰা শুনি থকা শ্ৰীমতিয়ে, পাছলিৰ খৰাহীটোৰ পৰা লৈ এটা বান্ধা কবি গ্ৰেনেড দলিওৱা দিলে। চিধা শ্ৰীমানৰ মূৰত।

(৫)

আলহী যোৱাৰ পিছত মাকে জীয়েকক বকিবলৈ আৰম্ভ কৰি দিলে।

মাক : তুমি মাজনী য’তে-ত’তে যেতিয়াই-তেতিয়াই সত্যবাদী হৰিশ্চন্দ্ৰ হ’ব নালাগে বুজিছা।

জীয়েক : কি হ’ল নো! মই কি কৰিলোঁ।

মাক : আলহীৰ আগত তুমি, নিজৰ বয়স ১৬ বছৰ বুলি নক’লেও হয়। ১৪ বুলি ক’লেও হয়।

জিয়েক : কিন্তু মিছা কিয় ক’ব লাগে, কি লাভ হ’ব।

মাক : লাভ তোমাৰ নহয়, মোৰ হ’ব। যদিও মোৰ চাৰ্টিফিকেট বয়স ৩৫, মই মানুহক ৩৪ বুলি কওঁ। সেয়ে তুমি ১৪ ক’লে মই ২০ বছৰীয়া থাকোঁতে তুমি জন্ম পোৱা বুলি ক’লে মিলি যায়। (১৪+২০=৩৪) মোৰ আচল বয়স যেনিবা, (জীয়েকৰ আগত লাজ লাজকৈ ৩৯ বছৰ)।

জীয়েক : হ’ব দিয়া। ময়ো মাক হ’লে নিজৰ বয়স ৫ বছৰ কমকৈ ক’ম দিয়া।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.