ফটাঢোল

এটকা দুটকাৰ কাহিনী – বৈদুৰ্য্য বৰুৱা

বৰষুণ যে নেৰাই হ’ল। মানে হুৰ হুৰ হুৰ হুৰ…চিপ চিপ চিপ চিপ…বিভিন্ন আকাৰৰ বৰষুণ। কিমান দিন যে হ’ল বৰষুণ নেৰা। পাহৰিয়েই থাকিলো কেতিয়ানো বৰষুণ আৰম্ভ হৈছিল…
আমাৰ নগৰখনত যেনিবা ঈশ্বৰৰ কৃপাত বানপানী নহয়। জাবৰ জোঠৰে নলা জাম কৰি কৃত্ৰিম বানপানী হয়। কোনোবা কোনোবা ৰাস্তাত। বানপানী নিজ চকুৰে দেখা নাই কাৰণে ইয়াৰ আচল ভয়াবহতা অনুভৱ কৰিব নোৱাৰো। কিন্তু তথাপিও টিভিত দেখি,বাতৰি কাকতত পঢ়ি সেই ভয়াবহতাৰ মাজত সোমায়ো পৰো। অসহায় মানুহবোৰ দেখিলে কিবা এটা পাৰিলে সহায়ো কৰিবৰ মন যায়…। টিভিটো অফ কৰি দিলে, পেপাৰখন জপাই থ’লে আকৌ সেই কথা পাহৰি যোৱা যায়।

-“দাদা, কি চিন্তা কৰি গৈ আছে…?”

এনেতে কাৰোবাৰ মাতত পিছফালে ঘূৰি চালো। বাসু! মোৰ পাছে পাছে সিও ছাতি এটা লৈ আহি আছে। আচলতে ময়ো কিনকিনিয়া বৰষুণৰ মাজে মাজে মূৰত ছাতি এটা লৈ নগৰৰ এটা উপ পথেদি গৈ আছিলো।

-“বাসু! তই ক’ৰ পৰা?”

-“মই আপোনাৰ পিছে পিছেই আহি আছো। কিবা ভাবি গৈ থকা দেখি মাত লগাবলৈ বেয়া পালো। পাছত ভাবিলো নাই মাত এটা দিওঁ…! পিছে আপোনাক হে বহুদিন লগ পোৱা নাই। কৰবালৈ গৈছিল নেকি?”

-“নাই অ’, কিবা এৰাব নোৱাৰা কাম এটাত লাগি ধৰিলো…বাকী কচোন তোৰ খবৰ…”

-“ঠিকেই আছো দাদা…”

-“ব’ল চাহ একাপকে খাওঁ নহ’লে..”

-“আজি বাদ দিয়ক দাদা। ময়ো বৰ ব্যস্ত।”

বাসুৱে তেনেকৈ কোৱা শুনি মোৰ মনটো অলপ বহিয়েই গ’ল। কিমান দিনৰ মূৰত বাসুৰ এটা কাহিনী শুনিবলৈ পাং পাতিছিলো..

-“কেনিবা যাৱ হ’বলা….”

-“আচ্ছা দাদা এটা কথা কওকচোন। আজিকালি এই এটকা পাঁচ টকা, দহ টকাৰ ভেলু আছেনে?”

বাসুৱে মোৰ কথাত গুৰুত্ব নিদি সুধি উঠিল।

-“কি দাল ভেলু আছে অ’ বাসু…আজিকালি আৰু দহ টকা,পাঁচ টকাৰ ভেলু নাই…।”

-“নহয় দাদা,মিছা কথা। ভেলু আছে। ময়ো আগতে ভেলু নাই বুলি ভাবিছিলো। কিন্তু আছে দাদা আছে। ভেলু আছে।”

-“কেনেকৈ কলি?”

-“নিজে প্ৰমাণ কৰি চালো।”

-“প্ৰমাণ কৰিলি? …কেনেকৈ..??”

-“সিদিনা এটা কাম কৰিলো। টাউনৰ মাজত ৰাস্তাৰ ওপৰতে এটকাৰ মূদ্ৰা এটা পেলাই দূৰৰ পৰা চাই থাকিলো। মূদ্ৰাটোৰ ওপৰেদি বহু পথাচাৰী পাৰ হৈ গ’ল। কিছুমানে মূদ্ৰাটো দেখিলে কিছুমানে নেদেখিলে। কাকো ৰোৱা কিন্তু নেদেখিলো। এনেতে দেখিলো হঠাতে এটা মগনীয়াৰ দৰে লগা সৰু ল’ৰা এটা মূদ্ৰাটোৰ ফালে দৌৰি আহি টুপুককৈ মূদ্ৰাটো তুলি লৈ গুছি গ’ল। মুখত তাৰ এক উজ্জ্বল হাঁহি জিলিকি উঠিল।”

-“আচ্ছা…”

-“এইবাৰ এটা কাম কৰিলো। ৰাস্তাৰ ওপৰত দহ টকাৰ নোট এখন পেলাই থৈ মনে মনে দূৰৰ পৰা চাই থাকিলো। বহুতো লোক সেইফালে পাৰ হৈ গ’ল। কিছুমানে দেখিলে। কিছুমানে নেদেখিলে। কিছুমানে নোটতো উঠাব খুজিও লাজতে নুঠালে। তেনেতে নোটটোৰ ওপৰেদি ৰিক্সা এখন পাৰ হৈ গ’ল। ৰিক্সাখন অলপ দূৰত ৰ’ল। ৰিক্সাৱালা জনে ৰিক্সাৰ পৰা নামি দৌৰি আহি নোটটো উঠাই লৈ গ’ল। তাৰ মুখতো উজ্জ্বল হাঁহি। এতিয়া আপুনিয়েই কওক চোন দাদা। এটকা আৰু দহটকাৰ ভেলু নথকা হ’লে সিহঁত জানো ৰাস্তাতে পৰি থাকিল হেতেন..!”

-“সেইটো কিন্তু সচাঁ কথাই কৈছ..! মোৰ ওচৰত মূল্য নথকা বস্তু এটা আনৰ ওচৰত দূৰ্মূল্য হ’ব পাৰে। আৰু সেইটো কথাও নহয়। পাঁচ টকা বেছি ললেও চোন আমি ৰিক্সাৱালা,পাচলিৱালাৰ লগত তৰ্কাতৰ্কি আৰম্ভ কৰি দিওঁ…”

-“সেইটোৱেই কথা দাদা। এটকাৰো বহুত মূল্য আছে।”

-“কিন্তু বাসু,তই আজি কিবা ধৰণৰ কথাবোৰ আৰম্ভ কৰিছ..?কাৰণটো কি…?”

-“আচলতে দাদা, এই যে বানপানীত মানুহবোৰৰ যি নাৰকীয় অৱস্থা হৈছে নহয়…কিবা এটা বৰ সহায় কৰিবলৈ মন যায়। কিন্তু আকৌ ভাৱো। আমিনো নিজেই কেইটকা পাওঁ…যিকেইটা টকা দিম সেইকেইটা কামত আহিব জানো..আনেটো বহুত বহুত টকা দিব….মোৰ কেইটাচোন দিবলৈয়ে লাজ লাগে…দিলেওনো ইমান কম টকা কেনেকৈ দিম…ক’তনো আৰু বেংকলৈ গৈ দিমগৈ…হ’ব…হ’ব..বেলেগ বোৰে দিছেই চোন…মই নিদিলেও চলিব..! এনেকুৱা ভাৱবোৰেই আহে দাদা..!”

-“একেবাৰে ঠিক কথা কৈছ ।মোৰো দেখোন তেনেকুৱা ভাৱনাই আহে। আৰু এটা ভাৱ আহে। এই পইচাটোনো কাৰ হাতত দিম! যিহে দিনকাল পইচাটো জাগাত যাব জানো…!”

-“কথাটো হয়। কিন্তু মানুহে মানুহক একেবাৰে অবিশ্বাস কৰাও বেয়া কথা। একেবাৰে সকলো সময়তে সকলোকে যদি আমি অবিশ্বাস কৰিবলৈ লওঁ; পৃথিৱীখনেই দেখোন ৰৈ যাব।”

-“তইও কথাটো সচায়েই কৈছ অৱশ্যে….”

-“আৰু আমিযে ভাবো মোৰ এই সামান্য বৰঙণিয়েনো কি কাম আহিব…! আচলতে এইয়া আমাৰ ভুল ধাৰণা। আমি দিয়া এটকাই বহুতৰ চকুলো মোহাৰিব পাৰে।”

-“কিন্তু বাসু…কিবা এটা দি মোৰো সহায় কৰিবৰ মন যায় এই বানাক্ৰান্ত অসহায় ৰাইজক। কিন্তু কাক কেনেকৈ দিম…”

-“সেইটো দাদা একান্ত আপোনাৰ ব্যক্তিগত কথা। বহুতো তেনেকুৱা ভলণ্টিয়াৰ অনুস্থান প্ৰতিষ্ঠান আছে। আপুনি অলপ ইফালে সিফালে মন কৰিলেই দেখিব। য’ত টকা পইচাৰ কথা থাকে,তাত মই কেতিয়াও নকওঁ যে দাদা আপুনি ইয়াত দিয়ক। আপুনি তাত দিয়ক….”

-“তইও কৰবাত দিবি নেকি বাসু?”

-“মইটো দাদা ফেচবুকৰ মানুহ। ফেচবুকতে হাঁহি ফূৰ্টি কৰি থাকো মাজে মাজে। সিদিনা কি হ’ল ফেচবুকত ‘ফেচবুক বান সাহাৰ্য্য গোট’ নামৰ গোট এটাই মোক এড্ কৰিলে। মই ভাবিলো ভালেই হ’ল! ফেচবুকতে আছো যেতিয়া ফেচবুকৰ দ্বাৰাই কিবা এটা সাহাৰ্য্য দিম। তেওঁলোকৰ কামকাজ বোৰো মোৰ ভাল লাগিল। মই ভাবিছো তাতেই কিবা এটা দিম।”

-“ভাল কথা দে। ময়ো কৰবাত দিব লাগিব। ক’ত দিছো, কিমান দিছো সেইটো ডাঙৰ কথা নহয়। কিন্তু এই সময়ত আমাৰ বানাক্ৰান্ত ৰাইজে সকলোৰে পৰা এটকাকৈ হ’লেও সহায় পাব লাগে।”

-“হয় দাদা, মোৰো সেইকাৰণে লৰালৰি হৈছে। মইও টকা কেইটামান দি আহোঁ দাদা…। পিছত লগ পাম দিয়ক..। অলপ বানপানীও কমক..।”

বাসুৱে মোক এৰি দীঘল খোজ পেলালে।

-“ঐ বাসু,তই বাৰু কিমান মান দিম বুলি ভাবিছ?”

-“এঘাৰ টকা দাদা।”

-“এঘাৰ টকা! হেৰৌ এঘাৰ টকাৰে কিবা হ’ব জানো….!”
-“দাদা, আকৌ একেটা কথাই ক’লে! এটকাৰে এতিয়াও এটা জুইশলা বাঁহ আৰু দহ টকাৰে এককেজি নিমখ পোৱা যায় দাদা…!”

★★★★

7 Comments

Leave a Reply

Your email address will not be published.