ফটাঢোল

এটা আপদীয়া দেওবাৰ – নীলাক্ষী কাকতি

সাধাৰণতে দেওবাৰ এটা তেতিয়ালৈকেহে মধুৰ হয় যেতিয়ালৈকে ৰাতিপুৱা বিছনাত কোনেও আমনি নকৰে৷ কিন্তু বোধকৰো ভগৱান মোৰ প্ৰতি ৰুষ্ট হৈ আছিল সেই দেওবাৰটোত! টোপনিৰ আমেজ লৈ থাকোতেই ভাইব্ৰেচনত থোৱা মোবাইলটোৱে মাত দিবলৈ আৰম্ভ কৰিলে৷

“হু, হু…৷”

মোবাইলটোৱে দুবাৰ মাতি মাতি বন্ধ হৈ গ’ল৷ ‘উফ ৰক্ষা’ বুলি মনত সন্তোষ লৈছিলোহে, পুনৰ আৰম্ভ হ’ল মোবাইলটোৰ অত্যাচাৰ৷ সমস্ত অনীহাৰে মোবাইলটো তুলি লওঁতেই স্ক্ৰীণত বচৰ নামটো দেখিলো – চাকাল (মই দি লোৱা নাম)৷

যিমান পাৰোঁ মিহিকৈ মাতটো উলিয়াই ফোনটো ৰিচিভ কৰিলো –

: হেল্লো চাৰ, কওকচোন৷

: কি হে! এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাতে আছে নেকি বৰুৱা?

: হেঃ হেঃ। মানে চাৰ আজি দেওবাৰ যে৷

: হ’ব বাৰু৷ এতিয়া শুনক৷ আপুনি আজি আমাৰ কোম্পানীৰ কলকাতা ব্ৰাঞ্চৰ চেলচ্‌ হেড মি:ভৌমিকক ৰিচিভ কৰিব লাগিব৷ তেওঁক এয়াৰপৰ্টৰপৰা হোটেললৈ অনাৰ দায়িত্ব আপোনাৰ৷ ফ্লাইট দুপৰীয়া ১২:৩০ বজাত আহি পাবহি৷ তেওঁৰ বাবে হোটেল বুক হৈ আছে৷ চাব যাতে তেওঁৰ কোনো অসুবিধা নহয়৷

: মানে চাৰ….

: কিয় কিবা সমস্যা আছে নেকি?

: নাই চাৰ৷ হ’ব বাৰু। (পাবলগীয়া বানচখিনিৰ কথা চিন্তা কৰি সন্মতি দিলো)

: ঠিক আছে৷ ধন্যবাদ৷

মোবাইলটো থৈ চকু মোহাৰি মোহাৰি বিছনাৰপৰা নামিলো। বচক হয়ভৰ দিলো হয়, পিছে ঘৰত ইয়াৰ ফলত হ’বলগীয়া গৃহযুদ্ধখনৰ কথা চিন্তা কৰি বুকুখনত ধানবনা মেচিনৰ দৰে শব্দ হ’বলৈ ধৰিলে৷ আজি মোৰ একমাত্ৰ খুলশালীজনীৰ আঠমঙলা৷ শহুৰ দেউতাৰ ঘৰখনে জোঁৱায়েক হিচাপে মোৰ দায়িত্বখিনি আগতেই জনাই থৈ দিছে৷ মাজে মাজে শহুৰৰ জীয়েকেও সোঁৱৰাই আছে৷ এতিয়া মই কেনেকৈ কওঁ যে মই এয়াৰপৰ্টলৈ যাব লাগে! ঘড়ীটোলৈ চালো৷ দহ বাজো বাজো৷ শহুৰক বাৰু মেনেজ কৰিব পৰা যাব৷ কিন্তু ঘৰত যে চুনামী আহিব সেইটো খাটাং৷ তিনিবাৰমান আমিৰ খানৰ ষ্টাইলত “অল ইজ ৱেল” বুলি বুকুত হাতখন লগালো।

“হেঃ, ইমান কি ভয় কৰি আছোঁ! মই উৰুকাত খাবলৈ অনা হাঁহ নে ছাগলী যে মই কথাটো ক’লেই শ্ৰীমতীয়ে ডিঙিটো মুচৰিব! মতা মানুহ হয় মই, মতা মানুহ৷”
– মনতে ভোৰভোৰালো৷

: হেৰা শুনিছানে?

: কি হ’ল? উঠিবলৈ হোৱাই নাই নেকি? ডাইনিঙতে ৰুটী ভাজি থৈছোঁ৷ সাউতকে গাটো ধুই আহি কাপোৰ পিন্ধি ওলোৱা৷ মোৰহে বৰ অশান্তি হৈছে৷ আজি পিন্ধিবলৈ মোৰ ভাল কাপোৰ এযোৰেই নাই৷

: কিয়! বিয়াত দেখোন দুযোৰ পাটৰ কাপোৰ লৈছাই৷ এতিয়া আকৌ কাপোৰ নাই বুলি ক’লা যে! অৱশ্যে ইমান কাপোৰৰ মাজৰপৰা এযোৰ বিচাৰি উলিয়াবলৈ অলপ কষ্ট হয়েই দিয়াচোন৷
– কাপোৰৰ দ’মটোৰ ফালে চাই চাই সেপ ঢুকি মাতটো যেনেতেনে উলিয়ালো৷

: তোমালোকৰ মতা মানহবোৰৰ কথা বেলেগ,আমাৰ বেলেগ৷ একেখিনি কপোৰকে পিন্ধি যাবলৈ লাজ নালাগে নেকি?

হে প্ৰভু! মাইকী মানুহ কিয় স্ৰজিলা৷ স্ৰজিলাতো স্ৰজিলাই, শাৰী, মেখেলা চাদৰ বনোৱাৰ বুদ্ধিটো মানুহৰ মগজত কিয় দিলা! অনাগত ভৱিষ্যতৰ আশংকাৰ কথা ভাবি ক’ম বুলি ভবা কথাখিনি নক’লো।

: হেৰা কথা এটা হ’ল৷ কওঁ শুনা৷

: খবৰদাৰ! সোনকালে ঘৰৰপৰা উভতিম বুলি নক’বা৷

: নহয় অ’৷ কথাটো বেলেগ৷ মানে আমাৰ কলকাতা ব্ৰাঞ্চৰ হেডজনক আজি ৰিচিভ কৰিবলৈ মোক বচে আদেশ দিছে৷
-একে উশাহতে মুখস্থ মতাৰ দৰে কথাখিনি কৈ শেষ কৰিলো।

: কি….! মই জানোৱেই তুমি কিবা বাহানা উলিয়াবা৷ এজনীয়েই ভণ্টী মোৰ৷ আজিলৈকে মোৰ ঘৰৰ দায়িত্ব এটা ভালদৰে ল’ব নোৱাৰিলা৷ কাৰ লগত যে সংসাৰ কৰিলো মই! তাতকৈ মই আমাৰ গাঁৱৰ দাস ঠিকাদাৰৰ ভায়েকৰ লগত বিয়া হোৱা হ’লেই ভাল আছিল৷ দেখিছোঁ নহয় ভণ্টীৰ বিয়াত। ঘৈণীয়েকক একেবাৰে কানিয়ে-কাপোৰে ৰাজৰাণী কৰি ৰাখিছে৷ দেউতাৰ কাৰণেহে মই তোমাৰ লগত বিয়া হ’লো৷ উ উ উ….

: হেৰা ৰ’বাচোন৷ তুমি ক’ৰ কথা কলৈ নিছা হে? মোৰনো ক’ত যাবলৈ মনতো আছে বাৰু? বচৰ কথা পেলাওঁ কেনেকৈ কোৱাচোন? মই গিৰীশক ফোন কৰি দিওঁ৷ সি তোমাক আমাৰ গাড়ীখনেৰে লৈ যাব৷ মই মানুহজনক এয়াৰপৰ্টৰপৰা আনি চিধাই তোমালোকৰ ঘৰলৈ যাম৷ একেবাৰে সময়ত পাই যামগৈ৷ এইবাৰলৈ ক্ষমা কৰি দিয়া৷
– হাতেৰে কাণ দুখন চুই চুই ক’লো৷

: হ’ব দিয়া৷ একটিং কৰিব নালাগে৷ মই কেনেকৈ যাম তুমি চিন্তা কৰিব নালাগে৷ কেৱল এটা কথা মনত ৰাখিবা যদি তুমি আজি সময়ত আহি নোপোৱা মোক আৰু তুমি ঘৰলৈ উভতাই অনাৰ কথা চিন্তা নকৰিবা৷ ভাল উকীল এজন মোৰ চিনাকী৷ ডিভোৰ্চ পাবলৈ বেছি সময় নালাগিব৷

: ধেইত আঁকৰীজনী৷ পাক্কা প্ৰমিজ৷ মই এই গ’লো আৰু এই আহিলো।

“উফ ৰক্ষা প্ৰভু! কোনোমতে বচালা৷”
– মুখতে কথাখিনি ভোৰভোৰাই চিধাই বাথৰুম পালোগৈ। তাৰপিছত কোনোমতে কাপোৰ এযোৰ ওলোমাই গেট পালোহি৷ ঘড়ীলৈ চালো। ১০:৪৫ বাজিছে৷ শ্ৰীমতীয়ে গাড়ীখন লৈ যাব৷ গতিকে উবেৰ এখনেই বুক কৰিব লাগিব৷

: অ’ বৰুৱা৷ কি কৰিছে? ক’ৰবালৈ যায় নেকি?
– শৰ্মাই মাত দিলে৷

: এয়া, যাবলগীয়া আছে এঠাইলৈ৷ উবেৰ এখন মাতো ৰ’ব৷

: আজিতো উবেৰ বন্ধ৷ কিবা আন্দোলন আছে৷

: হয় নেকি? সৰ্বনাশ৷ ঠিক আছে দাদা৷ পিছত কথা পাতিম দিয়ক৷ মানে মোৰ অলপ দৌৰাদৌৰি৷

: হ’ব দিয়ক৷ আপুনি যাওক৷

চিধাই গেৰেজলৈ দৌৰ মাৰিলো। বাইকতে যাব লাগিব৷ বাইকখন ষ্টাৰ্ট দিবলৈ লৈ মনত পৰিল কালিয়েই তেল ৰিজাৰ্ভত লাগিছে৷

: হে প্ৰভু! মই বাৰু তোমাৰ কোনটো পানী খোৱা পুখুৰীত বিহ ঢালিছোঁ? মোক আজি মাৰিহে এৰিবা মানে!

যেনেতেনে পেট্ৰ’ল পাম্পটো পালেই হ’ল৷ ঘড়ীৰ কাটাই ইতিমধ্যে ১১:১৫ পাৰ কৰিছে৷

অকণমান দূৰ গৈয়েই বাইকখনে ঠেঁহ পাতিলে৷ “হে প্ৰভু! তেল শেষ!” – বুকুখন কঁপি উঠিল৷ উপায় নাই৷ বাইকখন ঠেলি ঠেলি পেট্ৰ’ল পাম্পটো পালোহি৷ ইতিমধ্যে ঘামে মূৰ পিঠি পাৰ হৈ তল পাইছেহি৷ যেনেতেনে তেলখিনি ভৰাই বাইকখন পূৰ্ণগতিত চলাবলৈ আৰম্ভ কৰিলোঁ৷ গুৱাহাটীৰ সদা ব্যস্ত ভীৰ পাৰ হৈ এয়াৰপৰ্ট পাওঁ মানে ১২:২০ হ’ল৷ মনতে কিমান শান্তি পালো বুজাব নোৱাৰো৷ অন্ততঃ দহ মিনিট সময় জিৰণি ল’ব পাৰিম৷ মানুহজনক হোটেলত থৈ শহুৰৰ ঘৰ সময়ত পালেগৈ হয় আৰু!
“প্ৰভু কৃপা কৰিবা৷” – এই দুই আঢ়ৈ ঘণ্টাত মই যিমানবাৰ ভগৱানৰ নাম লৈছোঁ বোধকৰো সিমানবাৰ গোটেই জীৱনটোতে লৈ পোৱা নাই৷ গতিকে আজি ভগৱানৰ পাল৷ অলপতো মজা ল’বই৷

“ক্ৰিং ক্ৰিং…”৷ হঠাৎ মোবাইলটো বাজি উঠিল৷ বচৰ ফোন৷

: হেল্লো চাৰ, এয়া মই এয়াৰপৰ্টতে আছোঁ৷

: অঁ ঠিক আছে৷ মই বহুত সময় ধৰি আপোনালৈ ফোন লগাই আছোঁ৷ ফোনটো লগাই নাই৷ শুনক, তেওঁ আহি পাওঁতে পলম হ’ব। ফ্লাইট লেট। গতিকে ২:২০ মানতহে আহি পাবহি৷ আপুনি অলপ সময় ৰ’ব লাগিব৷ তেওঁ আহি পোৱাৰ পিছত মোলৈ ফোন কৰিব৷

: হ’ব চাৰ৷

মোৰ মোবাইলটো হাতৰপৰা পৰি গ’ল৷ অসংবিধানিক শব্দ দুটামান ক’ব নোৱাৰাকৈ ওলাই আহিল৷ অনুভৱ কৰিলো, মোৰ মূৰটো বেয়াকৈ ঘূৰিবলৈ ধৰিছে৷ চকুৰে ধোঁৱা কোঁৱা দেখাছোঁ৷ শ্ৰীমতী, শহুৰ, খুলশালী, উকীল, কোৰ্ট – চবৰে ছবিবোৰহে দেখিছোঁ মাত্ৰ!

☆★☆★☆

13 Comments

  • ডলী তালুকদাৰ

    বঢ়িয়া

    Reply
  • ভাস্কৰ

    মজা

    Reply
  • Mridula Gogoi

    ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া লাগিল ৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    মজা লাগিল পঢ়ি বা।

    Reply
  • সকলোকে ধন্যবাদ

    Reply
  • বৰ সুন্দৰ হৈছে নিলাক্ষী ।

    Reply
  • মানসী বৰা

    উহ্ কিযে দূর্গতি! গল্পৰ ছবিখন চকুত ভাঁহি উঠিছে ।সঁচাই আপদীয়া দেওবাৰ।পঢ়ি ভাল লাগিল ।

    Reply
  • হেমন্ত কাকতি

    তামাম ভাল লাগিল নীলাক্ষী!

    Reply
  • সৌৰভ শৰ্মা

    পুৰুষৰ জীৱন কিমান কঠিন, কোনে বুজিব। বৰ বাস্তৱ কথাৰে গল্পটো ভাল লাগিল। 👌🏾👌🏾👌🏾👌🏾👌🏾👌🏾👌🏾👌🏾👌🏾

    Reply
  • ৰিমঝিম

    বা ভাল লাগিল পঢ়ি। বেচেৰা বৰুৱা।

    Reply
  • ৰিণ্টু

    বঢ়িয়া নীলাক্ষি, ভাল লাগিল পঢ়ি

    Reply
  • বহুত ধন্যবাদ সকলোকে

    Reply

Leave a Reply

Your email address will not be published.