ফটাঢোল

এটা টপিকৰ সন্ধানত এদিন – হেমন্ত কাকতি

হয়, ঠিকেই শুনিছে, এটা টপিকৰ বাবে মোৰ মাথাটো বেয়া হৈ গ’ল৷ সম্পাদকৰ তাগিদা, এসপ্তাহৰ ভিতৰত লিখা এটা দিবই লাগে৷ মই ক’লো বোলো মোৰ মুড, প্লট, টপিক একো অহা নাই মূৰলৈ, মানুহটো হাজাৰটা সমস্যা লৈ কোনোমতে জীয়াই আছোঁ, কেনেকৈ আগবাঢ়িম বুজিব পৰা নাই৷ ৰাতিপুৱা উঠিয়েই চাকৰিলৈ যাবলৈ হয়, দিনটো গেবাৰী খাটি খাটি সন্ধিয়া ঘূৰি আহোঁ মানে দুখে-ভাগৰে “বেচাৰা, গম কা মাৰা” হৈ উভতি আহোঁ৷ পিছে সম্পাদকো নাছোৰবান্দা৷ দুই তিনিদিন ঘূৰোৱাৰ পিছত এদিন ‘আল্টিমেটাম’ আহি গ’ল, চেঁচা বেৰেটা পিষ্টল এটা কাণৰ তলত লগাই ক’লে- “অগৰ বিনা লিখে তুমনে ৱহা চে ভাগনে কী কৌচিচ কী তৌ চ্চিলকে ৰাখ দুংগী।”

বচ, মোৰ পলাবলৈ বাট নাছিল৷

“তুমকৌ দৌ দিন কা ৱক্ত দিয়া হেই, অগৰ ইন দৌ দিনৌঁ মে আৰ্টিকল মেৰে টেবুল মে নহী পহুঁচী তৌ চমঝ লেনা তু তৌ গয়া!” তাৰপিছত পিঠিত বাঘ ঢকা এটা মাৰি সম্পাদক মেডামে ক’লে- “যাও, জী লে অপনী জিন্দেগী! বচ আখৰী দৌ দিন!”

মাত্ৰ দুদিন মোৰ জীৱনত! ‘আখৰী’ দুদিন! মই জানো সম্পাদক এক কথাৰ মানুহ, লিখা নেপালে যে, “কিচি ভী হদ তক” যাব পাৰে সেয়া বুজিবলৈ বাকী নাছিল৷ চেঁচা পিষ্টলটোৰ অনুভৱ মাৰ যোৱা নাছিল৷ পিছদিনা ৰাতিপুৱাই মই ‘টপিক’ বিচাৰি চিন্তাক্লিষ্ট হৈ ঘৰৰপৰা ওলাই গ’লোঁ৷ ওচৰৰ বাছ ষ্টেণ্ডটোত অলপ দেৰি ঠিয় হৈ কোনফালে যাম চিন্তা কৰি কৰি চিগাৰেট এটা জ্বলাই বহি আছিলোঁ৷

দূৰৰপৰাই উগ্ৰ বিদেশী ‘চেণ্ট’ৰ গোন্ধ এটা আহি ঘ্ৰাণেন্দ্ৰিয়ত আঘাত কৰাত মূৰটো তুলি আগলৈ চালোঁ৷ মুডটো অলপ সপ্ৰতিভ হৈ গ’ল৷ হয়, প্ৰায় চৌব্বিশ পঁচিশ বছৰীয়া দিপলিপ গাভৰু ছোৱালী এজনী মোবাইলটো হাতত লৈ চাই চাই মোৰ ফালেই আহি আছে, হয়তো বাছত উঠি ক’ৰবালৈ যাব৷ পিন্ধনত ৰঙা টী-চাৰ্ট আৰু ব্লু জিনচ্৷ পিঠিৰ অৰ্ধেকলৈ বহলকৈ মেলি ৰখা ষ্ট্ৰেইট ৰঙচুৱা চুলিখিনি ৰাতিপুৱাৰ ৰ’দত জিলিকি আছিল৷ মুখখনত যথেষ্ট প্ৰসাধনৰ প্ৰলেপ৷ ওচৰলৈ আহি চকুৱে চকুৱে পৰাত মই অলপ বিব্ৰত বোধ কৰিলোঁ৷ অচিনাকী ছোৱালীজনীৰ লগত কথা পাতিবলৈ মন থাকিলেও মনে মনে থকাই ভাল বুলি মোবাইলটো উলিয়াই ব্যস্ত যেন দেখুৱাই কিবা নম্বৰ এটা বিচাৰি থাকিলোঁ৷ মোক আচৰিত কৰি গাভৰুগৰাকীয়ে সুধিলে- “ক’লৈ যাব?”

মই প্ৰশ্নটোত থতমত খাই নিজকে চম্ভালি ক’লো- “নাই এনেয়ে অলপ আগলৈ- মানে নগাঁৱলৈ যাম৷”

“অহ! ময়ো তেজপুৰলৈ যাম৷ ভালেই হ’ল, ময়ো সংগী এজন পালোঁ৷ অকলে বাছ জাৰ্ণি কৰি বিৰাট ব’ৰ লাগে জানে?”

বাছ আহিল, মন্ত্ৰমুগ্ধৰ দৰে তাইৰ পিছে পিছে বাছখনত উঠি দিছিলোঁ৷ পিছৰ ফালে দুটা খালি ছিট দেখি বহি দিলোঁ৷ যাত্ৰাৰ আৰম্ভণিৰপৰাই লক্ষ্য কৰিলোঁ ছোৱালীজনী অলপ অভাৰস্মাৰ্ট৷ মোবাইলত দুয়োখন হাতৰ আঙুলিৰে কিবা-কিবি লিখিও গৈছে আৰু মোৰ লগত কিবা-কিবি কথাও পাতি গৈছে৷ মাতটো ক’ত শুনিছোঁ মনত নপৰিলেও কিবা চিনাকী যেনেই লাগিল৷ কিন্তু মনতহে পেলাব নোৱাৰিলোঁ৷

“আমি এখন চেলফীয়ে ল’ব পাৰো দেখোন!”–হঠাৎ তাইৰ কথাষাৰ মোৰ কৰ্ণকুহৰত সোমোৱাৰ লগে লগে মোৰ শৰীৰত ৩৩ কেভিৰ বিজুলীয়েহে যেন মোক দেই পুৰি নিলে তেনে লাগিল৷ মোৰ সন্মতিলৈ নৰৈ তাই হাউলী আহি মোৰ গাতে লাগি দি “স্মাইল প্লিজ” বুলি ক’লে৷ মই কি হৈছে তৎ ধৰিবলৈ পোৱাৰ আগতে মুখৰপৰা সেমেকা হাঁহি এটা ওলাই গ’ল৷ “খেচেক” শব্দ এটাৰে মোবাইল কেমেৰাটোৰ শব্দটোহে শুনা পালোঁ৷ সেই যে আৰম্ভণি, তাৰ পিছৰ গোটেই সময়ছোৱা ঢেৰ কিবাকিবি কথা পাতি পাতি কেতিয়া নগাঁও পালোগৈ ধৰিবই নোৱাৰিলোঁ৷ মই নামিবৰ সময়ত “গুড বাই” বুলি কৈ নামিব খোজোঁতেই ক’লে,- “আপোনাৰ হোৱাটচ্ এপ নম্বৰটো দিয়ক না!”

“৯৪৩৫০*****” নম্বৰটো কৈ নামি দিলোঁ৷ নমাৰো বহু পিছলৈ হাত জোঁকাৰি থাকিল তাই৷ অহ! নামটো ক’বলৈ পাহৰিছিলোঁ, তাইৰ নাম তৰালি৷

নগাঁৱত নামিহে হুঁচ আহিল যে মই কিয় আহিলোঁ ইয়ালৈ৷ লিখাৰ ‘টপিক’ বিচাৰি ওলাইছিলোঁ, কিন্তু অপ্সৰাই বিশ্বমিত্ৰৰ ধ্যান ভংগ কৰাৰ দৰে এজনী ছোৱালীয়ে মোক ইমান দূৰলৈ টানি আনিলে৷ মোৰ ওচৰত “আখৰী” দুটা দিনৰ এটা এনেই এনেই নষ্ট কৰাৰ দুখত নিজৰ ওপৰতে ধিক্কাৰ জন্মিল৷ ততাতৈয়াকৈ গুৱাহাটীমুখী বাছ এখনত উঠি দিলোঁ৷ লক্ষ্য- এটা ‘টপিক’৷

সন্ধিয়া মোৰ কোঠাটোৰ বাৰান্দাত পায়চাৰী কৰি পুনৰ ‘টপিক’ ভাবিবলৈ ধৰিলোঁ, নাইচোন মনলৈ একোৱেই অহা নাই৷ কেৱল গাভৰুজনীৰ কথাবোৰহে কিবা মনলৈ আহি আছে৷ নিজকে প্ৰশ্ন কৰিলো, কিয় এই সংযমহীন আচৰণ হ’ল মোৰ! পৰহিলৈ মোৰ “আখৰী-দিন” হ’ব আৰু আজি মই কি প্ৰেমত পৰিছোঁ? তাকো এই বয়সত? ছিঃ! নিজৰ ওপৰত ঘৃণা উপজিবলৈ ধৰিলে অলপ৷ এনেতে মোবাইলত ‘মেচেজ ট’ন’টো বাজি উঠিল৷ কাৰ মেচেজ বুলি চালোঁ- অচিনাকী নম্বৰ৷

“হাই! হেণ্ডচাম! ইটচ্ মি তৰালি! ঘৰ পালা? মিছ কৰিছোঁ জানা তোমাক! তুমি মিছ কৰা নাই?”

হে প্ৰভু! মই তেতিয়া বিস্মিত, অভিভূত আৰু আত্মহাৰা৷ ক্ষন্তেকৰ বাবে মোৰ পৃথিৱীখন পাহৰি নিজৰ অলক্ষিতে ভৰি দি পেলালোঁ প্ৰেমৰ সাগৰত৷ পুত্ৰ, কন্যা, পৰিবাৰ সকলো পাহৰি হাত দুখন আগবাঢ়ি গ’ল মোবাইলৰ কিপেদটোৰ ফালে৷ মেচেজ এটা টিপা গ’ল- “মিচিং ইউ টু ডিয়েৰ!”

তাৰপিছত, ৰাতি প্ৰায় দহ মান বজালৈ-কি বাৰ্তালাপ কৰিলোঁ, কি লিখিলোঁ সেইবোৰ কোৱা অনুচিত৷ সম্পাদকৰ কথাটো মনত পৰিল আকৌ, “বচ আখৰী দৌ দিন- জী লে অপনী জিন্দেগী৷”

হঠাৎ দহ বজাৰ পিছত তাইৰ মোবাইল চাইলেণ্ট হৈ গ’ল৷ মই হেল্লো, হাই, ক’ত গ’লা, শুলা নেকি আদি কত মেচেজ টাইপ কৰিলোঁ কিন্তু কোনো উত্তৰ নাই৷ মই ভাবিলোঁ হয়তো শুলে৷ মোবাইলত তৰালিৰ নম্বৰটো এল আই চি এজেণ্ট অলকেশ বুলি ‘চেভ’ কৰি কল্পনাৰ সাগৰত ডুব গৈ ময়ো লাহে লাহে টোপনিৰ জালত আছন্ন হৈ পৰিলোঁ৷

ৰাতিপুৱা সাতমান বজাত সাৰ পালোঁ৷ নক’লেও হ’ব যে চকু মোহাৰিয়েই মোবাইলটোৰ ফালেই হাত মেলিলোঁ৷ হয়, তৰালিৰ মেচেজ আছে৷ “আখৰী” দিনৰ ৰাতিপুৱাটো পুনৰ সতেজ হৈ উঠাৰ আশাৰে মেচেজ খুলিলোঁ৷

কেইবাটাও স্ক্ৰীণশ্বট হৈ জিলিকি উঠিল তৰালিৰ মেচেজ বক্স৷ নিজৰ মেচেজৰ স্ক্ৰীণশ্বট দেখি নিজৰেই লাজ লাগি গ’ল৷ তলত লিখা আছে- “মোবাইলটো বেয়া হ’ল, টকা অলপ হ’ব নেকি? মানে ৮০,০০০ মান! এইবাৰ আইফোন এটা ল’বলৈ মন গৈছে!”

মোৰ বুজিবলৈ অলপো বাকী নেথাকিল যে জীৱনৰ “আখৰী দিন”টোতে মই “হানী ট্ৰেপিঙ”ৰ চিকাৰ হৈ ‘ব্লেক মেইল’ৰ জালত পৰিলোঁ৷ মোৰ ভৰিৰ তলৰ মাটিবোৰ এচপৰা এচপৰাকৈ খহি পৰিবলৈ ধৰিলে৷ মই দেখা পালো সম্পাদকে কাণৰ তলত ট্ৰিগাৰটো টিপি দিয়াৰ পিছত মোৰ ডেডবডী নিবলৈ অহা পৰিয়ালৰ মানুহে মোৰ মোবাইলৰ মেচেজ পঢ়ি ডেডবডীটো হয়তো ৰাস্তাতে পৰিত্যাগ কৰি থৈ যাব৷ আৰু বেছিকৈ ভাবিবলৈ সত নগ’ল৷ ৰাতিপুৱা ঠিক দহ বজাৰ লগে লগে লাজে ভয়ে জৰ্জৰিত হৈ হাজিৰ হ’লোঁগৈ সম্পাদকৰ কোঠালীত৷

“আঔ, ঠাকুৰ, আঔ! ‘লিখা’ লায়ে হো?”

“নহী, চম্পাদক!”

“নহী লায়া? ক্যা চৌচকৰ আয়ে থে? কি চম্পাদক চাবাচী দেগা? ইচকী চজা মিলেগী, বৰাবৰ মিলেগী৷”

“চম্পাদক, মে আপকা নমক খায়া হেই!”

“অব গোলী খা!”

সম্পাদকে নিজৰ বেৰেটা পিষ্টলটো উলিয়াই মোৰ ফালে চাই ক্ৰুৰ হাঁহি এটা মাৰিলে৷

“য়েহী তৌ বৌলনে আয়া হু মেডাম, মে জীনা নেহী চাহতা৷ মুঝে গোলী মাৰ দিজীয়ে৷”

এইবাৰ সম্পাদকৰ মুডৰ অলপ পৰিৱৰ্তন হ’ল৷ পিষ্টলটো মোৰ মূৰৰপৰা আঁতৰাই অলপ বিস্ফোৰিত নেত্ৰে মোৰ ফালে চাই সুধিলে- “ক্যা হুৱা বতাঅ!”

মই আদিৰপৰা অন্তলৈকে কেনেকৈ টপিক বিচাৰি কি জালত পৰিলো আদ্যোপান্ত বিৱৰি ক’লোঁ৷ “মেইনে বহুত বড়া গুনাহ কিয়া হেই চম্পাদক মেডাম! মে মৰণা চাহতা হু!”

“হাঃ হাঃ হাঃ হাঃ…………” একেই গব্বৰ সিঙৰ দৰে হাঁহিটো কোঠাটোৰ বেৰত প্ৰতিধ্বনিত হৈ মোলৈ বাৰে বাৰে উফৰি আহি থাকিল৷

“আৰে ঔ তৰালি, ৰিণ্টুমনি দত্ত নে কিটনে ভিউৱাৰচ্ ৰখা হেই ৰে ইচবাৰ?”

“পুৰে পঁচাছ হাজাৰ মেডাম জী!”

তৰালি? হঠাৎ কালি লগ পোৱা তৰালিক দেখি মই কোনোমতে মূৰ ঘূৰাই পৰি নোযোৱাকৈ ৰ’লোঁ৷ তৰালি ইয়াত? মই যেন নিজ চকুকে বিশ্বাস কৰিব পৰা নাই!

“আৰে বতা দে ইচকো, কি কল চে আজতক ‘টপিক’ জৌ হুৱা, য়হী কাহানী বনাকে লিখকে লায়ে!”

“ইয়েচ মেডাম!”

তৰালিয়ে মিচিকিয়া হাঁহি এটাৰে মোলৈ ইংগিত দি ক’লে- “সোনকালে লিখি আনক, যাওক! আৰু গাভৰু দেখিলেই পিছলি নপৰিব৷ এইবাৰলৈ মাফ কৰি দিলোঁ৷”

“যা সমীৰণ, যা, জী লে অপনী জিন্দেগী” সম্পাদকে পুনৰ বাঘঢকা এটা দি গতা মাৰি উলিয়াই দিলে৷

☆★☆★☆

29 Comments

  • Anjan sadhanidar

    লেখাটো পঢ়ি বাৰে বাৰে ছেপ্তম্বৰ মাহৰ সম্পাদকীয় টোলৈ মনত পৰিল৷ আপোনাৰ দৰেই মোৰো হল৷ টপিক বিচাৰি ফুৰুতেই গল৷ ইমান ধুনীয়াকৈ উপস্হাপন কৰিলে৷ ভাল লাগিল

    Reply
  • Mridula

    খুব ভাল লাগিল ।

    Reply
  • Manash Saikia

    যা জীলে আখৰি দো দিন-
    বৰ খতৰনাক সম্পাদক৷ ভাৱিয়েই ভয় লাগিছে৷
    দাদা,চুপাৰ্ব চে উপৰ হৈছে৷

    Reply
  • অভিজিৎ কলিতা

    চুপাৰ্ব। বলেতো ঝাকাছ। সমীৰণ টো কিলাৰ।

    Reply
  • Anonymous

    ভাল লাগিল ।

    Reply
  • সদানন্দ ভূঞা

    বাপৰে, কি মজা লিখিলে । খুউব হাঁহিলো ।

    Reply
  • কি মজ্জা লিখিছে দাদা৷

    Reply
  • জয়ন্ত দাস

    বিৰাট ধুনীয়া লিখিলে৷ ভাল মেচেজো দিলে ” গাভৰু দেখিলেই পিছলি নপৰিব”৷

    Reply
  • Anonymous

    সচৰাচৰ ঘটি থকা ছবি….বৰ সুন্দৰকে লিখিছে..

    Reply
  • মিতু

    ধুনীয়া লাগিল।

    Reply
  • শেৱালি হাজৰিকা শইকীয়া

    বৰ ধুনীয়া…এনেকুৱা লাগিল আপোনাৰ কাহিনীভাগ মোৰ চকুৰ আগত দৃশ্যমান হৈ আছে….

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    দাদা ভাল লাগিল ।

    Reply
  • ৰিণ্টু

    মোকো সম্পাদকে দম দিছিল, পিছত গম পালো বেৰেট্টাটো পুজাত যোৰহাটৰ গড় আলিত কিনা, সেইয়ে ডেমকেয়াৰ হৈ থাকিলো।

    সাংঘাতিক লিখিছে দাদা, বঢ়িয়া লাগিল

    Reply
  • গীতিকা শইকীয়া

    সাংঘাতিক টুইষ্ট। লিখাৰ ষ্টাইল সঁচাকৈয়ে অতুলনীয়। কোনোবা আলোচনীলৈ পঠিয়াই দিয়ক দাদা। বহুত ভাল লাগিল পঢ়ি।

    Reply
  • সাংঘাটিক লিখিলে দাদা। সমীৰণ এন্নে বুলি ভবাই নাছিলো। বঢ়িয়া উপস্থাপন।
    LIC এজেন্ট অলকেশ– হাঃ হাঃ

    Reply
  • Smriti rekha das

    বাহঃ দাদা,,,,,,লিখিলে কিছু।ভালতকৈও ভাল লাগিল

    Reply
  • Utpal Gogoi

    বৰ ভাল লাগিল।

    Reply
  • হিৰণ্যজ্যোতি দাস

    বাহ: কিয়া টপিক হে

    Reply
  • “অগৰ বিনা লিখে তুমনে ৱহা চে ভাগনে কি কৌচিচ কি, তৌ চ্চীল কে ৰাখ ডুংগী” চম্পাদিকাৰ কি দম ৰে। মজ্জা টপিক দাদা।

    Reply
  • parishmita

    আস! তৰালি ন কাকতীদা। পঢ়ি থাকোতে মিচিক মাচাক কৰি আছিলো দেই। কি সাংঘাতিক লিখিছেচোন।

    Reply
  • Rashna Borah

    বৰ উন্নত মানৰ হৈছে লেখাটো।

    Reply

Leave a Reply

Your email address will not be published.