ফটাঢোল

এটা মহৰ অপঘাতী মৃত্যুত – বাসৱদত্ত দাস

এটা মহে আপোনাৰ কাণৰ কাষত কুন্‌কুনাই আপোনাক আমনি কৰি আছে। মহটোৱে আপোনাৰ ইখন কাণৰপৰা সিখন কাণলৈ কুঁ-কুঁৱাই আপোনাক সুস্থিৰ হৈ থাকিবলৈ দিয়া নাই, আৰু এনেতে- ‘চেটেপ’! আপোনাৰ দুহাতৰ চাপৰিৰ মাজত চেপেটা লাগি আপোনাৰেই তেজ বঁতিয়াই মহটোৰ কৰুণ মৃত্যু ঘটিল। কাহিনী খতম? নাঃ এইখিনিতে কাহিনীটোৰ আৰম্ভণিহে।

মহটোক হত্যা কৰি আপুনি হয়তো আশ্বস্ত হৈ বহি আছে – এতিয়া আৰু আমনি নাই। হয়তো নতুনকৈ মহৰ আগমন ৰুধিবলৈ অল-আউটটো অন কৰি লৈছে। কিন্তু আপুনি জানেনে, আপুনি এইমাত্ৰ এটা জীৱন নাশ কৰিলে; আপুনি দৰাচলতে এটা শীতল মগজুৰ হত্যাকাৰী- জেক দ্য ক্লেপাৰ (Jack the Clapper)! আপুনি অল-আউটটো জ্বলাই লৈ তাৰ ধোঁৱাৰে মহৰ এটা পতঙ্গ গোষ্ঠী হত্যা কৰিবলৈ এতিয়া আগবাঢ়িছে। আপোনাৰ জানিবলৈ মন নাযায়নে, এই মহবিলাকেনো আপোনাৰ সম্বন্ধে ভাবে কি! নাই, আপুনি অকল নিজৰ বিষয়েহে ভাবি ভাল পায়। মই কওঁ শুনক, আপুনি মহবিলাকৰ মানত হিটলাৰ। হয়, সেইজন হিটলাৰ যিয়ে নেকি বিষাক্ত গেছ সেৱন কৰাই ইহুদিসকলক নিঃশেষ কৰি দিবলৈ আগবাঢ়িছিল। আপুনি সেইজন হিটলাৰৰে এটা অৱতাৰ এই মহবিলাকৰ বাবে।

এই যে অলপতে মৰা পৰা মহটো, আপুনি জানেনে, সেইটো মতা নহয় মাইকীহে আছিল। আপুনি যিমানেই নকওঁক কিয়, ‘নাৰী দেৱীতুল্য; নাৰীক মই সন্মান কৰোঁ, মৰ্যাদা দিওঁ।’ কিন্তু, প্ৰকৃত সত্যটো হ’ল আপুনি এজন নাৰী হত্যাকাৰী। সমস্ত নাৰী জাতিৰেই ধিক্কাৰৰ পাত্ৰ আপুনি।

এতিয়া কওঁ শুনক অলপ আগতে শীতল মগজুৰে হত্যা কৰি এতিয়া প্ৰিয় নাৰীজনীক নিজৰ সৈতে ‘ফেণ্টাচাইজ’ কৰি থকা আপোনাক সেই মহজনীৰ কাহিনী। জানেনে, মহজনী আছিল সদ্যবিবাহিতা! ‘লিট্‌ৰেলী’ দুদিন মাথোঁ হৈছিল তাইৰ বিয়া হোৱা। কালিহে মাত্ৰ গৰ্ভৱতী হৈছিল তাই। মাতৃ হোৱাৰ মিঠা সপোন দেখি দেখি আনন্দতে আপোনাৰ কাণৰ কাষত গুণগুণাই থকা মহজনীৰ দোষটো কি আছিল আপুনি ব্যাখ্যা কৰিব পাৰিবনে? এক বিন্দু তেজো দিব নোখোজা আপুনি কোন দুৰ্যোধনৰনো নাতিয়েকৰ নাতিয়েক! অহ্, আপুনি এতিয়া ডেংগী, মেলেৰীয়া, জাপানী এনকেফেলাইটিছৰ লেক্‌চাৰ ফুটাইছে। বাউসী দুটালৈ নেত্ৰ বিস্ফোৰণ কৰি দৃষ্টি নিক্ষেপ কৰক, কেইটা প্ৰতিষেধকৰ কিমানটা খোঁচ পৰি কেই বিন্দু তেজ বেকাৰতে ওলাই অপচয় হ’ল আপোনাৰ। সেইবোৰ প্ৰতিষেধকৰ গুণাগুণক লৈ আপোনাৰ ইমানেই সন্দেহ নে! আপুনি দৰাচলতে এটা ‘পেৰেনইদ চাইকো-কিলাৰ’হে।

চাৰিদিন আগতেহে জন্ম পাই এই পৃথিৱীৰ পোহৰ দেখিবৰ সৌভাগ্য হৈছিল মহজনীৰ। তাইৰ মাকে ভালৰো ভাল জাতৰ তেজ সংগ্ৰহ কৰি বৰ কষ্টেৰে ‘মহ-নাজি’বিলাকৰ চাপৰবোৰৰ মাজেৰে সৰকি, নিজৰ জীৱনৰ সৈতে খেলি তাইলৈ এক-এক বিন্দু মহঙা ৰক্ত আনি পান কৰাইছিল তাইক। সেই তেজৰ বলতেই তাই দুদিনতে ৰূপহীজনী হৈ গাভৰু বয়স পাইছিলগৈ। তাইৰ নিচিনা মাইকী মহ “মশ্ প্ৰজাতি”ৰ বাৱন্নটা প্ৰজন্মত এজনীহে ওলায়। স্ৰষ্টাৰ অনুপম সৃষ্টি এটা সম্পূৰ্ণ কৰিবলৈ অলেখ সময়ৰ প্ৰয়োজন হয়, কিন্তু আপোনাৰ দৰে সংহাৰক এটাৰ বাবে সৃষ্টি এটা মুহূৰ্ততে নাশ কৰি পেলোৱাটো এটা বিকৃত পৰিতৃপ্তি।

কাইলৈ মহটোৱে হয়তো কণী পাৰি অকণি অকণি মহ পোৱালীকেইটামান জন্ম দিলেহেঁতেন। কিন্তু আপুনি আজি মহজনীক মাৰি অকল তাইকেই হত্যা কৰা নাই, আপুনি তাইৰ গৰ্ভজাত সেই দুৰ্কপলীয়া পোৱালীকেইটাৰো হত্যাৰ অপৰাধত অপৰাধী। আপুনি এনেকুৱা এজন অনুতাপশূন্য অপৰাধী, যি আচলতে অনুধাৱনেই কৰা নাই যে কেনে এটা মাৰাত্মক কাণ্ডৰ আপুনি আজিয়ে কিয়, সদায়ে পুনৰাবৃত্তি ঘটাই থাকে। আপুনি এতিয়া স্বীকাৰ কৰিবলৈকো মান্তি নহয় যে এয়া এটা অক্ষমণীয় অপৰাধ।

মহজনীয়ে মাথোঁ জীয়াই থকাৰ তাগিদাত আপোনাৰ দেহ-সঞ্চিত শোহিতৰ এটোপাল অমিয়াহে বিচাৰিছিল। আপুনি তাক শোষণ বুলি অপবাদ দি তাচ্ছিল্য নকৰিব এতিয়া। শোষণ কাক বোলে আপোনাৰ সেই ধাৰণানো কিমান আছে! হয়, আপুনি শোষিত; কিন্তু এটা সামান্য মহে আপোনাক শোষণ কৰিব নোৱাৰে। আপোনাৰ এক বিন্দু ৰক্ত তাৰ জীৱনৰ বাবে উৎসৰ্গিত এক কৰুণাহে। কিন্তু আপুনি সেই কৰুণাকণো যাচিবলৈ অনিচ্ছুক হৈ নিৰ্বলী মহ এটাক অতি নিৰ্দয়ভাৱে মহতীয়াই হত্যা কৰে। আপোনাৰ শক্তিৰ প্ৰদৰ্শন এই নিঃকিন মহ এটাৰ ওপৰতে সীমাবদ্ধ। প্ৰকৃত শোষণকাৰীৰ আপুনি গাৰ নোম এডালো বেঁকা কৰিব পৰাকৈ কিন্তু অক্ষম। সেইজাত শোষণকাৰীয়ে আপোনাৰ মহনাশী শক্তিকণকে পোষণ কৰি আপোনাৰ মূৰত কঁঠাল ভাঙি খাই নিজৰ উদৰ তেলাল কৰি সমাজত দপ্‌দপাই ফুৰিছে- আপোনাৰ চকুৰ সমুখতে। আপুনি আকৌ সেইসকল প্ৰকৃত শোষণকাৰীকেই ৰঙা দলিচা পাৰি প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে আনি ৰাজপাটত বহাইহি। তাৰ পিছত পৰৱৰ্তী পাঁচটা বছৰলৈ আপোনাক অবাধে শোষণ কৰিবলৈ সিহঁতক সিহঁতৰে সৃষ্ট অনুজ্ঞাপত্ৰখন প্ৰদান কৰে। আপুনি এনে এক নিৰ্বোধ নৰাধম যে আপোনাৰ এই সামান্যতম পাৰ্থক্যটোও কিন্তু চকুত নপৰে, দৰাচলতে ইহঁতৰ শোষণটো হৈছে এক বেপাৰ, ইহঁত শোষণৰ বেপাৰী; আনহাতে, মহবিলাকৰ শোষণ এক প্ৰয়োজন, য’ত সিহঁতৰ জীৱনৰ মৌলিক প্ৰশ্নটো জড়িত হৈ আছে।

এটা ভোট নিজৰ বিবেকৰ সহমতত দিবলৈকে আপোনাৰ ধৈৰ্য্যৰ অভাৱ; তাৰ বিপৰীতে ভোটটো এনেয়ে দান কৰি শোষণকাৰীক উপযাচি আহ্বান জনাবলৈ কিন্তু আপোনাৰ সংকোচ নহয়। সংকোচ জন্মে তেতিয়াহে, যেতিয়া এজনী অসহায় মহক আপোনাৰ একবিন্দু ৰক্ত দান কৰিবলগীয়া হয়। তেতিয়া আপোনাৰ বিবেকশূন্য মনত মহজনীৰ মান দুৰ্দ্ধৰ্ষ শোষণকাৰী দ্বিতীয় এটা নোলোৱা হ’ব। পিছে আপোনাকনো এইবোৰ পাঠ পঢ়াই কি লাভ! ৰক্তবীজৰ লেখীয়াকৈ য’ত হিটলাৰৰ আৱিৰ্ভাৱৰ পুনৰাবৃত্তি হৈয়ে থাকে, মহক নিজৰ একবিন্দু ৰক্ত দিবলৈ অনিচ্ছুক হোৱাৰ দৰে যোগ্যজনৰ বাবেও নিজৰ বিবেকৰ একাংশ দিবলৈকো ইচ্ছুক নোহোৱা আপুনি হেন দুৰ্যোধনৰ দেশত শোষণকাৰীয়ে ৰজা নহৈনো হ’ব আন কোন!

☆★☆★☆

7 Comments

  • ৰিণ্টু

    খুব কম সময়ৰ চিনাকি তোমাৰ লিখাৰ লগত, কিন্তু কম সময়তে তুমি মোৰ এজন অন্যতম প্ৰিয় লিখক হৈ গ’লা।

    খুব ভাল লাগিল পঢ়ি

    Reply
  • আগতে পঢ়িছিলোঁ আকৌ পঢ়িলোঁ, ভাল লাগিল।

    Reply
  • সৌৰভ শৰ্মা

    বাৰে বাৰে পঢ়িও আমনি নলগা লিখনি। 👌🏾👌🏾👌🏾

    Reply
  • ববিতা শৰ্মা

    অকব ত পঢ়িছিলোঁ আকৌ পঢ়িলো । ভাল লাগিল।

    Reply
  • চিদানন্দ বৰা

    এই সংখ্যাত এতিয়ালৈকে পঢ়া লিখনি সমূহৰ মাজত ই সঁচাই এক ব্যতিক্ৰমী আৰু মননশীল !!!

    Reply
  • এইটো পঢ়াৰ পিছত মহ এটা মৰাৰ আগতে নিশ্চয় দ্বিতীয়বাৰ ভাৱিব লাগিব ৷ মহটো মতা নে মহজনী মাইকী সেইটো জনাটোও দৰকাৰ 😜

    ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published.