ফটাঢোল

এটুকুৰা আলসুৱা মেঘ- খগেশ সেন ডেকা

শৰৎ যাওঁ যাওঁ ৷ হেমন্ত ৰৈ আছে দুৱাৰডলিত ৷ আমি অসমীয়াই পিছে হেমন্ত ঋতুৰ কুহুমীয়া আহ্বান বৰকৈ অনুভৱ নকৰোঁ ৷ অসমীয়া সাহিত্যত হেমন্তৰ বৰ বিশেষ উল্লেখ বা আদৰো দেখা নাযায় ৷ যি আছে সেয়া যৎ সামান্য ৷ মহাপুৰুষজনায়ো বিভিন্ন উপমাৰে মনোমোহাকৈ “বৰ্ষা বৰ্ণন” আৰু “শৰৎ বৰ্ণন” কৰি থৈ গৈছে ৷ কিন্তু হেমন্ত বৰ্ণন অনুপস্থিত ৷ বাংলা সাহিত্যত অৱশ্যে হেমন্তৰ কিছু সমাদৰ দেখিছোঁ ৷ “বনলতা সেন”-ৰ কবি জীবনানন্দ দাশৰ “হেমন্ত আসিয়া গেছে”, হেমন্ত ঋতুৰ প্ৰতিচ্ছবি অংকিত এটা উৎকৃষ্ট কবিতা ৷ আচলতে আমি অসমীয়া মানুহে শৰৎ আৰু হেমন্তৰ বৰ এটা পাৰ্থক্য বা বিৰোধ নেদেখোঁ ৷ বৰ্ষাৰ পাছত শীতৰ হাড় কঁপোৱা জাৰৰ আগমনলৈকে আমাৰ মনত যেন শৰতৰ শুভ্ৰ ৰূপেই দোলা দি থাকে ৷ কাতি মাহ দুৱাৰমুখত ৰৈ আছে ৷ পথাৰত গেৰ মেলা সেউজীয়া শইচৰ ঢৌ ৷ আঘোণ পৰিলে সলনি হ’ব তাৰ ৰূপ ৷ ধাননি পথাৰ হৈ পৰিব এক সোণালী সাগৰ ৷ সিমানলৈকে আমাক শৰতেই আৱৰি ৰাখিব ৷ সুখ আৰু দুখ মানৱ জীৱনৰ ইপিঠি-সিপিঠি ৷ এক দ্বন্দ্ব ৷ তিতা নাখালে মিঠাৰ সোৱাদ ধৰিব নোৱৰাৰ দৰে দুখ অবিহনেও সুখৰ ধাৰণা সম্ভৱ নহয়, যিদৰে বেয়া থকা বাবেই ভাল কি বুজিব পৰা গৈছে ৷ প্ৰকৃতিৰ দৃশ্যপটো তেনেকুৱাই ৷ ঋতুৰ বিৰোধে সলনি কৰে তাৰ ৰূপ, ৰং, সকলো ৷

কোনোবাখিনি পালোঁহি ৷ ক’বলৈ লৈছিলোঁ শৰতৰ অনুষংগৰ কথা, আকাশত উৰি ফুৰা টুকুৰা টুকুৰ আলসুৱা শুকুলা মেঘৰ কথা, ৰাতি ফুলি পুৱা মৰহি যোৱা শেৱালি ফুলৰ সুবাসৰ কথা ৷ গীতিকবিয়ে বৰ সুন্দৰকৈ সুৰীয়া ভাষাৰে কৈ গৈছে—”আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন ৷”

ওহোঁ ! আজি পিছে মোহনীয় শৰতৰ বিৱৰণ দিয়া মোৰ এই সামান্য লেখাটোৰ উদ্দেশ্য নহয় ৷ উদ্দেশ্যটো হ’ল লেখাটোৰ শিৰোনামত দিয়া শব্দগুচ্ছৰ দ্বাৰা আৰম্ভ হোৱা ভূপেন হাজৰিকাৰ সেই বিশেষ গীতটোৰ কিছু কথা ফঁহিয়াই চোৱা ৷ প্ৰথমেই আমি শৰতৰ অনুষংগেৰে লিখা এই গীতটোৰ কথাখিনি আৰু তাৰ বাংলা ৰূপান্তৰ, দুয়োটাতে এক বিহংগম দৃষ্টি বুলাওঁচোন আহক :

“এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়
মোৰো বনহংসই বাট হেৰুৱায়
মই আছোঁ শাৰদীয় খিৰিকি মুখত
বুকুৱে বিচৰাজনলৈ বাট চাই ৷

বিজুলী চাকিৰ সৌ তাঁৰবোৰতে
নিয়ৰে ওলমি কিবা কথা পাতে
বিশেষ বিন্দুত অঁকা এখনি মুখে
এমুঠি অনুৰাগ দিছে ছটিয়ায় ৷

মই এক যক্ষ মহানগৰীৰ
মিছলীয়া মৰমত কাৰাৰুদ্ধ
সোঁৱৰণি শ্ৰাৱণতে আবদ্ধ ৷

নিয়ন চাকিয়ে আজি চকু টিপিয়ায়
শৰৎ-সন্ধ্যা মহানগৰী সজায়
মাদকতা সানি আজি লিখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়ায় ৷”

বাংলা ভাষালৈ ইয়াৰ অনুবাদ এনেদৰে কৰা হৈছে :

“একখানা মেঘ ভেঁসে এলো আকাশে
একঝাঁক বুনো হাঁস পথ হাৰালো
একা একা বসে আছি জানালা পাশে
সেকি আসে আমি যাৰে বেসেছি ভালো ৷

এলো মেলো হাওয়া চোখে স্বপ্ন আনে
শৰমে ৰাঙে মন কেন কে জানে
ভালবাসা চুপি চুপি দিয়েছে দোলা
একমুঠো অনুৰাগে মন ভৰালোঁ ৷

আমি এক যক্ষ মহানগৰেৰ
যাৰে ডাকি কেন তাৰ পায়না সাৰা
চোখে তাই ঝড় ঝড় বৃষ্টিধাৰা ৷

ছায়া ছায়া নিভো নিভো আলোৰ ৰেখা
এ সময় ভালো আৰ লাগেনা একা
বাতাসেৰ হাতে আজ পেলাম চিঠি
বিৰহেৰ কথা মেঘ লিখে পাঠালো ৷”

সংগীত হ’ল গণ-মাধ্যম ৷ গীতৰ জৰিয়তে সমাজৰ বুকুত থিতাপি লোৱা কলুষ-কালিমা আঁতৰোৱাৰ বাবে জন-জাগৰণ সৃষ্টি কৰা ঘটনা পৃথিৱীত বিৰল নহয় ৷ তাৰ বাবে আমাৰ গীতিকাৰসকলক লাগিব অধ্যয়নৰ ব্যাপ্তি আৰু অভিজ্ঞতাৰ কষটি শিলত শাণ দিয়া জন-চেতনা ৷ এনেকি প্ৰেমৰ অনুভৱ গীতৰ মাজেৰে ব্যক্ত কৰিবলৈকো এনে সুস্থ চিন্তাৰ আৱশ্যক ৷ অন্যথা অসমীয়া গীতি-সাহিত্য পেনপেনীয়া তথা স্থূল চিন্তাৰে ভৰপূৰ হোৱাটো নিশ্চিত ৷ ইতিমধ্যে তাৰ লক্ষণ প্ৰকট ৰূপত ওলাই পৰিছেই ৷ চিন্তাৰ এনে গভীৰতাৰ বাবেই ভূপেন হাজৰিকাৰ গীতত বিচাৰি পোৱা যায় “সৰ্বাকাশ সত্তা” ৷ সেইবাবেই তেওঁ বিশ্ব বন্দিত মননশীল গায়ক, গীতিকাৰ, সংগীতজ্ঞ ৷

ওপৰত উল্লেখ কৰা অসমীয়া গীতটো মূলতঃ প্ৰেমৰ গীত ৷ ইয়াত শাৰদীয় অনুভূতিৰে প্ৰেম-বিৰহৰ এক মধুৰ চিত্ৰ অংকন কৰা হৈছে ৷ প্ৰেমিক অধীৰ আগ্ৰহেৰে “খিৰিকি মুখত বুকুৱে বিচৰাজনলৈ” বাট চাই ৰৈ আছে ৷ খিৰিকিখন কিন্তু “শাৰদীয়” ৷ গীতটোত বিজুলী চাকিৰ তাঁৰবোৰত নিয়ৰে ওলমি কথা পতাৰ দৃশ্যপটেও শ্ৰোতাৰ মনত শাৰদীয় অনুভূতিৰ শিহৰণ জগায় ৷

মই আগতেও এটা লেখাত উল্লেখ কৰিছোঁ যে ভূপেন হাজৰিকাৰ প্ৰায় প্ৰতিটো গীতৰ আঁৰত বাস্তৱ অভিজ্ঞতা আৰু মানৱতাবোধে আনি দিয়া আৰু অন্তৰ্দৃষ্টিসম্পন্ন গৱেষণা জড়িত হৈ আছে ৷ সেইবাবেই আনতকৈ তেওঁ ব্যতিক্ৰম, এক মননশীল গায়ক, গীতিকাৰ বা যথাৰ্থ শিল্পী ৷ সম্ভৱতঃ তেওঁৰ এই শিল্পীসত্তা কিছু দূৰলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰভাৱিত কৰিছিল আৰু পাছলৈ সি স্বাধীনভাৱে আত্মপ্ৰকাশ কৰিছিল ৷

সি যি কি নহওক, পুনৰ আলোচ্য গীতটোৰ প্ৰসংগলৈ আহোঁ ৷ গীতটোত মহাকবি কালিদাসৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি “মেঘদূতম্” কাব্যৰ অখণ্ডনীয় প্ৰভাৱ লক্ষ্য কৰিব পাৰি ৷ কাব্যখনৰ মতে, সুতনুকা নামৰ দেৱদাসী এগৰাকীক ভালপোৱাৰ অপৰাধত যক্ষ যুৱক দেৱদিনক উত্তৰৰ ৰামগিৰি পাহাৰৰ অটব্য অৰণ্যত নিৰ্বাসন দিয়া হৈছিল ৷ দেৱদিনৰ বিৰহ-বেদনাৰ যি ছবি মহাকবিয়ে আঁকিছে, সেয়া বিশ্ব সাহিত্যতে বিৰল ৷ জন বসতিৰ পৰা বহু দূৰৈত, দুৰ্গম গিৰি কন্দৰত নিৰ্বাসিত জীৱন কটোৱা যক্ষই প্ৰেয়সীৰ সান্নিধ্য মাত্ৰ অনুভৱহে কৰিব পাৰিছিল ৷ উপায়বিহীন যক্ষই নিজৰ অন্তৰৰ বিৰহ-ব্যথা, প্ৰেম-ভালপোৱা প্ৰেয়সীক জনাবলৈ কল্পনাৰ জগতলৈ ঢাপলি মেলিছিল ৷ আশ্ৰয় লৈছিল তীব্ৰ বেগেৰে আকাশত উৰি ফুৰা আহাৰৰ কলীয়া ডাৱৰৰ ৷ সেই মেঘক দূত হিচাপে কল্পনা কৰি তেওঁৰ বিৰহৰ বাতৰি প্ৰেয়সীলৈ কঢ়িয়াই নিয়াৰ কল্পনা কৰিছিল ৷ কবিৰ এই কল্পনাই আধুনিক ৰোমাণ্টিক সাহিত্যৰ কল্পনাপ্ৰৱণতাকো যেন চেৰ পেলাবলৈ সমৰ্থ হৈছে ৷ মেঘক দূত হিচাপে কল্পনা কৰা বাবেই কাব্যখনিৰ নাম “মেঘদূতম্” ৷ কালিদাসে এই প্ৰসংগতে যি যি ঠাইৰ ওপৰেৰে আহাৰৰ সেই কলীয়া বলাকা পাৰ হৈ যাব পাৰে, সিবোৰৰো এক মনোৰম বৰ্ণনা দাঙি ধৰিছে ৷ তাৰ লগে লগে আছে প্ৰাকৃতিক দৃশ্যপটৰ নিখুঁত ছবি ৷ শব্দৰ মাধ্যমেৰে মহাকবিয়ে তেতিয়াৰ উত্তৰ ভাৰতৰ যি মানচিত্ৰ অংকন কৰিছে, সেয়া আধুনিক ভূগোল বিজ্ঞানৰ মানচিত্ৰকৈ কোনে গুণে কম নহয় ৷

ভূপেন হাজৰিকাৰ গীতটোত “মেঘদূতম্” কাব্যৰ অনুষংগ লক্ষ্য কৰা যায় ৷ ইয়াত গীতিকাৰ নিজেই যেন আধুনিক বিৰহী যক্ষ ৷ আধুনিক বুলি এই কাৰণেই কৈছোঁ, কাৰণ ইয়াত ৰামগিৰি পৰ্বতৰ প্ৰাকৃতিক পৰিৱেশ নাই ৷ মেঘে অতিক্ৰম কৰি অহা ঠাই, পাহাৰ-পৰ্বতবোৰো অনুপস্থিত ৷ আধুনিক যক্ষ মহানগৰৰ কৃত্ৰিমতাত আবদ্ধ ৷ সদাব্যস্ত নগৰীয়া জীৱনৰ যান্ত্ৰিকতাৰ বুকুত, জন অৰণ্যৰ কোলাহলৰ মাজত থাকিও যেন এই বিৰহ-কাতৰ যক্ষ নিৰ্বাসিত, অকলশৰীয়া ৷ ইয়াত প্ৰেম-ভালপোৱা সকলো কৃত্ৰিম ৷ প্ৰেমিক-গীতিকাৰ ভূপেন হাজৰিকা কাৰোবাৰ তেনে মহানাগৰিক জীৱনে আনি দিয়া কৃত্ৰিম “মিছলীয়া মৰমত কাৰাৰুদ্ধ” ৷ তেওঁৰ লগত আছে মাথোঁ এৰি অহা শাওণৰ ভৰপূৰ মধুৰ সোঁৱৰণি ৷ পৰিশেষত নিয়ন চাকিয়ে অপৰূপ ৰূপৰ পোহাৰ মেলা শৰৎ-সন্ধ্যাত প্ৰেয়সীলৈ মাদকতা ভৰা চিঠি এখন লিখি শৰতৰ চঞ্চল মেঘে সেইখন কঢ়িয়াই নিব বুলি গীতিকাৰে আশা কৰিছে, ঠিক কালিদাসৰ যক্ষই আহাৰৰ বৃষ্টিসম্ভৱা কলীয়া মেঘৰ মাধ্যমেৰে প্ৰেয়সীলৈ বিৰহৰ বাৰ্তা পঠিওৱাৰ দৰে ৷

ওপৰত মূল অসমীয়া গীতটোৰ লগতে বাংলা অনুবাদৰো পূৰ্ণ-পাঠ দিয়া হৈছে ৷ গীতটি কোনে অনুবাদ কৰিছিল খাটাংকৈ নাজানো ৷ ভূপেন হাজৰিকাৰ সৰহভাগ গীতৰ দৰে এই গীতটিও শিবদাস বন্দ্যোপাধ্যায়ে অনুবাদ কৰা বুলি ধৰি লৈছোঁ ৷ যিয়ে অনুবাদ নকৰক, আন কেতবোৰ গীতৰ দৰে এই গীতটোৰ কেতবোৰ অনুষংগৰ ক্ষেত্ৰতো অনুবাদক মূলৰ পৰা ভালেখিনি আঁতৰি আহিছে ৷ মূল গীতটোৰ পৃষ্ঠভূমি শৰৎ কাল ৷ “শাৰদীয় খিৰিকি”, “বিজুলী চাকিৰ” তাঁৰত “নিয়ৰে ওলমি কিবা” কথা পতা, “শৰৎ-সন্ধ্যা মহানগৰী” সজোৱা ইত্যাদি উল্লেখেই তাৰ প্ৰমাণ দাঙি ধৰে ৷ তদুপৰি, “আলসুৱা মেঘ ভাঁহি যায়” কথাষাৰেও তাৰ ইংগিত বহন কৰিছে ৷ কাৰণ ষড়ঋতুৰ আনকেইটাৰ তুলনাত শৰতৰ আকাশৰ মেঘ অধিক কোমল, অধিক আলসুৱা ৷ অসমীয়া ৰূপটোত গীতিকাৰে প্ৰথম পুৰুষত “মই আছোঁ শাৰদীয় খিৰিকি মুখত” বুলি নিজৰ অৱস্থিতি ঘোষণা কৰিছে ৷ আনহাতে বাংলা গীতটোত কিন্তু “জানালা পাশে” “একা একা বসে” থাকা ভূপেন হাজৰিকাকহে পোৱা যায় ৷ অসমীয়া গীতটোত গীতিকাৰক “বিশেষ বিন্দুত অঁকা” মুখ এখনেহে মনত অনুৰাগ সিঁচি দিছে ৷ বাংলাত কিন্তু গীতটোত ভাবৰ মিল থাকিলেও দ্বিতীয় অন্তৰা বা কলিটোৰ প্ৰকাশ ভংগী সম্পূৰ্ণ ভিন্ন ৷ তলত পুনৰ উল্লেখ কৰা কলি দুটাই তাৰ প্ৰমাণ দিব :

অসমীয়া—
“বিজুলী চাকিৰ সৌ তাঁৰবোৰতে
নিয়ৰে ওলমি কিবা কথা পাতে
বিশেষ বিন্দুত অঁকা এখনি মুখে
এমুঠি অনুৰাগ দিছে চটিয়ায় ৷

বাংলা—
এলো মেলো হাওআ চোখে স্বপ্ন আনে
শৰমে ৰাঙে মন কেন কে জানে
ভালবাসা চুপি চুপি দিয়েছে দোলা
একমুঠো অনুৰাগে মন ভৰালো ৷

সেইদৰে তৃতীয় আৰু চতুৰ্থ অন্তৰাৰ প্ৰকাশ ভংগীতো বৈসাদৃশ্য লক্ষ্য কৰা যায় ৷ বাংলা ৰূপটোত মহানগৰৰ বিৰহী যক্ষৰ উল্লেখ হ’লেও তাত নগৰীয়া কৃত্ৰিমতাৰ আভাস সমূলি পাবলৈ নাই ৷ তদুপৰি, ইয়াত “বাতাসেৰ হাতে আজ পেলাম চিঠি/ বিৰহেৰ কথা মেঘ লিখে পাঠালো” বুলি স্বয়ং মেঘে চিঠি লিখি পঠিওৱা বুলি কোৱা হৈছে ৷ ইয়াত যক্ষ, মেঘ আদিৰ উল্লেখ থাকিলেও, সেয়া মেঘদূত বুলি অনুভৱ নহয় ৷ মূল গীতটোত কিন্তু “মাদকতা সানি” লিখা চিঠি “চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়” বোলাত কালিদাসৰ মেঘদূতৰ অনুষংগ সুন্দৰকৈ ফুটি উঠিছে ৷ সামগ্ৰিক বিচাৰত সুৰ আৰু গায়ন শৈলী একে হ’লেও বাংলা গীতটোক অসমীয়া ৰূপটোৰ পুনঃসৃষ্টি (Recreation) বোলাহে সমুচিত হয় ৷

ভূপেন হাজৰিকাৰ সৰহভাগ গীতৰ দৰে এই গীতটোৰো তৃতীয় অন্তৰাত সুৰৰ পৰিৱৰ্তন লক্ষ্য কৰিব পাৰি ৷ ইয়াক “ভূপেন্দ্ৰ সংগীত”-ৰ একক তথা অনন্য বৈশিষ্ট্য বুলিব পাৰি ৷ পৰিশেষত আৰু এষাৰ কথা যোগ দিয়া উচিত হ’ব ৷ অসমীয়া গীতটোৰ আৰম্ভণিৰ ধ্ৰুপদী বাদ্যযন্ত্ৰৰ মূৰ্চ্ছনাই সহৃদয় শ্ৰোতাক এক অনাবিল আনন্দ দিয়ে, লৈ যায় কালিদাসৰ মেঘদূতৰ অনুষংগলৈ ৷ বাংলা গীতটোত ব্যৱহৃত সংগীত কিন্তু তেনে অনুভূতি প্ৰদানত কিছু পৰিমাণে ব্যৰ্থ হোৱা যেন অনুভৱ হয় ৷ এয়া অৱশ্যে মোৰ একান্তই ব্যক্তিগত অনুভৱ ৷ আনৰ লগত তাৰ মিল নথকাটো নিতান্তই স্বাভাৱিক ৷

☆★☆★☆

2 Comments

  • সোমকান্ত

    সুন্দৰ ব্যাখ্যা — ভাল লাগিল ।

    Reply
  • সদানন্দ ভূঞা

    বৰ সুন্দৰকৈ লিখিলে ।

    Reply

Leave a Reply

Your email address will not be published.