ফটাঢোল

এতিয়া বহুত ৰাতি — ঈশান জ্যোতি বৰা

(১)
-অকেই !! তেন্তে মেইন মেইন কাৰ্যসূচীকেইটা মই লাষ্ট এবাৰ মাতি দিওঁ ৷ তহঁতে শুনি যাবি ৷ ন বজাত জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলৰ দ্বাৰা বন্তি-প্ৰজ্বলন,দহ বজাত হাতী আৰু প্ৰখ্যাত ঢুলীয়া ৰামেশ্বৰ বৰকাকতীৰ সাংস্কৃতিক শোভাযাত্ৰা, এক বজাত বিশিষ্ট অতিথিৰ সৈতে অন্তৰংগ আলাপ, বিয়লি তিনি বজাত আধুনিক গীতৰ বাৰেৰহনীয়া অনুষ্ঠান,লগতে থাকিব কণ-কণ মইনাসকলৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতা ৷ ঐ বিজন; ষ্টিলৰ গিলাচকেইটা বাবুৰ দোকানৰ পৰা আনিবি অ’৷ ৰাজুৱে পঠাইছে বুলি ক’লেই হ’ল ৷ ল’ছালিকেইটাক কিবা এটা দিব নালাগিব জানো ?
-হ’ব ৷ তাৰপিছত পঢ়ি যা ৷
-অ’ তাৰপিছত সন্ধ্যা ছয় বজাত মঞ্চ উদ্বোধন আৰু কণ-কণ মইনাহঁতৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা, আঠ বজাত স্থানীয় লোকশিল্পী মিহিৰাম শইকীয়াক ‘সুন্দৰৰ পূজাৰী’ বঁটা প্ৰদান আৰু দহ বজাত লব্ধপ্ৰতিষ্ঠ সংগীতশিল্পী ভৃগুৰাজৰ সাংস্কৃতিক সন্ধ্যা ৷ হ’বনে ?
-মজা ! একদম ফালি পঠিয়াইছ !
-ঐ ৰাজু ! গণ্ডগোল এটা হ’ল নেকি !
-যেনে ?
-বিয়লি তিনি বজাত লিখিলি আধুনিক গীতৰ বাৰেৰহনীয়া অনুষ্ঠান৷ আকৌ সন্ধ্যা ছয় বজাত লিখিলি মঞ্চ উদ্বোধন ! উদ্বোধনটো আবেলিয়েই কৰি দিব লাগিছিল নেকি ! মঞ্চ উদ্বোধন কৰাৰ পাছতহে এই প্ৰগ্ৰামবোৰ হয় ৷ আকৌ দহ বজাত যে লিখিলি হাতী আৰু বৰকাকতী খুৰাৰ শোভাযাত্ৰা ! এই বাক্যটো কিবা ভাল নালাগিল দেখোন ! আৰু এটা কথা নহয় !
-কি ?
-এই ভৃগুৰাজ বোলাটো কেতিয়াৰপৰা লব্ধপ্ৰতিষ্ঠ সংগীতশিল্পী হ’ল ? সি দেখোন গান গাবলৈ আৰম্ভ কৰা দুবছৰমানহে হৈছে !
-চা ভাষাবিদ ! গিৰিপ গাৰাপ খোজকেইটা কাঢ়ি আমাৰ এমএলএ ছাৰ যেতিয়া মঞ্চ উদ্বোধন কৰিবলৈ আগবাঢ়ি আহিব, তেতিয়া আমি থ্ৰি-ডিৰ ষ্টাইলত মঞ্চৰ ভিতৰতে বিষ্ণু ৰাভাৰ লাইফটো দেখুৱাই যাম ৷ ইতিমধ্যেই আমি থ্ৰি-ডি ছানগ্লাছৰ অৰ্ডাৰ দিলোঁৱেই ন ৰাতুল৷ মানে এফালে এমএলএ ছাৰে মিহিমিহিকৈ মঞ্চ উদ্বোধন কৰি থাকিব, আৰু আনফালে বেকগ্ৰাউণ্ডত ৰাভাছাৰৰ লাইফ চলি থাকিব ৷ মুঠতে তামাম কাৰবাৰ এটা হ’ব৷ ৰাইজৰ মুখ দুইমিনিটমান যে মেল খাই থাকিব,সেইটো একদম চাফা কথা ৷ সিপিনে লাইটৰ ফকাচিং-চকাচিঙবোৰ আছেই৷ কিন্তু এই গোটেই কাৰবাৰটো ৰাতিহে বেছি ভাল লাগিব ! দিনত হ’লে ৰাইজে দেখায়েই নাপাব..
-থ’ অ’ ৰাজু ! তয়ো ভাল জমাইছ ! এইডালক লৈ কোনে মাঠা মাৰি থাকে ! আমাৰ প্ৰগ্ৰামটো ভাল হৈছে ৷ ঝাক্কাছ হৈছে ৷ কথা সিমানেই ৷ আমাৰ নামবোৰ কাৰ্যসূচীৰ তলত ঠিকমতে লিখি দিবি ৷
-ৰ’ মোৰ ফোন এটা আহিছে ৷
-অ’ হেলৌ ! অ’ ভৃগু দা !
-নাই ৷ নাই৷ আমি ৰেডি আছোঁ ! আপোনাৰ পেইমেণ্টটো কাইলৈ পাই যাব ৷
-হয়, হয় ৷ পঞ্চাছ কাইলৈ৷ আৰু ‘ডেৰ’টো কাম হোৱাৰ পাছত ৷
-একদম পাক্কা ৷ হয়, হয় ৷ কি ক’লে ?
-ঐ কৌস্তভ, ই ভাষাবিদ গ’লগৈ নেকি ! ছেহ ! ‘কত জোৱানৰ মৃত্যু হ’ল গান’টো ৰাভাছাৰৰ হয় নে নহয় অ’ ! ভৃগুদাই সুধিছে ৷ জল্দি ক’চোন ৷
-ধেইৎ তেৰি ! পাহৰি থাকিলোঁ নহয় ৷ কোনোবা আৰ্মীয়ে লিখা গান হ’ব বুইছ৷ জোৱান বুলি কৈছে যেতিয়া ৷ ৰাভাছাৰৰ গান নহয় বুলি ক’৷
-ভৃগু দা ! অ’ হেলৌ ! অ’ ! এইটো গান ৰাভাছাৰৰ নহয় বোলে ৷ আপুনি ইউ টিউবত চাই লওকচোন ৷ হয়,হয়৷ ডাটাৰ খৰছটো লিখি থ’ব ৷ হয়,হয় ৷ ডি.এতে সুমুৱাই দিব ৷ হাইফেন এডাল দি ব্ৰেকেটত ‘ইণ্টাৰনেটৰ খৰছ’ বুলি লিখি দিব ৷ বাৰু,ৰাখিছোঁ ৷ থেংক ইউ দাদা !
-ভৃগুদাকনো সেইটো গান কেলৈ ?
-বিষ্ণুৰাভাৰ প্ৰগ্ৰাম পাতিছোঁ ৷ প্ৰথমটো গান সেয়ে ভৃগুদাই ৰাভাছাৰলৈ ‘ডেডিকেট’ কৰি গাব ৷
-ৱাহ্ ! কি ভদ্ৰ মানুহ ! কি বিশুদ্ধ মন! ই আকৌ মক্কেলে ‘লক্ষপ্ৰতিষ্ঠ’ বুলি লিখা দেখি জ্বলিছে !
-‘লক্ষ’ নহয় ৷ লব্ধপ্ৰতিষ্ঠ ৷
-বাদ দে ! ক’লেই হ’ল কিবা এটা ৷ তোকো ভাষাবিদৰ ভূতে পালে নেকি ?

(২)
-তেন্তে কথা ফাইনেল ! মোৰ শিল্পী ভাইটোৱে এইবাৰ “সুন্দৰৰ পূজাৰী” বঁটাটো পাব ৷
-ৰ’বাহে ! আগ নাই,গুৰি নাই, কথা নাই,বতৰা নাই ৷ বঁটা পাব বুলি ক’লেই পাব নেকি ?
-নহ’বলে কিতো আছে ! এমএলএ হৈ যদি এজন গুণী শিল্পীক বঁটা এটা দিব নোৱাৰা, তেন্তে কি কৰিবলৈ এমএলএডাল হৈছা ?
-তুমি একো নাজানা ৷
-জানিবলৈ আছে কিটো ! প্ৰগ্ৰামটোৰ আটাইবোৰ খৰছ তোমাৰ ৷ লাইট,ফেন,থ্ৰি-ডি,কণী,মাংস সব তোমাৰ ৷ সবেই তোমাৰ মূৰতে কঁঠালটো ভাঙিছেহি, তুমিও ভাঙা ৷
-ৰ’বাচোন !
-কোৱা৷
-তুমি যে অথনিৰে পৰা শিল্পী-শিল্পী বুলি লেব্‌লেবাই আছা,সিনো কি ডাঙৰ শিল্পীটো ? সেই তাহানিতেই কিবা বাজে গান এটা গাইছিল, তাকো ৰাইজে ‘চুৰকাৰ’ বুলি গৰিহণা দিলে ! বিতৰ্কতো সোমাল ৷ মোৰো নাম ডুবালে ৷ এতিয়া চতুৰ্থ শ্ৰেণীৰ কিতাপ চাই চাই য’তে-ত’তে ফকটীয়া কবিতা কিছুমান লিখে৷ সেইবোৰ জাবৰকে লিখি পেপাৰত পাব্লিছ কৰোৱায় ৷ আং-বাং গান এসোপা লিখি মানুহৰ কাণ ঘোলা কৰে ৷ সিমানেইহে আৰু ! এনেকুৱা ফাল্টু শিল্পীক বঁটা দিলে মানুহে মোক গতা দিব বুইছা ৷
-তুমি তাৰ টিক্‌টক‌্ ভিডিঅ’বোৰ, ফে’চবুকত কৰা লাইভ প্ৰগ্ৰামবোৰ নোচোৱা নেকি ? মানুহে ইমান মৰম দিছে ! জনপ্ৰিয় কবি এজনেও ‘অন্তৰ ছুই গৈছে’ বুলি জনাইছে ৷ সকলোৱ ইমান ‘লাভ’ ৰিয়েক্‌চন দিছে !
-ৰিয়েক্‌চন দিলেও উপায় নাই ৷ ইতিমধ্যেই কাৰ্যসূচীত মিহিৰাম শইকীয়াৰ নাম লিখা হৈছে ৷
-তেন্তে মোৰ ভাইটোৰ এইবাৰো বিয়াখন নহ’ব ৷
-বঁটাৰ লগত আকৌ বিয়াৰ কি সম্বন্ধ ?
-মায়ে পছন্দ কৰা ছোৱালীজনীক সি এইবাৰ বঁটা এটা পাম বুলি কৈছিল ৷ ছোৱালী পুৰা খুচ ! ফূৰ্তিতে ফ্ৰেইণ্ডবোৰক পাৰ্টি দিলে ৷ ফে’চবুক-চেচবুকে হাহাকাৰো হ’ল ৷ গান-তামাচা হ’ল ৷ ঘৰৰ মানুহেও গম পালে ৷ এতিয়া অতবোৰ ৰৌজাল-বৌজাল হোৱাৰ পাছত যদি সি বঁটাটো নাপায়, কম লাজৰ কথা হ’বনে ! তাক দেখোন মিছলীয়া বুলি কৈয়েই কইনাঘৰীয়া মানুহে ফালৰি কাটিব !
-তাকনো কিহে পাইছিল বঁটা পোৱাৰ কথা ক’বলৈ ?
-মই সেইবোৰ নাজানো ৷ মুঠতে বঁটাটো মোৰ ভাইটোৱেই পাব লাগিব৷ ফুলাম গামোচা তাৰ ডিঙিত ওলমিব লাগিব ৷ শৰাইখন তাৰ হাতত পৰিব লাগিব ৷ আৰু পঞ্চাছহাজাৰ টকা তাৰ পকেটত সোমাব লাগিব ৷ কথা সিমানেই ৷ নহ’লে..কথা বেয়া হ’ব ৷
-কি বেয়া হ’ব ?
-মই মাৰ ঘৰলৈ গুচি যাম ৷

(৩)
“শইকীয়াদেৱ, ৰাভা দিৱসৰ এই শুভক্ষণত ‘সুন্দৰৰ পূজাৰী’ৰ দৰে সন্মানীয় বঁটাটো পাই আপোনাৰ কেনে অনুভৱ হৈছে ?”
“কি ক’ম অ’ বোপাইহঁত ! ভাওনাই-সবাহে খোলটো বজায়েই গোটেই জীৱন খেদালোঁ ৷ ভাৱৰীয়াৰ প্ৰৱেশৰ পৰা একে নাট সামৰালৈকে,কেতিয়াবা পুৱতি নিশালৈকে ৰাইজৰ সমুখত খোল বজাই বজাই দিন-ৰাতি একাকাৰ কৰিলোঁ ৷ খোল বজাওঁতে বজাওঁতে এই হাতখন দেখিছ,কেনেকৈ ৰঙা হৈ গৈছে ! কেতিয়াবা বজাই থাকোঁতেই বিষে ধৰে ৷ মাজতে দিল্লীতো গৈ এবাৰ খোল বজাই আহিলোঁ ৷ বৰ ভাল লাগিল দে ৷ সৌসিদিনাখনৰহে কথা, মাজবাটৰ বৰনামঘৰত একেৰাহে ওৰে দিনটো খোল বজাই আহিছোঁ ৷ এইটো দেহাৰেই বুইছ ৷ এতিয়া খোলটোৰ আয়ুস টুঁটি আহিছে ৷ লগতে মোৰো ৷ গাত আগৰদৰে জোৰ নাই ৷ জীৱনত কি ঘটিলোঁ,কি নঘটিলোঁ ঈশ্বৰে দেখি আছে ৷ কিন্তু কি জাননে বোপাইহঁত ! খোলটো বজায়েই যে গুৰুজনাৰ সেৱা কৰাৰ সুযোগকণ পাইছোঁ, ৰাইজৰ আশীষ পাইছোঁ-সেইয়াই মোৰ বাবে বহুত ৷ টকাকেইটা দিয়া কাৰণে মোৰ সুবিধা হৈছে ৷ থকা দিনকেইটা ভালকৈ খাই-বৈ থাকিব পাৰিম ৷ মানুহজনীক আজিলৈকে একো এটায়েই দি নাপালোঁ ৷ ভাবিছোঁ, দুটামান টকাৰে তেওঁক চাদৰ এখন দিম ৷
“ধন্যবাদ শইকীয়া ডাঙৰীয়া৷ আপোনাৰ সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ ৷ এতিয়া আমি আপোনাৰ পত্নী মিনতি শইকীয়াৰ লগত অলপ কথা পাতিম৷”
“অ’ তেওঁ আছে ৰ’বা এইখিনিতে৷ মিনতি..মিনতি..”
“কি হ’ল হেৰি ! ইমানকৈ চিঞৰিছে কিয়?”
“অ’ ল’ৰাকেইটা ক’লৈ গ’ল?”
“ক’ৰ ল’ৰা?”
“এই সাংবাদিককেইটা ? আৰু মোৰ বঁটা ক’ত?”
“দিন-দুপৰতে সপোন দেখিলে হ’বলা !”
“হেহ্ ! সপোনহে আছিল নেকি ! বৰ বঢ়িয়া সপোন আছিলহে মিনতি ! তোমাকে-মোকে লগ পাবলৈ বোলে আটাইবোৰ সাংবাদিক আহিছে ৷ মোৰ সমুখত মাইকটো লৈ প্ৰশ্ন সুধিছে ৷ মই কথা কৈ কৈ একেবাৰে ব্যাকুল হৈ পৰিছোঁ ৷ চকুৰে পানী ওলাইছে ৷”
“বাৰু থওক এতিয়া এইখন ! দুদিন পাছত দেখোন আচল বঁটায়েই পাব ৷ তেতিয়া শুনিম ৷ মই চাহ কৰোঁগে ৷”
“হেহেহেঃ৷ যোৱা৷ যোৱা৷”

০০০০০

“খুৰাদেউ ! ঘৰত আছেনে?”
“কোন অ’ ! অঁ..তহঁত৷”
“অ’ খুৰাদেউ ! কথা এটা ক’বলৈ আহিলোঁ ৷”
“ক’চোন?”
“আমাৰ প্ৰগ্ৰামটো অলপ ছেঞ্জ হ’ল ৷”
“মানে সলনি হ’ল ? হ’ব দে বোপাহঁত৷ পালেই হ’ল আৰু৷”
“আৰু এটা কথা আছে ৷”
“ক’চোন৷ কিনো চুচুক-চামাককৈ আছ?”
“মানে এই যে এমএলএ ভীমকান্ত বৰ্মনৰ খুলশালিটো ৷”
“অ’ কি হ’লনো তাৰ ?”
“সিও গান-চান গাই নহয় ৷ ছ’ছিয়েল মিডিয়াত বৰ নাম কৰিছে৷”
“ক’ত নাম কৰিছে বুলিলি?”
“ছ’ছিয়েল মিডিয়া ৷ মানে ইণ্টাৰনেট মানে কম্পিউটাৰৰ জৰিয়তে অসমীয়া সংগীতক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাত আগভাগ লৈছে ৷”
“সেইটোতো বৰ ভাল কথা ৷”
“একদম ঠিক কথা ক’লে৷ বৰ ভাল কথা ৷ এনেকুৱা এজন ডেকা মানুহক আমি ভালকৈ সন্মান জনোৱাটো অনুচিত কথা হ’ব নেকি খুৰাদেউ ?”
“কিয় হ’ব ! নহয় ৷”
“নহয়৷ ঠিক৷ সেয়ে খুৰাদেউ আমি ভাবিছোঁ..”
“কি ভাবিছ?”
“‘সুন্দৰৰ পূজাৰী’ সন্মানটো এইবাৰ তেখেতকে দিওঁ৷’ আপুনি বেয়া পাব নেকি?”
“…”
“খুৰাদেউ?”
“হা ? অ’?”
“আপুনি বেয়া পাব নেকি?”
“নাই ! নাপাওঁ৷ কিয় বেয়া পাম?”
“খুৰাদেউ৷ আপোনাক সেইদিনা সাংস্কৃতিক সন্ধ্যালৈ অহা ভৃগুৰাজে গামোচা পিন্ধাব ৷ বৰ ডাঙৰ শিল্পী তেওঁ ৷ তেনেকুৱা এজন শিল্পীৰ দ্বাৰা সন্মান পোৱাটো বৰ ডাঙৰ কথা৷”
“বাৰু হ’ব দে৷”
“যাব দেই খুৰাদেউ৷ খুৰীকো ক’ব৷ আমি আহিলোঁ৷”
“বাৰু যাহঁত৷”
“মিনতি ! শুনাচোন৷”

(৪)

“বিষ্ণুৰাভা এতিয়া কিমান ৰাতি
তুমি সাৰে আছা,সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি ৷….”

… বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?

“ধন্যবাদ ৷ অন্তিমগৰাকী প্ৰতিযোগী কল্পনা কলিতাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷ ৰাইজ,ইমানতে আমাৰ কবিতা আবৃত্তিৰ প্ৰতিযোগিতাখনো অন্ত হ’ল ৷ অলপ পাছতেই ফলাফল ঘোষণা কৰা হ’ব ৷ প্ৰতিযোগীসকলক ৰভাঘৰ এৰি নাযাবলৈ অনুৰোধ জনালোঁ৷”
০০০০০

“ৰাইজ,আপোনালোকে জানি সুখী হ’ব যে; আজিৰ সাংস্কৃতিক সন্ধ্যাৰ অন্যতম মুখ্য আকৰ্ষণ,অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, ‘তোমাৰ মন চেনি চেনি’ গীতেৰে অসমৰ আকাশ-বতাহত খলকনি তোলা, আমাৰ হিয়াৰ আমঠু, আদৰৰ, চেনেহৰ আৰু মৰমৰ শিল্পী শ্ৰীমান ভৃগুৰাজ হাজৰিকা ইতিমধ্যেই আহি আমাৰ মাজত উপস্থিত হৈছেহি ৷ খন্তেক পাছতেই তেওঁৰ সংগীতানুষ্ঠান আৰম্ভ হ’ব ৷ ৰাইজে অকণমান ধৈৰ্য ধৰিলেই তেওঁৰ সংগীত উপভোগ কৰিব পাৰিব ৷ সদ্যহতে আমি ‘সুন্দৰৰ পূজাৰী’ বঁটাৰে সন্মানীত হোৱা শ্ৰীমান চক্ৰপাণি বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৷ তেখেতক এটি গীত পৰিৱেশন কৰিবলৈ আমি টানি অনুৰোধ কৰিলোঁ৷”
“ধন্যবাদ নিলোৎপল ৷ এসপ্তাহমানৰ আগতে মই ৰচা এটি গীত ‘মেংগো ফূৰ্তি,গেলা আম’ গীতটোকে গাবলৈ ওলাইছোঁ ৷ এইটো এটা ফিউজনৰ আৰ্হিত ৰচা গীত ৷ নিৰজ শ্ৰীধৰৰ ‘হৰেৰাম হৰেৰাম’ৰ সুৰ আৰু আমাৰ সকলোৰে মৰমৰ শিল্পী বিষ্ণু ৰাভাৰ ‘বিশ্বৰে ছন্দে ছন্দে’ৰ সুৰৰ ফিউজন কৰিছোঁ ৷ বাকী লিৰিক্স মোৰ নিজা ৷ ৰাইজে সহযোগ কৰিলে ভাল লাগিব ৷

০০০০০

-ৰাজু বৰা ৷ ৰাজু বৰা৷ আপুনি য’তেই নাথাকক কিয়,সোনকালেই আহি আমাৰ মাজত উপস্থিত হ’বহি লাগে ৷ আপোনাক আমাৰ কাৰ্যালয়ত অতি সোনকালে বিচৰা হৈছে ৷ ৰাজু বৰা,ৰাজু বৰা..”
-কি হ’ল?”
-ক’ত মৰি আছিলি? বটল এটা দে ৷ ভৃগুদাই বিচাৰিছে ৷ আৰু ‘ডেৰ’টোও ৰেডি কৰিবলৈ কৈছে ৷”
-হ’ব ৷ দি আছোঁ ৷ এই আমাৰ খুৰাদেউ ক’লৈ গ’ল?”
-আছে ৷ সৌফালে বহি আছে ৷”
-মানুহজনক দুআষাৰ কথা ক’বলৈ দিব লাগিব৷ মিডিয়াৰ আগত তেতিয়াহে আমাৰ নামটো ওলাব৷”
-ঠিকে আছে ৷ বুঢ়াই ব’ৰ নকৰিলেই হ’ল আৰু ৷ ছেণ্টিমেণ্টেল মানুহটো ৷
০০০০০০০

“মেংগো ফূৰ্তি,ফ্ৰেছ এণ্ড জুইছি..
তোমাৰ মুখখনো যেন অ’ মাজনী
গৰম গৰম লুচি !
অ’ মাজনী
গৰম গৰম লুচি ৷”

-মজ্জা লাগিছে চক্ৰপাণি দা ৷
-ফালি দিছে ৷
-জাষ্ট ঔছম ব্ৰ’৷ জাষ্ট ঔছম !!
-জুই! জুই!!
-ক’ত লাগিল অ’ জুই !
-ধুৰ ! দাদাৰ গানটো জুই ! মানে সুন্দৰ !
-ঐ দ্বীগেন ফে’চবুক লাইভ কৰিম দেই এতিয়া ! পাউট কৰিবি ! ঐ চম্পক নাচিবি !
-অকে ব্ৰ’, ইয়ো মেন !!

০০০০০০০০

-ক’ৰ অসভ্য অ’ এইকেইটা ! বান্দৰৰ দৰে জঁপিয়াই মৰিছে চা ৷
-বিমল নে কি সেইসোপা খাই গোটেইখন বগা হৈ আছে ৷ যাবয়েই নোৱাৰি সেইফালে !
-লগত বিলাতীও পৰিছে যে !
-ছেছ এইমখা ! ছেছ ! ৰাভাদিৱস চাবলৈ আহিছেনে মাল খাবলৈ আহিছে !
-মৰক দে খাই৷

০০০০০০

“আহক খুৰাদেউ ৷ আহক ৷”
“ৰাইজ ৷ এইয়া মঞ্চত আমাৰ সকলোৰে পৰিচিত শ্ৰীযুত মিহিৰাম শইকীয়া বায়ন ৷ তেওঁক এখনি ফুলাম গামোচাৰে আজি সম্বৰ্ধনা জনাব সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ ভৃগুৰাজ হাজৰিকাই৷ ভৃগুদা আহক৷ ভৃগুৰাজ হাজৰিকাক সহযোগ কৰিবলৈ আমাৰ আয়োজক সমিতিৰ সম্পাদক বিজন মহন্তই৷”
“ধন্যবাদ ৷ ধন্যবাদ ৷”
“ধন্যবাদ ৷”
“সময় আমাৰ হাতত অতি তাকৰ ৷ তথাপিও আমি মিহিৰাম খুৰাক দুআষাৰ ক’বলৈ অনুৰোধ কৰিলোঁ৷”
“খুৰাদেউ,মাইকটোৰ সমুখলৈ যাওক৷”
“এইবোৰনো কি দৰকাৰ আছিল ! কিনো ক’ম !”
“নহয়৷ কিবা এটা কওক৷ মিডিয়া ৰৈ আছেহি নহয় ৷ টিভিত উঠিব আপুনি ৷ ভালকে কওক৷”
“অ’ হয় নেকি ?”
“হয়৷”

০০০০০০

“ৰাইজ নমস্কাৰ ৷ মোক ইহঁতে কথা ক’বলৈ দিছে ৷ হেহেহেঃ ! মোৰ পিছে হাঁহিহে উঠিছে ৷ কাৰণ,এনেকৈ অতবোৰ মানুহৰ মাজত,ইমান ডাঙৰ ঠাইত কথা কৈয়েই পোৱা নাই ৷ কথাতো বাদেই, উঠিয়েই পোৱা নাই ৷ গোটেই জীৱন মোৰ খোলটোৱেহে ৰাইজৰ লগত কথা পাতিলে, কথা ক’লে ৷ মইনো বাৰু এতিয়া কি কওঁ ! চক্ৰপাণিৰ গান শুনিলোঁ ৷ এনেকুৱা গান আগতে শুনা নাই ৷ শুনিমনো কেনেকৈ ! কাৰণ সি কম্পিউটাৰতহে গান গায় ৷ আৰু আমি হ’লোঁ হেবাং মানুহ ৷ গুৰুজনাৰ নামকেই ওৰেটো জীৱন শ্ৰৱণ-কীৰ্তন কৰিলোঁ ৷ কিন্তু অকল নামঘৰত খোল বজাই থাকিলেই হ’ব জানো ? নহয় ৷ আমি আমাৰ সম্পদবোৰক বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগিব ৷ সেইদিনা ৰাজুৱেও কৈছিল ৷ দৰবাৰখনৰ কথা ৷ কিন্তু দুখৰ কথা ৷ সেই কামটো মই বুঢ়াই কৰিব নোৱাৰিলোঁ ৷ এইটো দেহাৰে বিশ্বৰ দৰবাৰলৈ যামনো কেনেকৈ ? সেয়ে চুকভেকুলী হৈ গাঁৱতেই বায়ন হৈ থাকিলোঁ ৷ হেহেহেঃ কিন্তু চক্ৰপাণিয়ে ভাল কাম কৰিছে ৷ নিজেতো গাইছেই ৷ লগতে অসমৰ গীত-মাতকো বিশ্বৰ দৰবাৰলৈ লৈ গৈছে ৷ চক্ৰ বোপা,তোমাক ধন্যবাদ ৷ তোমাৰ গান ভাল হৈছে ৷ কাৰণ সকলো ৰাইজে হিয়ালি-জিয়ালি হৈ নাচিছে ৷ একেবাৰে উলাহে নধৰে হিয়া৷ আশা কৰোঁ এইদৰেই ৰাইজে তোমাক আৰ্শীবাদ দি থাকিব ৷ তোমাৰ আৰু নাম হওক৷ তুমি ৰাইজৰ মৰম পোৱা ৷ তাকেই ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ৷”

“অথনি ল’ছালিমখাই কবিতা গাইছিল ৷ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ? আজি ৰাভা দিৱস ৷ সেয়ে আজি তেওঁক আমি স্মৰণ কৰিব লাগে ৷ ৰাজুহঁতে বিষ্ণুৰাভাক ‘ৰাভাছাৰ’ বুলি মাতে ৷ বৰ ভাল কথা ৷ আমিও ৰাভাক দেখিছিলোঁ ৷ আঁতৰৰ পৰা ৷ বৰ ওখ-পাখ,শকত-আৱত মানুহ আছিল ৷ খুউব ফুটবল খেলিছিল ৷ জ্যোতিপ্ৰসাদক ‘ককাইদেউ’ বুলি মাতিছিল ৷ তেওঁ আজি জীয়াই থকাহেঁতেন এই চক্ৰপাণি, এই ভৃগুহঁতক লগ পাই বৰ ভাল পালেহেঁতেন ৷ আনন্দতে দুপাকমান নাচিলেহেঁতেন৷ পিছে তেওঁ আজি আমাৰ মাজত নাই ৷”

“বাৰু ৷ আৰু বেছি কথা নকওঁ ৷”
“মোৰ নাতি-নাতিনীহঁত ৷ তোমালোকে অথনি সুধিছিলা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ৷ হয়নে ?”
“হয় ককা৷”
“তেওঁ থকা হ’লে তোমালোকৰ কবিতাটোৰ কি উত্তৰ দিলেহেতেন জানানে?”
“কি ককা?”
“তেওঁ হাঁহি এটা মাৰি ক’লেহেঁতেন-‘এতিয়া বহুত ৰাতি, বহুত ৰাতি হ’ল ৷ দহটাই বাজিল ৷ তোমালোক সকলো ঘৰা-ঘৰি যোৱা ৷”

 

☆★☆★☆

10 Comments

  • মাধুৰ্য্য

    ঈশানদা মানে ঈশানদা। সাংঘাটিক।

    Reply
  • Rintumoni Dutta

    সাংঘাতিক লিখিছা ঈশান। ক্ষুৰধাৰ ব্যংগ, এতিয়ালৈ পঢ়া অন্যতম প্ৰিয় লেখা

    Reply
  • ৰিমঝিম

    তামাম

    Reply
  • হেমন্ত কাকতি

    জাষ্ট ঔছম ব্ৰ’৷ জাষ্ট ঔছম !!
    মানে জুই! জুই!!

    আৰু একো নকওঁ৷

    Reply
  • নীলাক্ষি

    অপূৰ্ব সুন্দৰ ব্যঙ্গ! বহুত ভাল লাগিল পঢ়ি।

    Reply
  • গীতিকা শইকীয়া

    তোমাৰ লিখনি মানেই কিবা এটা অন্যন্য। এইবাৰো নতুনত্বৰ সোৱাদ পালোঁ। মানুহে এনেকুৱা গল্প পঢ়া উচিত। এক কথা অপূৰ্ব।

    Reply
  • Gitarthi Goswami

    হাঁহি উঠাৰ সলনি দুখে হেঁচা মাৰি ধৰিলে বুকুখনত । এইবোৰৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম বাৰু ??
    খুব ভাল লাগিল পঢ়ি ।

    Reply
  • Sankar Jyoti Bora

    ক্ষুৰধাৰ৷ইশানৰলেখা পঢ়িবলৈয়ে ৰৈ থাকোঁ৷

    Reply
  • সাংঘাটিক। উচ্চস্তৰৰ ব্যংগ। ঈশান এয়াই বৈশিষ্ট।

    Reply
  • অভিজিত কালিতা

    অনন্য। এনে লেখা ঈশানৰ কলমৰ পৰাহে ওলাব পাৰে।

    Reply

Leave a Reply

Your email address will not be published.