ফটাঢোল

এনাকোণ্ডাৰ প্ৰেম — মনোজ নেওগ

কেইদিনমানৰ পৰা হৰেণৰ মনটোত লাগিয়ে আছে – তাৰ দ্বাৰা কবিতা, গল্প, উপন্যাস নহ’বগৈ। অৱশ্যে লিখাৰ নামত কি লিখিছোঁ বুলিলে দাঁতেৰে নখ কামুৰিও অনেক পৰ সি ভাবি উলিয়াব নোৱাৰে, ইমানদিনে সি কিনো পঞ্চমুখী কঁচুটো লিখিলে! কবিতাৰ নিচিনা দুই এটা অৱশ্যে হৰেণে নিলিখা নহয়-

”তোমাৰ চুলি নহয় উৰি যায় মেঘৰ ফিনফিনীয়া চাদৰ, মোৰহে কলিজাৰ নাই কদৰ”

মানে অলপ ৰোমাণ্টিক ধৰণে লিখি ভাল পায় সি। মাজে মাজে হ’লে তাৰ একদম কিবা দেও লম্ভাদি লম্ভে, লিখোঁতে কাগজ ফাটি যায়গৈ-

”ফালি দিম চিৰি দিম এই গগন

কলম লৈ পুঁজিবাদৰ বুকু ফালি যাজ্ঞসেনীৰ চুলি বুলাই দিম দু:শাসনৰ ৰক্তেৰে!

মই হ’ম গান্ধীজীৰ দৰে”

দুদিনমানৰপৰা হৰেণৰ কবিতা-ফবিতাৰ প্ৰতি কিবা অনীহা হোৱাদি হৈছে। তাতে আজিকালি এভেলভেল কবি! মানে এহেজাৰ মানুহ গোট খাওঁতে যদি শিল এটা দলিয়াই দিয়া হয়, কোনোবা এটা কবিৰ মূৰ ফটাটো নব্বৈ শতাংশ খাটাং! সাতে সোতৰ‌ই মিলাই হৰেণে এতিয়া কবিতা লিখিবলৈ প্ৰায় বাদেই দিলে আৰু। এইবাৰ তাৰ মগজত নতুন চিন্তা, সি নাটক লিখিব। দুই একৰ লগত এই বিষয়ে পাতিছেও। নাটক মানে উলা মুলা নাটক লিখিবলৈ মন নাই, চিধা ভ্ৰাম্যমানত মাথা মাৰি আছে। এবাৰ ভ্ৰাম্যমান থিয়েটাৰলৈ নাটক এখন দিব পাৰিলেই হৰেণৰ কপাল দীঘে পথালিয়ে ছহাত! লগৰ এটাই সহায় কৰি দিয়াৰ কথা দিছে। তাক প্ৰথমে কাহিনীটো লাগে, সি তেতিয়া থিয়েটাৰৰ মালিকৰ লগত বহি শুনাব, ভাল পালে নাটক ল’ব‌ই। লগৰটোৱে এইটোও কৈছে যে কাহিনী একদম আনকমন হ’ব লাগিব, ধামাকাদাৰ!

এইকেইদিনত হৰেণে হলিউড বলিউড, উত্তৰ দক্ষিণৰ একো চিনেমা এৰা নাই, এফালৰ পৰা চাই গৈছে। মানে ক’ৰবাত কিবাকৈ ধামাকা দিয়া কাহিনী এটাই সুৰুৎ কৰিলেই খচা্ খচ্ নাটকৰ জুমুঠিটো বনাই পেলাব। সিদিনা আগত কাগজ কলম লৈ আকাশত চাং পাতি হৰেন বহি আছিল। ৰিমোটটোৱে মাজে মাজে টিভিৰ চেনেল সলনি কৰি কৰি আছিল। এনেকৈ চাই থাকোঁতে হৰেণে ঘপকৈ কিবা এটা সূত্ৰ পোৱাৰ দৰে লাগিল। এটা চেনেলত দি আছিল এনাকোণ্ডা চিনেমাখন। সাপটোৱে মানুহ এটাক গোটে গোটে গিলাৰ দৃশ্যটো সহিব নোৱাৰি হৰেণে চেনেল বেক্ কৰি দিলে। বেক্ কৰি দিওতে লোকেল চেনেল এটাত লাগি গ’ল, তাত বিশেষ প্ৰতিবেদনত দেখুৱাই আছিল বাংলাদেশী ছোৱালী এজনীৰ অসমৰ ল’ৰা এটাৰ সৈতে প্ৰেমৰ কাহিনী এটাৰ নামত সীমান্তত এখন গাৱত হুলস্থুল ! হৰেণৰ মগজুত যেন এহাজাৰ ৱাটৰ হেলজেন বাল্ব এটাহে জ্বলি গ’ল পলকতে। সি যেন বিচাৰি থকা কিবা এটা পাই গ’ল। একদম আনকমন, ধামাকাদাৰ ! লৰালৰিকৈ হৰেণ লাগি গ’ল লিখিবলৈ।

আবেলিলৈ হৰেণৰ কাহিনী তৈয়াৰ। লগৰটোক মাতিছে। ৰাতিলে অহাৰ কথা।

ৰাতি লগৰটো লৰালৰিকৈ আহিল। হৰেণৰ কোঠাত দুইটা বহি ল’লে।

লগৰটোৱে ক’লে – কাহিনীটো শুনা। চিলেক্ট হৈ গ’লে বনি গ’লি আৰু।

হৰেণে আৰম্ভ কৰিলে – মোৰ ভ্ৰাম্যমানলৈ লিখা প্ৰথমখন নাটকৰ নাম – “এনাকোণ্ডাৰ প্ৰেম”!

হৰেণে দেখিলে নাটকৰ নামটো শুনিয়ে লগৰটোৱে চকু বখলিয়াই দিছে। মানে ধামাকাটো নামত পৰিছে। হৰেণে ডিঙিটো চাফাকৰি লৈ আকৌ আৰম্ভ কৰিলে – ” বাংলাদেশী কৰিম মিঞাৰ জীয়েক গুলবাহাৰ, সীমান্তৰ গাঁও এখনৰ নামঘৰীয়াৰ পুতেক বিনন্দ। দুয়োৰে মাজত ভীষণ প্ৰেম। আৰু তাকে লৈ অসমীয়া আৰু বাংলাদেশৰ ক্লেছ। কটাকটি মৰামৰি খেদা খেদি ….শেষত গুলীয়াগুলী ! বিনন্দ মৰি থাকিল।

সিমানত হৰেণ ৰ’ল, একো মাত বোল নাই অলপ পৰ। লগৰটোৱে সুধিলে – নাটক শেষ?

হৰেণে হাঁহি ক’লে – ” বিনন্দ মৰোঁতে নাটকৰ নেইমকাষ্ট্ং আৰাম্ভ। ইয়াৰ পাছত, প্ৰেমিকা গুলবাহাৰৰ প্ৰেমৰ কাৰণে বিনন্দৰ পুনৰ জনম হ’ব এনাকোণ্ডা হৈ ! ইয়াৰ পিছত নাটকত তামাম একচন, চাচপেঞ্চ থাকিব। ভিলেইন কেইটাক শেষ কৰি, এনাকোণ্ডা ৰুপী বিনন্দই গুলবাহাৰক লৈ গুছি যাব, শেষত গান এটা থাকিব।…….. কেনে পালি?’

হৰেণৰ কথাত লগৰটোৱে মুখখন কোষ্ঠ্যকাঠিণ্যত পৰা মানুহ এটাৰ দৰে কৰি ক’লে – “এতিয়া ভ্ৰাম্যমানত এইবোৰ চলিছে অৱশ্যে। পিছে সমাজলে মেছেজ এটা ঠেলিব পাৰিলে ভাল হয়। আৰু অলপ ভাবচোন। এটা নতুন ফৰ্মূলা লাগে। মালিকক দুদিনমানৰ পাছতে শুনাম”

আৰু কিছুমান উপদেশ দি হৰেণৰ লগৰটো গ’লগৈ। হৰেণে ভাবি থাকিল লগৰটোৱে জোৰ দি কোৱা নাটকৰ নতুন ফৰ্মূলাটো ক’ৰ পৰা আনিব সি !

দুই কি তিনিদিন গ’ল। হৰেণে দিন ৰাত একাকাৰ কৰি লৈ পুনৰ লগৰটোক মাতিলে। সি আহিল। হৰেণে তাৰ নাটকৰ কাহিনী আৰম্ভ কৰিলে – নাটকৰ নাম এনাকোণ্ডাৰ প্ৰেম।

সিমানত লগৰটো জাঁপ মাৰি উঠিলেই। বোলে সেই আগৰ পোকৰেই পোকৰ কাহিনীটোকে শুনিবলৈ নাই। হৰেণে বুজাই বঢ়াই ক’লে যে, ‘এইটো এটা নতুন ফৰ্মূলাৰ কাহিনী। থিয়েটাৰত ইতিহাসত হাংগামা লগাই দিব যে অমুক থিয়েটাৰত পোন প্ৰথমবাৰৰ বাবে হোটেল মেনেজমেণ্টৰ ফৰ্মূলাৰে ৰচনা কৰা নাটক মঞ্চস্থ কৰিব ‘

এইবাৰ হৰেণৰ লগৰটোৰ চকুৱে মুখে সমানে মেল খাই গ’ল – ‘হোটেল মেনেজমেণ্টৰ ফৰ্মূলাৰে নাটক?’

হৰেণে ক’লে – কাহিনী শুন, মাজত নামাতিবি। নাটকৰ নাম এনাকোণ্ডাৰ প্ৰেম। বাংলাদেশী কৰিম মিঞাৰ জীয়েক গুলবাহাৰ। সীমান্তৰ গাঁও এখনৰ নামঘৰীয়াৰ পুতেক বিনন্দ। দুইটাৰে মাজত বিৰাট প্ৰেম।

নাচ গান হ’ব। সিহঁতৰ প্ৰেমৰ বাধা হিচাপে এখন গাঁৱৰ ৰাইজ। তাৰ মাজত বিনন্দ আৰু গুলবাহাৰ হাবিয়ে হাবিয়ে পলাই গুচি যাব। তাতো এটা গান থাকিব নাঁচ থাকিব। শেষত গাঁৱৰ মানুহৰ লগত তামাম ফাইটিং …শেষত গুলবাহাৰক ধৰি গাঁৱৰ ৰাইজে বস্তাত ভৰাই উটাই দিব। বিনন্দ বহুদিন অনাই বনাই ঘূৰি ফুৰিব।এনেকৈ ফুৰোঁতে এদিন বিনন্দ‌ই প্ৰচণ্ড ভোকত নদীৰ পাৰত জাতিলাও এজোপা দেখা পায়। ভোকত ৰ’ব নোৱাৰি জাতিলাও এটাকে খাওঁ বুলি ছিঙিব খোজোঁতেই আৱহ সংগীত বাজিব – ‘হাতো নেমেলিবি লাও নিছিঙিবি…..’

সিমানতে যে হৰেণৰ লগৰটোৰ ধৈৰ্যৰ বান্ধ ছিগি গ’ল-‘এইটো কি ফৰ্মূলা ঐ, এনাকোণ্ডাটো কেতিয়া ওলাব?’

হৰেণে ক’লে – ‘আচল ফৰ্মূলাটো সেইটোৱেই। এনাকোণ্ডা নোলায়।’

এইবাৰ হৰেণৰ লগৰটোৱে বহাতে ভৰি দুটা তুলি ল’লে, আৰু হৰেণলৈ অদ্ভূত ধৰণে চোৱাত লাগিল।

হৰেনে বুজালে – ” নাটকৰ নাম হ’ব এনাকোণ্ডাৰ প্ৰেম। তাত এনাকোণ্ডা নাই। মানে ডাঙৰ ডাঙৰ হোটেলত কি থাকে — কাশ্মীৰী বিৰিয়ানি, টেণ্ডুলকাৰ হটকেক, চানীয়া মিৰ্জা পকোৰা – তাত পকোৰাৰ লগত কিবা চানীয়া মিৰ্জা থাকে নেকি ! এইখনো তেনে ফৰ্মূলাৰ নাটক এনাকোণ্ডৰ প্ৰেম। ইয়াত মানে অকল গুলবাহাৰ আৰু বিনন্দৰ প্ৰেমহে থাকিব।

সিমানখিনি শুনাৰ পিছত জেগাতে অলপমান লৰিব খোজোঁতেই তাৰ লগৰটো কেনেকৈ চকীয়ে তকীয়ে লুটি খাই সৰি পৰিল কোনেও তলকিব নোৱাৰিলে। হৰেণে খৰধৰকৈ উঠালে, সুধিলে – ‘দুখ পালি নেকি?’

লগৰটোৱে সেহাই সেহাই নাইপোৱা বুলি ক’লে, আৰু ক’লে -‘তোৰ এইটো কাহিনীৰ নাটক হ’বলৈ হ’লে, থিয়েটাৰৰ পেণ্ডেলে চেণ্ডেলে লুটিখায় যাব ঐ।

হৰেণে ভাবিলে, পিছৰ কাহিনী কণ ইয়াক নুশুনুৱাই ভাল। ক’বটো নোৱাৰি, চুৰ কৰি নি যদি নিজৰ বুলি উলিয়াই দিয়েগৈ!

☆★☆★☆

6 Comments

  • হাঃ হাঃ, থিয়েটাৰ পেণ্ডেল লুটি খাই পৰিব— বঢ়িয়া লাগিল।

    Reply
  • লিপি খাউণ্ড

    হে ভগৱান হাঁহি হাঁহি পেট বিষাই গৈছে “এনাকুণ্ডাৰ প্ৰেম” ফাটিফুটি গৈছে 😂😂

    Reply
  • সৌৰভ

    হাঁ হাঁ হাঁ হাঁহিলো বহুত 😆😆😆😆

    Reply
  • Rintumoni Dutta

    তথাপি ভট্টদাৰ কাহিনীতকৈ ভালেই হ’ব চাগৈ।

    ভাল লাগিল মনোজ

    Reply
  • Bikash

    কৃষ্ণহে ….😀😀😀

    Reply
  • RIMJHIM BORTHAKUR

    Biraat bhal lagil

    Reply

Leave a Reply

Your email address will not be published.