ফটাঢোল

এনিশাৰ ব্যতিক্ৰমী এসাজ – ৰঞ্জু শৰ্মা

গণেশ উৎসৱৰ সময়তেই পুণেলৈ বৰকৈ মনত পৰে। গোটেই চহৰখন উৎসৱস্থলীলৈ পৰিৱর্তিত হৈ পৰে। চাৰিওফালে ধূপ-বন্তি আৰু ৰঙৰ পোহাৰ। সন্ধিয়াৰেপৰা ৰাস্তাবোৰত মানুহৰ ভিৰত ঠেলা-হেঁচা লগা পৰিস্থিতি। প্রকাণ্ড পেন্দেলবোৰৰ উপৰিও প্রায়ভাগ মানুহে নিজৰ ঘৰতো গণেশ দেৱতাক স্থাপন কৰি লৈ সম্পূর্ণ বিধিগতভাৱে পূজা কৰে। নিয়ম অনুসৰি প্রত্যেকদিনাই পুৱা গধূলি প্রার্থনা, পূজা কৰাৰ উপৰিও সদায় বেলেগ বেলেগ ধৰণৰ ভোগ লগায় আৰু মোৰ বাবে এই সমগ্র পূজা পদ্ধতিৰ মুখ্য আকর্ষণ আছিল সেই ভোগখিনি।

পুণেত থকা সময়ৰ কথা। এবাৰ গণেশ পূজাৰ অন্তিম দিনা মোৰ স্বামী মানসৰ একেবাৰে নলে-গলে লগা মাৰাঠী বন্ধু এজনে আমাক ৰাতিৰ সাজলৈ নিমন্ত্রণ জনালে। একপ্রকাৰ ‘ফেয়াৰৱেল পার্টি’ ধৰণৰ, কিয়নো তাৰ এসপ্তাহৰ পিছতেই পুণেৰপৰা একেবাৰে আমি দিল্লীলৈ গুছি আহিম। গতিকে সেইকেইদিন চিনাকী ঘনিষ্ঠসকলৰ ঘৰে ঘৰে মানস আৰু মোৰ বৰভোজ চলি আছে। মই আকৌ কোনোবাই তেনেকৈ এসাজ খাবলৈ মাতিলে বৰ ভাল পাওঁ, অৱশ্যে নিজেও মাতি নোখোওৱাকৈ নাথাকো। তাৰ কাৰণ দুটা। প্রথমতে তেনেকৈ মাতিলে তেওঁলোকে ‘ভাখৰি’, ‘পুৰণপোলী’, ‘সিঙদানাৰ ছবজি’ ইত্যাদি মহাৰাষ্ট্রীয় স্থানীয় খাদ্য খুৱাইছিল আৰু দ্বিতীয়তে সেইদিনালৈ মোৰ পাকঘৰ ছুটি পৰিছিল।

সেইদিনা দুপৰীয়া আকৌ একেবাৰে সাধাৰণকৈ দাইল ভাত খালো। মানসে ক’লে, “সিঁহতে যিবোৰ পুৰণপোলী খুৱাই একেবাৰে পেট গধুৰ হৈ যায়, ঢেৰ ঘী, খোয়া, গুৰ ইত্যাদি থাকে যে আৰু সেই সিংদানা আৰু গুৰ দিয়া তৰকাৰীবোৰ খালে পেট ফুলিবলৈ ধৰে। তাতে গণেশ পূজাৰ সময়ৰ কথা। নাখালেও বেয়া পাব ইমান আগ্রহেৰে মাতিছে।”
সেইকাৰণে দুপৰীয়াৰেপৰা ৰাতিলৈ বুলি দুয়ো পেটত বহলকৈ ঠাই ৰাখি থ’লো।

যথাসময়ত আমি গৈ উপস্থিত হ’লোগৈ। গৈ পোৱাৰ লগে লগে মানুহঘৰে ইমান আফচোচ কৰিলে যে নিজেই অসহজ অনুভৱ কৰিলো। মনতে ভাৱ হ’ল, ‘ইছ! ইমান ভাল পায়নে বাৰু আমাক। আমাৰ সৈতে আৰু তেনেকৈ লগা-লগি নহ’ব বুলি মানুহগৰাকীয়ে ইমান আৱেগিক হৈ কথাবোৰ ক’লে যে মই হুকহুকাই কান্দি দিবলৈহে বাকী। নাকান্দিলো, কোনোমতে সামৰি থ’লো।
বাৰু, গৈ পোৱাৰ লগে লগে আমাক এগিলাচকৈ পানী দিলে। তাৰ পিছত প্রায় এঘণ্টামান সময় কথাতেই উকলি গ’ল। ইপিনে আকৌ সাজোন-কাচোনৰ নামত মানসক মই সন্ধিয়াৰ চাহকাপো নুখুৱাকৈ নিছিলো বোলো মাৰাঠীসকলৰ ঘৰত পকোৰী, পাপৰ, মোদক থাকিবই, সেইবোৰেৰে চাহকাপটো দিবই।
আঠ বাজি গ’ল। চাহৰ কানীয়া মানসৰ মুখেৰে অনর্গল হামিৰ সোঁত বৈ আছে। ইতিমধ্যে মোৰ ফালে কেইবাবাৰো ক্রোধদৃষ্টি পৰিছেও। নাই চাহ নাহেহে নাহে। অৱশেষত পৰিস্থিতি চম্ভালিব নোৱাৰি লাজ মান কাতি কৰি মানসে মানুহজনীক ক’লে, ‘“ভাৱী এক এক কাপ চায় পী লেতে হে। খানা ইতনি জল্দী নেহি খায়েংগে।”

অৱশেষত চাহ আহিল, অকণমানি ষ্টীলৰ কাপ এটিত তিনি আঙুলমান পৰিমাণৰ, গাখীৰতে বনোৱা তীব্র মিঠা আৰু আদা দিয়া চাহ। বাকী আশা কৰা মতে পকৰী, পাপৰ একোতো নাহিলেই, এখন ব্রিটানিয়া বিস্কুটো নাহিল। আমি এটাই আনটোৰ মুখলৈ চাই একে সোহাই কাপকেইটা খালী কৰিলো।
তাৰপিছত আকৌ বহি আছোঁ, বহি আছোঁ। দহ বাজি গ’লত মানুহগৰাকী উঠি গ’ল খোৱা বস্তু সাজু কৰোগৈ বুলি। এসময়ত আমাক মাতিলে ভিতৰলৈ। টেবুলখন দেখি আমি আকৌ আচৰিত। কাহীৰ একাশে সিংদানা, বেচন আৰু আলুপিটিকা সানি বনোৱা মাৰাঠীসকলৰ ‘স্পেচিয়েল’ পিটিকা এখন আৰু ডোচা। মানসে লগে লগে ক’লে, “আৰে ভাবী, ইতনা কিউ? মতলব, কেইচে খায়েংগে ইতনা কুচ!” বেচেৰাৰ ভাৱ হ’ল মেইন কোর্চৰ আগতে ইমান হেভী ষ্টার্টাৰ!

মানুহগৰাকীয়েও খুব আথে বেথে ক’লে “লিজিয়ে না ভাইয়া। ইতনি জল্দী অউৰ কাহা মিলনা হোগা!”

মেইন কোর্চ আহিব বুলি আমিও লাহে লাহে এটুকুৰা দুটুকুৰাকৈ ডোচা মুখত ভৰাই টাইম পাচ কৰি থাকিলো। কৰিয়েই থাকিলো, কৰিয়েই থাকিলো। ভোকতে তিনিখনমানকৈ ডোচা শেষ হ’লেই। এসময়ত মানুহঘৰৰ ৰেহ ৰূপৰপৰা এনেকুৱা অনুভৱ হ’ল যে আমি যি খাই আছোঁ এয়াই মেইন কোর্চ, আৰু আহিবলৈ বাকী নাই। লগে লগে আমি আৰু দুখনমানকৈ ডোচা খালো। অৱশেষত ডেজার্ট বুলি কিন্তু যিখিনি আম্রখন্ড খুৱাইছিল সেইখিনি বৰ টেষ্টী আছিল দেই।

সেইদিনা এটা কথা কিন্তু মর্মে মর্মে উপলব্ধি কৰিলো যে Expectation যিমানেই কমকৈ ৰাখিবা সিমানেই কম দুখত পৰিবা।
পৃথিৱীলৈ গণপতি বাপ্পা আহিলেই সেই দিনটোলৈ বৰকৈ মনত পৰে। অৱশ্যে এই ঘটনাটোৱেই একমাত্র তেনেকুৱা অভিজ্ঞতা। এনেয়ে মাৰাঠী মানুহবোৰ বৰ সাদৰী (অতিথিপৰায়ণ শব্দটো অসমীয়াসকলৰ নিজা সম্পত্তি, সেইকাৰণে ব্যৱহাৰ নকৰিলো)

3 Comments

  • ৰসাল বৰ্ণনা। গনেশ চতুৰ্থীত ময়ো আছো দুবাৰমান পুনেত। অৱশ্যে ঘৰুৱা নিমন্ত্ৰণ নাই পোৱা।

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ ৰসাল বৰ্ণনা । পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • মিতু

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.