ফটাঢোল

এনেকৈয়ে ভাগে নে সপোন – মণিষা কাকতি

“মাইই..ই…এএএ…এএ….এএ”

এটা বিকট চিঞৰ মাৰি ঢলি পৰিল মাকণী। ভয়, হতাশা, কান্দোন মিহলি চিঞৰটো শেষৰফালে গেঙনিৰ দৰে শুনা গ’ল। মাক, বাপেক আৰু স্কুলত পঢ়ি থকা ভায়েকটো — যিয়ে য’তে যেনেকৈ আছিল তেনেকৈয়ে লৰ ধৰিলে তাইৰ চিঞৰ শুনি। আহি দেখে যে মাকণী মজিয়াত পৰি আছে। কালি নতুনকৈ অনা ষ্টিল আলমাৰীটোৰ মুখামুখিকৈ। মুখখন ওপৰফালে কৰি, হাতদুখন দুফালে মেলি আৰু ভৰিদুখন ‘দ’ আখৰটোৰ ভংগীমাত। দেখিলে ভাব হয় যেন বিচনাৰপৰা শুই উঠি আলমাৰীৰ ঠাইত ভূত-প্ৰেত জাতীয় কিবা দেখিহে তাই তেনেকৈ বেহুচ হৈ পৰি আছে। একমাত্ৰ জীয়েকৰ এনে হেন অৱস্থা দেখি মাকে মজিয়াতে লেপেটা কাঢ়ি ৰাউচি জুৰিবলৈ আৰম্ভ কৰি দিলে। “মাকণী, কি হ’ল এ বাচা তোৰ….” বুলি বাপেকে আথেবেথে দাঙি নি জীয়েকক বিছনাত শুৱাই দিলে। ভায়েক মোহনো ৰৈ নাথাকিল। লগে লগে পানী আনিবলৈ বুলি পাকঘৰলৈ দৌৰ দিলে।

পুৱাই পুৱাই হুলস্থুল লাগি গ’ল। চুবাৰ মানুহেৰে মাকণীহঁতৰ ঘৰ ভৰি পৰিল। সকলোৰে মুখবোৰ চিন্তাক্লিষ্ট। ”ইচ্ ইচ্, আচ্ আচ্”, “আপীটোৰ হঠাতে কি হৈ গেল এ”, “ভুত-চুতেই পালাক নেকি কিবে”, “হয় হম্পায় দি, আজি দেওবাৰে দেও-ভূতেই পালাক বেচেৰীক” — তিৰোতাবোৰে নিজৰ মাজতে কোৱাকুই কৰিবলৈ ধৰিলে। “কালিক লেগি ভালে আছিল এ তাই, গধলা লগো পাছু মই। একেলগে দলঙোৰ কাষোৰ পেৰে ফুৰিও আহছু আমি” — লগৰ এজনীয়ে মাজতে মাত দিলে। “মৰাণনহা জিয়ু… ফিৰি ফিৰি মাৰি আমাৰ পেৰে পইচা মাখা লৈ ইতা চিগনেল নাপাই তহতোৰ। চাল্লা, বাজে চব!” — ডেকাবোৰৰ মাজৰ দুই এজনে ১০৮লৈ ফোন লগাবলৈ বৃথা চেষ্টা কৰি মোবাইল নেটৱৰ্কৰ কোম্পানীকে উধাই-মুধাই গালি দিবলৈ ধৰিলে। হাজাৰ হওক, গাঁওখনত চুপতি মাৰিবলৈ ছোৱালী আছেনো কেইজনী! সৱেই দেখোন সম্বন্ধত নবৌ, খুড়ী, পেহী, মামী, বাইদেউ। যি দুই এজনী আছে মাকণীহঁতৰ দৰে, সিহঁতৰ লগতো যদি ভগৱানে এনে কৰে তেন্তে গাঁওখনৰ বৰলাসোপাৰ দেখোন জীৱনৰ ৰঙেই নাইকিয়া হ’ব।

মোহনে আনি দিয়া গিলাছটোৰপৰা অলপ পানী লৈ বাপেকে মাকণীৰ মুখত ছটিয়াই দিলে। মূৰটো ওপৰলৈ দাঙি ধৰি অলপ পানী খুৱায়ো দিলে। “ঐ মৰেতী, কি চাই আছা টেলটেলকে? তেল অলপ গৰম কৰি আন্বা পাৰা নাই ইমেন দেৰিক লেগি!” — এই মাত্ৰকে আহি পোৱা মালতী জেঠাকে কাৰোবাক উদ্দেশ্যি ভেকাহি মাৰি উঠিল। “চাত্তেমান বেহাৰো ফুটে আন্বি তেলোত.. ” — আকৌ চিঞৰিলে। তেলৰ কথা মনত পৰাত, দুজনীমানে মাকণীৰ মাকৰ মূৰতো তেল-পানী দিয়াৰ ব্যৱস্থা কৰিবলৈ বহাৰপৰা উঠি গ’ল।

টাউনৰ চিকিৎসালয়ত নিয়াৰ যো-জা চলাবলৈ ধৰোঁতেই মাকণীৰ হুঁচ আহিল। মুখেৰে মাত কথাও ওলাল। সেহাই সেহাই ক’লে যে তাই ঠিকে আছে, ডাক্তৰৰ ওচৰলৈ নিয়াৰ সকাম নাই। বাপেকটোৱে তেতিয়াহে উশাহ ঘূৰাই পালে। মাকেও উঠি গৈ মাকণীৰ মূৰ-হাত মোহাৰি দিলে। ভায়েক মোহনৰ মুখতো হাঁহি বিৰিঙিল। বেমাৰীয়ে মাত কথা দিছে যেতিয়া চিন্তাৰ কাৰণ নাই বুলি ৰাইজেও দুই চাৰিটা দিহা-পৰামৰ্শ দি এজন দুজনকৈ বিদায় মাগিবলৈ ধৰিলে। “বেলি মূৰোৰ ওপ্ৰোত উঠিল”, “একসোপা কাম পেলে থৈ আহছু এ”, “ইয়ে আই! দিপিৰা ভাত খাৱা আলহী এৰি থৈ আহছু ঘৰোত”, “নাওমান আৰাম কৰোক দি তাই, আমি যাও” — ইত্যাদি নানান কাৰণ দৰ্শাই সকলো ঘৰাঘৰি গ’ল।

গধূলি চাকি বন্তি জ্বলাই উঠি হাতত গাখীৰ এবাতি লৈ মাক আহিল মাকণীৰ কাষলৈ। বেচেৰী দিনটো বিছনাতে পৰি থাকিল। ভাতো নাখালে। লাহেকৈ মূৰত হাত ফুৰাই জীয়েকক সুধিলে,

: পুৱাবেলা কি হছিল এ মাই তোৰ? কিবে বয়া বস্তু দেখ্ছিলি নেকি?
: নাই এ মাই। ভুত-চুত একো দেখা নাই। সেগ্লা বিশ্বাসো নক্ৰো মই। — লাহে লাহে মাকণীয়ে ক’বলৈ ধৰিলে।
: তেনেহলি কি হছিল পুৱা?
: কৈ আছো ৰহ.. মনে মনে শুনি থাক তই।
: দে কউ!
: ভূত দেখলিও কিজেনি মই ইমেন ভয় নাখলু হয়। কিন্তু ইমেনদিনে যিটো ভাবি আছলু, তাৰে একদম ওল্টাটো দেখি জীৱ উৰি যাৱা হান পালো। কি হৈ গেল ধৰ্বে পাৰাৰ আগোতেই মইজাখানত বাগ্ৰি পৰ্লো। তাৰপেৰে আৰ একো মনোত নাই মোৰ।
: হা মোৰ কপাল! কি ওল্টা দেখলি তই?
: কালি যি আমাৰ আলমাৰীটো আনলাক, তাতে আইনাখান যি লগ’ৱা আছে। তাতেই দেখলু ওল্টা.. নিজোকে।
: কি গিলাক কথা কৈ আছাহে আপী? ভাল্কে বুজে নকাহকে। আলমাৰী দেখো কালি ৰাতিতে পিতাৰে আৰু ডম্বৰু খুড়াৰে মিলি ৰুমোৰ ভিতৰোত আনি থছিল। মৰাণহা লাইটডালোক ৰখাউতে ৰখাউতে গধলাৰপেৰে যাই ৰাতি একপৰ লাগিল সেনডাল সুমে থউতে। তথাপি নাহিল মূৰা লাইটডাল। বিলমাখা হলি ঠিকেই আইহ্বা জানে।

— জীয়েকৰ কথাৰ একো আঁত ধৰিব নোৱাৰি খঙতে বিদ্যুত বিভাগকে বকিলে মাকে।

: শুনছোন এ, কবাৰ পেৰে যাই কবাত ধৰা তই। আমাৰ পুৰণা সৰু আইনাখান যি আছে দাগোৰ উৎপাতোত মুখ চাবা নৰা অৱস্থা হছি, খবৰ ৰাখছানে? তোৰ সেন্দুৰৰ দাগ, পিতাৰ দাঢ়ি খুৰ’ৱা ক্ৰীমোৰ দাগ আৰু যি কত কিমেন দাগ! সেখানোত চালি মুখখান একো ধৰবাই নৰি কাৰ্ণে ইমেনদিনে মই মোবাইলৰ ছেল্ফী কেমেৰাতে মুখখান চাই ক্ৰীম সানা, চকুত কাজোল লগ’ৱা, ওঁঠোত লিপষ্টিক ঘঁহা — কাম মাখা কৰি আছলু।

— যেন কিবা গুপ্ত ৰহস্য ফাদিল কৰিবলৈহে গৈ আছে, তেনেভাৱত তাই কৈ উঠিল।

: এহ্ হছি দি এ আই! ক্ৰীম ঘঁহা, কাজল সানাৰ বাদেও ২৪ ঘণ্টাই দেখো সেনডালোতে লাগি থাকা। ঘৰোৰ নাম কৰি ফোনডাল আনলাক বাপেকটোই, নগদ আঠহাজাৰ ভৰি। ইতা দিনে ৰাতিয়ে তইহে লগোত ৰাখা। কলেজোতো নেহ। কোন্বাই দিনোৰ ভাগোত ফোন কৰ্লিও কথা পাতবে নাপাওঁ।

— জীয়েকে দিনৰ দিনটো ম’বাইলত মূৰ গুজি থকাৰ বাবে উঠা খঙটো মাকৰ বহুদিনীয়া। গতিকে চান্সটো এৰি নিদিলে।

: শুন এ মাই আগোতে, গালি পিছুতো দিবি। কালি গধলা নতুন আলমাৰীটো আনাৰ পেৰে মোৰ বিৰাট মন যাই আছিল আলমাৰীটোত ফিট্ কৰা আইনাখানোত নিজোৰ মুখখান একবাৰ চাবাৰ। কিন্তু লেমোৰ পোহৰত চাবা মন নেগেল। লাইটটো ”এই আহ্বো এই আহ্বো” বুলি ৰখি থাকোতে নাহিল এ আৰ। লাইট নাহা দেখি মুখ চাৱাৰ আশা বাদ দি ৰাতিপুৱা হলিয়ে প্ৰথম কাম সেটুকে কৰিম বুলি শুই থাক্লো।
: অ, কি হল তাৰপেৰে?
: কি হবো আৰু!
: শুই উঠিক কে আইনাৰ সমূখত থিয়া দি যিহে দেখলু, ভূত দেখলিও কিজেনি বেহুচ নহ্লো হয়।
: এনে কিনো দেখলি গতাই?
: চাওচোন একবাৰ মুখখান, গম পাবি নিজেই..

— ফ্ৰণ্ট কেমেৰা অন কৰি মাকলৈ আগবঢ়াই দিলে তাই মবাইলটো।

: হা হৰি! ইমেন ঠৌগা লাগছি মোক.. ইমেন বগা, ছালখান ইমেন কোমল আৰু মিহি…

— বিউটিপ্লাছৰ যহত উজলি উঠা গালখন হাতেৰে চুই চুই মাকে কৈ গ’ল।

: ময়ো ইমেনদিনে নিজোকে সেংকেই ভাবি আছলো এ মাই। আজি পুৱা পাটীৰ পেৰে উঠি ষ্টিলোৰ আলমাৰীত লগ’ৱা আইনাখানোত আচল চেহেৰাটো দেখা পাইহে….৷

☆★☆★☆

14 Comments

  • হা হা….কম দিছে এইছাট !
    সাংঘাটিক টুইষ্ট ।
    মজ্জা !💚

    Reply
  • Madhurjya Goswami

    তুমি লিখা আৰু কিছু।

    Reply
  • কমলা দাস

    😂😂😂😂বঢ়িয়া

    Reply
  • ৰিণ্টু

    কি টুইষ্ট দিছ ৰে, খুব ভাল লাগিল

    Reply
  • MITALI Saharia

    হাঃ হাঃ। টামাম দেই।

    Reply
  • তৃষ্ণা সো

    হাঃহাঃহাঃ, মজা লাগিল

    Reply
  • হেমন্ত কাকতি

    বৰ ধুনীয়া লাগিল মনীষা৷

    এটা সুন্দৰ গল্প হবলৈ যি কেইটা বস্তু দৰ্কাৰ সেই গোচেই কেইটা উপাদান ব্যবহাৰ কৰিছা ইয়াত৷
    ১) প্ৰথম পেৰেগ্ৰাফতে পাঠকক আকৰ্ষণ কৰিব পৰা এটা ৰহস্যঘন পটভূমি৷
    ২) মাজভাগত সুন্দৰ বৰ্ননাশৈলী
    ৩) চাচপেন্সটো শেষলৈকে ধৰি ৰখা
    ৪) শেষত এটা সাংঘাটিক টুইষ্ট
    ৫) আৰু লাষ্ট বাট নট ডা লিষ্ট, হাস্য ৰসেৰে ভৰপুৰ৷

    প্ৰাউদ অব ইউ৷

    বহুত এনজয় কৰিলো গল্পটো৷

    Reply
  • নিভা

    হা: হা: হা:।।বঢ়িয়া দিলা এইচাত।

    Reply
  • বঢ়িয়া লাগিল। ৰসাল বৰ্ণনা।

    Reply
  • মন্দিৰা শৰ্মা

    হা হা। বৰ ভাল লাগিল

    Reply
  • ৰাজীৱ

    কি যে হ’ব ! বৰ আমোদজনক।তাতে ওজা ছাতৰৰ হাতত পৰি কাহিনীয়ে ভালকৈয়ে গতি পালে।

    Reply
  • জাহ্নৱী

    ৰাম ৰাম

    Reply
  • জয়ন্ত দাস

    মজা৷ বিৰাট ৰস পালো৷

    Reply
  • Manisha Kakati

    সকলোকে ধন্যবাদ জনাইছোঁ।

    Reply

Leave a Reply

Your email address will not be published.