ফটাঢোল

এনেকৈয়ো ভাগে নে সপোন! — সদানন্দ ভূঞা

মোৰ বয়স তেতিয়া ষোল্ল কি সোতৰ বছৰ। যৌৱনে ৰিঙিয়াই মতাৰ বয়স। যৌৱনে কিছু কিছু আমনি কৰা সময়। সপোন দেখিছিলোঁ মই, ময়ো যৌৱনৰ মিঠা মিঠা সপোন দেখিছিলোঁ। সেইসময়ত নিশা পিতাইৰ শোৱাপাটীৰ সংগী আছিলোঁ মই। সপোন দেখিছিলোঁ মই… সপোনতে মই এখন পাহাৰীয়া ৰাজ্যৰ কুলু কুলু সুৰে বৈ যোৱা এটি নিজৰাৰ পাৰত আপোনভোলা হৈ বহি বহি প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি আছোঁ। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সৌন্দৰ্য্যত ইমানেই আপোন পাহৰা হৈ গৈছিলোঁ… সময় কিমান হ’ল উমানেই পোৱা নাছিলোঁ। কানিমুনি বেলি লহিওৱাৰ সময়। দেখিলোঁ… বহু দুৰৰ পৰা নিজৰাটোৰ বৈ অহা পানীত কিবা এটা উটি আহি আছে। চকুৰে ভালদৰে মনিব পৰাত দেখিলোঁ এগৰাকী চৈধ্য পোন্ধৰমান বয়সৰ কিশোৰী ককবকাই উটি উটি আহি আছে। মই আগ পাচ নুগুণি নিজৰাটোলৈ দিলোঁ জাপ। যেনে তেনে ডাংকোলাকৈ ডাঙি আনি কিশোৰী গৰাকীক নিজৰাৰ পাৰত শুৱাই দিলোঁ। হঠাতে মোৰ সো গালখনত এটা কানতলীয়া ৰাম চৰ পৰিল। মোৰ সপোন কেনি পলাই পত্ৰং দিলে গমেই নাপালোঁ। মইনো বাৰু সপোন দেখিলোঁ বুলিয়েই পিতাইক ডাংকোলাকৈ ডাঙিব বিচাৰিব লাগে নে ? পিতাই বিচনাৰ তলত ধুপুচ। চেহ্ , কিয় যে এনেকুৱা হ’ল ? এনেকৈয়ো ভাগে নে সপোন!

সপোন দেখিছিলোঁ মই, ময়ো সপোন দেখিছিলোঁ। এদিন আকস্মিক ভাবে নিজৰাৰ পৰা উদ্ধাৰ কৰা মোৰ অচিনাকি কল্পনাৰ সপোন কুৱৰীৰ মুখামুখি হৈছিলোঁ। দুয়ো ইমানেই আৱেগিক হৈছিলোঁ যে কোনেও মুখেৰে টু শব্দ এটাও কব পৰা নাছিলোঁ। উভয়ে উভয়ক অপলক দৃষ্টিৰে কেৱল চকুৰ পতা জাপ নোখোৱাকৈ চাই আছিলোঁ… চাই আছিলোঁ… চাই আছিলোঁ। হঠাতে মোৰ পিঠিত সাৰোপ সাৰোপ। পিঠিৰ চেকচেকনিক মোৰ সপোন, মোৰ সপোন কুৱৰী কেতিয়া পলাই পত্ৰং দিলে ততেই ধৰিব নোৱাৰিলোঁ। ইয়াৰ বিপৰীতে দেখিলোঁ… মই পঢ়া টেবুলত আৰু মোৰ মাতৃদেৱীয়ে হাতত বাঁহৰ স্কেলপাত লৈ চকু ঘোপা কৰি থিয় হৈ আছে। তাৰমানে পঢ়া শুনা বাদ দি সপোন কুৱৰীৰ কল্পনা কৰি মোৰ মাতৃদেৱীকহে ভেলেঙা লাগি চাই আছিলোঁ। ধেৎতেৰি, মোৰহে এনেকুৱা হব লাগেনে ? এনেকৈয়ো ভাগে নে সপোন!

সপোন দেখিছিলোঁ মই, ময়ো সপোন দেখিছিলোঁ। মোৰ কল্পনাই মোৰ প্ৰেমক সজীৱ কৰি ৰখা মোৰ কল্পনাৰ সপোন কুৱৰীৰ সৈতে চিনেমা হলত চিনেমা চাই আছোঁ। চিনেমা চাই আছোঁ আৰু দুয়ো লগত নিয়া চটপটি চানা চোবাই আছোঁ। এপাকত কি জানো মন গল, মৰমতে মোৰ সপোন কুৱৰীৰ মুখত চটপটি চানা কেইটামান সুমুৱাই দিলোঁ। লগে লগে মোৰ পিঠিত পৰিল ধামকৈ এটা বাঘঢকা। আকস্মিক আক্ৰমনত চক খাই উঠিলোঁ। চিনেমা হল, সপোন কুৱৰী মোৰ চকুৰ সন্মুখৰ পৰা টিলিকতে নোহোৱা হৈ থাকিল। ইয়াৰ পৰিবৰ্তে আমাৰ ঘৰৰ সকলোৱে পাকঘৰত বহি আছোঁ আৰু সন্মুখত একো একোখন ভাতৰ থাল। কাষতে বহি থকা ডাঙৰ দাদাৰ ভয়ংকৰ গোজৰণি। তাৰমানে মই মোৰ কল্পনাৰ সপোন কুৱৰীৰ মুখত চটপটি চানা সুমুৱাই দিয়া নাই আৰু পাকঘৰটো চিনেমা হল দেখিলোঁ। মোৰ কল্পনাৰ সপোন কুৱৰী বুলি ভাৱি ডাঙৰ দাদাৰ মুখতে ভাত সুমুৱাই দিলোঁ। সপোনে দৌৰিলে। ভাগিলে। ধেৎতেৰি, এনেকৈয়ো ভাগে নে সপোন!

সপোন দেখিছিলোঁ মই, ময়ো সপোন দেখিছিলোঁ। কাহানিও দেখি নোপোৱা চাক্ষুস দৃষ্টিৰ অগোচৰ মোৰ কল্পনাৰ সপোন কুৱৰীলৈ বুলি প্ৰতিদিনে সংগোপনে একোখনকৈ প্ৰেমপত্ৰ লিখিছিলোঁ। নহলে যে ঘৰৰ সকলোৱে মোৰ পিঠিত ঢোল বজাব সেইটো খাটাং। প্ৰতিদিনে একোখনকৈ সুন্দৰ সুন্দৰ প্ৰেমপত্ৰ লিখোঁ আৰু কিতাপৰ শোভাবৰ্দ্ধন কৰিবলৈ কিতাপৰ কভাৰৰ ভিতৰত লুকুৱাই সাচি থওঁ। যাতে ঘৰৰ কোনেও গম নাপায়। পিচে ভৱা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধি। যতে বাঘৰ ভয়, তাতেই ৰাতি হয়’ৰ দৰে অৱস্থা হ’ল। ভাইটি আৰু ভন্টীয়ে মোৰ অতদিনৰ কষ্টৰ ফচল পাত পাত কৰি আৱিস্কাৰৰ উল্লাসত মোৰ সান্দহ খোৱা বালি পানীৰ তলিত দুবাই ঘৰত তাল-ফাল লগাই দিলে। মোৰ কাৰ্য্যাৱলীত সন্তুষ্ট হৈ মোৰ আই-পিতাইয়ে মন্ত্ৰ পাঠ কৰি কৰি এনেকুৱাকৈ জাৰিলে এনেকুৱাকৈ জাৰিলে মোৰ কল্পনাৰ সপোন কুৱৰী চিৰদিনৰ বাবে মোৰ মন-মগজুৰ পৰা পলাই পত্ৰং দিলে।

☆★☆★☆

2 Comments

  • কাবেৰী মহন্ত

    বাহ কি দুৰ্ঘোৰ প্ৰেমিক ! খুউব সুন্দৰ বৰ্ণনা

    Reply
    • সদানন্দ ভূঞা

      কাবেৰি মহন্ত, ধন্যবাদ জনালোঁ ।

      Reply

Leave a Reply

Your email address will not be published.